এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি
যেহেন পৰ্ব্বত ভৈলা কপি মহাবল।
তৰু লতা ভৈলা সম কটক সকল॥
মাৰুতি বোলয় শুনিয়োক জ্ঞাতি লোক।
আঁতিয়া ধৰিবা সবে নেৰিবাহা মোক॥
থিৰে শাঁতে ৰহিবাহা চকু নেমেলিবাঁ।
সমুদ্ৰক দেখি পাছে ভয়তে মৰিবাঁ॥
গহীন গম্ভীৰ ধীৰ হনুমন্ত বীৰ।
প্ৰতি প্ৰতি ৰাম সেৱা কৰিলন্ত স্থিৰ॥
মাৰুতিৰ বচন শুনিয়া সেনাগণে।
চকু মুদি সবেয়ো বসিলা ৰঙ্গমনে॥
সাগৰ তৰিবে সাজু ভৈলা হনুমান।
দেও মাৰোঁ জ্ঞাতি লোক হোৱাঁ সাৱধান॥
দুলৰি।
ৰাম লক্ষণক, সুগ্ৰীৱ বীৰক,
কৰিলন্ত নমস্কাৰ।
বায়ু যে বাপক, অঞ্জনা মাৱক,
প্ৰণমিলা সাতবাৰ॥
কেশৰী চৰণ, শিৰোগত কৰি,
ত্ৰিদশ দেৱ ধীয়াই।
হনূমন্ত বীৰ, অতিৰঙ্গ মনে,
আকাশ গমনে যাই॥
বায়ুতো অধিক, হনূমন্ত বীৰ,
বায়ুৰ সঞ্চাৰে যাই।
সব শিখৰক, গৈয়া আটাইলেক,
সমুদ্ৰ জল এৰাই॥
১৬৭