পাপ গ্ৰহে নেদেখিল লগ্নক কিঞ্চিৎ।
কৃষ্ণাষ্টমী অৰ্দ্ধ ৰাত্ৰি ভৈল উপস্থিত॥
ৰোহিনী নক্ষত্ৰ ভৈল যোগ জয়ন্তীৰ।
সেহি বেলা সমস্তৰে ভৈলা মনস্থিৰ॥
ভয়ে সূৰ্য্য আদি কৰি গ্ৰহগণ যত।
শুভ দৃষ্টি কৰি চাইলা জন্মৰ কালত॥
গগণে ৰাশিৰ ক্ৰম তেজি গ্ৰহগণ।
মীনৰ ৰাশিত থিতি ভৈল তেতিক্ষণ॥
কৃষ্ণৰ জন্মৰ কালে হৰ্ষে গ্ৰহগণ।
ব্ৰহ্মাৰ আজ্ঞায়ে আসি ভৈল সুপ্ৰসন॥
মূহুৰ্ত্তেক কাল সবে গ্ৰহগণ আসি।
মহাহৰ্ষে স্থিতি ভৈল একাদশ ৰাশি॥
আকাশত জল বৃষ্টি কৰে মেঘগণ।
সুশীতল বায়ু বহিলেক তেতিক্ষণ॥
সেহি বেলা পৃথিবী ভৈলন্ত সুপ্ৰসন্ন।
দশোদিশ প্ৰসন্ন নিৰ্ম্মল তাৰাগণ॥
ঋষি মুনি যক্ষ নৰ গন্ধৰ্ব কিন্নৰ।
সমস্তৰে মন শান্ত ভৈল নিৰন্তৰ।
দেৱ দেৱীগণৰো ভৈলন্ত শান্ত মন।
স্বৰ্গে নৃত্য কৰিলন্ত অপসৰা গণ॥
গন্ধৰ্ব্বৰ ৰাজে গীত গাইলা মনোহৰ।
মৃদঙ্গ বজাইলা বিদ্যধৰে নিৰন্তৰ॥
সুখে নদ নদী সবো কৰিলা গমন।
ধূম্ৰ তেজি অগ্নি সবো জ্বলিল তেখন॥
দুন্দুভি আনক আদি বাদ্যগণ যত।
ৰঙ্গ মনে দেবগণে বজাইলা শাঙ্গত॥
পাৰিজাত পুষ্প বৃষ্টি দেৱে আকাশত। .
কৰিলন্ত মন ৰঙ্গে তুতি নতি যত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭০
অসমীয়া সাহিত্যৰ চানেকি