পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬১
মহাভাৰত—অশ্বমেধ পৰ্ব্ব।

কামোৰৰ ঘাৱে নাগ কৰে ধৰফৰ।
ধৰফৰি কৰি সবে উঠি দিলা লৰ॥
অগ্নি হেন জ্বলে গাৱে কামোৰৰ ছোটে।
মাংস খণ্ড খণ্ড হুয়া বিষে প্ৰাণ ফুটে॥

মস্তকে পৰিয়া তাৰ কৰে ৰক্ত পান।
বিষম মন্ত্ৰৰ তেজে পিপিলিকা বাণ॥
মাংস ৰক্ত পান কৰি দাৰুণ পিপিলিকা।
সৰ্পসব মাৰিলা নাহিকে লেখা জোখা॥

মূৰ্চ্ছিত যে হৈয়া নাগ পৰে মহীতলে।
যমপুৰে পশে সৰ্প পিপিলিকা বাণে॥
দিশ দিশন্তৰে গৈল পায়া বৰ ত্ৰাস।
কতো প্ৰাণ তেজে কতো আছে মাত্ৰ শ্বাস॥

তক্ষক বাসুকী আৰ কুলিক কৰ্ক্কট।
ৰণ পৰিহৰি গৈল অনন্ত নিকট॥
ধৃতৰাষ্ট্ৰ প্ৰভৃতি প্ৰধান নাগগণ।
ভয় পায়া অনন্তত পশিলা শৰণ॥

নাগগণে বোলে শুনা নাথ অধিকাৰী।
ভঙ্গ দিলা সৰ্পসৱ ৰণ পৰিহৰি॥
মানুষ্য নোহয় গোসাই তোমাৰ দুহিত্ৰ।
বব্ৰুবাহনৰ হেন যমৰ চৰিত্ৰ॥

শৰ ঘাৱে মধু ধাৰে মণ্ডিলেক নাগ।
পুনু পিপিলিকা পুঞ্জে পাইলেক লাগ॥
মধু গন্ধে আমোদিত পায়া পিপিলিকা।
নাগ যত বধিলেক নাহি লেখা জোখা॥

দাৰুণ গড়ুৰ বাণ এড়ে বাহুবলে।
কঙ্ক পক্ষী হুয়া নাগ ধৰি ধৰি গিলে॥
দাৰুণ মনুষাৰ শৰ সহন নযাই।
মন দিয়া চিন্তা নাগ জীৱৰ উপাই॥