আৰো অসংখ্যাত বীৰে জাতি যত্ন কৰি।
ধনুৰ্গুণ দিতে নুৱাৰিলা ধনু ধৰি।
দৰ্প কৰি ধনু খান ধৰিয়া অৰ্জ্জুন।
তৎকালে ৰঙ্গ কৰি দিলা ধনুৰ্গুণ॥
ধনুৰ্গুণ দিয়া পাচে অৰ্জ্জুন মহন্ত।
পাঞ্চ গোটা শৰ হাতে তুলিয়া লৈলন্ত।
আকাশক দৃষ্টি কৰি ধনু খান টানি।
মৎস্য কাটি পেলাইলন্ত এক শব হানি॥
মৎস্য কাটিলন্ত যদি বীৰ ধনঞ্জয়।
আকাশত দেবগণে কৰে জয় জয়॥
দিব্য পুষ্প আনি দেৱগণে ৰঙ্গ কৰি।
বৃষ্টি কৰিলন্ত অৰ্জ্জুনৰ মাগা ভৰি॥
ৰাজাগণে দেখি হাহাকাৰ কৰিলন্ত।
মহাশান্তী দ্ৰৌপদীক বিপ্ৰে লভিলন্ত॥
পাছে উৰি ভেৰি দমা কাহান মৃদঙ্গ।
নানা ছন্দে বজাই কৰিয়া মহাৰঙ্গ॥
দ্ৰুপদে দেখন্ত বিদ্ৰে মৎস্য কাটিলন্ত।
আনন্দে আকুল ৰাজা মনে গুণিলন্ত।
জোনো ব্ৰহ্মণৰ পৰা দ্ৰৌপদী সুন্দৰী।
ৰাজাগণে কাঢ়ি জানো নেন্ত খঙ্গ কৰি॥
এহি বুলি দ্ৰুপদ নৃপতি বুদ্ধিমন্ত।
আপুনাৰ সৈন্যক একত্ৰ কৰিলন্ত॥
সৈন্যগণ লৈই ৰজা বীৰ অৰ্জ্জুনৰ।
সহায় কৰিতে লাগি গৈলা নৃপবৰ॥
পাচে যুধিষ্ঠিৰ ৰাজা মহাবুদ্ধিমন্ত।
দেখিলন্ত অৰ্জ্জুনেও মৎস্য কাটিলন্ত।
যোলন্ত আমাক চিনিবেক ৰাজাগণে।
এহি বুলি যুধিষ্ঠিৰ গুণে মনে মনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৪২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯৮
অসমীয়া সাহিত্যৰ চানেকি