পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫৩
গদাধৰ সিংহৰ আমোল।

চন্দ্ৰবাৰ। পাচে লৰাটি ৺দেৱক নামৰূপিয়া পাতো বুলি নামৰূপলৈনি নিৰস্ত্ৰ কৰিলে। পাচে ১৬০৩ শকত মাস ফাগুন চন্দ্ৰবাৰ ২৩ দিন গতে পাত্ৰ মন্ত্ৰী সকলোৰে সমালোচন কৰি বোলে, ১৫৯৩ শকত মেটেকিয়াল লালুক বড় ফুকনে গুৱাহাটীৰ থানা বঙ্গাললৈ এড়ি দিলে। ১৬০০ শকৰ ফাগুনৰ ১৪ দিন গতে বুধবাৰ লোকজন সহিতে নবাব মঞ্জুৰ খাঁয়ে গুৱাহাটীৰ গড় ললেহি। ৩ বৎসৰ পাচ মাই অধিকাৰ কৰিলে। তদনন্তৰে ডাঙ্গৰিয়া সকলোৱে ৺দেৱেৰে সমালোচন কৰি চাৰি অধিক ষড় দশ শতং শাকে আষাঢ়ত গুৱাহাটীৰ থানা লবলৈ আজ্ঞা কৰিলে। লানমাখ্ৰ চেটিয়া বড় ফুকনে, দিলিহিয়াল বুঢ়া গোহাঞিৰ বংশ চেঙ্গলাই ফুকন, ফুল বৰুৱাৰ পুতেক পানি ফুকন, শলাল বড় গোহাঞি, গড়গাঞৰ পৰা গল। লাপেটি ফুকনৰ পুতেক পানি দিহিঙ্গিয়া বড়বৰুৱা, পিকচাই চেটিয়াৰ নাতি শালৌ ফুকন এহি সকলক কতিপয় দিন আছোঁতে ৺দেৱে সিংহাসনত বহি পুছিলে বোলে গুৱাহাটীৰ মঞ্জুৰ খাঁক খেদিবাৰ কি বোলে। ৰাজা ৰাজ্য হলে যুদ্ধ কৰিবাক লাগে ইধৰ্ম্ম। শত্ৰুৰ অধীন হৈ থাকিতে ভাল নুই। পাচে মন্ত্ৰীসবেও প্ৰশংসা কৰিলে বোলে আমাৰো যুক্তি এয়েহে। ৺দেৱৰ আদেশে প্ৰাণটাঙ্কি যুজিম। ৺দৱৰ ধাৰ লোণ চাউলৰ সুজিব পাৰিম। পাচে ৺দেৱে দৈৱজ্ঞদেৱৰ ঠাইত সুধিলে। সিহঁতে বোলে ভাদ্ৰত যুদ্ধ যাত্ৰা হৈ আছে, বঙ্গালক জিনি কামৰূপ ভোগ কৰিব লাগে, এহি যোগত পূৰ্ব্বে ৰামচন্দ্ৰে সমুদ্ৰ তৰি ৰাৱণক বধ কৰিছে। পাচে ৺দেৱে সকলোকে বটা প্ৰসাদে আজ্ঞা কৰিলে সকলো আহিল। উত্তৰে বাঁহবাড়ী ধৰিবলৈ পিকচাই চেটিয়াৰ নাতি ডেকা ফুকন, বড়গোহাঞি ফৈদিয়া নামডঙ্গিয়া ফুকন, বুঢ়াগোহাঞি ফৈদিয়া চেঙ্গধৰা ফুকন, বড়গোহাঁঞি ফৈদিয়া গজপুৰিয়া ৰাজখোৱা, নাম- ডঙ্গিয়া ফংপুং নামডঙ্গিয়া ৰাজখোৱা, চৈয়নিয়া সন্দিকৈ ফৈদিয়া তৰুৱা, দিহিঙ্গিয়া নেওগ ফৈদিয়া বড় অভয়পুৰীয়া, তৰ শলগুৰিয়া লাহন ৰাজখোৱা, নেওগ আৰু দখিনে সোণাপুৰ ধৰিবলৈ লান্মাখ্ৰফৈদিয়া উপৰ দৈয়ঙ্গিয়া ৰাজখোৱা, আঠগঞা নগঞা ৰজা লগুৱাত হাজাৰ গড়গঞা সন্দিকৈ ফৈঃ নাম দৈঃ ৰাজখোৱা, ডিমৰুৱা ৰজা, পাণবড়িয়া ৰজা, দিহিঙ্গিয়া বড়বৰুৱা, গড়গঞা সন্দিকৈ, নেওগ ফুঃ, চাৰিঙ্গিয়া ফুকন, লানমাখৰু ফৈঃ পুথাউ ফুঃ, দিখৌমুখিয়া ৰাজখোৱা নেওগ, লুইতে ভটিয়াই লানমাখৰু চেটিয়া বড় ফুকন ফুল বৰুৱাৰ ভতিজাক পানি ফুকন, বৰ বৰুৱাৰ পানি দিহিঙ্গিয়া ৰাজখোৱা, ৰাইডঙ্গিয়া হাজৰিকা, নড়া নেওগ, মিৰি সন্দিকৈ ফৈঃ পানি শল গুৰিয়া ৰাজখোৱা। আৰু সেহি সময়তে মঞ্জুৰ খাঁৰ উকিল শ্যাম সিংহক পঠালে। পাচে বৰবৰুৱা শুনি বোলে শ্যামসিংহক পঠোৱা বড় ভাল নহে। এই বুলি কণ্ঠ-