পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

শষ্য তৈল আনি দিয়া সাক্ষাতে অঙ্গয়।
দীপ আৰোপণ কৰি শ্ৰদ্ধেৰ সময়॥
এসকল বস্তু যদি আনহ সাক্ষাতে।
তেবেসে কৰিবো শ্ৰাদ্ধ কহিলো তোমাতে॥

চণ্ডী বোলে এহি বাক্য মনে নাহি ৰুচে।
ভাল ভাল বস্ত্ৰ দিবো বেদে যে কহিছে॥
শ্বেত তণ্ডুল পূৰ্ণ উপহাৰ দিবে পূৰি।
নানা দ্ৰব্য আনি দিলা সন্দেশ আদি কৰি॥

মনোহৰ সন্দেশ বটক ফেলিকাৰ।
পায়স মণ্ডিত সৰে মোদক অপাৰ॥
দধি দুগ্ধ মোদক ঘৃত উত্তম কদলী।
তিল তৈল দিল দীপ কৰিতে উজ্বলি॥

শ্বেত তণ্ডুল দিল অন্ন ভুঞ্জ যে কৰিতে।
উত্তম বস্ত্ৰক দিল কাঞ্চনে সহিতে॥
উত্তম কদলী দিল তাম্বুল নাৰিকল।
কমণ্ডলু ভৰি শ্ৰদ্ধে দিলা গঙ্গাজল॥

জৈমিনি বদতি কথা শুনহ ৰাজন।
উদ্যান থানত চণ্ডী দিলে এক মন॥
বেদৰ বিহিত যত কৰ্ম্ম নিবৰ্হিল।
পাসৰিয়া মন ভ্ৰমি চণ্ডীক বুলিল॥

শ্ৰাদ্ধ অৱশেষ বস্তু তুলসী আৰু তিলে।
বিসৰ্জ্জন কৰ নিয়া জাহ্নবীৰ জলে॥
শুনিয়া মুনিৰ বাক্য চণ্ডীৰ মন কষ্টে।
জলে নাহি পেলাইলা পেলাইলা উচ্ছিষ্টে॥

ইহা দেখি ক্ৰোধে শাপ দিলেক উদ্যান।
শিলা হৈয়া চিৰকাল থাক এহি থান॥
পাণ্ডৱ কৰিবা যজ্ঞ জ্ঞাতি পাপ ভয়।
ঘোড়া লৈয়া এথাতে আসিব ধনঞ্জয়॥