সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯২
অসমীয়া সাহিত্যৰ চানেকি

চন্দন তিলক জ্বলে সিন্দুৰৰ বিন্দু মাঝে,
 কস্তুৰীৰ ৰেখায়ে ভূষিত॥
ৰত্নৰ সুন্দৰ হবে বক্ষস্থল বিৰাজয়,
 উচ্চকুচ তাতে উজ্বলিত।
ঈষৎ হসিত মুখ দৰশনে মিলে সুখ,
 মনোহৰ কটাক্ষ যুগুত॥
বদন মণ্ডল জ্বলে চন্দ্ৰকো নিন্দিয়া বলে,
 প্ৰকাশ কৰয় অদভুত।
ৰত্নৰ কেয়ূৰ চাৰু বলয় কঙ্কণ চয়,
 কুণ্ডলে প্ৰকাশে গণ্ডস্থল॥
পকা বিম্বফল জিনি প্ৰকাশ কৰয় আতি,
 মনোহৰ অধৰ উজ্জ্বল॥
আমূল্য ৰতনে চিত্ৰ বিচিত্ৰ কৰিছে আতি,
 বস্ত্ৰযুগে উত্তম সুসাৰ।
হেন বস্ত্ৰ পৰিধান নাহিকে উপমা তাৰ,
 ৰূপ আতি দেখি চমৎকাৰ॥
হস্তত দৰ্পন ধৰি প্ৰবেশিলা লীলা কৰি,
 লাসে লাসে সভাৰ ভিতৰ।
পাৰ্ব্বতীৰ ৰূপ দেখি দেৱ আদি যত লোকে,
 আনন্দ লভিলা বহুতৰ॥
কটাক্ষ নয়নে শিবে পাৰ্ব্বতীৰ ৰূপ চাই,
 হৰিষ লভিলা সদাশিৱ।
সকলহি অঙ্গ চয় সতীৰ আকৃতি নয়,
 দেখন্ত সবাকে জগজ্জীৱ॥
সতীৰ সদৃশ ৰূপ পাৰ্ব্বতীৰ দেখি হৰে,
 বিৰহ জ্বৰক এৰিলন্ত।
সবাহাঙ্কে বিস্মৰণ ভৈলা দেৱ ত্ৰিলোচন,
 পাৰ্ব্বতী মনক মুহিলন্ত॥