পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১২
অসমীয়া সাহিত্যৰ চানেকি

তযু সম ভাগ্যৱতী আছে কোন নাৰী।
পাণ্ডু হেন মহাৰাজা বাজেৰ বহাৰী॥
সুৰসেন নৃপতিৰ স্নেহৰ দুহিতা।
মহাকুল অজামিঢ় বংশে ভৈলা স্থিতা॥

যেহেন পদ্মিনী হ্ৰদ হন্তে পাইলা হ্ৰদ।
বীৰ পুত্ৰ বীৰ পত্নী লভিবা সম্পদ॥
যদি তুমি হেন নাৰী থিৰ গুণৱতী।
নসহিবা ইতো দুঃখ সবক সম্প্ৰতি॥

তেবে কোন নাৰী আক সহিবাক পাৰে।
নকৰিবা দুঃখ পেসী কহিলেহে সাৰে।।
নিদ্ৰা ক্ৰোধ হৰ্ষহিম তপন পিয়াস।
ক্ষুধা মহা বৌদ্ৰ ছয় অপৰ আলস॥

ইসবক জিনিয় তযু পুত্ৰ নিৰন্তৰে।
সুখক ছাড়িয়া সবে শান্ত চিতে ফুৰে॥
অল্প সুখে তুষ্ট নোহে তযু পুত্ৰচয়।
মধ্যম ভোগক কেহো বাঞ্ছা নকৰয়॥

যেন দেখা দুঃখ সুখো হৈব তেন মত।
এহি জানি দুঃখ পেসী নকৰা মনত॥
যাজ্ঞসেনী সহিতে তোমাৰ পাঞ্চ সুত
মোহোত কৰিয়া নতি জানাইলা বহুত॥

তাসম্বৰ বদলে কৰোহো নমস্কাৰ।
কুশল কহিছা তোমাসাত তাসম্বাৰ॥
তোমাৰো কুশল পুছি পঠাইছে আমাত।
অল্পতে কুশল তুমি দেখিবা সাক্ষাৎ॥

এহি মতে কুন্তীক কেশৱে আশ্বাসিলা।
কৃষ্ণৰ বচনে কুন্তী সুস্থ চিত ভৈলা॥
বুলিব লাগিলা কেশৱক লাসে লাসে।
শুনিয়ো কেশৱ মই কহে তযু পাশে॥