এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩৪
অসমীয়া সাহিত্যৰ চানেকি
সেহি ৰম্য বনে পুষ্প জাতিস্কাৰ,
কোকিলে কৰয় নাদ।
মলয় পবন গাৱত লাগয়,
হৱয় আতি উন্মাদ॥
কতোদিন তাতে বমি বৃকভানু,
নবুজিলা ৰাত্ৰি দিনে।
একক্ষণ মান ব্যাকুল হৱয়,
সিতো কলাৱতী বিনে॥
বিৰহৰ দৰে নিমিষ নমাৰে,
স্বামীক চাহি থাকন্তি।
লক্ষ্মী দেবী আসি যেহেন কৃষ্ণক,
প্ৰণামি কাষে জ্বলন্তি॥
দিনে দিনে দুইৰো প্ৰেম বাঢ়ি গৈল,
যেহেনা ৰতি কামৰ।
পুণ্যবলে ৰাধা জীউক লভিলা,
বৃকভানু গোপবৰ॥
দৈবদোষে সতী ৰাধিকা গোসানী,
শ্ৰীদামৰ সাপ পাইলা।
কৃষ্ণৰ আজ্ঞায়ে গোলকক এৰি,
গোকুলে আসি জন্মিলা॥
যাহাক দেখন্তে জীৱন্তে মুকুত,
ভৈল পিতৃ মাতৃ দুই।
তাৰ ইতিহাস কহিলো প্ৰস্তুত,
শুনিলে আনন্দ হই॥
বৃকভানু গৃহ সবাকো ৰঞ্জিল,
অনেক যক্ষ সহিতে।
বিশ্বকৰ্ম্মা যাই শুভ থান পাই,
ৰহিলা গৃহ নিৰ্ম্মিতে॥