কল্কী ৰূপে বৌধ গণ বধিবোহো পাছে।
খড়্গ চৰ্ম্ম দুয়ো সমে কাঞ্চুলিত আছে॥
কাঞ্চুলি বেষ্টিত স্তন নেদেখিলে মৰি।
দেখিলে জীৱন ৰহে দেখাও সুন্দৰী॥
হৃদয় স্তনৰ মধ্যে মণিৰ প্ৰকাশ।
পীন ঘন উচ্চ কুচ কাঞ্চন আভাস॥
মধ্য খিনি দেহা তোৰ দুৱলী বলিত।
মৃগেন্দ্ৰ বিদূৰ গৈল হুয়াতি লজ্জিত॥
অতি সুকোমল গাৱ পাৱ পদ্মফুল।
অমৃতৰ ধাৰা শ্ৰৱে পিয়ে অলিকুল॥
অগ্নি বৰ্ণ পীত বস্ত্ৰ কৰিয়াছে বেশ।
সুকোমল তনু জিনে কুসুম নিঃশেষ॥
মুষ্টিয়ে ধৰিতে পাৰি ক্ষীণ দেহা তোৰ।
কিমতে ধৰিয়া আছ কলসী এযোৰ॥
ছিগি পৰে বুলি মোৰ মনে লাগে ভয়।
জানো কেন মতে সিতো কঙ্কালে সৱই॥
পৰম নিৰ্ব্বুদ্ধি সিতো অধম কেৱল।
তুমি হেন যুবতীক নিব দিয়ে জল॥
কোকিলৰ স্বৰ জিনি সুললিত বাণী।
আলিঙ্গন দিয়া মোক ৰাখা ৰাধা ৰাণী॥
তোৰ সম সুন্দৰী নাহিকে ৰবিতলে।
বিধাতা মিলাইছে আনি মোৰ কৰ্ম্মফলে॥
যতেক কহিলা কথা দেৱ দামোদৰ।
শুনিয়া সুন্দৰী ৰাধা নিদিলা উত্তৰ॥
কাষে কুম্ভ লৈয়া যাই আগে চলে সখী।
বসনে ঢাকিয়া মুখ হাসে চন্দ্ৰমুখী॥
কটাক্ষ লাৱণ্য লাসে ফিৰি ফিৰি চাই।
তান চিত্ত বুঝি হৰি পাছে পাছে ধাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৪৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০০
অসমীয়া সাহিত্যৰ চানেকি।