আগৰ যতেক অল্প মাত্ৰসে ভিজিল।
মধ্যৰ যতেক আধা ভিজা হুই চাপিল॥
পাছৰ যতেক তাবা সমূলি ভিজিল।
এক ক্ষত্ৰিয়ৰ গৈয়া ঘৰত চাপিল॥
মৰদ নাহিকে ঘৰে স্ত্ৰীগোট তাছে।
ঘৰ গোট আৱৰাই দিলা তাকো পাছে॥
সমস্তে চাপিলা সেহি ঘৰৰ ভিতৰ।
সিড়ি গোটে আছা থিয়ে আৱজি শঙ্কৰ॥
তলক নিৰখি হাতে মালা গাছি ধৰি।
ৰাম কৃষ্ণ নাম মুখে উচ্চাৰণ কৰি॥
ক্ষত্ৰিয় স্ত্ৰীগোট আগতে আছয়।
থিউ হুয়া শঙ্কৰ দেৱক নিৰীক্ষয়॥
মস্তকৰ পৰা তান চৰণ পৰ্য্যন্ত।
পদহন্তে মস্তক লাগি নিৰীক্ষন্ত॥
এহি মতে পুনু পুনু শঙ্কৰ দেৱক।
দণ্ড চাৰি পঞ্চ মানে চাহি আছিলেক॥
সমস্ত লোকৰ মনে আশঙ্কা মিলিল।
শঙ্কৰৰ ৰূপ দেখি কামে পৰশিল॥
তাতেসে আনৰ ভিতি চক্ষু নটলয়।
এক দৃষ্টি কৰি শঙ্কৰক নিৰীক্ষয়॥
মদন মোহন ৰূপ শঙ্কৰ দেৱৰ।
ইতে স্ত্ৰী হাজাৰতো কৰিয়া সুন্দৰ॥
আৰো নগৰীয়া স্ত্ৰী পসাৰি নিশ্চয়।
এহি মতে লোকে মনে পৰামৰিষয়॥
দণ্ড ছয় বৰিষি এড়িল বৰিষণ।
শঙ্কৰদেৱৰ চলিবাক ভৈল মন॥
সেহি বেলা স্ত্ৰীগোটে শঙ্কৰদেৱৰ।
চৰণত ধৰি বোলে বিনয় বিস্তৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১২৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮০
অসমীয়া সাহিত্যৰ চানেকি