পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫২
অসমীয়া সাহিত্যৰ চানেকি

এহি চিন্তি ক্ৰোধে জ্বলি উপজিল কাম্পে
ৰাজ সমাজক লাগি কৰিলেক ঝাম্পে॥
ৰাজাৰ আগত থিয় দিয়া বোলে চাই।
শুনৰে অসত্যবাদী দুস্ট মল্লৰাই॥

মূঢ় ওই নোহ ৰাজাসনৰ উচিত।
নজানস ৰাজনয় আৰো হিতাহিত॥
প্ৰজাৰো কুশল কিছু নিচিন্ত মনত।
তোহোৰ মৰণ কাল ভৈল উপগত॥

মহাৰাজা বালি যাক সম বীৰ নাই।
যাৰ নাম শুনি সুৰাসুৰ কাম্পে কাই॥
তানে মুখ্য সেনাপতি অগ্নিৰ তনয়।
যাহাৰ বিক্ৰম দেখি মহেন্দ্ৰৰো ভয়॥

তাহাৰ আদেশ তই নকৰ দুৰ্ম্মতি।
আনিছ নৰকাসুৰ যুদ্ধ সম্প্ৰতি॥
উঠৰে দুৰ্ম্মতি ৰাখ আপোন গৌৰৱ।
নুহি এতিক্ষণে স্ত্ৰীৰ আগে লাজ হৱ॥

শুনি দিবিধৰ কোপে কম্পমান কায়।
মাৰুতিক কোলে তুই নকৰ বৰায়॥
তোৰ বাক্যে ৰাজ্য দিবো হেন আশা ছাৰ।
যুদ্ধ কৰি কোন পাৰে লৌক ৰাজ্যভাৰ॥

এহি বুলি আস্ফালিল যুদ্ধক আশাই।
ঝাম্প দিয়া মাৰুতিয়ো ধৰিলন্ত যাই॥
অন্যো অন্যে আঝোৰয় যেন নাগ দুই।
বাগৰ বাগৰি যুজে এক পিণ্ড হুই॥

আঞ্চোৰে কামৰে দুই দুহান্তক পাই।
হানে কিল ভুকু কতো দুই ছিদ্ৰ চাই॥
চৌত্ৰিংশ দিনৰ বৃক্ষ শিলা নিৰন্তৰ।
চূৰ্ণিকৃত ভৈল বাগৰন্তে দুহান্তৰ॥