কৃষ্ণ আজ্ঞা কৰি মায়া গৰ্ভ দেবকীৰ।
ৰোহিনীৰ উদৰত থৈলা কৰি থিৰ॥
ৰক্ষক সকলে কৈল কংসৰ আগত।
দেবকীৰ গৰ্ভস্ৰাৱ ভৈলেক সাম্প্ৰত॥
গৰ্ভ আকষণ হেতু নাম সংকৰ্ষণ।
অনন্তেসে নিজ অংশে ভৈল উতপন॥
পুনু দেৱকীৰ গৰ্ভ অষ্টম ভৈলন্ত।
বায়ুয়ে সম্পূৰ্ণ কৰি গৰ্ভক থৈলন্ত॥
এহি মতে নৱ মাস দেবকীৰ গৈল।
সম্পূৰ্ণ দশম মাস উপস্থিত ভৈল॥
সেহি কালে উৰত দেৱ ভগৱন্ত।
সমস্তৰে সাক্ষী কৃষ্ণে দৃষ্টি কৰিলন্ত॥
আপুনি দেবকী দেবী পৰম সুন্দৰী।
যুবতী গণৰ মাঝে নাহি যাৰ সৰি॥
চাৰি গুণ কান্তি ভৈল দৃষ্টিত কৃষ্ণৰ।
প্ৰকাশ কৰয় সতী যেহেন ভাস্কৰ॥
প্ৰফুল বদনপদ্ম কান্তি অতিশয়।
আপোন তেজেৰে দশ দিশো প্ৰকাশয়॥
ছায়া দেবী যেন মত প্ৰকাশ কৰয়।
কান্তিৰ সমূহে যেন মূৰ্ত্তিমতী হয়॥
হেনৰূপ দেখি কংস দুষ্ট দুৰাশয়।
পৰম বিস্ময় হুয়া মনত গুণয়॥
দেৱকী উদৰে বাসা লৈলন্ত শ্ৰীহৰি।
এহি গৰ্ভে মোৰ মৃত্যু জানো নিষ্ট কৰি॥
এহি ভাবি কংসে বসুদেৱ দেৱকীক।
নিহল দিলন্ত ৰক্ষা দিলন্ত অধিক॥
পূৰ্ণ দশ মাস যেবে ভৈল দেবকীৰ।
গৰ্ভ পূৰ্ণ হুয়া সতী ভৈলন্ত গম্ভীৰ॥
১৮৫