পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৰিদাস বিপ্ৰ।

মহাভাৰত—অশ্বমেধ পৰ্ব্ব।
সুধন্বা বধ।

হেন স্তুতি কৰিলন্ত সুধন্বা কুমাৰ।
মহাতুষ্ট ভৈল প্ৰভু দেৱ গদাধৰ॥
কাৰুণ্য হৃদয় নাৰায়ণ হৃষিকেশ।
আপুনি ভৈলন্ত সেহি তৈলত প্ৰবেশ॥

অগ্নি সম তৈল কৰে উথল পাথল।
সুধন্বাৰ শৰীৰে যে ভৈলেক শীতল॥
গ্ৰীষ্মকালে চন্দনে শীতল কৰে যেন।
অগ্নিয়ো শীতল তপ্ত তৈল পানী যেন॥

প্ৰজাগণ বেঢ়ি বেঢ়ি চাৱে দুই পাশে।
গৃহে চড়ি নাৰীগণে চাহন্তে তৰাসে॥
যতেক পথিক মানে চাই চাই যাই
দুই নয়নৰ নীৰ বহি বহি যাই॥

মনে মনে বোলে নৃপতি কোন সতে।
আপোনাৰ পুত্ৰক মৰয় অকাৰ্য্যতে॥
নিদাৰুণ হৃদয় নিষ্ঠুৰ বজ্ৰসম।
কোন সতে আপোন পুত্ৰৰ ভৈল যম॥

এহি বুলি বৰ্ণায়া কান্দন্ত সৰ্ব্বজন।
ধনু শৰ থৈয়া বোলে নকৰিবোঁ ৰণ॥
আজি যদি সুধন্বাক তৈলে পুৰি মাৰে।
আমি যুদ্ধ নকৰিলে কোনে যুদ্ধ কৰে॥