সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪১
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

পাছে বিশ্বকৰ্ম্মে আনন্দ কৰিয়া,
 শিষ্যগণ সমন্বিত।
শয্যাত কৃষ্ণক এৰিয়া স্বকীয়,
 থানক গৈলা ত্বৰিত॥
গৃহৰ আশ্চৰ্য্য মহিমা শুনিয়া,
 ব্ৰহ্মা সুত মহাশয়।
সংশয় নকৰা হৱয় সাক্ষাত,
 মহন্তে যাক বাঞ্ছয়॥
ইহাত আশ্চৰ্য্য নমানিবা তুমি,
 নগৰ ইতো সুঠান।
হৰিৰ ইচ্ছায়ে ভূমিত ভৈলন্ত,
 নমানিবা আত আন॥
এহি সব হৰি চৰিত্ৰ মঙ্গল,
 কহিলোঁ তোমাত মই।
সুখ সম্পদক বঢ়াৱে ইহাক,
 শুনিলে পাপ হৰই॥
পুনৰ্ব্বাৰ তুমি কিবা শুনিবাক,
 ইচ্ছা কৰা মহাশয়।
সবাকে তোমাৰ অগত কহিবোঁ,
 পুচাহা ইতো নিশ্চয়॥
শুনা সভাসদ ব্ৰহ্মবৈৱৰ্ত্তৰ,
 পদ ইতো অনুপম।
যাহাক শুনিলে পবিত্ৰ হৱয়,
 ইন্দ্ৰিয়ক কৰে দম॥
হেন জানি নৰ আন পৰিহৰ,
 ভকতি কৰিয়ো জানি।
বোলা ৰাম ৰাম পূৰ্ণ হৈবে কাম,
 সমজ্যাৰ যত প্ৰাণী॥