পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

আমাক জিনিতে তোৰ নাহিকে শকতি।
কৃষ্ণ দৰশনে মৃত্যু পাইবোহো মুকুতি॥
আপোনাৰ প্ৰাণ যদি চাৱ ৰাখিবৰ।
ভক্তি কৰি হৰি তোল ৰথৰ উপৰ॥

এত শুনি ধনঞ্জয় ক্ৰুদ্ধ হৈল মনে।
শত বাণে সুধন্বাক আৰোপিল বাণে॥
ধনুত টঙ্কাৰ দিল যেন বজ্ৰাঘাত।
দশ বাণ মাৰিলেক চাৰিয়া পশ্চাত॥

লক্ষ লক্ষ অযুতে অযুতে মাৰে বাণ।
বাণে অন্ধকাৰ কৰি ঢাকিল গগণ॥
অৰ্জ্জুনৰ বাণ সব তৃণ হেন দেখি।
পুনু অস্ত্ৰ এড়িলেক ধনুত সন্ধানি॥

সুধন্বা কুপিত হুয়া শৰ বৃষ্টি কৰে।
বাণৰ উপৰে বাণ ক্ষেপিল অন্তৰে॥
বাণে অন্ধকাৰ কৰি ঢাকিল গগণ।
সব লোকে দেখিয়া বিস্ময় হৈল মন॥

তদন্তৰে অগ্নি বাণ ক্ষেপিল অৰ্জ্জুনে।
সুধন্বাৰ সৈন্য পুৰি আসে হুতাশনে॥
সংসাৰ দহয়ে যেন আৰ বীৰ গণ।
দেখিয়া বিস্ময় হৈল সুধন্বাৰ মন॥

সুধন্বায়ে বৰুণ বাণ সত্বৰে এড়িলা।
মায়া মেঘ কৰিয়া সংসাৰে জল কৈলা॥
ভুবন ব্যাপিত মেঘে বিদ্যুত গগণে।
মহা বায়ু হৈল কেহো নুশুনে শ্ৰৱণে॥

মহাশব্দ কৰি শিলা পৰয়ে নিৰ্ঘাতে।
অৰ্জ্জুনৰ সৈন্য সব ব্যাকুল হৈল শীতে॥
প্ৰচণ্ড প্ৰচণ্ড ফুটা ঘনে শিলা বৃষ্টি।
অন্ধকাৰ চতুৰ্ভিতি নাদেখিয় সৃষ্টি॥