পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩৯
ভৱিষ্য-সংগ্ৰহ

এমন প্ৰবোধ শুনি ভকতৰ
 তৰুণা তৰল চিত।
বোলে আজি ধৰি  সাতে পাঁচে মোৰ
 হৈব পতি মনোনীত॥
ভকতে সুহৃদ  বান্ধব ভকতে
 ভকত সে হৈব বাপ।
সমস্ত সম্বন্ধ  তোমাত ৰহোক
 এৰাইব সংসাৰ তাপ॥
এহি বুলি দুষ্টা  নাৰী গোটা তাই
 থাকিব মনত ৰঙ্গে।
আপোন স্বামীত  বিশ্বাস এৰিব
 ক্ৰীড়িব ভকত সঙ্গে॥
মহেশ বদতি  অধৰ্ম্মৰ বল
 বুজিবা প্ৰাণৰ জায়া।
অধৰ্ম্মত ধৰ্ম্ম  বুদ্ধি কৰিবেক
 মুহিবে বিষ্ণুৰ মায়া॥
ভকতিৰ ছলে  ভক্তি মাতৃ সমে
 থাকিব ভকতগণে।
তাঙ্ক দেখিবাক  আন প্ৰাণীগণে
 চলিব কৌতুক মনে॥
ভকতে ভকতি  মাতৃৰ চৰণে
 কৰিবেক নমস্কাৰ।
বুলিব ভকতি  দানদিয়া মাৱ
 তোৰা লক্ষ্মী অৱতাৰ॥
যিটো যিটো জনে  তাৰ সঙ্গে যাইব
 মন্ত্ৰ ঔষধৰ বলে।
মহামোহ হুয়া  কুলগুৰু তেজি
 থাকিব তৈতে সকলে॥