কতোক্ষণে কৰ্ণ বীৰ চেতন লভিয়া।
ক্ৰোধ কৰি অৰ্জ্জুনিক গৈলন্ত খেদিয়া॥
পাচে আৰো ধনুখান ধৰি কৰ্ণ বীৰ!
শৰে হানি অৰ্জ্জুনৰ ভেদিলা শৰীৰ॥
অৰ্জ্জুনেও মহাখঙ্গে নানা অস্ত ধৰি।
কৰ্ণৰ শৰীৰে হানিলন্ত দৃঢ় কৰি॥
পাচে জিনো বুলি দুয়ো আটোপটঙ্কাৰে।
যুদ্ধ কৰিলন্ত দুয়ো অনেক প্ৰকাৰে॥
অৰ্জ্জুনৰ বহু বল দেখি কৰ্ণ বীৰ।
পৃথিবীত ইহাৰ সমান নাহি ৰীৰ॥
এহি বুলি কৰ্ণ বীৰ আতি যত্ন কৰি।
অৰ্জ্জুনক যুজিতে লাগিলা ধনু ধৰি॥
অসংখ্যাত শৰ ৰুষ্ঠি অৰ্জ্জুনে কৰিল।
ৰাধা সুত কৰ্ণ বীৰ পথতে কাটিল॥
আথাকে হানন্ত শৰ অৰ্জ্জুন মহন্ত।
তাক দেখি কণে অৰ্জ্জুনক বুলিলন্ত॥
কোন তুমি বিপ্ৰ নিষ্ঠ কৰি কহিয়োক।
বাহুবলে তুমি তুষ্ট কৰিলাহা মোক॥
তোমাৰ প্ৰহাৰ কেহো সহিতে নাপাৰে।
অন্ত বিদ্যা ধনুৰ্ব্বিদ্যা জানা তুমি সাৰে॥
কিবা ৰামচন্দ্ৰ আসি আছা মুৰ্ত্তি ধৰি।
কিবা ইন্দ্ৰ আসি আছা বিপ্ৰৰূপ ধৰি।
তুমি বা সাক্ষাতে বিষ্ণু পতি জগতৰ।
এতমান পৰাক্ৰম মুহি ব্ৰাহ্মণৰ॥
ৰণ মাঝে মই যদি মহা ক্ৰোধ কৰি।
যুজিবাক মাওঁ অন্ত শঙ্গ ধনু ধৰি॥
বৰ বৰ ৰাজা গণ চাহিয়া থাকন্ত।
কাহাৰ শকতি নাহি মোক যুজিবন্ত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০৫
মহাভাৰত।