পুনুহো পুত্ৰৰ দুঃখ বৰ্ণাই বৰ্ণাই।
সুধিবে লাগিলা কুন্তী কৃষ্ণ মুখ চাই॥
গদ গদ বাণী লোহ পৰে সৰসৰি।
শুখাইলেক ওঁঠ কণ্ঠ পুত্ৰক সুমৰি॥
শুনা প্ৰভু প্ৰাণকৃষ্ণ দেব কৃপাময়।
বালক কালৰে পৰা পঞ্চটি তনয়॥
পৰম্পৰে প্ৰীতি সবে গুৰুত বিনীত।
নাহি ভেদ বুদ্ধি সাধু সবাৰো সন্মত॥
সৰে সত্যবাদী হৰ্ষ বিষাদত সম।
যেহেন ব্ৰাহ্মণে নছাড়য় সম দম॥
হেনয় পাঞ্চটি পুত্ৰ জিনি কুট পাশে।
ৰাজ্য কাঢ়ি লৈয়া খেদাইলেক বনবাসে॥
কান্দি কান্দি ৰৈলো মই হিয়া ধান্ধৰিয়া।
নগৰৰ বঝাই গৈলা মোহোক তেজিয়া॥
প্ৰাণ মন গৈলা মোৰ সঙ্গে তাসম্বাৰ।
কেৱলে শৰীৰ মাত্ৰ ৰৈলেক আমাৰ॥
নজানো কিৰূপে বনে ৰৈল চিৰকাল।
সিংহ ব্যাঘ্ৰ গণ্ড সৰ্প যাত পালেপাল।
নাহি সঙ্গে পিতৃ মাতৃ নাহিকে সহাই।
বস্ত্ৰ অলঙ্কাৰ অনুপান কিছো নাই॥
হেনয় বনত কেনমতে গৈল কাল।
ইহাক সুমৰি মোক পোড়ে শোক শাল॥
বিনা বেণু মৃদঙ্গ দুন্দুভি শঙ্খ ভেৰী।
পন্নব গোমুখ কালী দোসৰি মহৰি॥
হয় হস্তী গণ ৰথ চক্ৰ ঘৰিষণ।
বিপ্ৰৰ মঙ্গল বাদ্য পুণ্যাহ বচন॥
ইসবৰ শব্দে যাব ভাগয় ঘুমটি।
হেন পুত্ৰ সবো ভুঞ্জে বনে লটিঘটি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৪৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০৪
অসমীয়া সাহিত্যৰ চানেকি