বিজুলি চমক ঘনে বজ্ৰ হৱে পাত।
শ্ৰবণে নাশুনে কেহো ৰহে ঝঞ্জাবাত॥
যতেক ময়ূৰ পক্ষী শীতে হৈল নষ্ট।
যতেক চৰ্ম্মৰ বাদ্য সবে হৈলা ভ্ৰষ্ট॥
যত সব সৈন্য তাৰ একোৱে নহৈল।
গজ বাজী সৈন্য যত একে দৃষ্টি ৰৈল॥
বীৰঅঙ্গ বিবিধান বিবিধ বসন।
শীতে কম্পমান সব বঝাৱে দশন॥
তাক দেখি অৰ্জ্জুনে মাৰিলে বায়ু বাণ।
উড়াইলেক মেঘ তেবে কৈলা খান খান॥
ধ্বজ চক্ৰ পতকা সব উড়াইল বতাসে।
স্থিৰ হৈল সৈন্য সব অৰুণ প্ৰকাশে॥
দশে দিশ প্ৰকাশিত সূৰ্য্যৰ উদয়।
পৃথিবী শুখাইল ৰৌদ্ৰে সুখাই কৰ্দ্দময়॥
সুধন্বায়ে বোলে পাৰ্থ তুমি বৰ বীৰ।
আপোনাৰ বাহু বলে সৈন্য কৈলা স্থিৰ॥
ত্ৰিভুবনে নাহি বীৰ তোমাৰ সমান।
তাহাক কহিযে বীৰ ৰাখহ আপুন॥
এহি বুলি সুধন্বা এড়িলে শীঘ্ৰে বাণ।
এড়িলা অৰ্জ্জুনক প্ৰতি যুড়িয়া সন্ধান॥
বুকে আসি থেকে বাণ যেন বজ্ৰাঘাত।
আপোনাক ৰাখিতে পাৰ্থ বৰ পুৰুষাৰ্থ॥
বাণে মূৰ্চ্ছা গৈল বীৰ নাহিকে চেতন।
কৃষ্ণ কৃষ্ণ অন্তৰে পুনু কৰয়ে স্মৰণ॥
অৰ্জ্জুন স্মৰণে আইল দেৱ জগন্নাথ।
পৃষ্ঠত চাপৰ মাৰি বোলে উঠ পাৰ্থ॥
চক্ষু মেলি নাৰায়ণ দেখি ধনঞ্জয়।
দণ্ডৱতে প্ৰণাম তেবে কৰে চৰণয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৯৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি