এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
গঙ্গাদাস সেন।
মহাভাৰত—অশ্বমেধ পৰ্ব্ব।
জৈমিনি বদতি কথা শুনা নৰনাথ।
ঘোড়া লৈয়া দক্ষিণক চলিলেক পাৰ্থ॥
পৰ্ব্বতৰ মধ্যে ঘোড়া বনে বনে যাই।
হাতে ধনু ধৰি পাৰ্থ পাছে পাছে যাই॥
বন মধ্যে বন জন্তু দেৱতা কিন্নৰে।
যক্ষ গন্ধৰ্ব্ব সিদ্ধ তথা তপ কৰে॥
মহা মহা জন আছে পৰ্ব্বত নিবাসী।
হৰি ভক্ত যত প্ৰিয় ঋষি যে তপস্বী॥
নানা বৰ্ণ পক্ষীগণ নানা বৃক্ষ লতা।
নানা গন্ধে পুস্পগণ বসন্তে পুষ্পিতা॥
দৈব গতি সেই ঘোড়া, গিৰি গৈয়া চড়ে।
শিলা অঙ্গ হৈয়া ঘোড়া নিঃশব্দ হৈ পৰে॥
দেখিয়া বিস্ময় হৈল বীৰ ভাগ যত।
সত্বৰে জনাইলা গৈয়া পাৰ্থৰ আগত॥
শুনিয়া বিস্ময় হৈল অৰ্জ্জুনৰ মনে।
প্ৰদ্যুম্নে সহিতে গৈলা চাইতে কাননে॥
আসিয়া দেখিল ঘোড়া হৈছে অচেতন।
কি হৈল কি হৈল বুলি চিন্তিত ভৈল মন॥
নিঃশব্দ হৈয়াছে ঘোড়া পড়িছে শিলাত।
পৰ্ব্বত সন্নিধে গৈলা জিজ্ঞাসিবে মত॥