এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩৮
অসমীয়া সাহিত্যৰ চানেকি
ভকতেসে তাইক শপত কঢ়ায়া।
কৰ্ণত কহিবে জ্ঞান।
বুলিবে ভক্তিত ভকতেসে পাই
মহা বসময় থান॥
ভক্তিত কপট নুযুৱাই মাৱ
এৰিয়োক আভৰণ।
আমিও তেজিবো শৰীৰৰ বস্ত্ৰ
নকৰা লজ্জিত মন॥
এহিবুলি স্ত্ৰীক কৰিব বিবস্ত্ৰ
হাতে আঙ্কোয়ালি ধৰি।
বুলিব পুৰ্ব্বত গকুলত হেন
বিহাৰ কৰিলা হৰি॥
আৰু বুলিবেক পূৰ্ব্বে তুমি মাৱ
আছিলা ৰাধিকা ৰাণী।
তোমাৰ গাৱত চিহ্ন সব আছে
বোলোঁঁ আমি সত্য বাণী॥
গিৰি গোবৰ্দ্ধন। স্তন দুই তেন
পুৰ্ব্বতে ধৰিলা হৰি।
ইহাৰ ওপৰে হস্তক চৰাইব
কানাই ৰুপক ধৰি॥
আত দোষ নাই পূৰ্ব্বত কানাই
গোপীক ক্ৰীড়িলা বনে।
সিদ্ধৰ বেশক সেৱক ধৰিবোঁ
কহে ভক্ত গুৰুগণে॥
শুনা আৰু মাৱ ভক্তৰ বীৰ্য্যক
গৰ্ভতে যিজনে ধৰে।
কোটী জনমৰ গুচয় পাতেক
পুৰুষ সবে উদ্ধাৰে॥