এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭৪
অসমীয়া সাহিত্যৰ চানেকি
মুখ চাইবে যোগ্য নুহিকে ইহাৰ
অল্প কৰি হাসিলন্ত।
কৰি ক্ৰোধ দৃষ্টি উদাৰক পিঠি
শঙ্কৰ দেৱে দিলন্ত॥
সমুখে শঙ্কৰ মুখ উদাৰৰ
মাস দিনো নচাইলন্ত।
ৰামৰাম গুৰু মাধৱদেৱৰ
,বাক্যে ক্ৰোধ এড়িলন্ত॥
ভক্ত আগে মিছা বাক্য মহা পাপ
শঙ্কৰদেৱে কহিল।
সেহি দিন হন্তে অৰ্থক অনৰ্থ
উদাৰে মনে কৰিল॥
মনত হৰিষে শঙ্কৰ দেৱক
নমস্কাৰ কৰিলন্ত।
মাধৱ শঙ্কৰ আনো ভকতৰ
হৰিষ মনে ভৈলন্ত॥
আৰো এক দিন ভৈল কথা যেন
তাক সবে শুনিয়োক।
শঙ্কৰে বোলন্ত মাধৱ দেৱক
জাড়ে পীড়া কৰে মোক॥
একে লগে বাপু শুয়ো একে ঝাপে
তেবে জাড়ে পীড়িবেক।
নপাৰিবে মোক শুনিয়া এতেক
মাধৱদেৱে প্ৰত্যেক॥
কোনোমতে মই তোমাঠেৰ লগে
শুইবে বাপ নপাৰিবোঁ
লাগিবে তোমাৰ গাৱে হাত ভৰি
তেবে বাপ তল যাইবোঁ॥