মুখ পদ্ম প্ৰসন্ন যে যোগ মায়া সতী।
গৃহৰ শেখৰ চাহি তথাতে হাসন্তী॥
হেনয় কন্যাক দেখি বসুদেৱ সন্ত।
কিনো অদভুত হেন মনে মানিলন্ত॥
কন্যাক কোলাত লৈয়া পুত্ৰক থৈলন্ত।
পুনু আসিলন্ত শীঘ্ৰে বসুদেৱ সন্ত॥
মথুৰা প্ৰবেশি হৰ্ষে বসুদেৱ সন্ত।
আপোন সূতিকা গৃহ প্ৰবেশ ভৈলন্ত॥
দেবকী সমীপে বসুদেৱে কন্যা নিয়া।
শুৱায়া থৈলন্ত সবে কন্যাক কহিয়া॥
দেবকীয়ো স্বামী সমে কন্যাক দেখিলা।
পুত্ৰ ৰহিবাৰ পদে আনন্দ লভিলা॥
বালিকায়ো সেহি কালে কৰিলা ক্ৰন্দন।
শুনিয়া চেতন পাইল সবে ৰক্ষাগণ॥
মন্দিৰৰ অভ্যন্তৰ পশি ৰক্ষীগণ।
দেবকী সহিতে কন্যা দেখি তেতিক্ষণ॥
ৰক্ষক সকলে কোলে কন্যাক লৈলন্ত।
কংসৰ সমীপ লাগি বেগে চলিলন্ত॥
বসুদেৱ দেৱকীয়ো শোক কৰি বৰ।
কন্যাৰ পাচত চলে কৰিয়া কাতৰ॥
কন্যাক দেখিয়া কংসে হৰিষ নপাইল।
মাৰিবাক মনে ক্ৰোধে কন্যাক ধৰিল॥
পাষাণত আছাৰিয়া মাৰিবাক মনে।
কন্যাক লৈলন্ত তুলি কংস নিদাৰুণে॥
সেহি বেলা বসুদেৱ দেৱকী সুন্দৰী।
কংসক বৃলিলা বাণী অতি শোক কৰি॥
হে হে কংস নৃপ শ্ৰেষ্ঠ শুনিয়ো বচন।
নীতি শাস্ত্ৰে বিশাৰদ তুমি মহাজন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩২০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭৬
অসমীয়া সাহিত্যৰ চানেকি