পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮৫
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

শোভন দিবসে কৰিয়া সুবেশ,
 শৈলৰ কামিনী গণে।
পাৰ্ব্বতীৰ যত বিবাহৰ কৰ্ম্ম,
 কৰাইলা আনন্দ মনে॥
তৈল কুৰ ঘসি স্নান কৰাইলেক,
 পিন্ধাইলা বস্ত্ৰ সুন্দৰ।
ৰত্ন অলঙ্কাৰে ভূষিয়া দেবীক,
 নআইলা কৌতুকে বৰ॥
মালতীৰ মালা মাথতি দিলন্ত,
 হস্তত দিলা দৰ্পন।
পদ আঙ্গুলিত আল্‌তা দিলন্ত,
 কজ্জলে নেত্ৰ শোভন॥
গণ্ডত পতাকা দিলন্ত সুন্দৰ,
 খোপাক ভালে ৰঞ্জিলা।
মালতী মালায়ে বিশিষ্ট কৰিয়া,
 পাট সূত্ৰে নিবন্ধিলা॥
আত অনন্তৰে ব্ৰহ্মা আদি কবি,
 সমস্তে দেৱতা গণ।
ৰত্ন যানে তুলি শৈৱক লৈলন্ত,
 হুয়া আনন্দিত মন॥
শিৱ ঈশ্বৰক বেঢ়ি সবে দেৱে,
 গৈলন্ত অদ্ৰীৰ থানে।
পাৰিষদ সমে কৃষ্ণ চলিলন্ত,
 আৰোহি ৰত্নৰ যানে॥
পাচে হিমালয়ে চৰে সবে আনি,
 কদলীগণ বিস্তৰ।
চোতালে পদুলি কইলা শাৰী শাৰী,
 হিমালয় গিৰিবৰ॥