পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭৯
মহাভাৰত—পাশাপৰ্ব্ব।

উঠিয়া শয্যাৰ পাণ্ডুৰ নন্দন
 নিত্য-ক্ৰিয়া কৰিলন্ত।
স্নান দান কৰি দেৱক দ্বিজক
 অতিথিক তপিলন্ত॥
ভোজন কৰিয়া একত্ৰে বসিলা
 ভূষিলা ছূয়া চন্দন।
দিব্য বস্ত্ৰে সবে শৰীৰ মণ্ডিলা
 পিন্ধিলা দিব্য ভূষণ॥
গাৱে নাটে ভাটে শুনি বাটে বাটে
 ব্ৰাহ্মণ পঢ়য় বেদ।
দ্বিজ কন্যাগণে মঙ্গল কৰয়
 পঞ্চ শব্দ অবিছেদ॥
আগে ৰাজাগণ মধ্যে দ্বিজ যত
 পাছত যান্ত নৃপতি।
দুৰ্য্যোধন আদি এক শত ভাই
 আবৰি চলে চৌভিতি॥
এহিমতে চলে কুৰু পাণ্ডুগণে
 পৰম আনন্দ মনে।
দুন্দুভি আস্ফাল প্ৰজাৰ ঘঞ্চাল
 সভা পাইলা কতোক্ষণে॥
দিব্য সিংহাসনে বসিলা তেখনে
 যুধিষ্ঠিৰ মহাৰাই।
এক ভিতি হুয়া বসিলা আসনে
 কৌৰৱৰ শত ভাই॥
কৌৰব সহিতে আলোচি আছয়
 যতেক দুষ্ট নৃপতি।
হুয়া এক ভিতি যতেক নৃপতি
 বসিলা আনন্দ মতি॥

১৭৪