প্ৰণাম কৰিলা দুয়ো কৰিয়া ভকতি।
কৃতাঞ্জলি কৰি আৰম্ভিলা দুয়ো তুতি॥
বসুদেৱ দেবকী বদতি দামোদৰ।
অতীন্দ্ৰিয় বিভূ তুমি অব্যক্ত অক্ষৰ॥
যোগী ধ্যান গম্য তুমি নিৰ্গুণ ঈশ্বৰ।
পৰমাত্মা স্বেচ্ছাময় স্বেচ্ছাৰূপধৰ॥
লিপিবাক নপাৰয় জ্যোতিৰূপধৰ।
পৰংব্ৰহ্ম বীজ ৰূপ সমস্তৰে বৰ॥
স্থূলতো কৰিয়া স্থূলতৰ সনাতন।
সবাবে ব্যাপক অতি সূক্ষ্ম অদৰ্শন॥
সবাৰো শৰীৰে সাক্ষীৰূপে হোৱা স্থিত।
তথাপি নেদেখে তযু মায়ায়ে মোহিত॥
শৰীৰ সহিত ভৈলে বোলয় সগুণ।
গুণ শূন্য ভৈলে তুমি হোৱাহা নিৰ্গুণ॥
অনন্তে সহস্ৰ মুখে তুতি কৰিবাক।
তুতিৰো অসাধ্য সৰস্বতীৰো যাহাক॥
পঞ্চবক্তে শিৱে তুতি কৰিবাক প্ৰতি।
নপাৰয় ব্ৰহ্মায়ো কৰিবে যাক তুতি॥
গণেশ কাৰ্ত্তিক দুয়ো কৰিবাক তুতি।
অসমৰ্থ হুয়া সবে কয় প্ৰণতি॥
দেৱতা মুনীন্দ্ৰ ঋষি মুনি সমুচয়।
কৰিবে নপাৰে তুতি তোমাক নিশ্চয়॥
তোমাক কৰিবে তুতি বেদো নপাৰয়।
কেমনে কৰিবে তুতি বেদজ্ঞানী চয়॥
আমি মূঢ় কেন মতে কৰিবোহো তুতি।
তোমাৰ চৰণে মাত্ৰ কৰোহে প্ৰণতি॥
ইতো দিব্য ৰূপ ত্যজিয়োক কৃপাময়।
বালক স্বৰূপ ধৰিবাক যোগ্য হয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭২
অসমীয়া সাহিত্যৰ চানেকি