পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

ঘৰে ঘৰে ফিৰে তাৰা ক্ৰন্দন বজাইতে।
আমাৰ ফল এহি তোমাৰ নিমিত্তে॥
গতি নাজানিয়া গীত গাওঁ কি কাৰণ।
আমাৰ হাতত আজি তোমাৰ মৰণ॥

নাৰদে পাইল ভীতি দেখে ভোলানাথে।
হাসিয়া কহিলা ৰাগ লোকৰ সাক্ষাতে॥
শুন শুন ৰাগ লোক আমাৰ বচন।
পূৰ্ব্ব ৰূপ হৈবা সবে নকৰা চিন্তন॥

এত বুলি মহাদেৱে আৰম্ভিলা গান।
হইল সকল ৰাগ পূৰ্ব্বৰ সমান॥
হাসিয়া হাসিয়া বোলে দেৱ শূলপাণি।
ভাল গীত গায়াছ নাৰদ মহামুনি॥

বিস্মিত হৈল মুনি চিন্তা যুক্ত মন।
তথা হন্তে দুই জন কৰিলা গমন॥
হৰিষে যে সদাশিৱে নাৰদ সহিতে।
অবিলম্বে মিলে গৈয়া বৈকুণ্ঠ পুৰিতে॥

দ্বাৰত বিৰিঞ্চি আদি যতেক অমৰ।
তান পাছে দেখে সহস্ৰেক মহেশ্বৰ॥
লক্ষে লক্ষে নাৰদ সনক সনাতন।
আশা দিয়া বসি আছে বিনতা নন্দন॥

দেখিয়া নাৰদ মুনি ভয় পাইলা মনে।
শিৱে নিবেদন কৈলা গৰুড়ৰ স্থানে॥
আমি আসি আছা কই প্ৰভুৰ গোচৰ।
আজ্ঞা কৈলে পদাম্বুজ পাৰি দেখিবাৰ॥

গৰুড়ে বোলয় তথা যাইতে নপাৰি।
লক্ষী সৰস্বতী লৈয়া ক্ৰীড়া কৰে হৰি॥
গৰুড় বচন শুনি দেৱ মহেশ্বৰ।
হাসিয়া শিঙ্গাত ফুক দিলা দিগম্বৰ॥