পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

দ্বিজবৰ।

গীত গোবিন্দ।

জয় বৃন্দাবন চন্দ্ৰ কৃষ্ণ ঘনশ্যাম।
জয় জগধাম মনোৰথ পূৰ্ণকাম॥
ৰাধা মুখ পঙ্কজৰ যেহেন ভ্ৰমৰ।
যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা দুৰ্গা হৰ॥

চিদানন্দ দেৱকী নন্দন দয়াময়।
নমো নিৰ্বিকাৰ নিৰঞ্জন নিৰাময়॥
যাহাৰ চৰণে মিলে ভকতি মুকুতি।
সুৰাসুৰ কিন্নৰে কয় যাক স্তুতি॥

যাহৰ ভয়ত মায়া কাম্পে তৰতৰি।
পৰম পাতকী সবো তৰে যাক স্মৰি॥
হেন কৃষ্ণ পদ পঙ্কজৰ মধুকৰ।
পৃথিবী পালিলা ৰুদ্ৰসিংহ নৰেশ্বৰ॥

যাহাৰ দিনত প্ৰজা সবে সুস্থ মনে।
আচৰয় শুদ্ধ ধৰ্ম্ম স্বকীয় ভবনে॥
যেন মেঘগণে বৃষ্টি কৰি নিৰন্তৰে।
পৃথিবীৰ খাল বাম সবে সম কৰে॥

১৪৭