চতুৰ্ভিতি বেৰি তাক অছিয় সাগৰ।
হনুমন্তে বোলে কিনো সিন্ধুৰা নগৰ॥
লক্ষণে বোলয় বাপু শুনা হনুমান।
তুমি বিনা নগৰক ব্যৱন্তা নাহি আন॥
চাই আহা নগৰৰ লক্ষণ কিমত।
স্বৰূপ জানিবা ৰাজা আছে কেন মত।।
হেন শুনি বুলিলন্ত বায়ুৰ নন্দন।
সাৱধান হুয়া সবে থাকা সেনাগণ॥
এতিক্ষণে যাইবোঁ মই নাহিকে সংশয়।
এহি বুলি দেও দিলা বায়ুৰ তনয়॥
কতো দূৰে দেখিলা নগৰ জ্যোতিষ্কাৰ।
চাহন্তে চকুত অতি লাগে চমৎকাৰ॥
সাগৰে বেৰিয়া আছে নগৰৰ গড়।
হনূমন্তে বোলে ধন্য ধন্য নৃপবৰ॥
কতো বেলি দেখিল নগৰৰ দ্বাৰ।
মনুষ্যৰ হাত পাৱ সৰ্পৰ আকাৰ॥
সেহিমতে নৰ নাৰী দেখি কৌতুহল।
মনুষ্যৰ হাত পাৱ সৰ্পৰ যে গল॥
হনুমন্তে বোলে মই আৰু কিবা চাওঁ।
এহি মায়া ধৰি মই নগৰক যাওঁ॥
চৌষষ্ঠি মায়াতে যে হনুমন্ত সুৰেশ।
সৰ্পৰ আকাৰ ভৈলা মানুষ্যৰ বেশ॥
তাহাকে দেখিলা বীৰে যত চিত্ৰ কায়া।
নগৰ প্ৰবেশ ভৈলা ধৰি সিটো মায়া॥
মায়া ধৰি হনুমন্তে নেথাকিল ৰই।
নাগাক্ষৰ দুৱাৰত প্ৰবেশিলা গই॥
ভিতৰ দুৱাৰ লাগি যায় হনুমান।
দ্বাৰী পাই দূৰত ৰাখিলা সেহি ঠান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৭১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি