এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২৮
অসমীয়া সাহিত্যৰ চানেকি
মাধৱক পাই, পাছে যম ৰাই,
কৰিলন্ত নমস্কাৰ।
কৰযোৰ কৰি, চৰণক চাই,
দণ্ডৱত সাতবাৰ॥৫৯
পাদোদক লই, ভোজন কৰিলা,
অনেক ভকতি ভাৱে।
কৃতাঞ্জলি কৰি, স্তুতি আৰম্ভিলা,
মাধৱৰ দুই পাৱে॥
হে কৃষ্ণ প্ৰভু, বৈকুণ্ঠৰ পতি,
তুমি নিত্য নিৰঞ্জন।
পশিলো শৰণে তোমাৰ চৰণে,
কৃপা কৰা নাৰায়ণ॥৬০
যম নৃপতিৰ, ভকতিত তুষ্ট,
ভৈলা প্ৰভু সনাতন।
চাৰি হাত মেলি, আলিঙ্গি ধৰিয়া,
বুলিলা তাঙ্ক বচন॥
তযু মন সিদ্ধি, হৈবেক নিশ্চয়,
তোমাত কহিলোঁ আমি।
ভাৰ্য্যা সমে কেনে, মনে দুঃখ কৰা,
শীঘ্ৰে কৈয়ো মোত তুমি॥ ৬১
পাছে ধৰ্ম্মৰাই, বোলন্ত বিনাই,
শুনিয়ো জগত স্বামী।
ভূত ভবিষ্যত, আপুনি জানাহা,
তোমাত কি কৈবোঁ আমি॥
হাসি নাৰায়ণে বুলিলা বচন,
শুনা তোৰা দুয়ো প্ৰাণী।
কেনে অসন্তোষ, এতিয়া কৰাহাঁ,
মানুষক ঘৰে আনি॥ ৬২