এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২৬
অসমীয়া সাহিত্যৰ চানেকি
হেন জানি মাধৱৰ নামে ৰতি কৰা।
লাজ কায এড়ি ঝাণ্টে ভকতিক ধৰা॥
শুনা কৃষ্ণ কথা জন্ম নকৰিয়ো বৃথা।
হৰিৰ চৰিত্ৰ আত নাহিকে আন্যথা॥
দুৰ্লভ মনুষ্য তনু পাইবা কোন ভাগ্যে।
সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে॥
যত দেখা ধন জন সবে বিষ্ণুমায়া।
আকাশত প্ৰকাশে মেঘৰ যেন ছায়া॥
কহে মধুনাৰায়ণে এড়া আন কাম।
পাতক চাৰোক ডাকি বোলা ৰাম ৰাম॥
দুলৰি।
পাছে যমৰাই কতো দূৰে যাই,
হেটমুণ্ডে ৰহি আছে।
মাথা তুলি চাই, ধূমাক দেখিয়া,
মাতিবে লাগিলা পাছে॥
হাঁউৰে পাপিষ্ঠি, তোহোৰ নিমিত্তে,
আগ পাছ নুগুণিলোঁ।
জীৱন্তা মনুষ্য, আনি তোৰ বাক্যে,
যত লাগে দুঃখ পাইলোঁ॥
বাল্য বৃদ্ধ আনো, লোক সবে কান্দে,
নগৰ ভৈল উচ্ছন্ন।
তাসম্বাৰ দুঃখ, দেখি আবে মোৰ,
কিসক নযাই প্ৰাণ॥
মোৰ সিংহাসনে, মানুষ বসিয়া,
কৰে হুনু আটি মুটি।
তাহাক শুনিয়া, এভো জীৱ আছৈ,
প্ৰাণ নযাই কেনে ফুটি॥