পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬৯
মহাভাৰত—অশ্বমেধ পৰ্ব্ব।

বাসুকীৰ বচন শুনিয়া বোলে নাৰায়ণ।
বোলে সভা খণ্ড শুনা আমাৰ বচন॥
যত পুণ্য কৰি আছে পাৰ্থ ধনুৰ্দ্ধৰ।
তাৰ ফলে আসোক শিৰ সভাৰ ভিতৰ॥

যেই দুষ্টে হেন কৰ্ম্ম কৈল বিপৰীত।
তাৰ শিৰছেদ হৈয়া পৰোক পৃথিবীত॥
এতেক শপিল যদি দেৱ যদুপতি।
দুই নাগৰ শিৰছেদ হৈয়া পৰে খিতি॥

অৰ্জ্জুনৰ শিৰ আসি হৈল উপসন্ন।
দেখি সৰ্ব্ব লোকৰ বিস্ময় হৈল মন॥
তেবে নাগ স্থান হন্তে মণি লৈয়া হৰি।
সভাখন সম্বোধিয়া বোলে যত্ন কৰি॥

বৃষকেতু অৰ্জ্জুন পৰিছে ঘোৰ ৰণে।
কাক জীয়াও আগে বোলা সৰ্ব্বজনে॥
কুন্তী বোলে বৃষকেতুৰ শোকে মৈল পাৰ্থ।
আগে বৃষকেতুক জীয়াই অৰ্জ্জুন পাছত॥

মণি হাতে কৰি কৃষ্ণে বুলিলা বচন।
হৰৰ আজ্ঞায়ে জীয়া উঠা দুই জন॥
কান্ধে শিৰ একত্ৰ কৰিয়া নাৰায়ণ।
মণি যুগে জল দিলা স্বহস্তে আপন॥

আগে জীয়াই উঠিলেক কৰ্ণৰ নন্দন।
তাৰ পাছে ধনঞ্জয় উঠিলা তেখন॥
প্ৰদ্যুম্ন প্ৰভৃতি উঠে সতেক যাদৱ।
তাত পাছে উঠিলেক যত প্ৰজা সব॥