সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬৬
অসমীয়া সাহিত্যৰ চানেকি

মুক্তাৰ খিচনি শোভে অদ্ভুত সাজন।
দেখিয়া মুনিৰ মন হৱেত মোহন॥
সহস্ৰে সহস্ৰে নাৰী অলঙ্কাৰ পিন্ধি।
উলুপি বেৰিয়া তাৰা আছে পুৰ নাৰী॥

চন্দ্ৰ সম বদন আঞ্চলে ঢাকি গাৱ।
মেঘ আৰে শশধৰ লুকাইল প্ৰায়॥
মুনিৰ মন মোহপাৱে কামিনী নাৰী।
বিনোদ নাগেৰী সব পৰা সুন্দৰী॥

প্ৰসন্ন বদন মুক্তা সদৃশ পঙ্কতি।
গলে হেমহাড় কুচ্ছ কাল আকৃতি॥
ভীমে বোলে কৃষ্ণদেৱ দেখা অদভুত।
গৃহ গোট শোভে যেন চম্পক বিদ্যুত॥

উদিত ভাস্কৰ যেন কৰয় প্ৰকাশ।
নাৰীগণ দেখি চন্দ্ৰমণি জিনি হাস॥
পুৰীৰ নিৰ্ম্মান যেন চন্দ্ৰৰ উদয়।
ৰাজ্যৰ নিৰ্ম্মান দেখি লাগায় বিস্ময়॥

এহি কথা কহি আইলে অৰ্জ্জুনৰ কাষে।
দেখিলেক শিৰ নাহি কন্ধ পৰি আছে॥
দেখিয়া দুখীত হৈয়া শোকে দহে তনু।
ভূমিত পৰিয়া যেন লুটি আছে ভানু॥

গদা হৃদে কৰি ভীম পৰিল ভূমিত।
ভাই ভাই ডাক চাৰি হৈলন্ত মূৰ্চ্ছিত॥
দৈবকী যশোদা কুন্তী কালে দীৰ্ঘ নাদে।
কৃষ্ণ মাত্ৰ স্তব্ধ হুয়া ৰহিলা নিশব্দে॥

ভীমে বোলে দামোদৰ দেখহ বিদিতে।
অৰ্জ্জুন সদৃশ বীৰ নাহি পৃথিবীতে॥
হেন প্ৰাণ ভাই মাৰি আছে কোন বীৰ।
লাগ পাইলে গদা ঘাৱে চূৰ্ণ কৰো শিৰ॥