বাণ হানি সুধন্বা প্ৰতিজ্ঞা কৰি বোলে।
যত পুণ্য কৰি আছোঁ জন্মিয়া ভুতলে॥
সেই পুণ্য ব্যৰ্থ যদি ব্যৰ্থ বাণ যাই।
অৰ্জ্জুনৰ বাণ তেবে কাটিয়া পেলাই॥
গোবিন্দৰ নাম জপি বৰ ভক্তি চিত্ত।
এহি বুলি বাণ এড়ি দিলেক ত্বৰিত।।
আকাশে চলিয়া যাই অৰ্জ্জুনৰ বাণ।
আসিতে সুধন্বা বাণ কৈলা খান খান॥
হাহাকাৰ কৰয় বেঢ়িয়া সবে নৰ।
বিস্মিত দেৱতা গণ যত চৰাচৰ॥
পুনৰপি অৰ্জ্জুনে বাণ সান্ধিলেক গুণে।
সুধন্বাক নিৰীক্ষিয়া চায়া কোপ মনে॥
কৃষ্ণে বোলে ক্ষিতি দানে যত পুণ্য হয়।
সকলে দিলয়োঁ মই বাণৰ মুখয়॥
সুধন্বৰ মাথা গৈয়া কটোক ত্বৰিতে।
অৰ্জ্জুনযে ৰক্ষা পাউক প্ৰতিজ্ঞা পূৰিতে॥
এত শুনি সুধন্বায়ে বোলে নাৰায়ণ।
আমাক বধিতে প্ৰভু তোমাৰ যতন॥
তথাপি কাটিবো অৰ্জ্জুনৰ তিনি শৰ।
দেখহ গোবিন্দ তুমি থাকিলা অন্তৰ॥
অৰ্জ্জুন বধিতে আমি কৰি আছো মন।
কৃতাৰ্থ কৰিয়া কৃষ্ণ কৰহ ৰক্ষণ॥
ধন্য হে অৰ্জ্জুন তুমি কীৰ্ত্তি বৰ জাত।
আপোনাৰ পুণ্য কৃষ্ণে দিলেক তোমাত॥
এবুলিয়া বাণ তেৰে যুড়িলা সুধন্বা।
বাণৰ মুখত উঠে অগ্নি কণা কণা॥
বাণ লৈয়া ধনঞ্জয় অগ্নি হেন ৰুষে।
কৃপণৰ ধন যেন এড়িলেক শেষে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৯৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি