সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৫
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

অৱশ্যে জানিবা পতি কৃষ্ণক লভয়।
পতি সমে ইহলোকে সুখক ভুঞ্জয়॥
পুত্ৰৱন্ত হুয়া পাছে যাই স্বৰ্গলোক।
বিমানে চৰিয়া যাই নাহি দুঃখ শোক॥

এহি স্তব পঢ়ি ৰাধা দুৰ্গাক তুষিলা।
অনেক সম্ভাৰ দিয়া তাহাকে পূজিলা॥
ৰাধাৰ তুতিত দুৰ্গা বৰ তুষ্ট ভৈলা।
ৰাধাৰ আগত দেৱী আসি দৃষ্ট ভৈলা॥

বিনয়ে বোলন্ত পাছে পাৰ্ব্বতী ৰাধাক।
শুনিয়ো ৰাধিকা দেৱি আবে মোৰ বাক॥
মাধৱৰ আতি প্ৰিয়া তুমি ব্ৰজেশ্বৰী।
জগত জননী তুমি জগত ঈশ্বৰী॥

পূৰ্ব্বে বিধাতায়ে ষাঠি সহস্ৰ বৎসৰ।
তপ আচৰিলা আতি মহা দৃঢ়তৰ॥
তবু নেদেখিল বিধি তোমাৰ চৰণ।
তুমি মোক ব্ৰত ধৰি চিন্তা কি কাৰণ॥

কি কাৰণে ৰাধা মোক কৰা নমস্কাৰ।
অচিন্ত্য অব্যয় তুমি মহিমা অপাৰ॥
নামত সুযজ্ঞ ৰাজা মনুৰ বংশত।
গোলোকত গৈলা যিতো তোৰ প্ৰসাদত॥

হেন বৰদাতৃ তুমি বাঞ্চিত পূৰণী।
কেনে মোক নমস্কাৰ কৰাহা আপুনি।
তযু মন্ত্ৰ কৱচৰ প্ৰভাৱে ভাৰ্গবে।
নিঃক্ষত্ৰী কৰিলা ভূমি তাহাৰ প্ৰভাবে॥

তযু মন্ত্ৰ লভি আৰো শঙ্কৰৰ হন্তে।
মন্ত্ৰ সিদ্ধি কৰি পাছে মহা পুস্কৰতে॥
কাৰ্ত্তবীৰ্য্য অৰ্জ্জুনৰ ছেদিলা শিৰক।
প্ৰণতি কৰাহা তুমি মোহোক কিসক॥