পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫৭
গদাধৰ সিংহৰ আমোল ৷

কেনেকৈ দিম৷ পাচে ঢাৰি ফুকনে বোলে সিপাৰৰো ইপাৰৰো ৺দেৱৰহে দপদৰ, আত একো দোষ নাই। আমি বড় ফুকনক মাতি পঠিয়াইছিলোঁ নাহে। আমাৰো মানুহ দিওঁ তোমাৰো মানুহ দিয়াঁ মাতি আনকগৈ। পাচে কুকুৰাচোৱা গাঞমুৰাক দিলে, নিলেহি। পাচে মহাৰাজাৰ যি লিখা দিছিল তাক মাতিলে, বোলে চাৰিঙ্গিয়া ফুকনক যি বাদ দিছিল তাক মই সোধ পোচ কৰি যি দুই এক কথা লৰচৰ হল তাকে দণ্ডকৰা গল। আগেয়ো সিহঁতক বুলিছোঁ, দুই এক অপৰাধকো ক্ষমা কৰিম হেন। সন্দিকৈ ফুকনক মই যিৰূপে মোৰ বুলিছো তাক সকলোৱে জানে। ফুকনে মাতিলত চাৰিঙ্গিয়া ফুকনৰ যি কিছু অপৰাধ হৈছিল তাকো মই ক্ষেমিলোঁ। বড়ফুকনৰ বাক্য বচনে নৰলে অসুয়া অপ্ৰীতি কৰিলে এনেৰূপৰ যি হৈ গৈছে তাক সবেৱো দেখিছে। পাচে বটা পিন্ধি ৺দেৱক সাত সেৱা কৰি বড়ফুকনৰ লগৰ যি মানুহ নিছিল তাক এড়ি দিলে। আন সকলো ঘৰঘৰি গল। চাৰিঙ্গিয়া ফুকন বড় ফুকনৰ ঘৰলৈ আহিল। দুয়ো একে লগে বহি কান্দিলে বোলে কোন বিধাতা নো দুইকো ভেদ লগালে। এই বুলি কপিৰ এসাজ দি পঠাই দিলে। আগ দিনা হৰিধন পাচনি উজাই গৈ এখেৰ সকলো কথা ৺দেৱত জনালত, বুঢ়া পাঞ্চনি কো কলিয়া কটকীকে ৩ গোহাঞিৰ তিনিটা ভাল মানুহকে বড়বৰুৱাৰ ফুকন বোৰৰো একোটা ভাল মানুহ, এই সকলক পঠাই দিলে। মোৰ কাকো মাৰিব কাটিবলৈ এনে খান চিত্তত নাই। তেওঁ যে সিহঁতকো দোখান কৰিম হেন চিত্তত সংশয় হৈছে অশ্বক্ৰান্তত হাত জোবাৰাই বুঢ়া পাচনিয়ে কলিয়া কটকীয়ে শপত কৰাৰ, এই খান বুলি মহাৰাজা যদি তোমালোকক কোনো খান কৰে তপ ধৰ্ম্ম যি কৰিছো সি ভ্ৰষ্ট হব। ৩ জনা গোহাঞিৰ মানুহে ও বড়ুৱা ফুকনৰ মানুহেও এইৰূপ শপত কৰিব, মহাৰাজাক যদি অহিত চিন্তা খাব পিন্ধিব নাপাম, অল্পায়ু হম, ৰাজাৰ খাণ্ডাত কটা যাম, বড় ফুকনকো যদি অসূয়া অপ্ৰীতি কৰোঁ। এই বুলি শপত কৰে যদি তেহে কাৰো চিত্তত একো নাই হেন জনা যাব। পাচে সকলোৱে হাত জোবোৰাই শপত কৰা হেন জনালত, পিকচাইৰ নাতিয়েক ডেকা ফুকনৰ লগত তামুলীক পঠালে। সি বুঢ়া গোহাঞি ফুকনৰ আগত দুই চাৰিয়ে শুনে হেন কৰি এইখান বুলিলে, বড় বৰুৱা নাওবৈচা ফুকন ডেকা ফুকন তিনিয়ো বুলি আহিছে চাৰিঙ্গিয়া ফুকনক আমি নেৰোঁ। এই কথা বুঢ়া গোহাঞি ফুকনে বড়ফুকনত জনালে। বড়ফুকনেও বুঢ়া পাচনিত কলে। বুঢ়া পাঁচনি সহিতে যি আহিছিল উজাই গৈ মহাৰাজাত জনালে।