তিৰী চোড়া অধম হাৰিৰ লাথি খায়া।
গলে হাণ্ডি বান্ধি মৰি মাৰ্গতলে যাৱা॥
হেন শুনি ৰাৱণ ক্ৰুধিয়া খেদি যাই।
মন্দোদৰী ৰাখিলন্ত অনেক বুজাই।।
পাছে সব ৰাক্ষসীক বোলে লঙ্কেশ্বৰে।
যেনে তেনে বুজায়োক সীতা যেন বৰে।।
এহি বুলি আপুন মন্দিৰে চলি গৈলা।
ৰাক্ষসী সকলে তাঙ্ক গৰ্জ্জিবাক লৈলা॥
কতো বোলে শুনা সীতা ভজ লঙ্কেশ্বৰ।
কতো বোলে শান্তি ধৰ্ম্ম ৰাৱণাতে কৰ।।
কোনো জনী বোলে এইক খাও ৰাক্ষসিনী।
বৰিবি কি নবৰিবি কহ সত্যবাণী।।
আনো নানা বাক্য বুলি ৰাক্ষসিনী গণ।
মধ্যাহ্ণ সময় ভৈলা কৰিলা শয়ন।।
সেই বেলা বায়ুপুত্ৰে অৱসৰ পাই।
কৰ যোড়ে বৃক্ষহন্তে বোলন্ত বিনাই।।
দশৰথ পুত্ৰ শ্ৰীৰাম চন্দ্ৰ ভৈলা।
পিতৃবাক্য পালিতেহে বনবাসে গৈলা।
তাহতে সীতাক হৰি আনিলে ৰাৱণ।
এতেক বুলিয়া মৌন ভৈলা হনুমান।।
প্ৰিয় কথা শুণি দেবীদশো দিশে চাইলা।
উৰ্দ্ধ দৃষ্টি কৰি বানৰক ভেট পাইলা॥
সীতায়ে বোলয় বাপু কৈৰ হন্তে আইলি।
মোহোৰ স্বামীৰ কথা কেন মতে পাইলি।।
এতেক বোলন্তে আসি ভূমিত নামিলা।
দণ্ডৱতে পৰি কপি প্ৰণাম কৰিলা।
কৃতাঞ্জলি কৰি বোলে শুনিয়োক আই।
জম্বুদ্বীপ হন্তে ৰামে দিছন্ত পঠাই।।
১৫৯