এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
যি ঠানত হয় লাদয় মুতয়
গো মূত্ৰে তাক লিপিব।
হোম যজ্ঞ কৰি দেৱক আৰ্চ্চয়
ব্ৰাহ্মণক দান দিব॥
প্ৰথম দিনত ব্ৰাহ্মণ লাগই
পণ্ডিত যাঠি হেজাৰ।
এক শত ৰত্ন দিবা কৰি যত্ন
সুবৰ্ণৰ তিনি ভাৰ।
এক শত ৰথ ৰঞ্জিয়া বিচিত্ৰ
এক শত গজ বাজী।
এক শত দাস এক শত দাসী
অলঙ্কাৰ দিবা সাজি॥
আমি যৈত তৈত কহোঁ স্বৰূপত
তাকো জানো বোলোঁ মিছা।
ভাৰ্য্যায়ে সহিতে একেলগে থাকি
মনে নকৰিবা ইচ্ছা॥
সকলে সম্ভাৰ আছয় তোমাৰ
কিছু নকৰিবা চিন্তা।
আসি পতিব্ৰত সিজে যেন মত
লগতে নাহিকে সীতা॥
বশিষ্ঠ বদতি শুনা ৰঘুপতি
সকলে কৈলো বুজায়।
ভাল ভাল চাই ব্ৰাহ্মণ আনিবা
বেদৰ নিৰ্ণয় চাই॥
ডাঙ্গৰ দীঘল তাকো নলাগই
কুল ধৰ্ম্ম তাতি চাই।
শাস্ত্ৰত কুশল বেদত নিৰ্ম্মল
আনিবা তাক মতাই॥