তযু হন্তে দণ্ড ভগ্ন ভৈল গণেশৰ।
নমিবাক যোগ্য মই নোহো তোমাসাৰ॥
কল্পে কল্পে তযু পতি কৃষ্ণে সে নিশ্চয়।
একোকালে মাতৃ তযু ব্ৰত নাহিকয়॥
তবু লোক শিক্ষা অৰ্থে কৰি আছে ব্ৰত।
মোক চিন্তি আছা ৰাধা তুমি অবিৰত॥
পৌষ মাস ফাগুন ত্ৰিতয় মাস যাইবে।
তযু মনোৰম ৰাধা চৈত্ৰ মাসে হৈবে॥
যাহাৰ নিৰ্ম্মল ৰাত্ৰি সুখ বিধায়ক।
শীত উষ্ণ নাহি যাত লভে আনন্দক॥
সিতো ৰাত্ৰি বৃন্দাবন দাস মণ্ডলত।
হৰি সমে ক্ৰীড়া হৈব তযু মনোগত॥
কল্পে কল্পে লেখি আছে বিধাতা ক্ৰীড়াক।
কেহো জনে নপাৱয় তাক বাৰিবাক॥
হৰি সমে সিতো ক্ৰীড়া হৈবেক তোমাৰ।
অবশ্যে লভিবা তুমি আনন্দ অপাৰ॥
যেহেন শুভগা মই ভাৰ্য্যা শঙ্কৰৰ।
তুমিয়া হৈবাহা তেন শুভগা কৃষ্ণৰ॥
ক্ষীৰত হোৱয় যেন সুস্বাদ মধুৰ।
দাহগুণ থাকে হেন অগ্নিত প্ৰচুৰ॥
পৃথিবীত গন্ধ গুণ থাকে যেন মত।
শীত গুণ থাকে যেন জানিবা জলত॥
সেহি মতে মাধৱত তযু থিত হৈব।
মনুষ্যত তযু মত সুভগা নহৈব॥
গন্ধৰ্ব্বী ৰাক্ষসী আৰু দেৱত সুন্দৰী।
নহৈবে সুভগা কেহো তযু সমসৰি॥
ব্ৰহ্মাদিয়ো নমে যাৰ চৰণ পদ্মক।
কি মতে বৰ্ণাইবো ৰাধা তোমাৰ গুণক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৭০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৬
অসমীয়া সাহিত্যৰ চানেকি।