এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯৪
অসমীয়া সাহিত্যৰ চানেকি
পদ।
হিমালয়ে দুহিতৃক দিয়া শঙ্কৰত।
প্ৰণাম কৰিলা পৰি শিৱ চৰণত॥
কৃতকৃত্য ভৈলা বুলি ৰাজা হিমালয়।
স্তুতি কৰিব পাছে লৈলা মহাশয়॥
হিমালয় নিগদতি প্ৰভু শূলপানি।
প্ৰণাম কৰোহো তুৱা চৰণ দুখানি॥
মোৰ অজ্ঞানীৰ দোষ ক্ষমিবা সতত।
এহি খানি বৰ মাগো তযু চৰণত॥
হে দেৱ দেৱ দক্ষ যজ্ঞ বিনাশক।
নৰক সাগৰ হন্তে তুমিসে তাৰক॥
হে গুণাতীত প্ৰভু গুণৰ ঈশ্বৰ।
গুণৰ নিধান তুমি সৰ্ব্ব শক্তিধৰ॥
হে যোগধাৰ প্ৰভু হুয়োক প্ৰসন্ন।
তোমাতে সকলো প্ৰাণী হয় উতপন॥
এহি মতে আনো নানা তুতি কৰিলন্ত।
আনন্দিত মনে ৰাজা মৌনে ৰহিলন্ত॥
সমস্তে দেৱতা আৰো মুনি নিৰন্তৰ।
শৈলক প্ৰশংসা কবিলন্ত বহুতৰ।৷
এহি মানে চাৰি ধিক চল্লিশ অধ্যায়।
সাঙ্গ ভৈলা সাবশেষে জানা মুনিৰাই॥
শুনিয়োক সভাসদ কেদিন জীৱন।
মিছাত নেনিবা আত্ম যত বৃদ্ধগণ॥
জনম সফল কৰা ভজিয়ো কৃষ্ণক।
তেবেসে তৰিবা সুখে ইতো সংসাৰক॥