এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪০
অসমীয়া সাহিত্যৰ চানেকি
জানিবা পাৰ্ব্বতী সম্বলা ভকতি
ইহাক বুলি কহয়।
অঙ্কিলা সম্বলা মিশ্ৰ ভৈলা যেবে
লম্পটা নাম নিশ্চয়॥
লম্পট্য ভক্তিৰ আনো চিহ্ণ সব
কহিবো গৌৰী তোমাত।
কুলগুৰু যিটো জ্ঞান উপদেশে
হেন বুদ্ধি হৈব তাত॥
মায়ায়ে মুহিয়া ক্ৰিয়া কুল ধৰ্ম্ম
তেজিবেক সমস্তয়।
গোপ্য শাস্ত্ৰ সব আপুনি ৰচিব
দিব শঙ্কৰৰ নয়॥
বুলিব শঙ্কৰে হেনয় কহিছে
ভকতে ব্ৰহ্মা ঈশ্বৰ।
ভকতি মাতৃত কৰিবেক ৰতি
এহি অৰ্থ সাৰোত্তৰ॥
এহি বুলি দুষ্টে আনো মনুষ্যত
গুৰু হুয়া কহিবেক।
ভক্তে গুৰু বুলি মনুষ্যত পূজা
লৈয়া সিটো ফুৰিবেক॥
ভক্ত গুৰু যেহি অৰ্থক নাজানি
মানিৰ হৰিৰ বাক।
হৰি হৰি কিনো দোৰ্ঘোৰ কলিত
মিলিব কৰ্ম্ম বিপাক।
আউৰ বুলিবেক ভকত গুৰুক
সাক্ষাতে তুমি ঈশ্বৰ।
তোমাৰ আজ্ঞাক প্ৰতিদিনে আমি
কৰিবোঁ মনে আদৰ॥