এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩০
অসমীয়া সাহিত্যৰ চানেকি
তাসম্বাত কথা, পুছিবে লাগিলা,
কৈক গৈলা যম ৰাই।
কৈত আছে যম, শীঘ্ৰ মাতি গান,
আসোক মোহোৰ ঠাই॥ ৬৬
চিত্ৰগুপ্ত দুইক, মাতি আন গৈই,
এতিক্ষণে মোৰ আগে।
কাকত বিচাৰি, লোকৰ মহলা,
মোতেসে দিবাক লাগে॥
খাটত বসিয়া, নিৰ্ভয় যে হুয়া,
বাহু ডাম্ফি মাৰি আছে।
অদভুত দেখি, বিস্ময় স্বৰূপে,
ভুজঙ্গে মাতিলা পাছে॥ ৬৭
কি কাৰণে অৰা, যমৰ পুৰক,
মৰিবে তই আসিলি।
মায়া কৰি দূতে, বচন বোলয়,
নেদেখে তাক সমূলি॥
ক্ৰোধে জাঠি তুলি, টংকালি পাৰয়,
শুন অৰে কোন জন।
ঘোৰ শূল ধৰি, হৃদয় বিদাৰি,
মাৰি পেশো এতিক্ষণ॥ ৬৮
গৰ্জ্জন শুনিয়া, ভুজঙ্গ দূতৰ,
ভয়ে গৰ্ভ গৈল গেলি।
মনুষ্যৰ মহা— প্ৰভাৱ দেখিয়া,
দূত গৈল শীঘ্ৰ ঢলি॥
ৰাজাৰ আগত, নমস্কাৰ কৰি,
ভুজঙ্গে কথা কহিলা।
আকাশী চৰগ, মাথাত পড়িল,
বিস্ময় মনে থাকিলা॥ ৬৯