শিল্পীপ্ৰাণ উমেশ বৈশ্য

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ] তেজোদীপ্ত মুখমণ্ডলেৰে সুন্দৰ সুঠাম চেহেৰাৰ গহীন-গম্ভীৰ, সেইগৰাকী আমাৰ ডাঙৰ দাদা (একমাত্ৰ পেহীৰ জ্যেষ্ঠপুত্ৰ), আমাৰ অভিভাৱক, শিক্ষক আৰু জীৱনৰ পথ প্ৰদৰ্শক। একালত আমাক শিকাইছিল, বুজাইছিল— জীৱন কেনেদৰে গঢ়িব লাগে। সঁচা আৰু নিকা জীৱনৰ গতি দান কৰিবলৈ আমাক সদায় প্ৰয়াস। কৰিছিল। এতিয়াহে অনুভব কৰোঁ দাদাৰ গুণ আৰু ব্যক্তিত্বৰ যদি ধনিষ্ঠমানো অধিকাৰী হ’লোহেঁতেন! এইগৰাকী দাদাই উত্তৰসূৰী সকলক দি থৈ যোৱা নাই কি? জীৱন সংগ্ৰামত নিজেই ক্ষত-বিক্ষত শ্ৰদ্ধাৰ দাদাই সদায় চিন্তা কৰিছিল, তেওঁৰ অনুজ সকলৰ জীৱনৰ পদপথ যেন মখ্‌মলৰ দলিছাৰ দৰে মসৃণ হয়।

★★★★

দাদাই এইবাৰ নিজৰ উইঙ্ চাঙ্ কলমটো লৈ বগা কাগজখিলাত মুকুতাহেন গোট গোট আখৰেৰে অংকটো কৰি পেলালে। পানীৰ দৰে স্বচ্ছ আছিল অংকটোৰ সমাধান প্ৰণালী। ইপ্সিত লক্ষ্যৰ পিনে অংকটো লৈ যোৱাৰ যি কৌশল, নিহিত সাধাৰণ বোধ, সাম্ভাব্য খুটিনাটিৰ সামগ্ৰিক বৰ্ণনা এনেদৰে মোৰ নিচিনা শিশুৰ সমুখত দাঙি ধৰিলে যে মোৰ বাবে অংকটো পানীৰ দৰে স্বচ্ছ হৈ পৰিল।

[  ]
 

সোঁৱৰণীৰ অলেখ ভাষা
শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য
(স্মৃতিচাৰণ আৰু মূল্যায়ন)

 

সম্পাদনা
ড° শেখৰ জ্যোতি বৈশ্য

 

বাণী প্ৰকাশ
যশোৱন্ত ৰোড, পাণবজাৰ
গুৱাহাটী-১

[  ]
 

SOWARANIR OLEKH BHASHA : SILPIPRAN PRAYAT UMESH BAISHYA (SMRITICHARAN ARU MULYAYAN) : Edited by Dr. Sekhar Jyoti Baishya and published by Mrs. Lukumoni Choudhury, Bani Prakash, Joswant Road, Panbazar, Guwahati-781001 on behelf of Olympia Prakashan, Guwahati- 781003


Price : Rs. 400.00 only.

First Edition : 2018


 
© : ড° শেখৰ জ্যোতি বৈশ্য
দূৰভাষ : ৯৭০৬৩৫৯৬৮০
ISBN : 978-93-87035-26-3
প্ৰকাশক : লুকুমণি চৌধুৰী
বাণী প্ৰকাশ
যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১
প্ৰচ্ছদ অংকন : কমল কৃষ্ণ শৰ্মা
প্ৰথম প্ৰকাশ : ২০১৮ খ্ৰীষ্টাব্দ
অক্ষৰ বিন্যাস : মাধৱ বৰদলৈ
শুভেচ্ছামূলক
বৰঙনি : ৪০০.০০ টকা

॥ মুদ্ৰক॥

পাৰফেক্ট ইমেজাৰ্‌ছ, ৰাজগড় ৰোড, ৪নং উপপথ কাষত, গুৱাহাটী-০৩
ফোন : ৯৮৬৪১-৫৫৭৮৮, E-mail: perfect.imagers@gmail.com

[  ]
 

উমেশ বৈশ্য

জন্ম : ৩/১০/১৯৩৯ ইং
বালিলেছা, নলবাৰী

   

মৃত্যু : ১/৮/১৯৯৮ ইং
বিৰুবাৰী, গুৱাহাটী

[  ]
 

উমেশ বৈশ্য

জন্ম : ৩/১০/১৯৩৯ ইং
বালিলেছা, নলবাৰী

   

মৃত্যু : ১/৮/১৯৯৮ ইং
বিৰুবাৰী, গুৱাহাটী

[  ]
 

শ্ৰদ্ধাঞ্জলি/কৃতজ্ঞতা


 যিসকল প্ৰসিদ্ধ ব্যক্তিয়ে এই গ্ৰন্থখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সহযোগ আগবঢ়ালে সেইসকল ব্যক্তিলৈ আমাৰ তৰফৰপৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। গ্ৰন্থখনৰ পৰিকল্পনা ২০০৯ চনতে আৰম্ভ কৰা। সুদীৰ্ঘ ন বছৰে এই গ্ৰন্থ প্ৰকাশৰ বাবে তথ্য সংগ্ৰহ, লেখনি সংগ্ৰহ প্ৰক্ৰিয়া নিৰৱিচ্ছিন্নভাৱে চলি থকা বাবে গ্ৰন্থখন প্ৰকাশত অকমান বিলম্ব হ’ল, তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। এই গ্ৰন্থখনত প্ৰয়াত উমেশ বৈশ্য সম্পৰ্কে স্মৃতিচাৰণ কৰা, সৃষ্টিকৰ্মৰ মূল্যায়ন কৰা কেবাগৰাকী প্ৰসিদ্ধ ব্যক্তি বৰ্তমান আমাৰ মাজত নাই। সেইসকল প্ৰসিদ্ধ ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

 অশেষ কষ্ট স্বীকাৰ কৰি অক্ষৰ বিন্যাস কৰা শ্ৰদ্ধেয় মাধৱ বৰদলৈদেৱলৈ আমাৰ কৃতজ্ঞতা জনালোঁ, লগতে অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড’এ গ্ৰন্থখনৰ প্ৰকাশৰ দায়িত্ব লৈ আমাক যিধৰণে উপকৃত কৰিলে তাৰ বাবে প্ৰকাশন প্ৰতিষ্ঠানটিৰ সমূহ সদস্যলৈ আমাৰ শ্ৰদ্ধা- কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

[  ]

সম্পাদকীয়

 

 একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰৱন্ধকাৰ, সমালোচক, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অক্লান্ত সাধক, সুবক্তা, নীৰৱ সমাজ সংস্কাৰক, আজীৱন শিক্ষক তথা গুৱাহাটীৰ ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী বালিকা উঃ মাঃ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেউতা প্ৰয়াত উমেশ বৈশ্যৰ বন্ধু, সহকৰ্মী, ছাত্ৰ-ছাত্ৰী, গুণমুগ্ধ, শুভাকাংখী তথা পৰিয়ালবৰ্গৰ আদেশ, উপদেশ, অনুৰোধ, আহ্বান, তাগিদা আদিৰ ফচল এই স্মৃতিচাৰণ আৰু মূল্যায়ন সম্পৰ্কীয় গ্ৰন্থখন।
 সাহিত্য আৰু সংগীতৰ অৱক্ষয়, শিক্ষা ব্যৱস্থাৰ অনগ্ৰসৰতা, ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ, সমাজ সংস্কাৰ আদি স্পৰ্শকাতৰ বিষয় সমূহৰ সম্পৰ্কত দেউতাৰ যি সমুদ্ৰগভীৰ চিন্তা, পৰিকল্পনা আৰু স্পষ্টবাদী মত আছিল আমি সেইবোৰ ঢুকি পোৱাৰ বহু আগতেই দেউতাই আমাক এৰি গৈছিল যদিও তেওঁ লিখি থৈ যোৱা প্ৰতিটো চিন্তা গধুৰ কবিতা, গীত, প্ৰৱন্ধ আদিৰ মাজত আজিও তেওঁক আমি নতুনকৈ আৱিষ্কাৰ কৰিব পাৰোঁ৷
 এই গ্ৰন্থখনত সন্নিৱিষ্ট গুণী লোকসমূহৰ বহুমূলীয়া লিখনিসমূহত সেই সময়ৰ গুৰু-শিষ্য, পিতা-পুত্ৰ, বন্ধু-বান্ধৱ, ভাই-ভনী, স্বামী-স্ত্ৰীৰ সম্পৰ্ক, সামাজিক পৰিস্থিতি, শিক্ষা ব্যৱস্থা, সংগীত-সাহিত্য চৰ্চ্চা, সামাজিক দায়বদ্ধতা, পিতৃ-মাতৃ তথা পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, নিজৰ কৰ্মৰত অনুষ্ঠান তথা কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা, দেশপ্ৰেম আদিৰ যি স্পষ্ট আৰু নিভাঁজ চিত্ৰ পৰিস্ফুট হৈছে সেয়া দেখি-পঢ়ি আমাৰ একান্ত অনুভৱ হৈছে যে ই আমাৰ দৰে নতুন প্ৰজন্মক অধিক দায়বদ্ধ হ’বলৈ, সঠিক পথেৰে আগুৱাবলৈ আৰু নতুন কাম কৰিবলৈ যথেষ্ট অনুপ্ৰেৰণা যোগাব। এই ছেগতে মই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰতিজন গুণী ব্যক্তিলৈ মোৰ কৃতজ্ঞতা, শ্ৰদ্ধা আৰু সেৱা জনালোঁ।
 সৰুতে ওচৰ চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীবোৰে প্ৰায়ে নতুন কাপোৰ পিন্ধা দেখি ময়ো দেউতাক নতুন কাপোৰ কিনি দিবলৈ বৰকৈ কুটুৰিয়াইছিলোঁ। দেউতাই এদিন মোক বুজনিৰ সুৰত কৈছিল— “মই ইচ্ছা কৰিলে দৰমহাৰ [  ] টকাৰে প্ৰতি মাহতে তহঁতক নতুন নতুন কাপোৰ কিনি দিব পাৰো। কিন্তু কেৱল নতুন কাপোৰ পিন্ধাটোৱেই মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব নালাগে।”

 আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ আগতে দেউতাই কোৱা এই উপদেশপূৰ্ণ কথাষাৰৰ অৰ্থ তেতিয়া হয়তো মই বুজাই নাছিলো, আজি কিন্তু মই ইয়াক মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছো।

 শেষত প্ৰচাৰ বিমুখ দেউতাৰ এটি সুগভীৰ চিন্তাযুক্ত কবিতাৰে সামৰিছো— য’ত তেখেতৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সুন্দৰ তথা স্পষ্টৰূপত পৰিস্ফুট হৈছে–

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
তুলি যাওঁ উত্তাল বান,
মৰা সুতি, বিল, খাল আছে যত সমাজৰ
কৰি যাওঁ সকলো সমান
নিকা হ’ক এই মাটিখান।

*****

[  ]

সূচীপত্ৰ

উমেশ বৈশ্যৰ স্মৃতিচাৰণ
১। উমেশ বৈশ্যৰ সোঁৱৰণত একাষাৰ ✍️ নলিনীধৰ ভট্টাচাৰ্য
২। অনুজ উমেশ বৈশ্যৰ স্মৃতিত ✍️ ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
৩। সহপাঠী বন্ধু উমেশ চন্দ্ৰ বৈশ্যঃ মই জনা মানুহজন
✍️ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য
৪। বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ ৰিজু হাজৰিকা
৫। প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ দুৰ্গা কান্ত শৰ্মা
৬। আমাৰ সান্নিধ্যৰ বাৰ বছৰ ✍️ লাবণ্য চন্দ্ৰ ভট্টাচাৰ্য্য
৭। ‘গীতশ্ৰী'ৰ সোণালী দিনবোৰ, বৈশ্যদা আৰু আমি...
✍️ পুলকেশ বৰুৱা
৮। প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ লাভেশ্বৰী দাস
৯। বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ ৰমানাথ গোস্বামী
১০। দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰু যুক্তিবাদী এজন মানুহ
✍️ দীনেশ নাথ
১১। অগ্ৰজপ্ৰতীম বন্ধু প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য ✍️ দণ্ডধৰ চক্ৰৱৰ্তী
১২। ভাতৃপ্ৰতীম পৰম সুহৃদ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত
✍️ মানিক চন্দ্ৰ দত্ত
১৩। প্ৰয়াত বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণত ✍️ সুৰেন কাকতি
১৪। হেৰাইয়ো হেৰোৱা নাই স্বৰ্গীয় উমেশ বৈশ্যদেৱ
✍️ ড° সৰলা ভূঞা
১৫। প্ৰয়াত উমেশ বৈশ্যঃ ৰসজ্ঞ, বিজ্ঞ, অভিজ্ঞ আৰু সংগীতজ্ঞঃ
আজি বহুতৰে নমস্য ✍️ ৰামচৰণ পাঠক
প্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত একাজলি অৰ্ঘ
✍️ ড° অসমী গগৈ
১৭। স্মৃতিবাহী নদীৰ তীৰত স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণ
✍️ চৈয়দ কাইয়ুম কবীৰ আহমেদ

 

১৫
১৭

২০
২৬
২৯
৩১

৪৩
৪৮
৫২

৫৮
৬৭

৭৩
৮১

৮৫

৮৯

৯২

৯৬

[ ১০ ]
১৮   বন্ধুবৰ প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যক সুঁৱৰি ✍️ হেম ডেকা   ১০১
১৯   উমেশ বৈশ্য ⵓ এক ব্যক্তি, এক অনুষ্ঠান ✍️ ধৰ্মেশ্বৰ পাঠক   ১০৩
২০   স্মৃতি তৰ্পণ ⵓ উমেশ চন্দ্ৰ বৈশ্য ✍️ ৰীণা শৰ্মা বৰঠাকুৰ   ১০৬
২১   শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ লোহিত চন্দ্ৰ কলিতা   ১০৯
২২   প্ৰয়াত উমেশ বৈশ্যৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ ✍️ ড° ধৰণীধৰ গোস্বামী   ১১২
২৩   শ্ৰদ্ধেয় প্ৰয়াত উমেশ বৈশ্যদেৱৰ স্মৃতিত ✍️ বিদ্যুৎ জ্যোতি ভড়ালী   ১১৪
২৪   ‘স্মৃতিকাতৰতা’ ⵓ প্ৰয়াত উমেশ বৈশ্য ✍️ ৰুমী নায়ক   ১১৮
২৫   সুৰসাধক উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ অনুপম বৰ্মা মজুমদাৰ   ১২০
২৬   উমেশ বৈশ্যৰ স্মৃতিৰ পাপৰি ✍️ বীৰেন্দ্ৰ কুমাৰ নাথ   ১২৫
২৭   প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য ⵓ এটি ব্যতিক্ৰমী চৰিত্ৰ ✍️ নাৰায়ণ মহন্ত   ১২৮
২৮   মুকুতাৰ দৰে উজ্জ্বল উমেশ বৈশ্য ✍️ খগেন নাথ   ১৩১
২৯   বালিলেছাৰ প্ৰথম উচ্চ শিক্ষিত উমেশ চন্দ্ৰ বৈশ্য ✍️ হৰেন্দ্ৰ নাথ কলিতা   ১৩৪
৩০   বাল্যবন্ধু উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ বিজয় শংকৰ কলিতা   ১৩৭
৩১   মোৰ অতি শ্ৰদ্ধাৰ দাদাৰ স্মৃতিত ✍️ ৰমেশ বৈশ্য   ১৪০
৩২   শ্ৰদ্ধেয় উমেশ বৈশ্য ছাৰৰ সোঁৱৰণত ✍️ উজ্জ্বল দাস   ১৪২
৩৩   শ্ৰদ্ধেয় দাদাৰ সোঁৱৰণত ✍️ অতুল চন্দ্ৰ বৈশ্য   ১৪৩
৩৪   উমেশ বৈশ্য ⵓ এটি অৱলোকন ✍️ ডাঃ প্ৰভাস চন্দ্ৰ ভট্টাচাৰ্য্য   ১৪৫
৩৫   কৰ্মযোগী উমেশ বৈশ্যৰ সোঁৱৰণত দুআষাৰ ✍️ কন্দৰ্প দত্ত   ১৪৭
৩৬   বৈশ্য ছাৰৰ সোঁৱৰণত ✍️ বীণাপানি বৰ্মন   ১৪৯
৩৭   প্ৰয়াত উমেশ বৈশ্য ছাৰৰ স্মৃতিত ✍️ জগত চন্দ্ৰ ডেকা   ১৫২
৩৮   মিচিকি হাঁহিৰে ভিনদেউৰ গাম্ভীৰ্য তথা ব্যক্তিত্বৰে ভৰা সৰল মুখখন ✍️ বীণা বৰুৱা   ১৫৪
৩৯   স্বামী স্বৰ্গীয় উমেশ বৈশ্যৰ সোঁৱৰণত ✍️ ৰিণা বৈশ্য   ১৫৭
৪০   চিৰপূজ্য দাদাৰ সোঁৱৰণত ✍️ মাকন বৈশ্য   ১৬৩
৪১   মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক প্ৰয়াত উমেশ বৈশ্যদেৱৰ সোঁৱৰণত ✍️ লক্ষ্মী মিশ্ৰ   ১৬৫
৪২   পূজনীয় দেউতাৰ স্মৃতিত ✍️ ড° শেখৰ জ্যোতি বৈশ্য   ১৭০
[ ১১ ]

৪৩। স্মৃতিৰ টুকুৰা ✍️ অৰুণজ্যোতি বৈশ্য
• উমেশ বৈশ্যৰ স্মৃতিত কবিতা
১। হে প্ৰিয় বন্ধু ✍️ যোগেশ মল্ল বুজৰবৰুৱা
২। স্মৃতিৰ সঁফুৰাত সযতনে ৰাখিছোঁ তোমাক ✍️ মীৰা ঠাকুৰ
৩। শ্ৰদ্ধাঞ্জলি ✍️ তৰুণ চন্দ্ৰ বৰুৱা
৪। তুমি... তোমাৰ কবিতা... ✍️ অচিন্ত্য কৃষ্ণ শৰ্মা
৫। সপোন ✍️ প্যাৰী মোহন ডেকা
৬। অনুৰাগ ✍️ ৰূপম মজুমদাৰ
৭। নিৰুদ্দেশ যাত্ৰা ✍️ দিপ্তী ভড়ালী
৮। তোমাক সাৱটি ধৰোঁ ✍️ ডাঃ ৰাজীৱ ভট্টাচাৰ্য
৯। দোঁ খাই অহা আকাশ ✍️ দিলীপ কুমাৰ দাস
• উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন
১। প্ৰবীন কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ দুআষাৰ
২। পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকাদেৱৰ এষাৰ
৩। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ
সমালোচনা।
৪। ধীমান সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্মাদেৱৰ অভিমত
৫। সাহিত্যযোগী বুৰঞ্জীবিদ শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ
৬। তীক্ষ্ণধী পণ্ডিত সাহিত্যিক শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ
৭। অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ
শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ
৮। বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক ড° হীৰেন গোহাঁইৰ
একাষাৰ
৯। জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিক শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰ
অভিমত
১০। জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামীৰ একাষাৰ
১১। অনুভৱৰ এষাৰ ✍️ ড° অমৰজ্যোতি চৌধুৰী
১২। প্ৰগতিৰ গান : উমেশ বৈশ্য ✍️ এম. কামালুদ্দিন আহমেদ
১৩। প্ৰয়াত উমেশ বৈশ্যৰ সুৰ বিচাৰি বাৰ বছৰ : এটি পৰ্যালোচনা
✍️ ড° নীলোৎপল শৰ্মা
১৪। নীৰৱ সমাজ সংস্কাৰক প্ৰয়াত উমেশ বৈশ্য ✍️ অপৰ্না বণিক্য

 

১৭৯

১৮৭
১৮৯
১৯১
১৯৩
১৯৫
১৯৬
১৯৭
১৯৮
১৯৯

২০৩
২০৬

২০৭
২০৯
২১১
২১২

২১৩

২১৪

২১৬
২১৯
২২০
২২১

২২৪
২২৮

[ ১২ ]

১৫। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ এক জাতীয়
প্ৰেমৰ গীতৰ পুথিৰ চমু আলোচনা ✍️ ড° অনন্ত মাধৱ দত্ত
১৬। গীতিকাৰ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ : এটি অৱলোকন
✍️ দীনেশ নাথ
১৭। প্ৰয়াত উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ : এটি অভিমত
✍️ খৰ্গেশ্বৰ শৰ্মা
১৮। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’: আমাৰ উপলব্ধি ✍️ শংকৰ দাস
১৯। উমেশ বৈশ্য ডাঙৰীয়াৰ ৰচিত ‘প্ৰগতিৰ গান’
সংকলনটোৰ এটি মূল্যায়ন ✍️ ডাঃ শৰদিন্দু বিশ্বাস
২০। এখন ভাল লগা কিতাপ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’
✍️ বীনা বৰুৱা
২১। গীতৰ সংকলন ‘প্ৰগতিৰ গান’ ✍️ প্ৰদীপ কুমাৰ বৰ্মন
২২। উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ ✍️ মিহিৰ দেউৰী
২৩। প্ৰয়াত উমেশ বৈশ্য : সংগীতৰ ঝঙ্কাৰেৰে সমাজক
ৰজনজনাই তোলাৰ এক প্ৰয়াসৰ নাম ✍️ ৰতন পাল
২৪। প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ মাধুৰ্য : এটি বিশ্লেষণ
✍️ মুকুট পাঠক
২৫। প্ৰয়াত উমেশ বৈশ্যৰ ‘সুৰ বিচাৰি বাৰ বছৰ’
এটি পৰ্যালোচনা ✍️ ড° অনন্ত মাধৱ দত্ত
২৬। মিলন গীত (হিন্দী) ✍️ মানিক চন্দ্ৰ দত্ত
২৭। প্ৰগতি গান (হিন্দী) ✍️ কাকলি গোহাঁই
প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থৰ পাতনি''
প্ৰয়াত উমেশ বৈশ্যৰ সৃষ্টিকৰ্ম সম্পৰ্কে বিভিন্নজনৰ মতামত
প্ৰয়াত উমেশ বৈশ্যৰ ডায়েৰীৰ পৃষ্ঠা
সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল
অন্যান্য (শোক প্ৰস্তাৱ, চিঠি-পত্ৰ, বংশাৱলী,
 আলোক চিত্ৰ ইত্যাদি)

 

২৩৭

২৩৯

২৬০
২৬৩

২৬৫

২৭১
২৭৩
২৭৪

২৭৫

২৮০

২৮৫
২৮৮
২৯০
২৯১
৩০৫
৩১৩
৩২১

৩৯৯

[ ১৩ ]

 

উমেশ বৈশ্যৰ স্মৃতিচাৰণ


 তেওঁ নিজৰ ঘৰতে সংগীত বিদ্যালয় স্থাপন কৰাৰ বাহিৰেও, সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষাও প্ৰদান কৰিছিল। সঁচাকৈয়ে, বৈশ্যৰ সংগীত সাধনাৰ ঐকান্তিকতা দেখি মই তবধ মানিছিলোঁ। কোৱা বাহুল্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ অসমীয়া বিভাগৰ অধ্যাপক, আমাৰ পৰম পূজনীয় শিক্ষাগুৰু ড° গোলোক চন্দ্ৰ গোস্বামী ছাৰকো প্ৰয়াত বৈশ্যই গীতৰ সুৰেৰে মুগ্ধ কৰিছিল।

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য

 
[ ১৪ ]
 

উমেশ বৈশ্যৰ সোঁৱৰণত একাষাৰ

নলিনীধৰ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী

 আৰ্য্য বিদ্যাপীঠ কলেজত শিক্ষকতা কৰি থকা কালত উমেশ বৈশ্যক মই প্ৰায়ে লগ পাইছিলোঁ। তেওঁৰ লগত সুখ-দুখৰ কথা পাতিছিলোঁ। বিশেষকৈ তেওঁৰ লেখা-মেলাৰ কথা, কেতিয়াবা সংগীত চৰ্চাৰ কথাও পাতিছিলোঁ। কেতিয়াবা গীতৰ সুৰ গুণ গুণাই ৰাস্তাইদি গৈ থকা অৱস্থাতো লগ পোৱা মনত আছে। বৰ আশাশুধীয়া ভাৱে তেওঁ মাৰ্গ-সংগীতৰ চৰ্চা কৰিছিল বুলি মই জানো। শিক্ষকতা আৰু সংগীতৰ চৰ্চা কৰিয়েই তেওঁ জীৱনটো কটাইছিল। আজি সমাজৰ যি পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ আবৰ্ত তেওঁ নেদেখিলে। দেখা হ’লে তেওঁ কেতিয়াও মনত শান্তি নাপালেহেঁতেন। নিত্যান্ত সৰল সহজ মানৱতাবোধসম্পন্ন মানুহ আছিল তেওঁ। নিষ্ঠাৰে তেওঁ নিজৰ কৰ্তব্য সম্পন্ন কৰিছিল আৰু সংগীতৰ চৰ্চাৰে নিজৰ আত্মিক বিকাশ কৰি আনৰো হৃদয় জয় কৰিছিল। তেওঁ জীয়াই আছিল মাত্ৰ উনষাঠিটা বছৰ। এই কম সময়ৰ ভিতৰতে নিজৰ বৌদ্ধিক আৰু সামাজিক জীৱনত বহু পৰিমাণে সফল হৈছিল। মোতকৈ তেওঁ বয়সত সৰু আছিল যদিও শিক্ষাব্ৰতী, অধ্যয়নশীল, সংগীত সাধক, সমাজপ্ৰিয় এই সৰল মানুহজনক মই শ্ৰদ্ধা কৰিছিলোঁ। আজিও তেওঁলৈ মোৰ মনত পৰে। প্ৰচাৰ বিমুখ, নীৰৱ সাধক উমেশ বৈশ্য আমাৰ বাবে স্মৰণীয় হৈ থাকিব।

 নলবাৰীৰ বালিলেছাৰ সন্তান উমেশ বৈশ্যই বালিলেছা মজলীয়া স্কুল (এম.ভি.), দেবীৰাম পাঠশালা, গৰ্ডন হাইস্কুল, নলবাৰী কলেজ আদিত পঢ়া- শুনা কৰি পিছত এম.এ. আৰু বি.টি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত বিভিন্ন ঠাইত শিক্ষকতা কৰি গুৱাহাটীত থিতাপি লয়হি। ইয়াত ডনবস্ক, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আদিত শিক্ষকতা কৰি শেষত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক শিক্ষকতা আৰম্ভ কৰে। শেষত তেওঁ এই স্কুলৰ অধ্যক্ষও হৈছিল। তেওঁৰ বিদ্যাৰ্থী জীৱন আৰু চাকৰি জীৱনৰ তথ্যৰ পৰা আমি সহজেই [ ১৫ ] বুজিব পাৰোঁ, তেওঁ স্বাভাৱিক মেধা আৰু প্ৰতিভাৰে জীৱনত সফলতা লাভ কৰিছিল।

 মাৰ্গ-সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহ বোধকৰো স্কুলীয়া জীৱনৰে পৰাই আছিল। গীতশ্ৰী নামৰ সংগীত বিদ্যালয়ত নাম ভৰ্তি কৰাটোৱেই তাৰ প্ৰমাণ। তাত গুৰু আছিল চৈয়দ জমিৰুদ্দিন আহমেদ। সম্ভৱতঃ সেয়ে আৰম্ভণি। গুৱাহাটীলৈ আহি তেওঁ সংগীত শিক্ষাৰ একাধিক সুযোগ পালে। বিশেষকৈ মাৰ্গ-সংগীতৰ ওজা বীৰেন ফুকনৰ সান্নিধ্যই তেওঁৰ সংগীত সাধনা শক্তিশালী কৰিলে বুলি ভাবিব পাৰি। লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কেইবাখনো সংগীত বিদ্যালয়ত তেওঁ শিক্ষা দান কৰে। ইয়াৰ পৰা বুজা যায় সংগীত সাধনা তেওঁৰ জীৱনৰ লক্ষ্য আছিল আৰু তাৰ বাবে তেওঁ পৰিশ্ৰম কৰিছিল।

 তেওঁ যে চিন্তাশীল লোক আছিল তাৰ প্ৰমাণ আছে তেওঁৰ ৰচনাবোৰত। সমাজ আৰু শিক্ষাৰ সমস্যা লৈ তেওঁ গভীৰভাৱে চিন্তা কৰিছিল। মই তেওঁৰ আটাইবোৰ কিতাপ পঢ়াৰ সুযোগ পোৱা নাই। চিন্তাগধুৰ প্ৰবন্ধৰ বাহিৰেও তেওঁ কবিতা আৰু গীতো লিখিছিল। ‘বৰ্তমান শিক্ষা-পদ্ধতি আমূল পৰিৱৰ্তনৰ উপায়’ শীৰ্ষক পুথিখনে বৈশ্যৰ শিক্ষা-পদ্ধতি সম্পৰ্কে গভীৰভাৱে চিন্তা কৰাৰ ইংগিত দিয়ে। ‘অশান্ত জন্মভূমি’, ‘তই যুক্তি যুদ্ধ কৰ’, ‘প্ৰগতিৰ গান’, ‘মিলন’ প্ৰভৃতি পুথিবোৰৰ বিষয়ে কোনো অনুসন্ধিৎসু যুৱকে আলোচনা কৰি বৈশ্যৰ সামাজিক দৃষ্টিভংগীনো কেনেকুৱা আছিল তাক দেখুৱাবলৈ যদি যত্ন কৰে তেন্তে এটা ভাল কাম হ'ব বুলি মই ভাবোঁ। ইয়াৰ বাহিৰেও ‘চিন্তা-প্ৰবাহ’ বুলি এখন পুথি তেওঁ লিখি গৈছে।

 মোৰ এতিয়া গা বৰ ভাল নহয়। বাৰ্ধক্যই পীড়া দিছে। সেইবাবে বৈশ্যৰ বিষয়ে বিস্তৃতভাৱে মই লিখিব পৰা নাই। এইবাবে সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী।

 শেষত বৈশ্যলৈ শ্ৰদ্ধাঞ্জলি জনাই ইমানতে সামৰিছোঁ।

(লেখক এগৰাকী বিশিষ্ট কবি, সাহিত্যিক তথা সমালোচক। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক। সাহিত্য একাডেমি বঁটা প্ৰাপক। অসম সাহিত্য সভাই তেখেতক ২০১০ চনত সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছে।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৬ ]

অনুজ উমেশ বৈশ্যৰ স্মৃতিত

ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
নবগিৰি পথ, গুৱাহাটী-৩

 অবিভক্ত কামৰূপ জিলাৰ নলবাৰী অতীজৰ পৰা সংস্কৃত শিক্ষাৰ কেন্দ্ৰ ৰূপে ‘অসমৰ নৱদ্বীপ’ বুলি জনাজাত। এই নলবাৰী নগৰিকাৰ পৰা তিনি মাইল দক্ষিণ-পূবৰ বালিলেছা নামে ঐতিহ্যপূৰ্ণ গাঁৱত দক্ষিণাকালীৰ বিগ্ৰহ সমন্বিতে কালীমন্দিৰ এতিয়াও জাগ্ৰত গোসাঁনী ৰূপে পূজিত-অৰ্চিত হৈয়ে আছে। এই গাঁৱতে শতাধিক বছৰৰ আগেয়ে বালিলেছা প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল। এই বালিলেছাৰ কাষৰে দিঘেলী গাঁৱত মোৰ জন্ম হৈছিল ১৯২৫ চনত আৰু ময়ো বালিলেছা প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰ পঢ়ি ১৯৩৪ চনত প্ৰাথমিক বৃত্তি লাভ কৰিছিলোঁ আৰু তাৰ পিছত নলবাৰী মজলীয়া বিদ্যালয় আৰু নলবাৰী গৰ্ডন হাইস্কুলত পঢ়ি ১৯৪৩ চনৰ পৰা উচ্চ শিক্ষা তথা কৰ্ম সংস্থানৰ বাবে গুৱাহাটী পালেহি। অনুজ উমেশ বৈশ্যৰ জন্ম ১৯৩৯ ইং চনত আৰু তেওঁ মোতকৈ চৈধ্য বছৰে সৰু। সেই ফালৰ পৰা তেওঁ মোৰ চতুৰ্থ জনা ভাইৰ সমবয়সীয়া। তেওঁৰ পিতৃ প্ৰয়াত বন্তিৰামক মই ভালকৈয়ে জানিছিলোঁ আৰু সৰু কালিতে তেওঁলোকৰ সৈতে আমাৰ অহা-যোৱা, ঘৰুৱা সম্বন্ধ আছিল।

 বহাগৰ ৭ তাৰিখে বালিলেছাৰ ভথেলী উৎসৱ (বহাগী মেলা) আৰু মাঘৰ দোমাহীত বালিলেছাৰ সভা বালিলেছা কালী মন্দিৰৰ পথাৰত মহা সমাৰোহেৰে অনুষ্ঠিত হোৱাৰ স্মৃতিবোৰ মানস পটত ভাঁহি উঠিছে। আমাৰ সেই ব্ৰিটিছ যুগীয়া শিক্ষা, সমাজ, যাতায়ত তথা সমাজ ব্যৱস্থাৰ নলবাৰী অঞ্চলৰ সৈতে বৰ্তমানৰ অৱস্থাৰ কথা কাহিনী ৰিজালে স্মৃতিকাতৰতাই উদ্বাউল কৰে।

 নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰি বহুতো ‘দুখ-বেদনা-নিৰ্যাতন’ৰ মাজেদি ডাঙৰ-দীঘল হৈ নলবাৰীতে স্নাতক উপাধি লাভ কৰি কল্যাণীয় উমেশ বৈশ্যই গুৱাহাটীলৈ আহি স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰম আৰু বি-টি প্ৰশিক্ষণ লৈ ৰিহাবাৰীৰ বাণীকান্ত সোঁৱৰণী ছোৱালী উচ্চতৰ [ ১৭ ] মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসনত প্ৰতিষ্ঠিত হৈ থাকোতে ১৯৯৮ চনত অকালতে পৰলোকগামী হয়। সুশিক্ষিতা পত্নী ৰিণা বৈশ্য আৰু চাৰিজন গুণৱান পুত্ৰ সন্তান এৰি থৈ যোৱা আমাৰ প্ৰতিবেশী অনুজ উমেশ বৈশ্যৰ শিক্ষা, শিক্ষকতা, সাহিত্য চৰ্চা, সংগীত সাধনা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত থকা বহুমুখী প্ৰতিভাৰ বিৱৰণ পাই — মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। ‘আগেয়ে নাজানিলো এবেসে জানিলো’— এই অনুভৱেৰে নলবাৰীৰ পাগলাদিয়াৰ পছিমপৰীয়া মানুহ বুলি প্ৰয়াত জনৰ বিষয়ে এইখিনি বেদনাভৰা শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। তেওঁৰ বিষয়ে মোতকৈও বয়সীয়াল তথা বেছিকৈ জনা কেবাজনো লোকে স্মৃতি চাৰণ কৰিব বুলি জানিবলৈ পাই মোৰ মনত সাহস হৈছে। তেওঁৰ প্ৰতিভাৰ চন্দ্ৰিকাই দশোদিশ পোহৰাব নিশ্চয়।

 তেওঁৰ পৰলোকৰ বাৰ বছৰৰ মূৰত তেওঁৰ সহধৰ্মিনী আৰু পুত্ৰসকলে স্মৃতিমাল্য আগবঢ়াবলৈ কৰা এই প্ৰশংসনী প্ৰচেষ্টাৰ ময়ো সমভাগী হ’বলৈ পাই বেদনা বিধুৰ চিত্তে বিশ্ব নিয়ন্তাৰ চৰণত প্ৰণতি জনালোঁ। তেওঁৰ সতীৰ্থ বন্ধু-বান্ধৱী তথা পৰিয়ালবৰ্গই যথাযথ স্মৃতিচাৰণ কৰি নতুন প্ৰজন্মৰ সন্মুখত এখন প্ৰকৃত চিত্ৰ দাঙি ধৰিবলৈ সমৰ্থ হ'ব বুলি আশা ৰাখিলোঁ।

 ব্ৰিটিছ শাসনাধীন কালতে জন্ম গ্ৰহণ কৰি স্বৰাজ লাভৰ বাবে কৰা আন্দোলন তথা বহুতো যুদ্ধ-বিগ্ৰহ, ৰাজনৈতিক-অৰ্থনৈতিক-প্ৰাকৃতিক ঘটনা প্ৰবাহৰ সাক্ষী হৈ থাকি আমি প্ৰয়াত উমেশ বৈশ্যৰ বহুমুখী প্ৰতিভাৰ সম্যক মূল্যায়ন কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰিছোঁ— কিয়নো বৰ্ধিত সমস্যা- সংঘাতৰ মাজত আমাৰ মাজত দুই-এবাৰহে দেখা-সাক্ষাৎ হৈছিল। তেওঁৰ সাহিত্য চৰ্চা-সংগীত সাধনা তথা শিক্ষকতাৰ বিষয়ে সম্যক মূল্যায়ন সকলোৰে পক্ষে সম্ভৱপৰ নহ'ব। মোৰ ক্ষেত্ৰত এয়া ঢুকি নোপোৱা আকাশৰ তৰা যেন।

 সাম্প্ৰতিক একৈশ শতিকাৰ বৈজ্ঞানিক প্ৰগতি আৰু বিশ্বায়নৰ পটভূমিত গাঁৱৰ পৰা মহানগৰীলৈকে অবিৰত জীৱন যাত্ৰাৰে সাৰ্থকতাৰ পথত খোজ দিয়া অনুজ শিক্ষাবিদ, সাহিত্যিক, সংগীতজ্ঞ, সমাজ সেৱক উমেশ বৈশ্যৰ আত্মাৰ অমৰত্ব গতি কামনাৰে দুফাঁকি গঞা লোকগীতৰ উদ্ধৃতি দাঙি ধৰিলো—

১। আমিও গৈছিলোঁ এ বালিলেছাৰ ভথেলী।
শগুণগাথাৰ লেছেৰী বাটত বৰষুণে পালে॥

[ ১৮ ]

২। যাৰ নাই ঘৰবাৰী, সি যায় নলবাৰী॥

 “পুত্ৰাৎ ইচ্ছেৎ পৰাজয়ম্ - শিষ্যাৎ ইচ্ছেৎ পৰাজয়ম্‌”। এই ঋষি বাক্যৰে প্ৰয়াত অনুজৰ আত্মাৰ ঊৰ্ধ্বগতিৰ বাবে প্ৰাৰ্থনা জনালোঁ।  ওঁম শান্তিঃ।

(লেখক একেধাৰে এজন বিশিষ্ট ভাষাতাত্বিক, গৱেষক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু কবি। অসম সাহিত্য সভাৰ ড° লীলা গগৈ জনকৃষ্টিমূলক বঁটা, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱ সৈনিক বঁটা, অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা আদিৰ প্ৰাপক।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৯ ]

সহপাঠী বন্ধু উমেশ চন্দ্ৰ বৈশ্যঃ
মই জনা মানুহজন

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য
বিদ্যাপুৰ, নলবাৰী

 ছাত্ৰাৱস্থাত মই যিসকল বন্ধুক সহপাঠী স্বৰূপে পাইছিলোঁ আৰু যিসকল সহপাঠী মোৰ চেতনাৰ অংগ হৈ পৰিছিল, সেইসকলৰ ভিতৰত প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য (উমেশ বৈশ্য)ৰ স্থান নিঃসন্দেহে আগশাৰীত। খ্ৰী. ১৯৫৫ চনত, সাম্প্ৰতিক নলবাৰী জিলাৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুলৰপৰা এম.ইৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰীৰ গৰ্ডন হাইস্কুল (বৰ্তমান হায়াৰ চেকেণ্ডাৰী)ৰ সপ্তম শ্ৰেণীত ভৰ্তি হোৱাৰ দিনাৰে পৰা খ্ৰী. ১৯৬৬ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চূড়ান্ত বৰ্ষৰ অন্তিম শ্ৰেণীটোত বহি শিক্ষাগুৰুৰপৰা পাঠ গ্ৰহণ কৰা দিনটোলৈকে (মাজতে এবছৰমান কালৰ বাহিৰে) উমেশ বৈশ্য মোৰ সহপাঠী আছিল আৰু শ্ৰেণী কক্ষত সঘনাই একেখন বেঞ্চত আৰু মাজে সময়ে অগা-পিছাকৈ বহি শিক্ষাগুৰুসকলৰ পাঠদান গ্ৰহণ কৰিছিলোঁ।

 গৰ্ডন স্কুলত পঢ়া কালছোৱাত উমেশ বৈশ্য মেধাবী ছাত্ৰ হিচাপে চিহ্নিত হৈছিল আৰু স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক প্ৰয়াত মণিৰাম দাস ছাৰকে ধৰি সমূহ শিক্ষাগুৰুৱে তেওঁক মৰম কৰিছিল। তদুপৰি সহপাঠীসকলৰ বাহিৰেও অন্যান্য ছাত্ৰৰো তেওঁ হিয়াৰ আমঠু স্বৰূপ হৈ পৰিছিল। উমেশ বৈশ্যৰ জন্ম গাঁও বালিলেছা (নলবাৰী)। তেওঁ বালিলেছা মজলীয়া বিদ্যালয়ৰপৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ খ্ৰী. ১৯৫৩ চনত গৰ্ডন স্কুলৰ পঞ্চম শ্ৰেণীত ভৰ্তি হৈছিল। গতিকে তেওঁ মোতকৈ দুবছৰ অধিককাল গৰ্ডনিয়ান হোৱাৰ সুযোগ লাভ কৰিছিল। খ্ৰী. ১৯৫৯ চনত আমি প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মই কটন কলেজ (গুৱাহাটী)ৰ আই.এছচি শ্ৰেণীত ভৰ্তি হওঁগৈ আৰু তেওঁ নলবাৰী কলেজত আই.এছচি পঢ়িবলৈ লয় আৰু তাৰ পিছত খ্ৰী. ১৯৬৪ [ ২০ ] চনত উভয়েই নলবাৰী কলেজৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰোঁ।

 উমেশ বৈশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ প্ৰতি একান্ত অনুৰাগী ছাত্ৰ আৰু ময়ো আছিলোঁ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল। সেয়ে, বৈশ্য আৰু মই উভয়েই অসমীয়া বিষয়ত এম.এ. পঢ়িবলৈ সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নাম ভৰ্তি কৰোঁ আৰু তাত দুবছৰ। অধ্যয়ন কৰি এবছৰ অগা-পিছাকৈ, ক্ৰমে খ্ৰী. ১৯৬৬ চনত মই আৰু খ্ৰী. ১৯৬৭ চনত উমেশ বৈশ্যই এম.এ. ডিগ্ৰী লওঁ। এম.এ. ডিগ্ৰী লোৱাৰ পিছতেই মই সৰভোগৰ বৰনগৰ কলেজত প্ৰৱক্তা হিচাপে যোগদান কৰোঁ আৰু এবছৰ চাৰিমাহ কাল কলেজখনলৈ সেৱা আগবঢ়াই খ্ৰী. ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে নলবাৰী কলেজলৈ আহোঁ আৰু সুদীৰ্ঘ একুৰি তেৰ বছৰৰো অধিক কাল এইখন শিক্ষানুষ্ঠানত নিৰৱচ্ছিন্নভাৱে শিক্ষকতা কৰি খ্ৰী. ২০০২ চনৰ ৩১ জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰোঁ। আনহাতে ছাত্ৰাৱস্থাৰে পৰা মিলন হাইস্কুল (পানীগাঁও), নতুন দেহাৰ মৌজা উচ্চ মাধ্যমিক (বৰ্তমান উচ্চতৰ মাধ্যমিক) বিদ্যালয় আদি কেইবাখনো স্কুলত শিক্ষকতা কৰা উমেশ বৈশ্যই এম.এ. (চূড়ান্ত) পৰীক্ষাত নৌবহোঁতেই, খ্ৰী. ১৯৬৬ চনত, গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক (বৰ্তমান উচ্চতৰ মাধ্যমিক) বিদ্যালয়ত সহকাৰী শিক্ষক পদত যোগদান কৰে। ইয়াৰ মাজতে তেওঁ বি.টি. ডিগ্ৰীও লয় আৰু খ্ৰী. ১৯৯২ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত তেওঁ তাৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত খ্ৰী. ১৯৯৩ চনত তেওঁ তাৰ উপাধ্যক্ষৰ পদত অধিষ্ঠিত হয় আৰু শেষত খ্ৰী. ১৯৯৫ চনৰ ১ এপ্ৰিল তাৰিখে অধ্যক্ষৰ আসন শুৱনি কৰি নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰি থাকোতেই খ্ৰী. ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে তেওঁ অকাল আৰু আকস্মিক বিয়োগ বৰণ কৰে। তেতিয়া তেওঁৰ বয়স হৈছিল মাথোন ৫৯ বছৰ।

 সহপাঠী বন্ধু বৈশ্যৰ বিয়োগৰ বাতৰিটো কিছু পলমকৈ পোৱাৰ কাৰণে মই তেওঁক শেষ শ্ৰদ্ধা জনাবৰ সুযোগ নাপালোঁ। সেয়ে, মোৰ হৃদয় মনত যি দুখ ৰৈ গ'ল, সি আজিও মোক মানসিকভাৱে যন্ত্ৰণা দিয়ে।

 আজীৱন শিক্ষাব্ৰতী, কৃতী শিক্ষক, সু-সংগঠক আৰু সুদক্ষ শিক্ষা প্ৰশাসক উমেশ বৈশ্য আছিল অবিস্মৰণীয় সৃজনশীল প্ৰতিভাৰ অধিকাৰী ব্যক্তি।

 ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতেই (খ্ৰী. ১৯৫৪), তেওঁ ‘ৰাতিপুৱা’ শীৰ্ষক [ ২১ ] এটি কবিতা লিখি সেই সময়ৰ শিশু আলােচনী ‘দীপক’ লৈ পঠিয়াই দিছিল আৰু যথাসময়ত কবিতাটো আলােচনীখনত প্ৰকাশ পাইছিল। আলােচনীখনৰ সম্পাদক আছিল সুপ্রসিদ্ধ সাহিত্যিক, অধ্যাপক অতুল চন্দ্ৰ হাজৰিকা। মই জনাত ‘ৰাতিপুৱা’ শীর্ষক কবিতাটোৱেই প্রয়াত বৈশ্যৰ প্রথম প্রকাশিত কবিতা। ইয়াৰ পিছত তেওঁ স্কুলৰ হাতেলিখা আলােচনীত কবিতা আদি লিখাৰ বাহিৰেও সেই সময়ৰ জনপ্রিয় বাতৰি কাকত ‘আলােক’ত কবিতা-গল্প-প্রবন্ধ আদি প্রকাশ কৰিছিল। খ্রী. ১৯৮১ চনত প্রয়াত বৈশ্যই ঘৰতে এটা ছপাশাল প্রতিষ্ঠা কৰি তেওঁৰ নিজৰ তত্ত্বাৱধানত ‘সুৱাগী’ বােলা দুমহীয়া আলােচনী এখন প্রকাশ কৰিছিল। নক'লেও হ'ব যে প্রয়াত বৈশ্যই বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা দিনৰেপৰা ৰচিত কবিতা, গীত, প্রবন্ধ, সমালােচনা আদি বিবিধ বিষয়ক নির্মিতিৰাজি নতুন অসমীয়া’, ‘দৈনিক অসম’, নৱযুগ’ আদি কাকত-আলােচনীত প্রকাশ পােৱাত তেওঁ পাঠক সমাজৰ মাজত সুপৰিচিত হৈছিল। প্রয়াত বৈশ্যৰ প্রথম প্রকাশিত পুথিখনৰ নাম ‘মিলন’। খ্রী. ১৯৮০ চনত প্রকাশিত এইখন এখন খণ্ডকাব্য। প্রেম আধাৰিত এই কাব্যখন সমালােচকসকলৰ দ্বাৰা উচ্চ প্রশংসিত। ইয়াৰ পিছত তেওঁৰ দ্বাৰা ৰচিত ‘অশান্ত জন্মভূমি আৰু তই যুক্তি যুদ্ধ কৰ’ বােলা আন দুখন পুথি ক্রমে খ্র. ১৯৭৯ আৰু খ্র. ১৯৮০ চনত প্রকাশ পায়। এই দুখন পুথিও সমালােচকসকলৰ দ্বাৰা অভিনন্দিত হৈছে। এই প্রসংগত ‘তই যুক্তি যুদ্ধ কৰ’ শীর্ষক কবিতা পুথিখনৰ সন্দৰ্ভত ধীমান সাহিত্যিক পণ্ডিত তীর্থনাথ শৰ্মাই আগবঢ়োৱা মন্তব্যৰ কিয়দংশ তলত তুলি দিয়া হল :

 ‘তই যুক্তি যুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতাকেইটি বর্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতা-কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্রেৰণা কবিয়ে অনুভৱ কৰিছে। ইয়াত থকা কবিতাকেইটা তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্রিমতা ইয়াত নাই।'...

 প্রয়াত বৈশ্যৰ খ্রী. ১৯৭৭ চনত প্রকাশ পায় ‘ৰচনা মালিকা’ শীর্ষক এখন ৰচনা পুথি। ছাত্র-ছাত্রীৰ উপযােগীকৈ ৰচিত এইখন পুথি আজিও ছাত্র-ছাত্রীসকলৰদ্বাৰা সমাদৃত।প্রয়াত বৈশ্যৰ মৰণােত্তৰভাবে প্রকাশিত পুথি দুখন হ’ল— প্রগতিৰ গান (২০১০) আৰু সুৰ বিচাৰি বাৰ বছৰ (২০১৫)। প্রথমখনৰ [ ২২ ]

নামটোৱেই সূচায় যে সেইখন গীতৰ পুথি। দ্বিতীয়খন প্ৰবন্ধ সংকলন।

 ‘প্ৰগতিৰ গানৰ প্ৰসংগত ড° ভূপেন হাজৰিকা, ড° হীৰেন গোহাঁই, ড° মামণি ৰয়ছম গোস্বামী, এম. কামালুদ্দিন আহমেদ, ড° অমৰজ্যোতি চৌধুৰী প্ৰমুখ্যে বিশিষ্ট সমালোচক-সাহিত্যিকসকলে উচ্চ অভিমত ব্যক্ত কৰিছে। তলত, তেনে অভিমতসমূহৰ খণ্ড একোটি তুলি দিয়া হ’লঃ

১। ‘স্বৰ্গীয় উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ পঢ়িলোঁ। ভাল
পালোঁ। ৰাইজে সাবটি ল’ব।’

—ড° ভূপেন হাজৰিকা


২। ‘প্ৰগতিৰ গান’ পঢ়ি মই বৰ ভাল পালোঁ।... পাঠকে
নিশ্চয় তেওঁৰ লেখা আদৰি ল’ব।’

—ড° মামণি ৰয়ছম গোস্বামী


৩। 'I went through the book "Pragatir Gaan"...
I aliked its artistic presentations.'

—Prof. Amarjyoti Choudhury


৪। ‘এনেবোেৰ ব্যক্তি (উমেশ চন্দ্ৰ বৈশ্য)ৰ কথা মনলৈ
আহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথা মনলৈ
আহে। তেওঁৰ গীতৰ অধিক চৰ্চা হওক।’

—এম. কামালুদ্দিন আহমেদ

 উল্লিখিত অভিমতসমূহৰ আঁত ধৰি নিঃসন্দেহ ক'ব পাৰি যে উমেশ চন্দ্ৰ বৈশ্য গীতিকাৰ হিচাপে সম্পূৰ্ণ সফল হৈছিল আৰু এই সফলতাৰ গুৰিতেই আছিল তেওঁৰ সুৰ সম্পৰ্কে সুস্থ ধাৰণা আৰু ধ্বনি সাম্য ৰক্ষা কৰি ভাষা প্ৰয়োগৰ দক্ষতা।

 ড° শেখৰ জ্যোতি বৈশ্য আৰু নীলোৎপল শৰ্মাৰ দ্বাৰা সংকলিত আৰু সম্পাদিত ‘সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক পুথিখন মূলতঃ প্ৰয়াত বৈশ্যৰদ্বাৰা ৰচিত আৰু বিভিন্ন সময়ত প্ৰকাশিত বিবিধ বিষয়ক প্ৰবন্ধ সংকলন হলেও ইয়াত দুটা গীত আৰু দুটা কবিতাও সন্নিবেশিত হৈছে।

 প্ৰধানতঃ সাহিত্য-সংস্কৃতি আৰু শিক্ষা বিষয়ক প্ৰবন্ধৰ বাহিৰেও পুথিখনত ‘প্ৰথম সংগীতগুৰু জমিৰুদ্দিন আহমেদ ছাৰৰ সোঁৱৰণত’ আৰু ‘ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্যালোচনা' শীৰ্ষক প্ৰবন্ধ দুটা ঘাইকৈ জীৱনীমূলক হ’লেও দুয়োটা প্ৰবন্ধৰ প্ৰবন্ধকাৰ প্ৰয়াত বৈশ্যৰ ইতিবাচক [ ২৩ ] সমালোচনাত্মক দৃষ্টিভংগী আৰু সংশ্লিষ্ট ব্যক্তি দুগৰাকীৰ মহত্ত্ব আৰু গৰিমা নান্দনিক ৰূপত পৰিস্ফুটিত হৈছে। প্ৰবন্ধ দুটাই মৌলিকতা দাবী কৰিব পাৰে।

 শাস্ত্ৰীয় সংগীত আৰু অসম’, ‘সুৰ বিচাৰি বাৰ বছৰ’, বৰ্তমান শিক্ষা জগত’, ‘বেজবৰুৱাৰ হাস্য ৰস’, ‘শিক্ষাত শিল্পৰ স্থান’ আদি সংকলনখনৰ আন আন প্ৰবন্ধ, প্ৰয়াত বৈশ্যৰ পৰ্যবেক্ষণশীলতা, মননশীলতা, বিচাৰশীলতা আৰু অন্তৰ্মুখিতাৰে সমৃদ্ধ। প্ৰতিটো প্ৰবন্ধই তেওঁৰ বিষয় বোধ, অধ্যয়নৰ বিস্তৃতি- গভীৰতা আৰু অভিজ্ঞতাৰ নিদৰ্শন দাঙি ধৰে। সংকলনটোৰ ‘বাটচ’ৰা’ত অন্যতম সম্পাদক-সংকলক নীলোৎপল শৰ্মাই পুথিখনৰ অন্তৰ্ভুক্ত প্ৰবন্ধসমূহৰ বিষয়ে আগবঢ়োৱা আলোচনা চমু হলেও তাৎপৰ্যপূৰ্ণ। পুথিখনৰ শেষৰ ফালে ‘চকুৰ পচাৰতে প্ৰয়াত উমেশ বৈশ্যৰ জীৱনটো’ শীৰ্ষক লেখাটোৱে ইয়াৰ মূল্য বৃদ্ধি কৰিছে।

 হাইস্কুলীয়া ছাত্ৰাৱস্থাৰে পৰা সহপাঠী উমেশ বৈশ্য আছিল সংগীত শিল্পৰ প্ৰতি একান্ত অনুৰাগী। শ্ৰেণীকোঠাত, ডেক্সখনকে তবলা হিচাপে ব্যৱহাৰ কৰি আপোনমনে তেওঁ গোৱা ৰাগ-সংগীতৰ সুৰ আজিও অতি সংগোপনে মোৰ কৰ্ণকুহৰত ধ্বনিত হয়। লগে লগে মনটোৱে উভতি উৰা মাৰে গৰ্ডন স্কুলত পঢ়া দিনবোৰলৈ—উমেশ বৈশ্যৰ সান্নিধ্যত কটোৱা দিনবোৰলৈ।

 উমেশ বৈশ্যৰ সংগীতৰ প্ৰতি আকৰ্ষণ-অনুৰাগ ইমানেই প্ৰবল আছিল যে নৱম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতেই (খ্ৰী. ১৯৫৮ চন) তেওঁ নলবাৰীৰ বিশিষ্ট সংগীতজ্ঞ প্ৰয়াত চৈয়দ জমিৰুদ্দিন আহমেদে নলবাৰী দেবীৰাম হাইস্কুলৰ কোঠা এটিত আৰম্ভ কৰা ‘গীতশ্ৰী সংগীত বিদ্যালয়’ত নাম ভৰ্তি কৰি সংগীতৰ পাঠ গ্ৰহণ আৰম্ভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ গুৱাহাটীৰ দুগৰাকী প্ৰৱীণ সংগীতজ্ঞ সুধীৰ চন্দ্ৰ চৌধুৰী আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰতত সংগীত শিক্ষা গ্ৰহণ কৰা কথা জানো। বৈশ্যই লক্ষ্ণৌৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰপৰা সংগীতৰ প্ৰথমা আৰু মধ্যমা পৰীক্ষাত সমুত্তীৰ্ণ হৈ বিশাৰদ পৰীক্ষাৰ বাবেও সাজু হৈছিল বুলি জানিছিলোঁ। তেওঁ নিজৰ ঘৰতে সংগীত বিদ্যালয় স্থাপন কৰাৰ বাহিৰেও, সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। সঁচাকৈয়ে, বৈশ্যৰ সংগীত সাধনাৰ ঐকান্তিকতা দেখি মই তবধ মানিছিলোঁ। কোৱা বাহুল্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ অসমীয়া বিভাগৰ অধ্যাপক, আমাৰ পৰম পূজনীয় শিক্ষাগুৰু ড° গোলোক চন্দ্ৰ গোস্বামী ছাৰকো প্ৰয়াত বৈশ্যই গীতৰ সুৰেৰে মুগ্ধ কৰিছিল। [ ২৪ ]

 আজি পৰম বন্ধু উমেশ চন্দ্ৰ বৈশ্য আমাৰ মাজত সোঁশৰীৰে নাই। কিন্তু তেওঁৰ কীৰ্তিৰাজি আজিও আছে জীৱন্ত হৈ। এই কীৰ্তিসমূহৰ জৰিয়তে তেওঁ আমাৰ সমাজখনত জীয়াই থাকিব যুগৰ পৰা যুগলৈ - শতিকাৰ পৰা শতিকালৈ—পুৰুষৰ পৰা পুৰুষলৈ। প্ৰয়াত বৈশ্যৰ সজল স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ বাহিৰেও তেওঁৰ সহধৰ্মিনী আৰু পুত্ৰসকলৰ লগতে আত্মীয়- স্বজন, বন্ধু-বান্ধৱসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

 জয়তু উমেশ চন্দ্ৰ বৈশ্য — উমেশ বৈশ্য — বৈশ্য।•

(লেখক সাহিত্যাচাৰ্য, বিশিষ্ট সমালোচক, নলবাৰী ৰত্ন তথা নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক।) [ ২৫ ]

বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

ৰিজু হাজৰিকা

আমবাৰী তিনিআলি, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্য এজন বহুগুণৰ অধিকাৰী লোক আছিল। সাহিত্য, সংগীত দুয়োটা কলাৰ ওপৰত তেওঁ আছিল অসাধাৰণ প্ৰতিভা। সাহিত্য সংগীতৰ আছিল এজন পৰিশ্ৰমী সাধক। আমি দুয়ো একেলগে গৰ্ডন হাইস্কুলত পঢ়িছিলো। বৈশ্যই ১৯৫৯ চনত গৰ্ডনৰ পৰা মেট্ৰিক পাছ কৰিছিলে, মই পাছ কৰিছিলো ১৯৫৬ চনত। বয়সৰ তফাৎ তিনি বছৰৰ। তেওঁ নলবাৰীৰ ওচৰৰ বালিলেছা মজলীয়া স্কুলৰ পৰা এম. ভি. পাছ কৰি, দেবীৰাম হাইস্কুলত কেইমাহমান পঢ়ি আকৌ গৰ্ডন স্কুলত পঢ়ি মেট্ৰিক পাছ কৰে। তাৰ পিছত ক্ৰমে আই. এছচি, বি.এ., এম.এ., বি.টি. পাছ কৰি শিক্ষাকাল অন্ত কৰে আৰু এজন শিক্ষিত নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠিত হয়।

বৈশ্যৰ চাকৰি জীৱনো বৰ সংঘাতপূৰ্ণ, কষ্টকৰ আছিল। অৰ্থাৎ তেওঁ

অধ্যয়ন আৰু জীৱিকাৰ নিমিত্তেই আই এছ চি পৰীক্ষা দিয়েই বৰিদতৰা হাইস্কুলত শিক্ষকতা কৰিছিল। প্ৰবেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ আন এখন বালিলেছা কালীমন্দিৰ হাইস্কুলত শিক্ষকতা কৰিছিল। গোটেই জীৱনটোৱেই শিক্ষকতা কৰিছিল। কি যে বিচিত্ৰ শিক্ষকতাৰ জীৱন! ক্ৰমে ক্ৰমে আগবাঢ়ি গৈ আছিল। ইয়াৰ পিছত ক্ৰমে বানেকুছি হাইস্কুল, বিষ্ণুৰাম মেধি হাইস্কুল, পানীগাঁও মিলন হাইস্কুল, গুৱাহাটীৰ ডনবস্কো হাইস্কুল, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুল আদিত শিক্ষকতা কৰিছিল। ইয়াৰ পিছত বাণীকান্ত সোঁৱৰণী হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাত তাত বিষয় শিক্ষক হিচাপে নিযুক্ত হয়। তাৰ পিছত ক্ৰমে সেই স্কুলৰে উপাধ্যক্ষ আৰু অধ্যক্ষ পদলৈ উন্নীত হয়। ইয়াতে বৈশ্যৰ সাহস, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়।

ইমানবোৰ দায়িত্ব গ্ৰহণৰ পিছতো তেওঁৰ সাহিত্য, সংগীতৰ প্ৰতি কিমান

যে ধাউতি আছিল তাৰ তুলনা নাই। সংগীতৰ জগততো তেওঁৰ পদক্ষেপ [ ২৬ ] আৰু উদ্যম অতি প্ৰশংসনীয়। তেওঁ প্ৰখ্যাত সংগীতজ্ঞ ক্ৰমে বীৰেন্দ্ৰ ফুকন, সুধীৰ চৌধুৰীৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। ইয়াৰ আগতে তেওঁ নলবাৰীৰ প্ৰখ্যাত সংগীতজ্ঞ চৈয়দ জমিৰুদ্দিন আহমেদৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। নিজে সংগীতৰ জ্ঞান লাভ কৰি, ছাত্ৰ-ছাত্ৰীক সংগীতৰ শিক্ষা দিবলৈ প্ৰথমতে মাধৱদেৱপুৰ গন্ধৰ্ব সংগীত মহাবিদ্যালয়ত, তাৰ পিছত কালাপাহাৰত থকা অসম মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰে। বৈশ্যই ইয়াতেই সন্তুষ্ট নাথাকি বিৰুবাৰীৰ নিজ গৃহত ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় স্থাপন কৰে। ইয়াতে বুজা যায়, বৈশ্যৰ সংগীতৰ প্ৰতি কিমান ৰাপ, কিমান ত্যাগী, কষ্টসহিষ্ণু পুৰুষ। স্কুল এখন প্ৰতিষ্ঠা কৰা, সেয়াও নিজৰ সামৰ্থৰে কিমান টান কাম, বুজাই বুজে।

গতিকে আমি বিনাদ্বিধাই ক’ব লাগিব বৈশ্যদেৱ একাধাৰে এজন

ভাল শিক্ষক, ভাল সংগীতজ্ঞ আৰু এজন প্ৰতিষ্ঠাপক লোক। এনে বহু গুণৰ অধিকাৰী লোক কমেই আছে আমাৰ সমাজত। অকল সেয়াই নে? তেওঁ আছিল এজন ভাল লেখক তথা সাহিত্যিক। তাৰ প্ৰমাণ আমাক দি থৈ গৈছে। শিক্ষা জগতৰ কাৰণে তেওঁ কেবাখনো অমূল্য গ্ৰন্থ লিখি থৈ গৈছে। তাৰ ভিতৰত ৰচনা মলিকা’, ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়।’ এই দুয়োখন পুথি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি মূল্যবান। ইয়াৰ উপৰি নানা দকাৰী বিষয়ৰ ওপৰত কেবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ‘অশান্ত জন্মভূমি, ‘তই যুক্তি যুদ্ধ কৰ’, ‘মিলন ইত্যাদি। বৈশ্যৰ আন মূল্যবান পুথি, যেনে— ‘প্ৰগতিৰ গান’, ‘চিন্তা প্ৰৱাহ’, ‘গীত চন্দ’, উচ্চ মাধ্যমিক অঙ্ক সহায়িকা', ‘Higher Secondary English Grammar' তেওঁ জীৱিত কালত দেখা নাপালে। আমি জনামতে এই গ্ৰন্থ কেইখন প্ৰেছত দিয়া আছে। আমি আশা কৰো তেওঁৰ পৰিয়ালবৰ্গই এই কেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব। সাহিত্যৰ সাধনাৰ ক্ষেত্ৰত বৈশ্য কিমান দূৰদৰ্শী পুৰুষ আছিল গ্ৰন্থ ৰচনাৰ বিষয়বস্তুবোৰ লক্ষ্য কৰিলেই বুজা যায়। অপ্ৰয়োজনীয় গ্ৰন্থ ৰচনা কৰি তেওঁ সময় কটোৱা নাছিল। যিবোৰ গ্ৰন্থই ছাত্ৰ-ছাত্ৰী বা সকলো শ্ৰেণীৰ পাঠককে জ্ঞানৰ পোহৰ বিলাব পাৰে তেনে পুথি ৰচনাতহে বৈশ্যই হাত দিছিল।

প্ৰয়াত উমেশ বৈশ্যৰ কথা প্ৰায়েই মনত পৰে। বিৰুবাৰীৰ ঘৰৰ পৰা

আৰ্য বিদ্যাপীঠ স্কুললৈ প্ৰায়েই খোজ কাঢ়ি আহিছিল। সেইচোৱা বাটতে দুয়ো ভেটাভেটি হৈ কথা পাতিছিলো। দুয়ো পৰস্পৰৰ খবৰ বাতৰি লৈছিলো। মোৰ [ ২৭ ] সাহিত্যৰ খবৰো তেওঁ ৰাখিছিল। মোৰ লেখাবোৰ তেওঁ প্ৰায়ে পঢ়িছিল আৰু মোক জনাইছিল। অতি অমায়িক লোক। কথা-বতৰা ধীৰ-স্থিৰ। মাৰ্জিত বস্ত্ৰ পৰিধান কৰিছিল। শিক্ষকৰ গাম্ভীৰ্যতা আছিল তেওঁৰ চৰিত্ৰৰ বিশেষত্ব। অধ্যয়নশীল, চিন্তাবিদ, গায়ক, লেখক, সমাজকৰ্মী, জীৱন-যোদ্ধা, দেশপ্ৰেমিক, জ্ঞানী, শিক্ষাবিদ উমেশ বৈশ্যদেৱ আজি আমাৰ মাজত নাই। অকালতে তেওঁ আমাক এৰি গৈছে। মই বৰ আনন্দ পাইছো তেওঁৰ পত্নী, পুত্ৰহঁতে তেওঁৰ স্মৃতি ৰক্ষাৰ্থে এখন সোঁৱৰণী গ্ৰন্থ উলিয়াবলৈ যো-জা কৰি মোকো অলপ লেখি দিবলৈ অনুৰোধ কৰিছিল। তেখেত সকলে সঁচাকৈয়ে স্বামী, পিতৃৰ প্ৰতি এই যে শ্ৰদ্ধা নিবেদন কৰিছে তাৰ বাবে বাৰুকৈয়ে প্ৰশংসাৰ যোগ্য। বহুতে স্বামী, পিতৃৰ মৃত্যুৰ এবছৰ পিছতে পাহৰি যায়। কিন্তু বৈশ্যৰ স্মৃতি যুগমীয়া কৰিবলৈ এই যে সোঁৱৰণী গ্ৰন্থখন প্ৰকাশ কৰিলে— ধন্যবাদৰ পাত্ৰ হৈ থাকিব। প্ৰয়াত উমেশ বৈশ্যৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁৰ আত্মাই পৰিয়ালবৰ্গক, সমাজক কৃপা দৃষ্টিৰে চাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। তেওঁৰ পৰিয়ালৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।•


(লেখক এগৰাকী সাহিত্যিক পেঞ্চনাৰ, গল্প ভাস্কৰ, গল্প প্ৰাণ, ৰসানন্দ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সাহিত্য বঁটা প্ৰাপ্ত, গ্ৰন্থকাৰ। মুখ্য সম্পাদক, মাহেকীয়া প্ৰতিশ্ৰুতি।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ২৮ ]

প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

দুৰ্গা কান্ত শৰ্মা
বিৰুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্যদেৱৰ স্মৃতি ৰোমন্থন কৰিলে মোৰ মনৰ দাপোনত উদ্ভাসিত হয় এখনি শান্ত, সৌম্য অথচ গুৰু-গম্ভীৰ মুখমণ্ডল। তেখেত সঁচা অৰ্থতে এগৰাকী ভদ্ৰলোক আছিল। আধুনিক গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সমতা নীতিৰ আতিশয্যৰ ফলত ‘অভিজাত’ শব্দটোত চেকা লাগিছে যদিও পুৰণি কালত চাৰুকলাৰ অনুশীলনকাৰী আৰু সদ্গুণী লোকসকল অভিজাত বুলি চিহ্নিত হৈছিল। সেই অৰ্থত গ্ৰহণ কৰিলে তেখেতৰ ভাব চিন্তা যে আভিজাত্যপূৰ্ণ আছিল তাত সন্দেহ নাই। মই তেখেতৰ চৰিত্ৰত সংগীত, কলা আদিৰ উৎকৰ্ষ সাধনৰ বাবে অতি প্ৰয়োজনীয় সদগুণ অনুশীলনৰ ধৈৰ্য আৰু বিনয় দেখি মুগ্ধ হৈছিলোঁ, আচৰিত হৈছিলোঁ।

 বৃত্তিত তেখেত এগৰাকী শিক্ষক আছিল। কৃতী শিক্ষক। মনে প্ৰাণে নিষ্ঠাবান শিক্ষক। অমায়িক আৰু হাস্যবদন সেই শিক্ষক গৰাকীয়ে অধ্যক্ষ হিচাপে স্কুল পৰিচালনা কাৰ্যতো নিশ্চয় ৰূঢ়তা অৱলম্বন কৰিব পৰা নাছিল। কিন্তু তৎ সত্ত্বেও তেখেত কেতিয়াও আহুকালত পৰাৰ কথা শুনাও মনত নপৰে। এদিনৰ কথা, তেখেত সেই সময়ত বাণীকান্ত সোঁৱৰণী ছোৱালী উচ্চতৰ মাধ্যমিক স্কুলৰ অধ্যক্ষ বা উপাধ্যক্ষ আছিল। আনহাতে সেই সময়ত তেখেতে বেয়াকৈ বৃক্ক ৰোগতো ভুগি আছিল। আকৌ, তেখেতেই আছিল পৰিয়ালটোৰ একমাত্ৰ অন্ন উপাৰ্জক। মোৰ লগত কথা পাতিলে। আচৰিত কথা, ৰোগজনিত কষ্ট আৰু চিকিৎসাৰ বিষয়ে অলপমান আভাস দিয়ে সামৰিলে। তেখেতে আৰম্ভ কৰিলে স্কুলৰ অভাৱ-অভিযোগৰ কথা, স্ত্ৰী-শিক্ষাৰ প্ৰয়োজনীয়তা অথচ অনগ্ৰসৰতাৰ কথা ইত্যাদি। পাঠ্যক্ৰমৰ দোষ তথা শিক্ষা বিভাগৰ হেমাহি আৰু অৱহেলাৰ কথাও বাদ নপৰিল। মই তেখেতৰ পাঠদান আৰু স্কুল পৰিচালনাৰ কাৰ্যত নিষ্ঠা দেখি বিমুগ্ধ হ’লোঁ।

 একেদৰে আন এদিনাখন ভেটাভেটি হওতে, তেখেতে আৰম্ভ কৰিছিল [ ২৯ ] অন্য কথা বাদ দি কেৱল কবিতাৰ কথা, আবৃত্তিৰ কথা, সংগীতৰ কথা আৰু সাহিত্যৰ কথা। ভাব হ’ল, তেখেতে ৰোগাৰোগ্য লাভ কৰিছে, কিন্তু চেহেৰাই সেইটো নুবুজায়।

 দেহাৱসান জন্মৰ অমোঘ পৰিণতি, বাৰণ কৰাৰ কোনো উপায় নাই। নিয়তিৰ সেই নিয়ম অনুসৰিয়ে জীৱনৰ পূৰ্ণতা লাভৰ পূৰ্বেই অজান পুৰীলৈ গুচি গ’লগৈ বৈশ্য ডাঙৰীয়াও। তথাপিও সান্নিধ্যত অহা প্ৰতিজনৰ কাণত এতিয়াও হয়তো প্ৰতিধ্বনিত হৈ আছে তেখেতৰ বাদ্যযন্ত্ৰৰ সুৰসমলয় আৰু সুললিত কণ্ঠস্বৰ আৰু হয়তো তেখেত বৰ্তি আছে গুণমুগ্ধ ছাত্ৰ-ছাত্ৰীৰ মানসপটত।

 তেখেতৰ অবিনশ্বৰ আত্মাই চিৰশান্তি লাভ কৰক। স্মৃতিচাৰণৰ পুণ্য তিথি উপলক্ষে পৰম কল্যাণময়ৰ ওচৰত এই প্ৰাৰ্থনাৰে সামৰিলোঁ।•

 

(লেখক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ৩০ ]

আমাৰ সান্নিধ্যৰ বাৰ বছৰ

লাবণ্য চন্দ্ৰ ভট্টাচাৰ্য্য

দীঘেলী,নলবাৰী

 যি জনৰ বিষয়ে লিখিবলৈ লৈছোঁ— শৈশৱ, যৌৱনৰ প্ৰায় প্ৰতিদিনৰ অতি ঘনিষ্ঠ সংগী, সহপাঠী— তেওঁ মোৰ প্ৰিয়তম বন্ধু উমেশ বৈশ্য- যাৰ লগত আমাৰ পৰস্পৰৰ সম্বোধন আছিল— সখা।

 সেই সময়ত কলেজৰ বহুতো সহপাঠী, সংগী বন্ধুৱে আমাক ‘জয়- বিজয়’ বুলি অভিহিত কৰিছিল। মোৰ প্ৰিয় আৰু সেইজন অকৃত্ৰিম বন্ধুৰ অকাল বিয়োগত মই খুব মৰ্মাহত হৈছোঁ। আজি তেওঁৰ বিষয়ে লিখিবলৈ ওলাই আমাৰ সান্নিধ্যৰ বাৰ বছৰৰ এটি চমু বিৱৰণহে দিবলগীয়া হ’ল— যি বিৱৰণৰ বেদনা বিধুৰ স্মৃতিৰ দোলাত বাগৰি মই কি লিখো, কি ধৰো, কি এৰো একো ঠিক কৰিব পৰা নাই।

 ১৯৫০ চনৰ বৰ ভূইকঁপে সমগ্ৰ অসম ভূমি জোকাৰি যোৱাৰ সময়ত আমি বালিলেছা এম.ভি. স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। এটা বিশাল অনগ্ৰসৰ অঞ্চলৰ মাজত থকা একমাত্ৰ এখন দীন-জীৰ্ণ স্কুলৰ আমি কিছুমান দুখীয়া অভাৱগ্ৰস্ত পৰিয়ালৰহে ছাত্ৰ আছিলোঁ। ওচৰৰ চুবুৰী আৰু গাঁওবোৰৰ পৰা মাথো দুই-তিনিজন মানকৈহে ছাত্ৰ এইখন বিদ্যালয়লৈ পঢ়িবলৈ আহিছিল। কিছুমানে প্ৰাইমাৰীৰ দেওনা পাৰ নোহোৱাকৈয়ে শিক্ষা জীৱনৰ সামৰণি মাৰি গৃহকাৰ্যত ব্ৰতী হ'ব লগাত পৰিছিল। ছাত্ৰ-ছাত্ৰীৰ অভাৱত শ্ৰেণীবোৰ সেৰেঙা আছিল। এম.ভি. পৰীক্ষাৰ ফাইনেলত অৱতীৰ্ণ হ'বলৈ ছয়-সাতজনমান ছাত্ৰহে থাকিছিলগৈ।

 পৰিয়ালবোৰৰ দুদৰ্শা আৰু দাৰিদ্ৰতা, শিক্ষাৰ প্ৰতি অনীহাই হয়তো ইয়াৰ কাৰণ আছিল। অধিকাংশ পৰিয়ালেই আছিল কৃষিজীৱী-দিনমজুৰী কৰি চলা মানুহ। ঢুলীয়া-কালীয়াও আছিল— কিন্তু অতি দৰিদ্ৰ। বালিলেছা কালী মন্দিৰৰ সেবায়ত সকলৰ আৰ্থিক অৱস্থাও আছিল ভয়ানক দুখলগা। মন্দিৰলৈ অহা ভক্তপ্ৰাণ যাত্ৰীসকলৰ পূজাৰ উপচাৰ আৰু দান-দক্ষিণাৰ ওপৰত নিৰ্ভৰ [ ৩১ ] কৰি তেওঁলোক কথমপি বৰ্তী আছিল।

 সেই সময়ত সোণ-ৰূপৰ কামকাজৰ যথেষ্ট আদৰ আৰু চাহিদা আছিল। তথাপিও যি সকল এই কামত ন্যস্ত আছিল তেওঁলোকৰ দৈন্যতাও কম নাছিল। বন্ধু উমেশ বৈশ্যৰ এনেকুৱা এটা সোণাৰী পৰিয়ালতে জন্ম লাভ হৈছিল। তেওঁৰ দেউতাক বন্তিৰাম বৈশ্য এজন সুঠাম, কৰ্মঠ আৰু শিক্ষানুৰাগী ব্যক্তি আছিল। নিজৰ ব্যৱসায়ত তেওঁৰ সাফল্য- উন্নতি উল্লেখযোগ্য আছিল। তেওঁৰ মাক (সখাৰ আইতাক) এবিধ স্ত্ৰীৰোগৰ বিশেষজ্ঞ আছিল। ওচৰ-পাজৰৰ উপৰিও বহু দূৰ-দূৰণিৰ অনেক ৰুগীয়া তিৰোতাক চিকিৎসা কৰি তেওঁলোকক সামাজিক অত্যাচাৰ, বিপদ আৰু কলংকৰ পৰা উদ্ধাৰ কৰি তেওঁ এজনী মহীয়সী মাতৃৰ ৰূপত অধিষ্ঠিত হোৱা আমি দেখিছিলোঁ। অদম্য সাহস, প্ৰভূত কৰ্মনিষ্ঠা আৰু কেতিয়াও দমি নোযোৱা শাৰীৰিক শক্তিৰ এটি অফুৰন্ত ভাণ্ডাৰ হিচাবে সেইজনী আইতাৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ।

 সখাৰ লগতে মোকো লগত লৈ বহু দূৰণিৰ ঠাইলৈ বাটকুৰি বাই গৈ অকণো আমনি নলগাকৈ আকৌ ঘূৰাই আনিছিল। সেইজনী আইতাৰ লগতে আমি চৈধ্য পোন্ধৰ মাইল বাট খোজ কাঢ়ি গৈ হাজোৰ পবিত্ৰ তীৰ্থস্থান দৰ্শন কৰি অহা কথা কেনেকৈ পাহৰিম? নিজৰ যোগ্যতাৰ যহত সেইজনী নাৰীয়ে বহু লোকৰ লগত সম্পৰ্ক ৰক্ষা কৰি পৰিয়ালৰ লগতে এটি মধুৰ আত্মীয়তা গঢ়ি তুলিছিল আৰু আৰ্থিক দিশতো পৰিয়ালটোক স্বচ্ছল আৰু লাভৱান কৰি তুলিব পাৰিছিল। গাঁৱৰ প্ৰায় সকলো পৰিয়ালক অভাৱ-অনাটনে মেৰিয়াই ৰাখিলেও তাৰ মাজত তেওঁলোকৰ পৰিয়ালটো যথেষ্ট স্বাৱলম্বী আৰু ব্যতিক্ৰম আছিল।

 সেই সময়ৰ বিখ্যাত ‘অৰুণ অপেৰা’ৰ বিশিষ্ট সংগীত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেতা সূৰ্য্য বৈশ্য তেওঁৰ (সখাৰ) আপোন মোমায়েক আছিল। মোমায়েকৰ ব্যক্তিত্বৰ প্ৰভাৱ তেওঁলোকৰ গৃহত জিলিকিছিল। সেয়েহে হয়তো এখন অনুন্নত আৰু অনগ্ৰসৰ সমাজত জন্মিলেও তেওঁ আৰু তেওঁৰ ভাই-ভনী সকলোৰে দেহত সুন্দৰ ঠগ-গঢ়ৰ চেহেৰা পাটিৰ লগতে এটা সুন্দৰ চাৰিত্ৰিক বৈশিষ্ট্যও প্ৰতিভাত হৈছিল।

 এইখিনিতে উল্লেখ কৰি থওঁ, তেওঁৰ মাক এজনী ধুনীয়া কৰ্ম নিপুণ অতি মৰমীয়াল তিৰোতা আছিল— যাৰ নিষ্কলুষ মৰম আদৰ-যত্নই মোকো বাৰুকৈ প্ৰভাবান্বিত কৰিছিল। [ ৩২ ]  চতুৰ্থমান শ্ৰেণীৰ পৰাহে আমি পৰস্পৰৰ ওচৰ চাপি আহিছিলোঁ। এটা পগলা কুকুৰৰ কামোৰত ঘূণীয়া হৈ মই তেতিয়া তেনেই দুৰ্বল-নিশকতীয়া হৈ পৰিছিলোঁ। নলবাৰীৰ চৰকাৰী চিকিৎসালয়ত বাৰটা ইজেকচন লোৱাৰ পিছত, দিয়া ইজেকচনটোত কিবা দোষ লাগি ইফেকচন হৈ একেবাৰে নাভি-পেট ফুলি মই মৰিবলৈ ওলাইছিলোঁ। এটা কঠিন অস্ত্ৰোপচাৰৰ ফলত নমৰি ৰক্ষা পৰিলোঁ যদিও বহুদিনলৈ স্কুললৈ নিয়মিত অহা-যোৱা কৰি পাঠ্যক্ৰম আয়ত্ব কৰিবলৈ মই একেবাৰে অক্ষম হৈ পৰিছিলোঁ।

 সেই সময়ত চিত্ৰ-বিচিত্ৰ নামৰ দুজন সহপাঠীৰ লগত প্ৰয়াত শিক্ষাগুৰু শৰৎ চৌধুৰী ছাৰে বৈশ্যক টিউচন লৈ পঢ়ুৱাইছিল। কেইমাহমানৰ পিছতেই দুয়োজন ককাই-ভাই স্কুল এৰি গুছি গ’ল। বৈশ্য, ছাৰৰ দায়িত্বতে শিক্ষা লৈ থাকিল।

 ঘৰত পাঠ পঢ়া দূৰৰ কথা, পাৰিবাৰিক অভাৱ-অনাটন, সাংসাৰিক দুখ- কষ্ট, বেমাৰ-আজাৰ, আলৈ-আহুকালৰ মাজত থাকি ৰুগীয়া দেহেৰে পঢ়া-শুনা কৰা মোৰ পক্ষে সহজসাধ্য নাছিল। অৱশ্যে কিজানি মই এজন হীন বুদ্ধিৰ নিকৃষ্ট ছাত্ৰ নাছিলোঁ, যদিও ঘৰুৱা সা-সুবিধা আৰু মৰমৰ পৰা বঞ্চিত আছিলোঁ।

 লিখা পঢ়াৰ পৰিপাটি, ভাল আখৰ আৰু ছাফ-চিকুণতাৰ বাবে চৌধুৰী ছাৰ মোৰ প্ৰতি বৰ সদয় আছিল আৰু বৈশ্যক শিকাই বুজাই দিয়া পাঠবোৰৰ উত্তৰবোৰ তেওঁৰ বহীৰ পৰা মোকো টুকি লৈ পঢ়িবলৈ নিৰ্দেশ দিছিল।

 মোৰ সুবিধা হ’ল। দুয়ো মিলি, সোধা-সুধিকৈ আলোচনা কৰি, যোৱা পাঠবোৰ পঢ়ি সহজে আয়ত্ব কৰি পেলালোঁ। সেই সুযোগতে দুয়ো দুয়োৰে ঘৰলৈ অহা-যোৱাৰ পথ প্ৰশস্ত হ’ল।

 তেওঁৰ মাক-দেউতাক আৰু আইতাকে মোকো একেখন ঘৰৰ ল’ৰাৰ দৰে ইমান আপোন কৰি ল’ব পাৰিছিল যে সেই আদৰ যত্ন মই কেতিয়াও পাহৰিব নোৱাৰোঁ।

 ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি বোধহয় ‘সাহিত্য সংগ্ৰহ’ত দামোদৰ বিপ্ৰৰ এটি মনোৰম উপাখ্যান আছিল। বিপ্ৰ দামোদৰে শ্ৰীকৃষ্ণক আৰু স্বয়ং শ্ৰীকৃষ্ণয়ো সহপাঠী দামোদৰক ‘সখা’ সম্বোধনেৰে সম্বোধন কৰিছিল। সেই চমকপ্ৰদ আখ্যানৰ প্ৰভাবে আমাক বাৰুকৈ আপ্লুত কৰিছিল, আৰু সখা সম্বোধনেৰে আমিও মাতিবলৈ লৈছিলোঁ।

 ১৯৫৩ চনত এম.ভি. পৰীক্ষাত উত্তীৰ্ণ হৈ বালিলেছা এম.ভি. স্কুলৰ [ ৩৩ ]

পৰা বিদায় লৈ নলবাৰী গৰ্ডন হাইস্কুলৰ পঞ্চম শ্ৰেণীত নাম লগালোঁ। সখা দেবীৰাম পাঠশালা হাইস্কুলত ভৰ্তি হৈছিল, কিন্তু এম.ভি. পৰীক্ষাত বৃত্তি লাভ কৰাৰ বাবে তেওঁ দেবীৰাম এৰি আহি গৰ্ডন হাইস্কুলতহে নাম ভৰ্তি কৰিব লগা হ'ল— জলপানিৰ ধন ল’বৰ বাবে। কেইমাহমান এৰাএৰি হৈছিল যদিও এইবাৰ কিন্তু বসন্তৰ আগমনত গছ ডালে-পাতে সুশোভিত হোৱাৰ দৰে আমাৰ বন্ধুত্বয়ো জকমক হৈ ভালদৰে ঠন ধৰি উঠিল।

 এম.ভি. পাছ কৰি আহিছিলোঁ বাবে ইংৰাজী বিষয়টোৰ বাহিৰে ক্লাছত একো কঠিনতা নাছিল। উল্লেখ কৰি থওঁ, চাৰি মাইল বাট খোজ কাঢ়ি গৰ্ডন হাইস্কুললৈ অহা-যোৱা কৰা একমাত্ৰ আমি দুজনেই পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। গতিকে দুয়োজনৰ বন্ধুত্ব গাঢ় হোৱাৰ আৰু বেছি সুবিধা আহিছিল। অষ্টম শ্ৰেণীলৈকে সখাই শ্ৰেণীত প্ৰথম স্থান অধিকাৰ কৰিব পাৰিছিল। মোৰ কোনো স্থান নাছিল যদিও পাঠ্যক্ৰমৰ সকলোটি বিষয়তে সমান সমান নম্বৰ অৰ্জন কৰা আৰু সেইনম্বৰ শতকৰা সত্তৰতকৈও বেছি পোৱাটো, ছাৰসকলৰ মন্তব্য মতে মোৰ কৃতিত্বৰ ভিতৰৰে এটা আছিল।

 নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণী পৰ্যন্ত স্কুলৰ প্ৰায় সকলোবোৰ প্ৰতিযোগিতা— ৰচনা লিখা, তৰ্ক প্ৰতিযোগিতা, গল্প, কবিতা আবৃত্তি, অভিনয়, সংগীত আদি সকলো বিধতে আমি দুয়ো যোগদান কৰি পুৰস্কাৰ বুটলি সুনামো অৰ্জন কৰিব পাৰিছিলোঁ।

 সখা সংগীতৰ প্ৰতি অনুৰক্ত আছিল আৰু প্ৰয়াত জমিৰুদ্দিন আহমেদক গুৰু ভজি ‘গীতশ্ৰী’ সংগীত বিদ্যালয়ৰ ছাত্ৰ হিচাপে ভৰ্তি হৈছিল। এইটো নৱম শ্ৰেণীৰ কথা। মই এমাহমান তবলা শিকিবলৈ লৈছিলোঁ গীতশ্ৰী সংগীত বিদ্যালয়ত, পিছে পইচাৰ অভাৱত বাদ দিলো। তবলা-বিশাৰদ হোৱা কপালত নগজিল, কিন্তু সখাই ৰেৱাজ কৰাৰ লগে লগে টেবিল-ডেক্স যি পাওঁ তাতে তবলা বজোৱা দি বজাই সংগত কৰিছিলোঁ। আমাৰ দুয়োৰে সেই স্বভাৱ বহু দিনলৈ অটুত আছিল।

 মই সপ্তম শ্ৰেণীৰ পৰাই গল্প লিখিবলৈ চেষ্টা কৰিছিলোঁ। সখা সংগীত বিদ্যালয়ত ছাত্ৰ হিচাপে ভৰ্তি হোৱাৰ পিছত গান লিখিবলৈ ধৰিছিলোঁ। মই লিখা গীতবোেৰ তেওঁক গাবলৈ দিছিলোঁ। পিছলৈ আমাৰ শিক্ষক, অধ্যাপক- সকলক সাঙুৰি খুহুটীয়া কথাৰে কিছুমান গীত লিখিছিলোঁ। তেওঁ সেইবোৰ শাস্ত্ৰীয় সুৰত মিলাই গাইছিল। ক্লাছ ৰুমত সহপাঠীসকলৰ লগত প্ৰায়েই [ ৩৪ ] জলসা আৰম্ভ হৈছিল।

 মই লিখা গল্পবোৰৰ প্লট কিছুমান তেৱেঁই যোগাইছিল। গল্পবোৰ পঢ়ি তেওঁ আনন্দ পাইছিল আৰু নিজেও লিখিবলৈ যত্ন কৰিছিল। ‘ৰামধেনু’, ‘আৱাহন’ আদি আলোচনীৰ লগতে তেতিয়াৰ জনপ্ৰিয় গল্প, উপন্যাসবোৰ সংগ্ৰহ কৰি আনি মই পঢ়াৰ লগতে তেওঁকো পঢ়িবলৈ দিছিলোঁ। মোৰ চেষ্টা আৰু অনুপ্ৰেৰণাইহে যে তেওঁৰ সাহিত্য তৃষ্ণাৰ আদি পাঠ আছিল— সেই কথা অকপটে স্বীকাৰ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল আৰু মোৰ প্ৰতি সদায় কৃতজ্ঞ আছিল।

 নৱম শ্ৰেণীৰ পৰা আৰম্ভ হোৱা তেওঁৰ সংগীত চৰ্চাই তেওঁৰ অধ্যয়নত কিছু যে ব্যাঘাত জন্মাইছিল সেয়া অনস্বীকাৰ্য— যাৰ বাবে তেওঁ ক্লাছৰ পজিচন হেৰুৱাব লগা হৈছিল। মোৰো কিছু ক্ষতি হৈছিল। সেয়েহে আলোচনা কৰি স্কুলৰ ওচৰতে মেচ কৰি থকাৰ সিদ্ধান্ত লৈ সেইমতে দুয়ো থাকিবলৈ লৈছিলোঁ। কিন্তু পইচাপাতিৰ অভাৱত এমাহ কি দুমাহৰ পিছতে মেচ কৰি থকাৰ প্ৰচেষ্টা বিসৰ্জন দি আকৌ দুয়ো ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব লগা হ’ল। কিন্তু সেই খেয়ালী স্বভাৱৰ বাবেই যে জুনিয়ৰ-ছিনিয়ৰ ভালেমান গৰ্ডনিয়ানৰ লগত আমাৰ সুসম্পৰ্ক গঢ়ি উঠিছিল আৰু সহপাঠীসকলৰ সম্ৰান্ত অভিভাৱক বৰ্গৰ প্ৰীতিধন্য হোৱাৰ যে সুযোগ মিলিছিল সেই কথা কেতিয়াও নস্যাৎ কৰিব নোৱাৰি।

 আমি নৱম শ্ৰেণীত পঢ়ি থকা সময়তে ১৯৫৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা কংগ্ৰেছ মহাসভালৈ দুয়ো গৈছিলোঁ। আমাৰ প্ৰিয় সহপাঠী দুজনমান স্বেচ্ছাসেৱক বাহিনীৰ অন্তৰ্ভূক্ত হৈ দায়িত্বত ব্ৰতী হৈছিল। তেওঁলোকৰ সহানুভূতি আৰু ভালপোৱাৰ যহতে অধিৱেশনৰ তিনি দিন ইটো-সিটো চাই নিৰ্বিঘ্নে অতিশয় আনন্দ উৎসাহেৰে খোৱা-লোৱা, ফুৰা-চকা কৰি ঘূৰি আহিছিলোঁ। জেপত ফুটা কড়ি এটাও নথকাকৈ কি মৰ সাহসত দুই বান্ধৱে ফেঁচাৰ দৰে গৈ শেনহৈ উভতি আহিছিলো ভাবি আজিও তবধ মানো।

 ১৯৫৯ চনৰ মেট্ৰিক পৰীক্ষাত মই প্ৰথম বিভাগ আৰু সখাই দ্বিতীয় বিভাগ পালে। তেওঁ মেধাবী আৰু চোকা বুদ্ধিৰ ছাত্ৰ আছিল। ফলাফলে তেওঁক কিছু হতাশ কৰিলে, কিন্তু দমি নগ’ল। এইবাৰ দুয়ো নতুন উৎসাহেৰে নলবাৰী কলেজৰ বিজ্ঞান শাখাত ভৰ্তি হলোঁ।

 বিজ্ঞান বিভাগটো কলেজত নতুনকৈ প্ৰৱৰ্তন কৰা হৈছিলহে মাথোন। [ ৩৫ ] অংক, পদাৰ্থ, ৰসায়ন বিজ্ঞান আৰু উচ্চ গণিতেৰে সামৰা বিভাগটোত ছাত্ৰই সকাহ পাব পৰা আন কোনো বিষয় অন্তৰ্ভূক্ত কৰা হোৱা নাছিল। কিতাপ-পত্ৰ সংগ্ৰহ কৰিব নোৱাৰা আমাৰ দৰে অভাৱগ্ৰস্ত ছাত্ৰৰ বাবে বিজ্ঞান বিষয়টো বৰ জটিল হৈ ভুমুকি মাৰিলে। বিশেষকৈ ৰসায়ন বিজ্ঞানৰ শিক্ষক আৰু আৱশ্যকীয় সা-সঁজুলিৰ অভাৱত বিষয়টো আমাৰ বাবে বৰ জটিল যেন অনুভৱ হ'ল। ফাইনেল পৰীক্ষাত কেমিষ্ট্ৰিৰ পেপাৰ বৰ বেয়া হ’ল, যাৰ বাবে দুয়ো প্ৰেকটিকেল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিলোঁ। পিছদিনা অধ্যক্ষ মাননীয় ত্ৰৈলোক্য গোস্বামী ছাৰে দুয়োকে তলব কৰি নি মাত্ৰ এষাৰ কটুক্তি কৰিলে ‘দুয়ো জিনিয়াসে আই এছ চি ড্ৰপ দিলা’।

 আই এছ চি পৰীক্ষাৰ সেই ব্যৰ্থতাই মনত বৰ কষ্ট দিছিল। আমাৰ প্ৰতি অভিভাৱক আৰু আন সকলো শুভাকাংক্ষীৰ যি ধাৰণা উপজিল, সেইবোৰ বৰ অসহনীয় হৈ উঠিছিল। বিফলতাৰ অভিজ্ঞতাৰে ভগা বীণৰ সুৰ নামেৰে এখন নাটক কম দিনৰ ভিতৰতে লিখি উলিয়ালোঁ।

 নাটকখন যাতে মঞ্চস্থ কৰি দৰ্শকক দেখুৱাব পাৰোঁ, তাৰ বাবে দুয়ো চেষ্টাত লাগিলোঁ। কলেজৰ চিনিয়ৰ বন্ধু কেইজনমানৰ পৰা এই সংক্ৰান্তত কিছু সুপৰামৰ্শও পালোঁ। সখাৰ গীতশ্ৰী বিদ্যালয়ৰ বন্ধুবৰ্গ আৰু জমিৰুদ্দিন আহমেদ ছাৰৰ উৎসাহ পৰামৰ্শও আমাৰ বাবে ভাল সমল হ’ল। পিছে অভিজ্ঞ লোকৰ মতামত পৰামৰ্শ বিচাৰি সখাই নাটকখন কাৰোবাক দিয়াৰ তিনি-চাৰি মাহৰ পিছতো নাটকখন ঘূৰি নাহিল। কাৰ কৃপাত আমাৰ সেই উদ্যম অথলে গ’ল আজিও সেই কথা অজ্ঞাত হৈ ৰৈছে।

 ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়ো মিলি ‘ফুলকলি’ নামেৰে হাতে লিখা আলোচনী এখন উলিয়াইছিলোঁ। তাৰে দুটা সংখ্যা সেই বছৰতে উলিয়াবলৈ সক্ষম হৈছিলোঁ। ছাত্ৰ-শিক্ষক আৰু বিশিষ্টজনৰ পৰা আলোচনীখনে সমাদৰো পাইছিল, আমি প্ৰশংসা ধন্য হ’ব পাৰিছিলোঁ। কিন্তু ফুলকলিৰ দুয়োটা সংখ্যাই কোনো অজ্ঞাত দুষ্টৰ হাতত পৰি বিনষ্ট হৈছিল। এইদৰে দুয়োটা প্ৰচেষ্টা কলিতে বিনষ্ট হোৱা কাৰ্যত মই বৰ দুখ পাইছিলোঁ আৰু তাৰ বাবে সখাকে জগৰীয়া কৰি ৰোষ জাৰিছিলোঁ। তাকে লৈ কিছুদিনৰ বাবে আমাৰ মনোমালিন্যও ঘটিছিল। এতিয়া ভাবিলে অসন্তোষ হয়, সখাৰ দোষ নাছিল। তেওঁৰ সৰলতাৰ সুযোগ লৈ কোনোবা দুষ্ট ঈৰ্ষাকাতৰ লোকে আমাৰ অনিষ্ট সাধন কাৰ্যৰ চেষ্টা কৰিছিল। [ ৩৬ ]  বসন্ত আহি প্ৰকৃতিৰ গা জোকাৰি দিয়াৰ দৰে আমাৰো দেহ-মনত যৌৱনে আহি আমনি কৰিবলৈ ধৰিছিল। বিশেষকৈ প্ৰেমৰ গল্প, উপন্যাস পঢ়া স্বভাৱটোৱে আমাকো প্ৰেমিক সজাবলৈ চেষ্টা কৰিছিল। অলৈ-তলৈ গৈ ইজন- সিজনৰ লগত চিনাকি হোৱা, বৈশ্যই গান গাই আপ্লুত কৰা, বিভিন্ন মঞ্চত মই কৰি অহা অভিনয় আদি বিভিন্ন সৰস সুখ্যাতিয়ে আমাৰ প্ৰতি মুগ্ধ কৰি তোলা প্ৰেমিকাৰ সন্ধান দিছিল। কলেজীয়া কালছোৱাৰ সময়খিনিত দুয়ো দুয়োৰে বাবে একোজনীকৈ প্ৰেমিকা গোটাই ল'বলৈ একো অসুবিধা হোৱা নাছিল। যৌৱনৰ নানা কল্পনা, উন্মাদনা, লাজ-সংকোচ আৰু ভয়ে তেতিয়া আমাৰ বৰকৈ আমনি কৰিছিল। যেতিয়া মোহনীয়া গাভৰুৰ সলাজ সঁহাৰি বুটলিবলৈ সক্ষম হলো তেতিয়া নিজৰ জীৱন যৌৱন সাৰ্থক হোৱা বুলি উপলব্ধি হ’ল আৰু আমিও যে প্ৰেম প্ৰবাহত উটি যোৱা একোজন সাৰ্থক নায়কৰ ভূমিকাত অৱতীৰ্ণ হ'ব পাৰো সেই বিষয়ে নিঃসন্দেহ হলো।

 প্ৰেম জ্বৰত মোতকৈ সখা অধিক পীড়িত হৈছিল - যিবোৰ আমোদজনক ঘটনাৰ বৰ্ণনা নিষিদ্ধ বুলি বিবেচনা কৰি আগুৱাই যোৱাৰ পৰা বিৰত হ'লো। ঘৰুৱা শাসন, কাৰো কেতিয়াও অন্যায় নকৰাৰ বাসনা, নিজকে বুজি পোৱাৰ চাৰিত্ৰিক দৃঢ়তা আৰু ঈশ্বৰ বিশ্বাস, এই সকলোবোৰে তেনেকুৱা এটা ভয়ানক সন্ধিক্ষণত আমাক বিপথে চালিত কৰিবলৈ কোনোমতে সক্ষম নহ'ল। বৰং প্ৰণয়ৰ সেইমিঠা বতাহজাকে মোক গল্প লিখাত আৰু সখাক সংগীত সাধনাত মগ্ন কৰাত বেছি সহায়কহে হ’ল। এই কথা স্বীকাৰ কৰি মোৰ বিবাহৰ শুভ দিনৰ দিনা নানা উপাদেয় কথা বতৰাৰ মাজত তেওঁ মন্তব্য কৰিছিল যে নৈতিক চিন্তা আৰু সৎপথৰ প্ৰতি অগ্ৰসৰ হোৱাৰ প্ৰবল ধাউতিয়ে আমাক বহুবাৰ অধঃপতনৰ মুখৰ পৰা ৰক্ষা কৰিছে।

 স্কুলীয়া কালৰ কিছুমান আমোদজনক স্মৃতি এতিয়াও মনৰ পৰা মচা যোৱা নাই। তাৰে এটি উল্লেখ কৰোঁ; এইটো ১৯৫৯ চনৰ গৰ্ডনৰ প্ৰবেশিকা পৰীক্ষাৰ্থীসকলৰ স্মৃতিগ্ৰন্থতো উল্লেখ কৰিছিলোঁ।

 ক্লাছ টেনত আমাৰ স্কুলৰ আন্তঃফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন ক্লাছ নাইন আৰু ক্লাছ টেইনৰ দল দুটাৰ মাজত অনুষ্ঠিত হৈছিল। ফাইনেলত টেইন জিকিল। আমি কাপ জয় কৰিলোঁ। কাপ লৈ আনন্দত সকলোৱে আত্মহাৰা হৈ নাচি-বাগি জয়ধ্বনি কৰি বহু বাট ঘূৰিলোঁ। সন্ধিয়াৰ এন্ধাৰ নমাৰ লগে লগে কেপ্তেইনৰ হাতত কাপ গটাই দি সকলো ছাত্ৰ বন্ধু ঘৰাঘৰি গুছি গ'ল। [ ৩৭ ]  আমাৰ বৰ ভোক লাগিছিল। ঘৰলৈ আহিবৰ শক্তি যেন হেৰুৱাই পেলাইছিলোঁ। মোৰ লগত পইচাপাতি নাথাকেই। সখাৰ জেপত মাথো এটা সিকি আছিল। মাত্ৰ চাৰি অনা পইচাৰে দুজনে চাহ মিঠাই খোৱা কোনোমতে সম্ভৱ নহয়। তথাপি আগেয়ে খাই লওঁ পিছত কি হয় দেখা যাব বুলি দুয়ো বুকুত সাহস বান্ধি গোলাপ ডেকাৰ চাহ দোকানত সোমালোঁ। চাহ-চিংৰা আৰু জিলাপীৰে উদৰ শান্ত কৰি তৃপ্তি লভিলোঁ যদিও পিছৰ পৰ্ব যে কেনে অপ্ৰীতিকৰ হ’ব পাৰে, ভাবি দুয়ো শংকিত হৈ উঠিলোঁ। সখাই সিকিটো মোলৈ ঠেলি দি কলে, ‘এতিয়াৰ দায়িত্ব তোমাৰ, চিংৰা জিলাপী ওলাই নাহিলেহে ৰক্ষা।’

 দোকান মালিক গোলাপ ডেকা চন্দুক আগত লৈ বহি আছিল। মই পোনে পোনে গৈ ক'লো, ‘আজি আমাৰ স্কুলৰ ফাইনেল আছিল...'

 ডেকাই ঘপকৈ সুধিলে, ‘কোন জয়ী হ’ল?’

 ‘আমি, ক্লাছ টেইন।’

 ‘বৰ ভাল কথা।’

 মই কোমল কণ্ঠে ক’লো, বৰ ভাগৰ লাগিছিল। চাহ খালোঁ। সিকিটো আগবঢ়াই ক'লো, পইচা অলপ বাকী ৰ’ব, (ডেকাৰ দোকানত বাকী নহয় বুলি জানো।) কাইলৈ দিম।’

 ডেকাই হাঁহি মাৰি (তেওঁৰ হাঁহি আচলতে দেখা নগৈছিল) ক’লে, হ’ব যোৱা, পইচা নালাগে। জয়ী হ’লা যেতিয়া ময়েই যেনিবা আজি তোমালোকক খুৱালোঁ।

 যেন এটা ভয়ংকৰ বিপদৰ পৰাহে দুয়ো উদ্ধাৰ পালোঁ। ৰংমনে ওলাই আহি সখাক ক’লো, ‘দেখিলা, বাহিৰটো শামুকৰ খোলা হলেও ভিতৰখন কোমল।’

 এবাৰ দুয়ো মৃত্যুৰ মুখৰ পৰা কিবাকৈ বাচিছিলোঁ। বোধহয় ১৯৬২ চনৰ কথাই হ’ব। কলেজৰ পৰা ঘূৰোতে সখাৰ লগতে সংগীত বিদ্যালয়লৈ যাওঁ। ঘৰ পাওঁতে ভাল ৰাতিয়েই হয়। সিদিনাও ৰাতি আঠমান বাজিছিল। এন্ধাৰ ৰাতি। সিৰসিৰকৈ অবিৰাম বৰষুণ পৰি আছিল। গাঁৱলীয়া ৰাস্তা, বোকা- পানীৰে একাকাৰ। আহি থাকোতে মানুহে চিঞৰ-বাখৰ কৰি কোৱা শুনিলোঁ, বোলে ‘মথাউৰি ভাঙিছে, পানীয়ে এতিয়া গোটেই তল নিয়াব।

 আমি ভয়ে ভয়ে আহি ‘কদমতল’ চকটো পাইছোহে পানীৰ সোঁ সোঁ শব্দই গোটেইখন ছাটি ধৰিলে। দুৰৰ, কাষৰ পাজৰৰ পৰিয়ালবোৰৰ পৰা [ ৩৮ ] মানুহৰ গণ্ডগােল, গৰুৰ হেম্বেলনি শুনিবলৈ পালোঁ। ৰাস্তাত মানুহ-দুনুহ নাই। ইতিমধ্যে বাটপথ তল গ’লেই। পানীৰ প্রবল সোঁতে আমাক কোবাই গ’ল। চৌপাশৰ এন্ধাৰৰ বেষ্টনীৰ মাজতাে পানীৰ ভয়াবহ দৃশ্য আমাৰ চকুত প্রকট হ’ল। আঠুৱনী পানীৰ সোঁতে মেটেকা, জাবৰ-জোঠৰৰ চাকবােৰ ভহাই আনি ভৰিত খুন্দিয়াই ঢাপলি মেলিলে।

 কদমতল’ৰ চ’কত আমি এৰা এৰি হােৱা কথা। কিন্তু দুয়ােজনে একেলগে আহি সখাৰ ঘৰত উপস্থিত হৈ মই আমাৰ ঘৰলৈ যােৱাৰ সিদ্ধান্ত ল’লাে। চ’কটো পাৰ হৈ আধা ফার্লংমান বাট আহিছােহে, এনেতে কোনােবাই সুধিলে, ‘কোন অ’ তহঁত? কেনেকৈ যাবি?’ আমি আমাৰ পৰিচয় দি থমকি ৰৈ ইফালে সিফালে চাই কাকো কতাে নেদেখি আচৰিত হ’লাে। সেই পানীৰ ৰাজ্যত হঠাতে কোন ওলাল আৰু নিমিষতে একো সাৰসুৰ নােহােৱাকৈ কত অন্তর্ধান হ’ল আমি দুয়ােজনে একো তর্কিবই নােৱাৰিলোঁ। ইতিমধ্যে মুহূর্ত ভিতৰতে আমাৰ পিছফালে তেনেই কাষতে ধুমকৈ এটা শব্দ হ’ল আৰু হােহােৱাই প্রচণ্ড বেগেৰে পানী বাগৰি যাবলৈ ধৰিলে। আমি বুজিলোঁ যে বানপানীৰ কোবাল সোঁতে ৰাস্তা ভাঙি উটুৱাই নিলে। সামান্য দেৰি হােৱা হলে সিদিনা সেই ৰাতি আমাৰ কি গতি হ’লহেঁতেন বুজাব নােৱাৰিম।

 এই কথা শুনি সখাৰ আইতাই কপালত চপৰিয়াই কৈছিল, বাচিলি! জলদেৱতাই তহঁতক নিবলৈ আহিছিল, দয়া কৰি এৰি গ’ল। নৱম শ্ৰেণীৰ পৰা আই এছ ছি ক্লাছৰ শেষলৈকে (১৯৫৮-৬২) এই সময়ছােৱাৰ ভিতৰত সখাৰ লগত একেলগে ভালেকেইখন ছুপাৰহিট ছবি উপভােগ কৰাৰ অভিজ্ঞতা এতিয়াও এটা অতি সৌভাগ্যৰ চিন স্বৰূপে অনুভূত হয়। অৱশ্যে এই কালছােৱা ছবিজগতৰ ইতিহাসৰে সােণালী যুগৰ ভিতৰতে পৰে। বিখ্যাত অভিনেতা-অভিনেত্রীক দেখা সৌভাগ্য, তেওঁলােকৰ চমকপ্রদ অভিনয়, বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক আদিৰ সুৰৰ মায়াজালত বুৰ গৈ সেই সময়ত আমি দুই বন্ধুৱে আপােন পাহৰা হৈ এক অননুভুত আনন্দত মগ্ন হৈ আছিলাে।

 সেই সময়ৰ বিখ্যাত ছবি শ্রী ৪২০, নাগিন, আৱাৰা, দো-আঁখে বাৰ হাত, মধুমতী, মাদাৰ ইণ্ডিয়া, মােগল-ই-আজম, সুজাতা আদিয়ে আমাৰ দুয়ােৰে জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। বিশিষ্ট অভিনেতা-অভিনেত্রী ৰাজকাপুৰ, দিলীপ কুমাৰ, দেবানন্দ, বলৰাজ সাহানী, নার্গিছ, মধুবালা, বৈজয়ন্তীমালা, উত্তম কুমাৰ, সুচিত্রা আদিৰ অভিনীত এখন ছবিও আমাৰ [ ৩৯ ] বিনোদনৰ পৰা বাদ পৰা নাছিল।

 লতা মংগেশকাৰ, মহম্মদ ৰফী, মুকেশ, কিশোৰ কুমাৰৰ ‘প্লেবেক ছং’ বাটে-পথে, ঘৰত আনকি শ্ৰেণী কোঠাতো সখাক গাবলৈ দি মুগ্ধ হৈ শুনিছিলোঁ। সেই সময়ত মুকলি মঞ্চত বিভিন্ন অপেৰাই কৰা নাট্যাভিনয়বোৰ চাবলৈ বহু দূৰ ঠাইলৈও দুয়ো একেলগে গৈছিলোঁ। বুৰঞ্জীমূলক, ধৰ্মমূলক আদি নাটকৰ সংলাপবোৰ বিশিষ্ট মঞ্চ শিল্পীৰ উদাত্ত কণ্ঠত যেতিয়া উদ্ভাষি উঠিছিল, নৃত্যশিল্পী আৰু অনবদ্য সংগীতৰ তালে তালে বাদকসকলৰ সুৰ সমলয়ে যেতিয়া শীতৰ নিশা অপূৰ্ব আলোড়ন তুলিছিল, আমি তন্ময় হৈ উপভোগ কৰিছিলোঁ। টোপনি নধৰিবৰ বাবে লগত পানীৰ বটল, ভোকত খাবলৈ পিঠা-লাৰুৰ টোপোলা লগত ৰাখি ওৰে ৰাতি নাট্যাভিনয় উপভোগ কৰিছিলোঁ। ৰাসযাত্ৰাৰ সময়ত একেৰাহে তিনি-চাৰি নিশা যাত্ৰাভিনয় উপভোগ কৰাটো আমাৰ বৰ আনন্দৰ বিষয় আছিল।

 চিনেমা চাবলৈ পইচাৰ অভাৱ আছিল; কিন্তু ভাল ছবিবোৰৰ এখনো বাদ পৰা নাছিল। সংগীত শিক্ষক জমিৰুদ্দিন ছাৰৰ কৃপাত চিনেমা হলৰ দুৱাৰ আমাৰ বাবে মুক্ত আছিল। স্পেচিয়েল ক্লাছৰ গেটকীপাৰজন আমাৰ বাবে দয়াৰ সাগৰ আছিল। সখাই তাক ভালকৈ মেনেজ কৰিছিল। আমি ছেগ চাই অপেক্ষা কৰি থাকিছিলো। সুবিধা মিলিলে ইংগিত দি আমাক স্পেচিয়েল ক্লাচৰ দুৱাৰৰ ফাকেৰে ভিতৰলৈ ঠেলি দিছিল। চিট খালী নাথাকিলে দৰ্শকৰ ভিৰ কমাৰ বাবে তিনি-চাৰি দিনমান অপেক্ষাও কৰিব লগা হৈছিল। কেতিয়াবা চেকেণ্ড শ্বলৈও খাপ পিটি ৰৈ থাকিব লাগিছিল। সেইবাবে ঘৰলৈ ঘূৰোতে ৰাতি এঘাৰবাৰ বাজি যোৱাটো এটা নিত্য নৈমিত্তিক কামত পৰিণত হৈছিল। তাৰ বাবে অভিভাৱকৰ ভৎৰ্সনা, গালি-শপনি প্ৰাপ্য আছিল যদিও আমাৰ স্বভাৱৰ পৰিৱৰ্তন হোৱা নাছিল।

 এইদৰে শৈশৱ যৌৱনৰ দুয়োৰে জীৱন যাত্ৰাত বহু ঘটনাই জড়িত হৈ আছে। সেইবোৰ স্মৃতিৰ সঁফুৰাত ভৰি আছে; দৈনন্দিন জীৱনৰ নিৰস মুহূৰ্তত মন দাপোনত কেতিয়াবা সেইবোৰে ভুমুকি মাৰি গুছি যায়।

 ১৯৬২ চনৰ আই এছ ছি ফাইনেল পৰীক্ষাৰ ফলাফল সন্তোষজনক নহ’ল। দ্বিতীয় বিভাগ পালোঁ। সকলো বিষয়তে সমান নম্বৰ অৰ্জনৰ দম্ভ কেনিবা উৰি গ’ল। কেমেষ্ট্ৰিত কিবাকৈ পাছ নম্বৰটোহে পালোঁ, যাৰ বাবে প্ৰথম বিভাগ লাভ কৰা সম্ভৱ নহ’ল। সখাৰ ৰিজাল্টো ভাল বুলি ক’ব পৰা [ ৪০ ] নহ’ল, তেওঁৰ পাৰ্চেণ্টেজ মোতকৈও তলত থাকিল।

 কটন কলেজত বি এছ চি ক্লাছত স্থান পাই মই গুৱাহাটীলৈ গুছি আহিলোঁ। সখা নলবাৰী কলেজত থাকি বি এ ক্লাছত ভৰ্তি হ’ল।

 আমি এৰাএৰি হ’লো। শৈশৱ-যৌৱনৰ ৰং-ধেমালি, হাঁহি-তামাচা, প্ৰেম- প্ৰীতিৰ দিনবোৰ যেন ৰং হেৰুৱাই ধূসৰ হৈ গ’ল। দিনে দিনে উদ্ভৱ হোৱা জটিল গৃহ সমস্যাবোৰে আমাক কাতৰ কৰিবলৈ ধৰিলে। মোৰ বি এছ ছি আৰু সখাৰ বি এ পঢ়া কালছোৱাৰ মাজত সংঘটিত বিভিন্ন ঘটনাপুঞ্জৰ বিৱৰণ উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ, কিন্তু দুয়ো দুয়োৰে পৰা সাময়িক ভাৱে আঁতৰি থাকিলেও আমাৰ সংযোগ সূত্ৰ এনাজৰীডাল যে বেছি দৃঢ় হৈছিল সেই কথা বৰ গৌৰৱেৰে আজিও সোঁৱৰণ কৰোঁ।

 ভগৱানৰ কি বিচিত্ৰ বিধান! বি এ পাছ কৰি সখা গুৱাহাটীলৈ এম এ পঢ়িবলৈ আহিল। বি এছ চি পাছ কৰি ধমধমা হাইস্কুলৰ শিক্ষক পদত নিযুক্তি পাই মই গুৱাহাটী এৰি আহিলোঁ। মোৰ একান্ত আশা আছিল ধমধমা হাইস্কুলৰ চাকৰি বাদ দি এম এছ চি পঢ়ি চাকৰি বাকৰি লৈ দুয়ো গুৱাহাটীতে থাকি যাম। কিন্তু মোৰ ভাগ্যই মোক ঠগিলে।

 ‘বাণীকান্ত মেমোৰিয়েল গাৰ্লচ হাইস্কুল’ত (তেতিয়া ভেন্সাৰ আছিল।) সখাই শিক্ষক পদত নিযুক্তি পাই গুৱাহাটীতে থাকি মিউজিক চৰ্চাত লাগি গ’ল আৰু টিউচন আদি কৰি এখন শিক্ষিত সমাজত ভালদৰে সোমাই পৰিল। তেওঁৰ লগতে একেখন স্কুলতে অংক-বিজ্ঞান শিক্ষকৰ পদত জইন কৰিবলৈ মোক বাৰে বাৰে মাতি পঠাইছিল যদিও স্কুল কৰ্তৃপক্ষৰ প্ৰবল হেঁচাত মই ধমধমা হাইস্কুল এৰি আহিব নোৱাৰিলোঁ। আনকি বিভিন্ন পদত চাকৰি পায়ো, এৰাব নোৱাৰা কিছু জটিল সমস্যাৰ বাবে ক’লৈও যাব নোৱাৰি ধমধমা হাইস্কুলতে শিক্ষক পদত খামুচি থাকিব লগা হ’ল।

 আজি বহু কথাই মনলৈ আহি জুমুৰি দি ধৰে। নিজ প্ৰতিভাৰ বলত উমেশ বৈশ্য গুৱাহাটীতে থাকি এখন উচ্চ সমাজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। সেই ক্ষেত্ৰত মোৰো যে কিবা-কিবি অৰিহনাই তেওঁক সমল যোগাইছিল সেই কথা কেতিয়াও তেওঁ অস্বীকাৰ কৰা নাছিল।

 স্কুল-কলেজৰ সেই সোণালী সময়ছোৱাত ৰাতি এঘাৰ-বাৰ বজাত ঘৰ অভিমুখে আহি থাকোতে ওৰে বাটে ধ্বনিত হোৱা তেওঁৰ গানৰ ৰেৱাজ আৰু মোৰ হাত চাপৰিয়ে নিশাৰ পৰিবেশ সজাগ কৰি তুলিছিল। বাটৰ কাষৰ [ ৪১ ] গৃহবাসীসকলে আমাৰ আগমনৰ সম্ভেদ বৰ কৌতুক আৰু কৌতুহলেৰে উপভোগ কৰিছিল।

 সখা নাই। তেওঁৰ শূন্যতাই মোক বিষণ্ণ কৰে। দুয়োৰে একেলগে চিন- চাব পাবলৈ একো ফটো বা কোনো ছবিৰ লেশমানো নাই। নলবাৰী মছজিদৰ ওচৰত থকা ‘শৰ্মা ষ্টুডিঅ’ নামৰ ষ্টুডিঅ’ এটাত দুয়ো একপি ফটো উঠাইছিলোঁ। খালাছ কৰা নহ’ল। ষ্টুডিঅ’ বন্ধ কৰি ফটোগ্ৰাফাৰজন ক'লৈ গুছি গ'ল নাজানিলোঁ।

 কিন্তু মোৰ মানসপটত থকা উমেশ বৈশ্যৰ ধুনীয়া ছবিখন হেৰাই যোৱা নাই। আমি দুটা ঐককেন্দ্ৰিক জীৱন চক্ৰ যেনিবা এৰাব নোৱাৰা আৱৰ্তনৰ বাবে লাহে লাহে পৃথক হৈ স্বকেন্দ্ৰ গঢ়ি সাংসাৰিক দায়িত্বত ঘনীভূত হ’লো, কিন্তু মনৰ কেন্দ্ৰবিন্দুৰ একো পৰিবৰ্তন আজিও অনুভৱ কৰা নাই।

 সখাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা, ভালপোৱা স্মৃতিপটত সজীৱ হৈ আছে আৰু সদায় যুগমীয়া হৈ ৰ’ব।•

(লেখক ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৪২ ]

‘গীতশ্রী’ৰ সােণালী দিনবােৰ, বৈশ্যদা
আৰু আমি....

পুলকেশ বৰুৱা
পাণবজাৰ, গুৱাহাটী

 আজিৰ পৰা প্ৰায় আঢ়ৈ কুৰি বছৰ আগৰ কথা। মই তেতিয়া নলবাৰী গর্ডন হাইস্কুলৰ পঞ্চম শ্রেণীৰ ছাত্র। বছৰেকীয়া পৰীক্ষাৰ আগত বােধহয় নৱেম্বৰ মাহৰ কোনােবা এটা দিন। আগন্তুক সৰস্বতী পূজা সন্দৰ্ভত ছাত্র একতা সভাৰ জৰিয়তে আহ্বান কৰা এখন সভা। সভাখনত প্রধান শিক্ষক প্রয়াত জয়দেৱ শৰ্মাৰ সভাপতিৰ আসনত আৰু অন্যান্য শিক্ষক মণ্ডলীৰ লগত আমি ছাত্র সকল। এজন ওপৰৰ শ্ৰেণীৰ ছাত্ৰই পূজাখন কেনে ধৰণে অনুষ্ঠিত হ’ব, পূজাৰ দিনাখন নিশা পাঠশালাৰ নটৰাজ নাট্যদল নে মুগকুছিৰ মিলন নাট্য সমিতিক আহ্বান কৰা হ’ব, পূজাৰ চান্দা বাৰ অনা (আজিৰ পয়সত্তৰ পইচা) নে এটকা হ’ব ইত্যাদি বিষয়ে সহজ-সৰলভাৱে বিতং ব্যাখ্যা দি আছে। সেইজনেই আছিল আমাৰ সেই সময়ৰ গর্ডন হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সম্পাদক প্রয়াত উমেশ বৈশ্যদা। সেই সভাখনৰ দুই বছৰ পিছত অর্থাৎ ১৯৬০ চন মানৰ পৰাহে বৈশ্যদাক খুব ওচৰৰ পৰা পােৱা হ’লাে ‘গীতশ্রী’ৰ গানৰ মজিয়াত।

 নলবাৰী চহৰৰ পল্লা ৰ'ডত অৱস্থিত নলবাৰী ১নং প্রাথমিক বিদ্যালয়ত আবেলি গীতশ্রী সঙ্গীত বিদ্যালয়ৰ গানৰ শ্ৰেণী বহিছিল। প্রয়াত শিল্পী চৈয়দ জমিৰুদ্দিন আহমেদ ছাৰে আমাক সা-ৰে-গা-মা শিকাইছিল। সেই সময়ত এল-পি স্কুলখনৰ সন্মুখত থকা প্রয়াত সূর্য চৌধুৰী উকীলৰ চ'ৰাঘৰৰ পৰা আবেলি পৰত মই, সুনীল ভূষণ চৌধুৰী, কৃষ্ণ দাস আদিয়ে ৰাস্তাটো পাৰ কৰি হাৰমনিয়াম, তবলা আদি দাঙি আনাে। কিছু সময় পিছত সেই ৰাস্তাটোৰে পশ্চিম দিশৰ পৰা চাইকেলত উঠি জমিৰুদ্দিন ছাৰ আহি পাই আমাক গানৰ আৰু কৃষ্ণ, সুনীলক তবলাৰ তালিম দিছিল। কিছু সময় ছাৰে আমাক শিকাই [ ৪৩ ] চাইকেলখনেৰে থানাৰ সন্মুখৰ চাহৰ দোকান, মহামায়া কেবিনলৈ যায়গৈ। আমি সঙ্গীতৰ চৰ্চা কৰি থাকোঁতে সন্ধিয়া নামি আহে। সেই সময়ত পুনৰ ছাৰৰ লগত বৈশ্যদা, প্ৰফুল্লদা, হৰেনদা, নুজিবদা, সত্যেনদাহঁত আহি পায়। তেওঁলোকে হাৰ্মনিয়াম, তবলাত হাত বুলাব ধৰে। লাহে লাহে আমি গুচি যাওঁ। এয়ে আছিল আমাৰ সেই সময়খিনিৰ দৈনন্দিন কাৰ্যসূচী। গতিকে বৈশ্যদাক তেতিয়া খুব ওচৰৰ পৰা প্ৰায় সদায়ে পাইছিলোঁ।

 ১৯৬২ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহ। আজিৰ অৰুণাচল আৰু তেতিয়াৰ ‘নেফা’ত চীনা সৈন্যৰ আক্ৰমণ। কামেং সীমান্ত অঞ্চলৰ কেন্দ্ৰস্থল বমডিলাৰ পতন। সেই সংকটকালত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰেডিঅ’ যোগে অসমবাসীলৈ বিদায় বাণী দিছিল এইবুলি— "My heart goes with the people of Assam."। সেই যুদ্ধখনৰ বাবে আমাৰ দেশ খুব সম্ভৱ প্ৰস্তুত নাছিল আৰু সেয়ে ভাৰতীয় সেনাৰ বিশেষকৈ তাত থকা অসম ৰাইফলচৰ জোৱানৰ প্ৰায়খিনিৰে নিধন হৈছিল আৰু বাছি থকাখিনিয়ে প্ৰাণ লৈ পলায়ন কৰিছিল। তেতিয়া মানুহৰ মুখে মুখে অহা কথাটো আছিল চীনা সৈন্য আহি তেজপুৰ পাওঁ পাওঁ। সেই সময়ত আমাৰ স্কুলৰ শেষৰ শ্ৰেণী দুটা নবহে! তাৰ সলনি আমি ফিল্ডত লেফট ৰাইট কৰিব লাগে। খাকী ৰঙৰ পোছাক পিন্ধা হাবিলদাৰ এজনে আহি আমাক ট্ৰেইনিং দিয়ে। চাৰিওফালে কিযে এক আতংকময় পৰিৱেশ। ওদালগুৰিত থকা আমাৰ মামাৰ পৰিয়ালৰ আবু, মামী, ভাইটি, ভণ্টি আটাইকেইটা নলবাৰীৰ আমাৰ ঘৰত। সেই কেইদিন গীতশ্ৰীত সচৰাচৰ চলি থকা সংগীতৰ তালিমৰ সলনি বৈশ্যদাৰ নেতৃত্বত আমি দেশপ্ৰেম- মূলক কোৰাছ গীতৰ প্ৰেকটিছ কৰিছিলোঁ আৰু নলবাৰী চহৰৰ ৰাস্তাই ৰাস্তাই দেশপ্ৰেমমূলক গীত গাই গাই দেশৰ প্ৰতিৰক্ষা পুঁজিৰ বাবে ৰাইজৰ পৰা আমি দানবৰঙণি সংগ্ৰহ কৰিছিলোঁ। আজিও মনত পৰে ইকবালৰ “সাৰে জাহাসে আচ্ছা”, জ্যোতিপ্ৰসাদৰ “বিশ্ব বিজয়ী ন জোৱান”, “লুইতৰ পাৰৰ আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই” আদিৰ লগতে বৈশ্যদাৰ ৰচিত আৰু সুৰাৰোপিত গীতটি আছিল—

“শান্তি ভূমি ৰাঙলী কৰি
ৰঙা শোণিতৰ আহিল বান
শত সন্তান হেৰুৱাই আজি
হ’ল জননী ম্ৰিয়মান॥

[ ৪৪ ]

..................
...................
চৌদিশে জ্বলি ৰণৰ অগনি
দহিলে দেশৰ কোমল প্ৰাণ
নুমাব লাগিব লেলিহান শিখা
জাগাহে দেশৰ ন-জোৱান।”

 এই গীতটি আমি আটায়ে প্ৰাণঢালি গাইছিলোঁ। নেতৃত্বত আছিল বৈশ্যদা। লগত আছিল প্ৰফুল্লদা, হৰেনদা, নুজিবদা, বন্দনা দত্তবৰুৱা আৰু আমি বহুতো। এই সমগ্ৰ কাৰ্যক্ৰমণিকাৰ মধ্যমণি আছিল আমাৰ চৈয়দ জমিৰুদ্দিন ছাৰ।  সময় বাগৰি যায়। আমি গৰ্ডন স্কুলৰ একাদশ শ্ৰেণীত। বৈশ্যদা সেই সময়ত গুৱাহাটীৰ এখন হাইস্কুলৰ শিক্ষক। ১৯৬৫ চনৰ জানুৱাৰী মাহ। মাঘ বিহুৰ মেজিৰ জুই নুমোৱাৰ লগে লগে সমগ্ৰ নলবাৰী অঞ্চলত এক উখল- মাখল পৰিৱেশ। অসম সাহিত্য সভাৰ ৩২তম অধিৱেশন অনুষ্ঠিত হ’ব নলবাৰী কলেজ খেলপথাৰত। গীতশ্ৰীৰ মজিয়াত বৈশ্যদাৰ নেতৃত্বত কোৰাছ গীতৰ আখৰা পূৰা দমে চলিছে। মূল অধিবেশনৰ উদ্বোধনী গীত “বীৰ প্ৰসবিণী হে অসমা, মংগলা মাতৃ সুভাষিণী” শীৰ্ষক গীতটিৰ পৰিবেশন কৰাৰ দায়িত্ব গীতশ্ৰীৰ ওপৰত পৰিছিল। চৈয়দ জমিৰুদ্দিন ছাৰৰ দ্বাৰা ৰচিত আৰু ‘চন্দ্ৰ কোষ’ ৰাগৰ আধাৰত তেখেতৰ দ্বাৰা সুৰাৰোপিত গীতটিৰ গুৰু গম্ভীৰ পৰিবেশনে সভাৰ পৰিৱেশ আৰু গহীন গম্ভীৰ কৰি তুলিছিল। আজিও মনত আছে যে সভাত উপস্থিত থকা সাহিত্যিক, শিল্পীসকলৰ দাবীত গধূলিৰ সাংস্কৃতিক সন্ধিয়াতো পুনৰবাৰ একেটা গীতকে আৰু এবাৰ আমি পৰিবেশন কৰিবলগীয়া হৈছিল। ক’বলৈ গ’লে চৈয়দ জমিৰুদ্দিন ছাৰৰ এনে অপূৰ্ব সুৰ সৃষ্টিৰ আঁৰত আছিল বৈশ্যদাৰ দৰে এচাম সমজদাৰ শিকাৰুৰ পৰা পোৱা উৎসাহ আৰু অনুপ্ৰেৰণা।

 বৈশ্যদা আছিল সংগীতৰ অগ্ৰণী শিকাৰু আৰু আমাৰ অতি শ্ৰদ্ধাৰ অগ্ৰজ প্ৰতীম বন্ধু। তেখেতে গুৱাহাটীলৈ অহাৰ পিছত শাস্ত্ৰীয় সংগীতৰ প্ৰখ্যাত শিল্পী প্ৰয়াত বীৰেন ফুকনদেৱৰ ওচৰত সংগীতৰ তালিম লৈছিল। আমি ন-শিকাৰু যদিও বৈশ্যদাই আমাক সদায় উৎসাহিত কৰি আছিল। এনে এটা উদাহৰণ দাঙি ধৰাটো নিশ্চয় অপ্ৰাসংগিক নহ’ব। কথাটো হ’ল ওপৰত উল্লেখিত উদ্বোধনী গীতটোৰ পৰিৱেশনৰ আগতে মোৰ নেতৃত্বত পিতৃদেৱ [ ৪৫ ] স্বৰ্গীয় ঈশ্বৰ চন্দ্ৰ বৰুৱা ৰচিত “সাহে বুকু বান্ধি আগবাঢ়া, আগবাঢ়া, বাঢ়া আগ” শীৰ্ষক কোৰাছ গীত এটি গাই গাই সভাপতি প্ৰয়াত ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিছিলোঁ। সভাপতিৰ লগত শোভাযাত্ৰা কৰি অহা ঢুলীয়া, খুলীয়া, কালিয়া, চিফুং বাহীবাদকৰ সমস্বৰ ধ্বনিৰ মাজত এন- চি-চিৰ মাৰ্ছিং বেণ্ডৰ তালে তালে গীতটো পৰিৱেশন কৰা হৈছিল। গীতটিৰ পৰিৱেশনৰ সময়ত উপস্থিত সভাসদ সকলে থিয় হৈ সভাপতিক অভিবাদন জনাইছিল। গীত সমাপ্ত হোৱাৰ পিছত পিছফালৰ পৰা মোৰ পিঠিত সৰুকৈ চাপৰ এটা মাৰি বৈশ্যদাই কৈছিল— “পুলকেশ, Congratulations বৰ ভাল হৈছেহে। পৰিবেশৰ লগত ৰজিতা খাই গৈছে।” অগ্ৰজ জনৰ এনে উৎসাহ বাণী আমাৰ নিচিনা ন-শিকাৰুৰ বাবে নিশ্চয় অনুপ্ৰেৰণাদায়ক আছিল। বৈশ্যদাই কাকো কেতিয়াও হতাশ কৰা নেদেখিলোঁ। সেয়ে আমাৰ মনত বৈশ্যদা সদায় অনুপ্ৰেৰণাৰ থলি আছিল।

 বৈশ্যদাই গুৱাহাটীৰ স্কুলত শিক্ষকতা কৰাৰ পিছত আগৰদৰে সদায় লগ নোপোৱা হ’লোঁ। সেই সময়ত চৈয়দ জমিৰুদ্দিন ছাৰৰ নেতৃত্বত আৰু গীতশ্ৰীৰ উদ্যোগত প্ৰতি বছৰে সৰস্বতী পূজা অনুষ্ঠিত কৰা হৈছিল। পূজাৰ থলী আছিল প্ৰয়াত সূৰ্য চৌধুৰী উকীলৰ আগচোতালখন। সেই ঠাইতে পূজাৰ দিনাখন এখন আকৰ্ষণীয় সংগীত সন্ধিয়া অনুষ্ঠিত কৰা হৈছিল। তাত গীতশ্ৰীৰ আমি ন-শিকাৰু সকলে গীত-মাত পৰিবেশন কৰাৰ লগতে বৈশ্যদা, প্ৰফুল্লদা, হৰেনদা, নুজিবদাহঁতে সংগীত সন্ধিয়াটো সুৰেৰে সজাই তুলিছিল। নিশা গহীন হৈ অহাৰ লগে লগে পণ্ডিত হীৰেন শৰ্মা, কেশৱ চাংকাকতি, আখটাৰ খান আদি বিশিষ্ট শিল্পীসকলে কণ্ঠ সংগীত, তবলাৰ লহৰ, চেতাৰবাদন আদিৰে গীতৰ আচৰ প্ৰাণৱন্ত কৰি গভীৰ নিশা পৰ্যন্ত সংগীতৰ লহৰ তুলি আছিল। গীতশ্ৰীৰ প্ৰতিটো সংগীতানুষ্ঠানত বৈশ্যদাৰ উপস্থিতি অপৰিহাৰ্য আছিল।

 আজি আৰু সেই বিশিষ্ট শিল্পী সাধক সকল নাই। গীতশ্ৰীৰ মধ্যমণি। চৈয়দ জমিৰুদ্দিন ছাৰ আমাৰ মাজৰ পৰা কোনোবা অজান দেশলৈ চিৰদিনৰ বাবে গুচি গ’ল। কিছু পিছত আমাৰ অজানিতে বৈশ্যদাও গ’লগৈ। সেই সোণালী দিনবোৰ আজি ইতিহাস হোৱাৰ পথত। ৰাজনৈতিক, সামাজিক কাম- কাজৰ ধামখুমীয়াৰ অৱসৰত মাজে মাজে স্মৃতিবোৰে আহি মনটো জোকাৰি যায়হি। বৈশ্যদাৰ ওপৰত লিখিবলৈ লওতে বহু কথাই জুমুৰি দি ধৰিছেহি। বহু কথা আকৌ পাহৰণিৰ গৰ্ভতে লীন হৈ গ’ল। যি দুটা এটা কথা মনলৈ আহিল [ ৪৬ ]

তাকে লিখিলো। বৈশ্যদাৰ গুণী পুত্ৰ আৰু পৰিবাৰে বৈশ্যদাৰ লিখাবোৰ প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পাৰি সন্তোষ পাইছোঁ। কাৰণ সেইবোৰ প্ৰকাশ হৈ ওলালেহে বৈশ্যদাৰ অন্তৰ্মুখী প্ৰতিভাৰ কথা সুধী সমাজে জানিব। ই অসমীয়া সাহিত্যৰ জগতখনৰ বাবে এক অমূল্য সম্পদ হ’ব। এই ক্ষুদ্ৰ লেখাটোৰে বৈশ্যদাৰ পৱিত্ৰ স্মৃতিত আমাৰ অশ্ৰু-অঞ্জলি যাচিলোঁ।•


(লেখক শাস্ত্ৰীয় আৰু লঘু সংগীতৰ প্ৰতি ৰাপ থকা ব্যক্তি। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ আৰু জাতীয়তাবাদী শিবিৰৰ এগৰাকী অগ্ৰণী ৰাজনৈতিক নেতা ৰূপে সুপৰিচিত।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৪৭ ]

প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

লাভেশ্বৰী দাস
উলুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্য এম.এ., বি.টি.। গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। কৃতি শিক্ষক, এজন সু-কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰবন্ধকাৰ আৰু এজন নীৰৱ সমাজকৰ্মী, সকলো ফালে আগবঢ়া।

 ১৯৩৯ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখত উমেশ চন্দ্ৰ বৈশ্যৰ জন্ম হয় নলবাৰীৰ বালিলেছা গাঁৱত। পিতৃৰ নাম বন্তিম বৈশ্য আৰু মাতৃৰ নাম পবিত্ৰপ্ৰিয়া বৈশ্য।

উমেশ বৈশ্যৰ লগত মোৰ চিনাকী পৰ্বঃ
 এদিন হঠাৎ বৈশ্যদেৱ মইকাম কৰা বাপুজী প্ৰাথমিক বিদ্যালয়ত উপস্থিত। মই বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। তেখেত গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। তেখেতে এখন কাগজত নাম ঠিকনা সহ চকীদাৰণী বাইজনীৰ হাতত মোলৈ দি পঠালে। মই অফিচৰ কামত ব্যস্ত আছিলো। বিদ্যালয় ছুটীৰ পাছত মই অফিচৰ কাম কৰি শেষত ঘৰলৈ গৈছিলোঁ। বাইজনীয়ে কাগজখন দিয়াত মই পঢ়ি চাই তেখেতক অফিচ ৰূমত বহিব দিলোঁ। মোৰ লগত সহকাৰী শিক্ষয়িত্ৰী গীতা দেৱীও আছিল। অফিচৰ কাম সামৰি তেখেত অহাৰ কাৰণ সুধিলো। তেখেতে পুনৰ নমস্কাৰ জনাই হাঁহি মাৰি ক’লে, আপোনাৰ লগত চিনাকী হ’বৰ মোৰ বৰ ইচ্ছা হ’ল এই কাৰণে যে এইবাৰ আপোনাৰ বিদ্যালয়ৰ পৰা আমাৰ স্কুললৈ অহা ছাত্ৰীকেইগৰাকী বৰ ভাল, তাৰে দুজনী বৃত্তি পোৱা, সদায় সিহঁতে আপোনাৰ কথা কয়। অভিভাৱকেও ভালেই কয়। আগলৈও আমাৰ বিদ্যালয়লৈ ছাত্ৰী পঠিয়াব। বাইজনীক চাহ কৰিব দি একেলগে চাহ খাই সিদিনাৰ বাবে আমি আনন্দৰ মাজেদি ঘৰাঘৰি গ'লো। [ ৪৮ ] দ্বিতীয় দিনৰ কথাঃ
 কেইদিনমান পাছত ৮খন বিদ্যালয়ৰ মাজত প্ৰতিযোগিতামূলক খেলা নিউ ফিল্ডত হৈছিল। আমাৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ/ছাত্ৰীয়ে ১ম স্থান পালে। নিয়মানুবৰ্তিতাৰ বাবে বেজমেন কাপ, শিল্ড আদি পোৱা হ'ল। ছাত্ৰ/ছাত্ৰীয়ে শিল্ড আদি পালে, আকস্মিক বক্তৃতাত দুজনে প্ৰাইজ পালে, ছাত্ৰ/ছাত্ৰীসকলৰ অভিভাৱকেও আনন্দ পালে। অভিভাৱকসকলে আনন্দিত হৈ সকলোকে চাহ-মিঠাই খুৱালে। এখন ভাল মিটিং হ’ল। বৈশ্যদেৱেও উপস্থিত থাকি ছাত্ৰ/ছাত্ৰীক আশীৰ্বাদ দিলে।

তৃতীয় দিনৰ কথাঃ
 বিদ্যালয় মেনেজিং কমিটিৰ সময় আহি পৰিছিল। বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আৰু মেনেজিং কমিটিৰ গঠনৰ কথা ক’বলৈ যথা সময়ত গাৰ্জেন মিটিং মতা হ’ল। বৈশ্যদেৱকো মতা হ’ল। সকলো আহি উপস্থিত হ’ল, মেনেজিং কমিটি গঠন হ’ল। লিলি মজুমদাৰ বৰুৱা সভানেত্ৰী আৰু উমেশ বৈশ্যক সহকাৰী সভাপতি পাতিলে। সকলো সময়তে বৈশ্যদেৱৰ সহায়-সহযোগিতা পাইছিলো।

চতুৰ্থ দিনৰ কথাঃ ঘৰুৱা সম্পৰ্ক
 বিদ্যালয় ছুটীৰ পাছত বৈশ্যদেৱ আমাৰ বাপুজী বিদ্যালয়লৈ আহিল— এঘণ্টা আমাৰ মাজত কথা-বতৰা চলিল। সিদিনা কেৱল ঘৰুৱা কথাৰ আদান- প্ৰদানৰ কথাই আলোচনা হ’ল। তেখেতে হাড়ভঙা পৰিশ্ৰম কৰি ঘৰ চলোৱাৰ কথা, বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব, ভায়েক চাৰিজনৰ দায়িত্ব লগতে তেখেতৰ পুত্ৰ- পৰিবাৰ ভৰা সংসাৰ। ভায়েক ৰমেশ বৈশ্যৰ বিয়াৰ কথাও ওলাল। মোক দুটামান টিউচন ঠিক কৰি দিয়াৰ কথা ক'লে, মই পালে কম বুলি ক'লোঁ। ঘৰত গৈ মোৰ গৃহস্থৰ লগত কথাখিনি মই আলোচনা কৰিলোঁ। মোৰ গৃহস্থই বৈশ্যক আমাৰ ঘৰলৈ মাতি পঠিয়ালে। দুটা টিউচন ঠিক কৰি দিলো। অভিভাৱকে বৈশ্যই টিউচন কৰিব বুলি ভালেই পালে।

 ছুটীৰ পাছত এদিন বৈশ্যক লগত লৈ মোৰ ঘৰলৈ গ'লো। মোৰ গৃহস্থ মুক্তিযোদ্ধা পুস্পৰাম দাস, কম কথা কয়, বৈশ্যক চিনাকী কৰি দিলো। চিনাকী হ'বৰ পৰা দাসৰ বৰপুত্ৰৰ নিচিনা ভবা হ’ল আৰু মোৰ ছোৱালী আৰু সৰু ল'ৰাকো টিউচন কৰিবলৈ দায়িত্ব দিলে দেউতাকে। সিদিনাৰ পৰা ৰাতি ৭-৮ লৈ টিউচন কৰি ঘৰলৈ যায়। এইদৰে আমাৰ ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিল। [ ৪৯ ]

মোৰ ডাঙৰ ল'ৰা আৰু ছোৱালীৰ বিয়াত আগভাগ লৈ বিয়াৰ কাম সমাধা কৰিলে। তেখেতৰ ভাতৃ ৰমেশ বৈশ্যৰ কইনা ছোৱা আদি কাম দেউতাক মোৰ আৰু বৈশ্যৰ মাজত আলোচনা হ’ল। যথা সময়ত ভায়েকৰ বিয়াও সময়মতে হ’ল। এইদৰে বৈশ্যৰ পৰিবাৰ ৰীণা বৈশ্যৰ আৰু মোৰ ছোৱালী অনিমাৰো চাকৰিৰ ব্যৱস্থা কৰা হ’ল, দুয়োজনীয়ে চাকৰি পালে। এইদৰে আমাৰ বন্ধুত্ব দিনক দিনে বাঢ়িল। এদিন হঠাৎ বিদ্যালয়ত গৈ বৈশ্যই মোক ক’লে— বাইদেউ, মই মোৰ ডাঙৰ ল’ৰাক.... বাহিৰত পঢ়িবলৈ পঠাম, টকাৰ বহুতখিনিয়ে দৰ্কাৰ, তিনি হাজাৰ টকা কম হয়, আপুনি দিব পাৰিব নেকি? দিম বুলি গাত ল’লো, পিছদিনা দুয়ো বেংকত গ’লো। ষ্টেট বেংকৰপৰা টকা উলিয়াই দিলো। খুব আনন্দ পালে, আৰু ক’লে— বাইদেউ, আমি পূৰ্বজনমত এক ঘৰৰ আছিলো নিশ্চয়।

 সোঁৱৰণী ৰামধেনুৰ দৰে সপ্তৰঙী- কেতিয়াবা সুখ-আনন্দ, কেতিয়াবা দুখ আবেগেৰে মানুহৰ মন ভাৰাক্ৰান্ত কৰি তোলে। কিন্তু সুমধুৰ সোঁৱৰণী ৰোমন্থনৰ মাদকতাই যে বেলেগ, পাহাৰৰ নিজৰাৰ দৰে ই মানুহৰ মনৰ মাজৰ পৰাই ওলাই আহে আৰু দেহ-মন সজীৱ কৰি তোলে।

 এই বন্ধুত্বৰ তাৎপৰ্য সঁচা অৰ্থত প্ৰকাশ পাইছিল আমাৰ বন্ধুত্বৰ আনন্দ- বিষাদৰ বিভিন্ন মুহূৰ্তত। আমাৰ বন্ধুত্বৰ শিকলিডাল অসময়ত উটুৱাই লৈ গ’ল। আকাশ মেঘাচ্ছন্ন হ’ল, কলিয়া ডাৱৰে আকাশ ঢাকিলে, অসময়ত গোলাপজোপা মৰহি গ’ল। কালৰ পচোৱা বতাহ একেফালে নবয়, মেঘ নোহোৱাকৈ বজ্ৰপাত হ’ল। যুদ্ধত সৈনিকৰ মূৰ ভাঙে, একোজন ব্যক্তিৰ বিয়োগত অন্তৰ ভাঙে।

 হঠাৎ বৈশ্যদেৱ অসুস্থ হৈ পৰিল। মোক মাতি পঠালে। তেখেতৰ অৱস্থা দেখি মৰ্মান্তিক আঘাত পালোঁ। চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল, টকা-পইচা যোগাৰ কৰা হ’ল, মোক কলে—বাইদেউ, আপুনি জোৱাই শ্ৰীভবেন চন্দ্ৰ দাসক মোৰ লগত দিল্লীলৈ পঠাবনে? আগতে জোৱাই দিল্লীলৈ গৈ সকলো ঠিক কৰি আহিব। আমাৰ থকা-খোৱা আৰু হাস্পতালৰ ওচৰ হ’ব লাগিব ইত্যাদি কথা আলোচনা হ’ল। শ্ৰীভবেন চন্দ্ৰ দাসও যাবলৈ সাজু হ’ল। বৈশ্যই ক’লে— পৰিবাৰ আৰু ভাইটো (ৰমেশ) মোৰ লগত যাব। টকা-পইচাও যোগাৰ হ’ল। দুদিন পাছত জোৱাই গৈ সকলো ঠিক কৰিব। মাজতে মেডিকেল কলেজত চিকিৎসা কৰি আছে, কলেজৰ প্ৰিঞ্চিপালৰপৰা ট্ৰেন্সফাৰ কৰিব লাগিব, সকলো ঠিক হ’ল।

 হঠাৎ তেখেতে ক'লে— বাইদেউ মোৰ আৰু এটা কথা ৰাখিব লাগিব। আজি আমি একেলগে এসাঁজ ভাত খাম, আপুনি না কৰিলে মই দুখ পাম। [ ৫০ ] অন্তৰত দুখ দিবৰ মােৰ ইচ্ছা নাই, ৰিনাক ভাত বনাবলৈ অৰ্ডাৰ দিলে, এৰাব নােৱাৰি সকলাে কেইটিয়ে তেখেতৰ লগতে ভাত খালাে। ভাত খােৱাৰ অন্তত আৰু এটা কথা ক'লে— যে দিল্লীত গ'লেই মই ভাল হ'মেই; কিন্তু মােৰ এটা কথা ৰাখিব লাগিব। বর্তমান গৰমৰ বন্ধ চলি আছে-১ আগষ্টত স্কুল খুলিব, মই ১ আগষ্টত স্কুলত জইন কৰিহে দিল্লীত যােৱাৰ তাৰিখ ঠিক কৰিম।

 ১ আগষ্ট ১৯৯৮ ইং চনতপুত্ৰক স্কুললৈ যাবৰ বাবে অটো এখন যােগাৰ কৰিবলৈ ক'লে। স্কুলত জইন কৰি মেডিকেলত যােৱাৰ কথা। কিন্তু পৰিয়ালৰ লােকে তেওঁক মেডিকেল কলেজলৈ নিয়াটোহে ঠিক কৰিলে। দুর্ভাগ্যৰ কথা যে ৰিনা, ভাতৃ ৰমেশ আৰু বন্ধু মানিক দত্তৰ লগত গাড়ীতে তেখেতৰ আধা ৰাস্তাতে প্রাণবায়ু গ’ল। ৰিনাৰ কোলাতে ঢুকাল। সকলাে ভগৱানৰ ইচ্ছা। এই খবৰটো মই ঢুকুৱাৰ দিনা নাপালাে, পিছদিনা পুৱাই ভায়েক ৰমেশে খবৰ দিলে, শুনি মর্মান্তিক আঘাত পালাে। বৈশ্যৰ বৰপুত্ৰলৈ বাট নাচাইসৎকাৰ কৰিলে। মই গৈ কাক কি কম নিজে হতবাক হলাে। মনৰ সকলাে আশা-ভৰসা মনতে মাৰ নিয়াই বৃদ্ধ মাক থাকোতে ল'ৰাৰ মৃত্যু কি যন্ত্রণা, বিপদত ধৈর্য ধৰিব লাগিব বুলি শান্ত্বনা দি কিছু সময় থাকিলাে। ইতিমধ্যে বৰপুত্রও আহি পালে, সিয়াে হতবাক হৈ কান্দিব ধৰিলে, বুজনি দি সকলাে কেইটিকে ধৈর্য ধৰি বাকীথকা কামখিনি সমাধা কৰিব কৈ অন্তৰত এটা গধূৰ বােজা লৈ ঘৰলৈ উভটিলাে।

 যথা সময়ত শ্রাদ্ধকর্ম শেষ হ’ল। আৰু আমাৰাে অহাযােৱা কমি গ'ল। তথাপি মনত পৰিলে আঘাত পাওঁ। হঠাৎ ৰিনাই আহি ক'লে—বাইদেউ, বৈশ্যৰ এখন শ্রদ্ধাঞ্জলি উলিয়াব খুজিছাে, আপুনি এটা লিখা দিব লাগে। মই আগতে বৈশ্য ঢুকুৱাত এটা কবিতা লিখি দিছিলাে, হেৰাল বুলি ক'লে।

 হঠাৎ মই বাৰাণ্ডাত বহি বাতৰি পঢ়ি থাকোতে বৈশ্যৰ দুই পুত্র আহি মােক আইতা বুলি মাতি বৈশ্যই লিখা গানৰ কিতাপ এখন দিলে আৰু মােলৈ ফলমূল লৈ আহিছে, কথা-বতৰা হ'লাে। দেউতাকৰ স্মৃতিৰক্ষার্থে কিতাপ উলিয়াব আদি কথা আলােচনা হ’ল। আটাইকেইটা ল’ৰা উপযুক্ত হৈ কাম কৰাত আনন্দ পালাে। বৈশ্যৰ স্মৃতিগ্রন্থমালাৰ ভৱিষ্যৎ উজ্জ্বল কামনাৰে সামৰিলোঁ।

(লেখিকা মুক্তিযােদ্ধা তথা বাপুজী প্রাথমিক বিদ্যালয়ৰ ৰাজ্যিক পুৰস্কাৰপ্রাপ্ত প্রাক্তন প্রধান শিক্ষয়িত্রী।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ৫১ ]

বন্ধুবৰ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

ৰমানাথ গোস্বামী
খাৰঘুলি, গুৱাহাটী

উৎসবে ব্যসনে চৈব দুৰ্ভিক্ষে শক্ৰসঙ্কটোবা (ৰাষ্ট্ৰবিপ্লবে)
ৰাজদ্বাৰে শ্মশানে চ যস্তিষ্ঠতি স বান্ধবঃ॥ (য তিষ্ঠতি)

(চাণক্য শ্লোক)

ৰাজদ্বাৰে শ্মশানে যে সঙ্গী হয়ে ৰয়,
ভয়ানক উপদ্ৰব আৰ দূৰ্ভিক্ষেৰ সময়।
সুখে পায় সুখ আৰ দুঃখে পায় দুখ,
সে জন বান্ধব হলে গৰ্বে ভৰে বুক।

 অৰ্থাৎ যিজনে আপদে-বিপদে, সুখে-দুখে, আকালৰ সময়ত, শ্মশানত, গোচৰ লগাৰ সময়ত, থানাত-কাছাৰীত, নিদানৰ মাত আৰু আকালৰ ভাত যোগাই, বিয়াই-সবাহে উৎসাহ উদ্দীপনা যোগায়, কাষত থিয় হয় তেৱেঁই প্ৰকৃত বন্ধু। বন্ধু শব্দৰ অৰ্থ মিত্ৰ, সখি, লগৰীয়া, হিতকাৰী। বন্ধুত্বৰ বান্ধোনেৰে যাক বন্ধা যায় আৰু যিয়ে বান্ধে তেৱেঁই বন্ধু। উদ্ধৃত শ্লোকটোত ব্যৱহাৰ কৰা শব্দবোৰৰ এটা শব্দৰ অৰ্থ শ্লোকটোৰ ভাঙনিত প্ৰকাশ পোৱা বা হোৱা নাই। সেইটো হৈছে ব্যসন। ব্যসন শব্দৰ অভিধানিক অৰ্থ অকৰ্তব্য কৰ্ম, নকৰিবলগীয়া কাম। এই ব্যসন আকৌ দহবিধ, যেনে—(১) মৃগয়া, (২) পাশা খেলা, (৩) দিনত শয়ন কৰা, (৪) লোক নিন্দা, (৫) বেশ্যাগমন (৬) মদ খোৱা, (৭) অত্যাচাৰ কৰা, (৮) প্ৰতাৰণা কৰা, (৯) পৰশ্ৰীকাতৰতা আৰু (১০) হিংসা। ইয়াৰ এক নম্বৰটো হ’ল মৃগয়া। এই 'মৃগয়া'ৰ বিষয়ে পুঠিমাৰী হাইস্কুলত পঢ়ি থাকোতে পঞ্চম নে ষষ্ঠ শ্ৰেণীত অলপ পাহৰিছোঁ প্ৰয়াত ফৰজান আলি ছাৰে কোৱা মনত পৰে—ৰজাৰ ল'ৰাৰ যৌৱন আহিলে মৃগয়ালৈ যায়, সাউদৰ অৰ্থাৎ বণিকৰ ল'ৰাৰ যৌৱনৰ আগমনত বাহিৰলৈ বেপাৰলৈ যায় আৰু সৰ্বসাধাৰণৰ ল'ৰাৰ যৌৱনৰ প্ৰাৰম্ভত হয় ভ্ৰমণলৈ যায় [ ৫২ ] নাইবা থিয়েটাৰ কৰে। গতিকে মৃগয়া যেনে ব্যসন ভ্ৰমণে একপ্ৰকাৰ ব্যসনেই। এই ব্যসনৰে আমি পৰস্পৰে পৰস্পৰৰ অংশীদাৰ সহযোগী বন্ধু আছিলো আজিৰ (২০১০ চন) পৰা বত্ৰিশ বছৰৰ আগত আমি আমাৰ যৌৱনৰ পৰিসীমা অতিক্ৰম নকৰোতে। ব্যসনবোৰ নিষিদ্ধ কৰ্ম। মৃগয়া ব্যসন বৰ্তমান আইনগতভাৱে নিষিদ্ধ কৰা হৈছে। ভ্ৰমণে ব্যসন শ্ৰেণীভুক্ত যদিও ভ্ৰমণ কিন্তু নিষিদ্ধ নহয়। ভ্ৰমণ শিক্ষাৰ এটা প্ৰধান অংগ। আমি তিনিও শিক্ষক আছিলো। মই কামৰূপ একাডেমী হায়াৰ চেকেণ্ডাৰীৰ, বৈশ্য বাণীকান্ত সোঁৱৰণী ছোৱালী হায়াৰ চেকেণ্ডাৰী আৰু দত্ত আৰ্য্য বিদ্যাপীঠ হায়াৰ চেকেণ্ডাৰী স্কুলৰ। একে ‘প্ৰফেচন’ বৃত্তিৰ লোকৰ মাজত জেলাচি’ হিংসা জন্মে বুলি কয়। যাক ইংৰাজীত ‘প্ৰফেচনেল জেলাচি’ বুলি কোৱা হয়। আমাৰ মাজত কিন্তু সেইটো হোৱা নাছিল। কাৰণ হাইস্কুলত পঢ়ি থাকোতে অষ্টম শ্ৰেণীত ইংৰাজীৰ ক্লাচত ‘তাৰিণী কাকতি’ ছাৰে কোৱা কথা এষাৰলৈ মনত পৰিছে, কি প্ৰসংগত কৈছিল পাহৰিছো ‘বাৰ্ড অব দা ছেম ফিডাৰ ফ্লক টুগেদাৰ’ অৰ্থাৎ একে পাখিৰ চৰাইবোৰে একেলগে (জাকপাতি) উৰে। গতিকে আমিও একে পাখিৰেই চৰাইৰ নিচিনাই আছিলো। কাৰণ আমাৰ প্ৰবৃত্তিবোৰৰ কিছু মিল আছিল। আমাৰ চেণ্টিমেণ্টচ’ অৰ্থাৎ সুকুমাৰ ভাববৃত্তিসমূহৰ বহুখিনি সাদৃশ্য আছিল। সুকুমাৰ ভাববৃত্তি বুলিলে সহানুভূতি, প্ৰেম, ভক্তি, দয়া, দেশানুৰাগ, সৌন্দৰ্যানুৰাগ, সাহিত্যানুৰাগ, ন্যায়পৰতা, ধৰ্মানুৰাগ, সত্যানুৰাগ আদিকে বুজায়। আমাৰ প্ৰকৃতিৰো বহুত সমতা বা সামঞ্জস্য আছিল। প্ৰকৃতি গঠিত হয় সহজাত প্ৰবৃত্তিসমূহৰ যথাযথ অনুশীলনৰ ওপৰত। সহজাত প্ৰবৃত্তি বোলোতে খেলাৰ প্ৰৱণতা, গান গোৱা, ছবি আঁকা, সাহিত্য চৰ্চা কৰা আদি। এইবিলাকৰ প্ৰতি মোৰো অনুৰাগ আছিল আৰু ৰাম-লক্ষ্মণেই বোলো নে কৃষ্ণাৰ্জুনেই বোলো নে টকাটোৰ ইটো পিঠি সিটো পিঠিয়ে বোলো প্ৰয়াত উমেশ বৈশ্য আৰু জীৱিত মাণিক দত্তৰো। সেয়ে বোধহয় উক্ত মণিকাঞ্চনৰ সৈতে তুলসীৰ লগত কলপটুৱাৰ সংযোগ ঘটাৰ দৰে মোৰৰ যোগাকৰ্ষণ ঘটিছিল। আজিৰ (২০১০ চন) পৰা ৪০/৪৫ বছৰ আগত কোন চনত, কোন তাৰিখত কি প্ৰসংগত মনত নপৰে। যিমানদূৰ মনত পৰে আমি তিনিওজন তেতিয়া অবিবাহিত আছিলো। মই ১৯৬২ চনৰ ১ নৱেম্বৰত উলুবাৰী এম.ই. স্কুলত যোগদান কৰে। আৰু ১৯৬৩ চনৰ ১ মাৰ্চত কামৰূপ একাডেমী স্কুলত। তাৰ পাছতে নাইবা ১৯৬৪ চনৰ [ ৫৩ ] আৰম্ভণিতে কৃষ্ণাৰ্জুনৰ লগত মোৰ সংযোগ ঘটিব লাগে। ১৯৬৬ চনৰ ৫ মে’ত দত্তই সাধনা দেৱীৰ লগত ‘ ফিল্ম ইণ্ডাষ্ট্ৰিৰ বিষয়ে প্ৰশিক্ষণ ল’বলৈ পুণেলৈ যাত্ৰা কৰিছিল আৰু আমি ‘ট্ৰেইন’ত তুলি দি সফলতাৰ কামনা কৰি বিদায় দি আহিছিলো। আমাৰ সংযোগ ঘটা দিনৰে পৰা আৰম্ভ কৰি অন্তঃসলিলা ফল্গুৰ দৰে বন্ধুত্ব চলি আছিল। ১৯৬৪ চনত নে ১৯৬৫ চনত অলপ পাহৰিছো মই কুমাৰ ভাস্কৰ নাট্য মন্দিৰস্থ সংগীত মহাবিদ্যালয়ৰ তবলাৰ ছাত্ৰ আছিলো। ড° অমৰজ্যোতি চৌধুৰী আমাৰ তবলাৰ সহপাঠী আছিল। ১৯৬৬ চনৰ ৮ জুনত সেই সময়ত লতাশিল প্ৰাথমিক বিদ্যালয়ত স্থাপিত ‘ সাদা সংগীত বিদ্যাপীঠ’ত অধ্যক্ষ কৰুণাশংকৰ ঠাকুৰীয়াৰ আমন্ত্ৰণ ক্ৰমে ভৰ্তি হৈছিলো। এইবোৰ মোৰ কথাই কৈ থকা হৈছে যদিও এই কথাবোৰৰ লগত উক্ত কৃষ্ণাৰ্জুনৰ সম্পৰ্ক আছিল। আমাৰ প্ৰবৃত্তি, চিন্তা- চৰ্চা আৰু কৰ্ম সংগতিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছিল। প্ৰয়াত বৈশ্যই ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়’ সম্বন্ধে এলানি কৰ্মপদ্ধতি যুগুত কৰি সেই সময়ৰ প্ৰখ্যাত জনতা পাৰ্টি নেতা ‘জয়প্ৰকাশ নাৰায়ণৰ অনুমোদন বিচাৰি তেওঁক পাটনাত লগ কৰিবলৈ তথা ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষা পদ্ধতিৰ বুজ ল’বলৈ তথাকথিত কৃষ্ণাৰ্জুনে ভাৰত ভ্ৰমণৰ প্ৰস্তুতি কৰি মোৰো সন্মতি বিচাৰিলে। মই অতি আগ্ৰহেৰে সৈতে সন্মতি প্ৰদান কৰিলো। কাৰণ সেই সময়তে মোৰ কনিষ্ঠ ভাতৃ খগেনক তাৰ সংগীতৰ প্ৰতি থকা বহুমুখী প্ৰতিভাৰ প্ৰতি লক্ষ্য কৰি লক্ষৌৰ সংগীত মহাবিদ্যালয়ত নাম ভৰ্তি কৰি থৈ আহিম বুলি মনতে ভাবি আছিলো। যথা সময়ত প্ৰস্তাবটো পাই মই তেওঁলোকক ভ্ৰমণৰ সম্পূৰ্ণ আঁচনি প্ৰস্তুত কৰিবলৈ প্ৰস্তাব দিলো। কথামতে সকলো ঠিক-ঠাক হ’ল। ১৯৭৮ চনৰ ১১ অক্টোবৰত বিজয় দশমীৰ দিনা গধূলি গুৱাহাটী ষ্টেচনৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল। আমাৰ তিনিওজনৰ ‘চাকোলাৰ টিকট পাছ’ প্ৰতি জনৰ ১২৯ টকাকৈ। আমি ভাৰত ভ্ৰমণ কৰিম। খগেনক লক্ষ্ণৌত থৈ যাম। গতিকে তাৰ বাবে বেলেগ টিকট। আমি প্ৰথমে পাটনালৈ গলো জয়প্ৰকাশ নাৰায়ণক লগ কৰিবলৈ। জয়প্ৰকাশ নাৰায়ণৰ তেতিয়া অন্তিম অৱস্থা। দুয়োটা কিডনি ফেল’। দৈনিক ‘ডাইলেচিচ’ৰ ওপৰত চলি আছিল। আমি লগ কৰিব যোৱাৰ দিনা ‘ডাইলেচিচ’ কৰি ওলাই আহিছিল। মই দূৰৰ পৰা চালো, এওঁলোকে কি কথা পাতিলে মই নুসুধিলো। তাৰপৰা আমি কাশীলৈ গ'লো। তাতে দত্তৰ চিনাকি এজনৰ [ ৫৪ ] ৰুম এটা লৈ তাতে খগেনক থৈ আমি গয়ালৈ গ'লো। গয়াত গৈ বিষ্ণুপদত শ্ৰাদ্ধ পিণ্ড দি গয়াৰ আকাশগংগা পাহাৰৰ যিটো গুহাত শ্ৰীশ্ৰীবিজয় কৃষ্ণ গোস্বামী প্ৰভুক তেওঁৰ গুৰু ব্ৰহ্মানন্দ পৰমহংসদেৱে দীক্ষা দিছিল, সেই গুহা আৰু অন্যান্য প্ৰসিদ্ধ স্থানবোৰ দৰ্শন কৰি পিচদিনা আকৌ কাশীলৈ ঘূৰি আহি চাৰিও বেনাৰসলৈ গলো সেই সময়ত লক্ষ্ণৌ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষৰ চাৰ্জত থকা গণেশ প্ৰসাদ মিশ্ৰক লগ কৰিবলৈ। খগেনক সংগীত মহাবিদ্যালয়ত ভৰ্তি কৰাই আমি ভাৰত ভ্ৰমণলৈ যাব লাগে। বেনাৰস পাই আমি গধূলি গণেশ প্ৰসাদ মিশ্ৰৰ ঘৰলৈ গলো। বাটত আমাৰ কৃষ্ণাৰ্জুনে মোক ক'লে তুমি একো কথা নক’বা, যি ক'ব লাগে আমি কম। কথামতে কাম। আমি তেখেতৰ ঘৰত উপস্থিত হলো। কলিং বেল টিপাৰ পাছত মিশ্ৰছাৰেই ওলাই আহি ক'ৰপৰা আহিছে, কাক লাগে সুধিলে। এওঁলোকে ক’লে আমি আসাম গুৱাহাটীৰ পৰা আহিছো। আমাক ভিতৰলৈ মাতি নি বহিব দিলে, কিয় গৈছো সুধিলে। এওঁলোকে মোক দেখাই ক’লে এখেত কামাখ্যাৰ তান্ত্ৰিক সাধু, খগেনক দেখাই ক'লে, এওঁ তেখেতৰ ভাই, এওঁক আপোনাৰ সংগীত মহাবিদ্যালয়ত এডমিশ্যন দিবলৈ আপোনাক অনুৰোধ কৰিবলৈ আহিছে। সুযোগ বুজি ময়ো বেগৰ (জোলাৰ) পৰা সেন্দুৰ উলিয়াই তেখেতক ফোঁট দিলো। তেখেতে ক’লে এতিয়াতো এডমিশ্যনৰ সময় নহয়। জানুৱাৰীৰ পৰাহে হ'ব। আপোনালোক লক্ষ্ণৌলৈ আহক, মই কি কৰিব পাৰো কৰিম। মই আজি ৰাতিৰ গাড়ীত লক্ষ্ণৌলৈ যাম। পূজাৰ বন্ধৰ বাবে তেখেত বেনাৰসৰ ঘৰলৈ গৈছিল। তাৰ পাছত আমাৰ এওঁলোকে ক'লে আপুনি যদি বেয়া নাপায় আমাৰ সাধু মহাৰাজে আপোনাৰ এটি সংগীত শুনিব বিচাৰে? তেখেতে ক'লে মই এতিয়া যাব ওলাইছো, মোৰ ল'ৰা দুজনৰ এজনে গায় আৰু এজনে তবলা বজায়। সিহঁতে আপোনালোকক গান শুনাব। কথামতে কাম হ’ল। মিশ্ৰ ছাৰৰ খুৰাশহুৰ প্ৰখ্যাত ধ্ৰুপদী পণ্ডিত হৰিশংকৰ মিশ্ৰও সেই সময়ত তাত উপস্থিত আছিল। গান-বাজনা শুনি আমি তেখেতসকলৰ পৰা বিদায় লৈ সেইদিনাই বোধহয় ৰাতিৰ গাড়ীত আমিও লক্ষৌলৈ ৰাওনা হ’লো। দত্তৰ সম্বন্ধীয় ভায়েক এজনে লক্ষৌৰ স্কুটাৰ কোম্পানীত কাম কৰে। আমি পিছদিনা গৈ তাতে উঠিলোগৈ। তাতে খোৱা-বোৱা কৰি আবেলি সংগীত মহাবিদ্যালয়লৈ গৈ মিশ্ৰ ছাৰক লগ ধৰিলো। তেখেতে আমাক ক'লে এতিয়া অক্টোবৰ মাহ, জানুৱাৰীত এডমিশ্যন হ’ব গতিকে এই তিনিমাহ [ ৫৫ ] আমাৰে প্ৰফেচাৰ এজনৰ তলত টিউশ্যন লৈ থাকক। ডিচেম্বৰত আমাৰ এনুৱেল পৰীক্ষা হলে তেওঁ পৰীক্ষা দিব আৰু তাৰ ফলাফল মতে তেওঁৰ এডমিশ্যন হ’ব। এইবুলি আমাক কৈ ৰামকুমাৰ শৰ্মা নামৰ প্ৰফেচাৰ এজনক মাতি আনি তেখেতক কথাখিনি ক'লে। প্ৰফেচাৰ ৰামকুমাৰ শৰ্মাই ক'লে আপুনি প্ৰিন্সিপাল, মই আপোনাৰ তলৰ শিক্ষক, আপুনি পাৰ্মিছন দিলে মই তাক ক্লাচতে শিকাব পাৰিম। সেইমতেই বন্দোবস্ত হ’ল। পিছদিনা বিধিমতে ৰামকুমাৰ শৰ্মাক গুৰু মনাই দত্তৰ ভায়েকৰ লগত খগেনৰ থকা-মেলাৰ সুবিধা কৰি দি আমি আমাৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচীমতে লক্ষৌৰ পৰা এলাহবাদলৈ গ’লো। তাতে ত্ৰিবেণী সংগমত স্নান কৰি (আমি ৰন্ধা আৰু খোৱাৰ বাচন, স্টোভ-চচপেন-কেটলি আদি লৈ গৈছিলোঁ) গংগাৰ পাৰত খিচিৰি বনাই খালো। সুবিধা পালে ৰান্ধি খাইছিলো, নাপালে নোখোৱাকৈয়ে গৈছিল, তেওঁলোকে হোটেলে-তোটেলে খাইছিল। ময়ো গাখীৰ, ফল-মূলাদি খাইছিলো। এমাহ ভ্ৰমণ কালৰ প্ৰায় দহ দিনমানহে ৰান্ধি খাইছিলো, বিশ দিন মানেই নোখোৱাকৈ গৈছিল। এলাহাবাদত জৱাহৰলালৰ আনন্দ ভৱন আদি চাই তাৰ পৰা ইতাৰ্সি, নাগপুৰ, ৱাৰ্দ্ধা- বিনোৱা ভাৱেৰ আশ্ৰম, মুম্বাই (আগৰ বোম্বাই), এলিফাণ্টা কেভ, চুৰাট, পুনা, বাংগালোৰ, মহীশূৰ, উটাকমাণ্ড, ত্ৰিবান্দম, কন্যাকুমাৰী, মাদুৰাই, ৰামেশ্বৰম, আকৌ মাদুৰাই, মাদ্ৰাজ আজিকালিৰ চেন্নাই ওৱালটায়াৰ, পুৰী, হাওৰা হৈ গুৱাহাটী আহি পাইছিলো ১৯৭৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে পুৰা এমাহ পাছত।
 এজনী গাইগৰু খীৰোৱা সময়তকৈ বেছি সময় কাৰোবাৰ লগত লগ লাগি থাকিলে নাইবা কোনো এক স্থানত থাকিলে মায়াই আহি লগ দিয়ে। অৰ্থাৎ সেই স্থান বা ব্যক্তিৰ প্ৰতি আসক্তি জন্মে। মায়াই মোহিত কৰে। সেয়ে উচ্চ স্তৰৰ সাধক, ব্ৰহ্মচাৰী ত্যাগী লোকসকলৰ বাবে উক্ত সময়তকৈ বেছি সময় এক স্থানত থকা নিষেধ। আমি সাধক, ব্ৰহ্মচাৰী নহয়, মই ক'ব গৈছো আমি এমাহ একেলগে শুইছো, একেলগে খাইছো, একেলগে উঠা-বহা কৰিছো, গতিকে আমাৰ মাজত এক নিবিড় গাঢ় আসক্তি বা সম্বন্ধ গঢ়ি উঠিছিল। আমাৰ ভ্ৰমণ কাহিনীৰ দিনলিপি লিখিব গ’লে এখন মহাভাৰত হ’ব। বৈশ্যই মোৰ ভ্ৰমণৰ সময়ত লিখা ‘ডায়েৰী’খন লৈ গৈছিল আমাৰ ভ্ৰমণ কাহিনীটো ভালকৈ লিখিম বুলি। কি কৰিলে পিছত খবৰ কৰা নহ'ল। আমিও সাংসাৰিক কামত ব্যস্ত হৈ পৰিলোঁ। ভ্ৰমণ কৰি আহি দত্তৰ ঘৰত [ ৫৬ ] নে বৈশ্যৰ ঘৰত অলপ পাহৰিলো দুয়ো একেলগেই একে সীমাতে থাকোতে তিনিওটা পৰিয়ালে লগ লাগি এটি প্ৰীতিভোেজ খাইছিলো। বৈশ্য আৰু দত্তৰ বহুমুখী প্ৰতিভাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি। আগলৈ আকৌ সুবিধা পালে কাহিনীবোৰ বিৱৰি লিখাৰ আশা থাকিল।●




(লেখক গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিখ্যাত জ্যোতিষ চৰ্চাকাৰী।) [ ৫৭ ]

দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰু
যুক্তিবাদী এজন মানুহ

দীনেশ নাথ
ৰূপনগৰ, গুৱাহাটী

মাটিৰ শৰীৰ ইটো  মাটিত মিলিব
 ধুনপেছ মিছা কিয় লাগিছে কৰিব,
চুলিত ধৰিছে যমে এতিয়াই নিব
 হেন জানি মনে তেওঁ ধৰ্ম আচৰিব।

 জগতৰ অগণন প্ৰাণীৰ ভিতৰত মানুহ শ্ৰেষ্ঠ। মানুহ শ্ৰেষ্ঠ এই কাৰণেই যে মানুহে চিন্তা-বিবেচনা কৰিব পাৰে। তদুপৰি মানুহে ভাষাৰ মাধ্যমেৰে মনৰ ভাব কৈ, লিখি প্ৰকাশ কৰিব পাৰে। সাবালক বয়স পোৱাৰ লগে লগে মানুহে নিজে কিছু চিন্তা কৰিব পৰা হয়। এই চিন্তা কৰিব পৰা শক্তি বা গুণৰ বাবেই একেখন মানৱ সমাজত ভিন ভিন প্ৰকৃতিৰ মানুহৰ সৃষ্টি হয়। কোনোৱে শাসক, কোনোৱে ব্যৱসায়ী, কোনোৱে উচ্চ পদস্থ বিষয়া, কোনোৱে ক’লা কৃষ্টি-সংস্কৃতি- ভাষা চৰ্চা, কোনোৱে অভিনয়, খেল-ধেমালি, কোনোৱে বিলাসী আৰু কোনোৱে ত্যাগী হোৱাৰ সপোন দেখে। ত্যাগীজনে আধ্যাত্মিক চিন্তাত মন নিমজ্জিত কৰাৰ পৰিণতিত দিব্য দৃষ্টি লাভ কৰি উপলব্ধি কৰে জীৱনত লাহ-বিলাস, সকলো অসাৰ, যমৰ হাতৰ পৰা কোনেও সাৰিব নোৱাৰে, গতিকে পৃথিৱীত জীয়াই থকা অলপীয়া দিনকেইটা ধৰ্ম চিন্তা, ধৰ্ম আচৰণ কৰি অতিবাহিত কৰা উচিত। আৰু এনে চিন্তা গভীৰ সকলেই কয়—

অথিৰ ধন জন জীৱন-যৌৱন
 অথিৰ এহু সংসাৰ,
পুত্ৰ পৰিবাৰ  সবহু অসাৰ
 কৰব কাহেৰি সাৰ।

 কিন্তু সকলো মানুহে এনে বৈৰাগী ভাবাপন্ন নহয়। মানৱ জীৱন লাভ [ ৫৮ ] কৰি পোৱা চিন্তাশক্তিৰ উৎকৰ্ষ সাধন কৰি নিজৰ আৰু জগতৰ কি কল্যাণমূলক কাম কৰি থৈ যাব পাৰি সেই আদৰ্শ লৈ বহুজনে জীৱন যুদ্ধত অৱতীৰ্ণ হয়। সংসাৰখন সুখৰ নহয়— কাৰোবাৰ ভাগ্যত জীৱন জকমকীয়া ফুলেৰে সজোৱা বেদী বা উদ্যান আৰু কাৰোবাৰ বাবে কণ্টকাকীৰ্ণ আৰু মৰুময় হৈ পৰে। পোৱাটোক কোনোবাই অপ্ৰয়োজনীয় বুলি গণ্য কৰে আৰু আন এজনে তাকেই পাবৰ বাবে হিয়া ধাকুৰি হাবাথুৰি খাই ফুৰে।
 এটা মাৰ্জিত, সমাহিত জীৱন যাপনৰ বাবে মানুহৰ কিছুমান এৰাব নোৱাৰা প্ৰয়োজন আছে। সভ্য সমাজৰ মানুহে অন্ন-বস্ত্ৰৰ সন্ধান নকৰাকৈ থাকিব নোৱাৰে। অন্ন-বস্ত্ৰৰ যোৰা মাৰিবৰ বাবেই মানুহে জীৱনত সৰু বৰ উপাৰ্জনমুখী কাম কৰাৰ প্ৰয়োজন হয়। আনকি ভৱিষ্যৎ জীৱনত কিবা কাম কৰাৰ বাবে, চাকৰি বা ব্যৱসায় কৰাৰ বাবে বিবিধ বিদ্যা শিক্ষাৰ প্ৰয়োজন হয়। বজাৰৰ বস্তুৰ দৰে পইচা দি আয়াসতে কিনি আনিব নোৱাৰি যদিও এই বিদ্যা আহৰণৰ প্ৰক্ৰিয়াত ধনৰ প্ৰয়োজন হয় আৰু আওপকীয়াকৈ ক'ব লাগিলে বিদ্যা ক্ৰয়ৰ বাবেও এই ধনৰ প্ৰয়োজন হয়। উপযুক্ত সময়ত ধনৰ অভাৱৰ হেঁচাত বহুতো বুদ্ধিমান মানুহৰ বুদ্ধি বিকাশৰ সুবিধা হেৰায়।
 এনে বুদ্ধি বিকাশৰ সুবিধা নোপোৱা একশ্ৰেণী মানুহে দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰু যুক্তিবাদী চিন্তাৰে পৰিচালিত হৈ জীৱনত নোপোৱাক পোৱাৰ অহোপুৰুষাৰ্থ কৰে। বাধা-বিঘিনি যিমান আহিলেও সেইবোৰক প্ৰতিহত কৰি আগুৱাই যোৱাৰ যত্ন কৰে। ইয়াৰে কিছুমানক সৌভাগ্যই লগ দি চমক লগোৱা জীৱনৰ পিনে উধাই তোলে আৰু কিছুমানৰ কষ্টলব্ধ প্ৰতিভাই বিকাশ লাভৰ সৌভাগ্য লাভ নকৰে। ইয়াকে কোৱা হয়— Many Miltons die un- known due to luck and proper chance. আমাৰ সমাজত বহুতো অনাবিষ্কৃত মেধা বা প্ৰতিভা জনমানসৰ অবগত ননাহোৱাকৈ ৰৈ যায়।
 প্ৰয়াত বন্ধু উমেশ বৈশ্য নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আধৰুৱা শিক্ষা লৈ গুৱাহাটী মহানগৰীত উপস্থিত হৈছিল সত্তৰৰ দশকত। আৰ্থিক দৈন্যতাই শিক্ষা সম্পূৰ্ণ কৰিব নিদিয়াত, মনৰ দৃঢ়তা আৰু একাগ্ৰতা লৈ জীৱিকাৰ সন্ধান আৰু শিক্ষা লাভৰ স্পৃহা লৈ মহানগৰৰ মহাসমুদ্ৰত ভৰি দিছিল। আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ বাবে বৈশ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়া বিষয়ত ভৰ্তি হৈছিল। বৈশ্যৰ মুখে স্পষ্টকৈ শুনা নাছিলো যদিও সম্ভৱতঃ তেখেত সেই সময়ত ৰিহাবাৰী অঞ্চলত আছিল। কথা প্ৰসংগত [ ৫৯ ] এদিন বিশ্ববিদ্যালয়লৈ যােৱা বিড়ম্বনাৰ কথা কোৱা আজিও মােৰ স্পষ্ট মনত আছে। শ্ৰেণীত উপস্থিত থকাৰ প্ৰৱল ইচ্ছা কিন্তু সেই সময়ত দীঘলীপুখুৰীৰ পাৰৰ পৰা বিশ্ববিদ্যালয়লৈ যাতায়ত কৰা বিশ্ববিদ্যালয়ৰ বাছত দিবলগীয়া পঞ্চাশ পইচা ভাড়া লগত নাছিল। উপায়হীন হৈ নিজৰ জেপখালী অৱস্থাৰ কথা কৈ বিশ্ববিদ্যালয়ৰ বাছৰ কণ্ডাক্টৰজনক অনুৰােধ কৰিছিল বিনাভাড়াই তেখেতক নিবলৈ। ইতস্ততঃ কৰিছিল যদিও কণ্ডাক্টজনে তেখেতক বাছত লৈ গৈছিল। এয়া বৈশ্যৰ দৃঢ়তা, একাগ্ৰতা আৰু আর্থিকভাৱে দুৰ্বলতাৰ পৰিচয়। পৰিস্থিতি বিসংগতিপূর্ণ হলেও মানুহজন হাৰমনা স্বভাৱৰ নাছিল।

 বৈশ্য মােৰ আগৰ পৰিচিত ব্যক্তি নাছিল। ১৯৬৫-৬৬ চনত মই গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যােগদান কৰিছিলাে। বৈশ্য আছিল বাণীকান্ত মেমােৰিয়েল গার্লচ হাইস্কুলৰ শিক্ষক। তেতিয়া বাণীকান্ত ছােৱালী হাইস্কুল নতুনকৈ আৰম্ভ হৈছিল। শ্রেণী পাঠদান আৰম্ভ কৰা হৈছিল আর্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় গৃহত ৰাতিপুৱাৰ ভাগত। সেই সময়ত মই প্রয়াত বৈশ্যৰ সৈতে পৰিচয় হােৱাৰ সুযােগ পাইছিলাে।

 সেই সময়ত চাকৰিৰ দৰ্মহাৰে আমি নিজৰ খৰচ আৰু ঘৰত থকা মা- দেউতা, ভাই-ভনীৰ খৰচ যােগােৱা টান হােৱাৰ বাবে ঘৰে ঘৰে গৈ গৃহ শিক্ষকতা কৰিছিলাে। গৃহ শিক্ষকতা কৰি মাহৰ গােটেইকেইটা দিনৰ ভিতৰত ৬০/৭০ টকা মাননী পাইছিলাে। চাইকেল একোখন লৈ এঘৰৰ পৰা আন এঘৰলৈ যাওঁতে, কেতিয়াবা ঘৰলৈ ওভটোতে আমি প্রায়ে লগালগি হৈ সুখ- দুখৰ, আলৈ-আহুকালৰ, ব্যক্তিগত জীৱনৰ কথাও মুকলিভাৱে পাতিছিলাে। সেই সময়ত আমি কিছুমান শিক্ষকে গৃহ শিক্ষকতা কৰােতে অংক-ইংৰাজী আদি প্রায়বােৰ বিষয়কে শিকাইছিলাে। বৈশ্য আছিল তেতিয়াৰ দিনত আই এছ ছি, বি এ পাছ। এম এ পাঠ্যক্রম শেষ কৰিছিল যদিও তেতিয়াও পাছ কৰা নাছিল। আমি আর্য বিদ্যাপীঠ কলেজৰ নৈশ শাখাত বি এ পঢ়ি থকা কালতে বৈশ্যই এম এ ফাইনেল পৰীক্ষা দিছিল শিক্ষক-প্রাইভেট পৰীক্ষার্থী হিচাপে। সেই পৰীক্ষাত অসমীয়া কিবা ছন্দৰ উদাহৰণ দিবলগীয়া হােৱাত প্রখৰ বুদ্ধিৰ বৈশ্যই নিজে লিখা কবিতাৰপৰা সেই উদাহৰণ দিছিল। উদাহৰণটো পৰীক্ষকে সচৰাচৰ ক্ষেত্ৰত পােৱা, প্ৰায়ে সকলাে পৰীক্ষাৰ্থীয়ে দিয়া উদাহৰণ নােহােৱা বাবে শুদ্ধ উদাহৰণ বুলি বিবেচনা কৰিব নােৱাৰাৰ দোষত উত্তৰৰ উদাহৰণটো [ ৬০ ] ভুল প্ৰতিপন্ন হৈছিল আৰু ফলত সেই পৰীক্ষাত বৈশ্য অকৃতকাৰ্য হৈছিল। সেই উদাহৰণ যে ভুল হোৱা নাছিল সেইকথা তেখেতে আমাক প্ৰসংগক্ৰমে যুক্তি সহকাৰে কৈছিল আৰু পৰীক্ষাৰ্থীৰ উত্তৰ বহী যথোচিতভাৱে পৰীক্ষা নকৰা বুলি পৰীক্ষা পুনৰ নিদিবলৈ একপ্ৰকাৰ স্থিৰ কৰিছিল। আমি আৰু এবাৰ পৰীক্ষকে বিচৰা মতে সকলো উদাহৰণ অথবা প্ৰশ্নৰ উত্তৰ লিখি পৰীক্ষা দিবলৈ বৰকৈ অনুৰোধ কৰিছিলো। তেতিয়া মনৰ ক্ষোভ সংযত কৰি পিছৰবাৰ পৰীক্ষা দি এম এ উপাধি লাভ কৰিছিল।

 ১৯৬৬ চনৰপৰা ১৯৮১ চনলৈ বৈশ্যক সঘনে লগ পোৱাৰ সুবিধা পাইছিলোঁ। ১৯৬৭ চনত আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষকসকলে গুৱাহাটীত বসতি কৰাৰ বাবে মাটিৰ সন্ধান কৰিছিল। ৰিহাবাৰীৰ বৰ্তমানৰ ডি আই জি অফিচ আৰু কোৱাৰ্টাৰ নিৰ্মাণ হোৱা ঠাইডোখৰ মুকলি পথাৰ হৈ আছিল। আমাৰ কেইবাজনো শিক্ষকে লগ হৈ তাতেই মাটি দখল কৰাৰ বাবে দুই-চাৰিজনে একোটা গোট হৈ একোটা খেৰ বাঁহৰ জুপুৰী ঘৰ বান্ধিছিলো। সহকৰ্মী বন্ধু শ্ৰীমাণিক চন্দ্ৰ দত্ত, শ্ৰীগোপী মোহন ভট্টাচাৰ্য্য, শ্ৰীঅনিল ভট্টাচাৰ্য্য, প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য আৰু এই প্ৰবন্ধ লিখক আদিয়ে সেই ঠাইত পজা সাজিছিলোঁ। শ্ৰীমাণিক চন্দ্ৰ দত্ত আৰু প্ৰয়াত বৈশ্য বৰ সংগীতপ্ৰেমী লোক আছিল। চৰ্চাৰ বাবে তাতে দুই-এপদ সংগীতৰ সৰঞ্জামো ৰাখিছিল। তেতিয়া আমাৰ কলেজৰ অধ্যয়ন শেষ হোৱা নাছিল বাবে সেই ঘৰত আমি থকা নাছিলো। সম্ভৱ শ্ৰীদত্ত, গোপী ভট্ট আৰু বৈশ্যৰ সৈতে ৩/৪ জনমান সেই পঁজাত আছিল।

 ৫/৬ মাহমান সেই ঠাইত আশ্ৰয় লৈ থকাৰ পিছত চৰকাৰে আমাৰ সেই দখলৰ ঘৰবোৰ উচ্ছেদ কৰিছিল। সেই উচ্ছেদত তাতে থকা কেইজনৰ যথেষ্ট ক্ষতিও হৈছিল। ৰিহাবাৰীৰপৰা উচ্ছেদ কৰিলেও শিক্ষকসকলে মাটি দখল কৰাৰ উদ্যম হেৰোৱা নাছিল। সেইবাৰ আহি বিৰুবাৰীত কালাপাহাৰৰ দাঁতিভাগত, বৰ্তমান যি ঠাইত শ্ৰীযুত দত্ত, প্ৰয়াত বৈশ্য, প্ৰয়াত ৰোহিনী কুমাৰ শৰ্মা, শ্ৰীৰথীন্দ্ৰলাল শৰ্মা আদিৰ ঘৰ আছে সেই ঠাইত মাটি দখল কৰিছিল। মাটি দখলৰ প্ৰাথমিক স্তৰত অৰ্থাৎ হাবি জংঘল কটাৰ সময়ত আমি আছিলো যদিও পাহাৰৰ মাটি পছন্দ নোহোৱাত আমি ৰূপনগৰত মাটি কিনি থাকিবলৈ লৈছিলো।

 ১৯৬৮-৬৯ চন মানত শিক্ষা বিভাগৰপৰা এখন জাননী প্ৰকাশ পাইছিল [ ৬১ ] যে কোনো শিক্ষকে দুজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ গৃহ শিক্ষকতা কৰিব নোৱাৰিব। আৰু মাননি বাবদ ৬০ টকাৰ অধিক ধন ল’ব নোৱাৰিব। পিছে এই জাননী তেতিয়া হিতে বিপৰীত হোৱাদি হ’ল। অভিভাৱকসকল যথেষ্ট অসুবিধাত পৰিল। শিক্ষকসকল উক্ত জাননীৰ গইনা লৈ দুটাতকৈ অধিক ছাত্ৰ-ছাত্ৰীক গৃহ শিক্ষকতাৰ বাবে যাব নোখোজা হ’ল। তেতিয়া ওচৰা-ওচৰি অভিভাৱকে এঘৰতে দুই বা তিনিজনী ছাত্ৰ-ছাত্ৰী গোট খুৱাই পঢ়াই দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছিল আৰু মাননিৰ নিৰিখো ৭০/৮০ টকা দিবলৈ ধৰিছিল। খুব সম্ভৱ তেতিয়াৰে পৰাই টিউটৰিয়ে গ্ৰুপ পাঠদানৰ ব্যৱস্থাৰ প্ৰসাৰ ঘটিছিল।

 সেই সময়ত প্ৰয়াত বৈশ্যই গৃহ শিক্ষকতাৰ মাননি সন্দৰ্ভত দেখুওৱা এটা যুক্তিৰ কথা উল্লেখ কৰাৰ বাবেই আমি ওপৰৰ কথাখিনিৰ অৱতাৰণা কৰিছোঁ। তেখেতৰ যুক্তি আছিল যে আমি শিক্ষকসকল মানসিক চিকিৎসক। কিন্তু এই চিকিৎসাৰ বাবে আমাৰ কোনো জোখ লোৱা বা পৰীক্ষা কৰাৰ যন্ত্ৰ বা সঁজুলি নাই। কেৱল আচৰণ অথবা কৰ্ম পদ্ধতি চাই আমি নিৰাময়ৰ ব্যৱস্থা কৰে। গতিকে আমাক ৭০/৮০ টকা নহয় ১০০ টকা মাননি দিলে অভিভাৱকৰ ক্ষতি নহয়। সেই সময়ত অভিভাৱকসকলে গৃহ শিক্ষকক ১০০ টকাতকৈ কম মাননি দিয়াৰ এক প্ৰৱণতা আছিল বাবেই এই যুক্তি প্ৰদৰ্শন কৰা হৈছিল।

 অংক, ইংৰাজী, অসমীয়া আদি পঢ়োৱাৰ উপৰিও স্কুলত বৈশ্যই সংস্কৃত বিষয়ে পঢ়াইছিল। সংস্কৃত পাঠদানৰ বাবে এসময়ত এটা অভিযোগ উত্থাপন হৈছিল। সেই সময়ত বিদ্যালয়সমূহত অষ্টম-দশম শ্ৰেণীত সংস্কৃত এটা বাধ্যতামূলক বিষয় আছিল। সকলো পৰীক্ষাৰ্থীয়ে লিভিং পৰীক্ষাত ১০০ নম্বৰৰ সংস্কৃত বিষয়ৰ পৰীক্ষা দিব লাগিছিল। সংস্কৃতৰ পাঠ্যক্ৰমত সীতাহৰণ নামেৰে সংস্কৃত ৰামায়ণৰ পৰা দিয়া পাঠ একাংশ আছিল। সেই পাঠত সীতাৰ শাৰীৰিক সৌন্দৰ্য তথা ৰূপৰ বৰ্ণনা আছিল। সেই বৰ্ণনা ইমান উৎকট আৰু উদ্দীপক আছিল যে বহুতো সংস্কৃত শিক্ষকে পাঠৰ সেই অংশ ছাত্ৰ-ছাত্ৰীক নিশিকাইছিল। কিন্তু বৈশ্য ডাঙৰীয়াই সেই পাঠাংশও ছাত্ৰীসকলক পঢ়াই দিয়াত ছাত্ৰী আৰু অভিভাৱকসকলে সেয়া গৰ্হিত কাম বুলি অভিযোগ আনিছিল। সেই অভিযোগৰ উত্তৰত প্ৰয়াত বৈশ্যই দৃঢ়তাৰে যুক্তি প্ৰদৰ্শন কৰিছিল যে শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা পাঠাংশহে তেখেতে পঢ়াই দিছে। সেই পাঠ অশ্লীল বুলি বিবেচিত হলে বিভাগীয় পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন। সেই সময়তে কাকতে-পত্ৰে ওলাই আছিল যে স্কুলীয়া পৰ্যায়ত [ ৬২ ] যৌন শিক্ষা বিষয়ক পাঠ্যক্রম দিয়াৰাে চিন্তা-চৰ্চা চলি আছিল। প্রসংগত সেই কথালৈয়াে আঙুলিয়াই তেখেতে নির্ভীক যুক্তি প্রদর্শন কৰিছিল।

 সময়ৰ গতিত তেতিয়া অশ্লীল বুলি গােপন কৰি ৰখা কথাবােৰৰ বহুতেই এতিয়া মুকলি হৈ পৰিল। পৰিয়াল পৰিকল্পনা, বন্ধ্যাকৰণ, যৌন শিক্ষা আদি বিষয়ে কাকতে-পত্রে, ৰেডিঅ’, দূৰদৰ্শন আদি মাধ্যম যােগে বর্তমান বাধাহীন- ভাৱে প্ৰচাৰ হ’ব ধৰিছে। এই প্রচাৰৰ বিৰােধিতা বর্তমান অবান্তৰ বুলিহে মানুহৰ ধাৰণা হ’ব ধৰিছে।

 প্রয়াত বৈশ্য কেৱল শিক্ষকেই নাছিল। তেখেত আছিল ভালেমান সজ গুণৰ সমাহাৰ। সংগীত সাধনা তেখেতৰ হেপাহৰ আছিল। ঘৰতে সংগীত চর্চা আৰু শিকোৱাৰ ব্যৱস্থা কৰিছিল। বাসৰ ঘৰটোৰ নাম সংগীতাশ্রম ৰখাৰ পৰাই সংগীতৰ প্ৰতি থকা তেখেতৰ গভীৰ শ্ৰদ্ধাৰ সম্ভেদ পাব পাৰি। সংগীত বিদ্যালয়খনৰ নাম ৰাখিছিল তেখেতৰ জ্যেষ্ঠ পুত্র শ্রীমান জীৱনজ্যোতি বৈশ্যৰ নামেৰে ‘জীৱনজ্যোতি সংগীতাশ্রম’। তেখেত এজন সুলেখকো আছিল। হয়তাে ছাত্ৰাৱস্থাতে লিখা কোনাে কবিতাৰ পৰাই এম এ পৰীক্ষাত ছন্দৰ উদাহৰণ দিছিল।

 ১৯৮১ চনৰ পিছত বৈশ্য ডাঙৰীয়াক মই বৰকৈ লগ পােৱা নাছিলোঁ। ১৯৭৯-৮৩ৰ সময়ছােৱা অসমৰ বাবে এক দুর্যোগ আছিল। চুবুৰীয়া বাংলাদেশৰ পৰা অসমলৈ হােৱা ভয়াবহ বাংলাদেশী অনুপ্রবেশকাৰী বিতাৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদৰ যৌথ আহ্বানত সমগ্র অসমজুৰি বিদেশী বহিষ্কাৰ আন্দোলন চলিছিল। ৰাজ্য বা কেন্দ্রীয় চৰকাৰে বিদেশী বহিষ্কাৰৰ কোনাে যত্ন নকৰি কেৱল আন্দোলন দমনৰ বাবে সর্বশক্তি প্রয়ােগ কৰাৰ ফলত দেশৰ এক ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। বহুতাে আন্দোলনকাৰী নিৰীহ লােকে পুলিচ-মিলিটাৰীৰ বন্দুকৰ গুলীত প্রাণ হেৰুৱাব লগা হৈছিল। স্কুল-কলেজ, সভা-সমিতি সকলাে বন্ধ হৈ পৰিছিল। জনসাধাৰণে নির্ভয় মনে বাটে-ঘাটে ওলাই ফুৰিব নােৱাৰা পৰিবেশ হৈছিল।

 সেই আন্দোলনে প্রতিজন অসমীয়া মানুহৰ মন চুই গৈছিল। ছাত্ৰ সন্থা আৰু গণ সংগ্রাম পৰিষদৰ সেই অহিংস আন্দোলনত সকলাে অসমবাসীয়ে অকুণ্ঠ সহযােগ আগবঢ়াইছিল বিদেশীমুক্ত অসম এখন পােৱাৰ আশাত। ১৯৮৩ চনত সেই আন্দোলন চুক্তি সাপেক্ষে বন্ধ হৈছিল যদিও বিদেশী তেতিয়া কিয় আজিও নগ’ল, সমস্যা সমস্যা হৈয়ে ৰ'ল। দেশৰ সেই বিপন্ন কালত দেশক [ ৬৩ ] ভালপোৱা প্ৰতিজনৰ অন্তৰত দেশ ৰক্ষাৰ বাবে সাহস আৰু ভাৱ-চিন্তা প্ৰেৰণাৰ সঞ্চাৰ ঘটিছিল আৰু সেই ভাৱ স্বদেশপ্ৰীতি স্বাক্ষৰ হৈ কবিতা-প্ৰবন্ধ-গল্প ৰূপত প্ৰকাশ পাইছিল।

 বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰাৰম্ভতে ১৯৭৯ চনৰ ডিচেম্বৰ মাহত বৈশ্য ডাঙৰীয়াই ‘অশান্ত জন্মভূমি’ নামে কবিতা পুস্তিকা এখন প্ৰকাশ কৰিছিল। তেতিয়াই ১৩/১২/৭৯ তাৰিখে তেখেতে নিজে আমাৰ ৰূপনগৰৰ ঘৰলৈ আহি পুস্তিকাখনৰ এটা কপি মোক দিছিল। পুস্তিকাখন পঢ়ি চাই সন্তৰ্পণে ৰাখি থৈছিলো। ১৯৮১ চনৰপৰা তেখেতৰ পিছৰ জীৱনকালছোৱাত মই প্ৰায়েই লগ পোৱা নাছিলো। ১৯৮১ চনত আমি আৰ্য বিদ্যাপীঠ এৰি নুনমাটি তাৰ পাছত সাতগাঁও আদি দূৰৰ ঠাইলৈ চাকৰিসূত্ৰে যাব লগা হোৱাত গুৱাহাটীৰ পশ্চিম ফালটো আমাৰ বাবে অজ্ঞাত হৈ পৰিছিল।

 এই সময়ছোৱাত তেখেতে চাকৰি কৰা বাণীকান্ত ছোৱালী হাইস্কুলৰ ভালেখিনি পৰিবৰ্তন হৈছিল। ঘৰ-দুৱাৰ সলনি হোৱাৰ উপৰিও বিদ্যালয়খন উচ্চ বিদ্যালয় গুচি উচ্চতৰ বিদ্যালয় হৈছিল। উচ্চতৰ বিদ্যালয় হোৱাত তেখেত এসময়ত সেই বিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্ত হৈছিল। তেখেত অধ্যক্ষ হৈ কাৰ্যনিৰ্বাহ কৰা কালত আমি গুৱাহাটীৰ সাতগাঁও হাইস্কুলত প্ৰধান শিক্ষক হৈ আছিলো। সেই সময়তে এবাৰ ভোট গ্ৰহণৰ সময়ত সাতগাঁও হাইস্কুললৈ প্ৰিজাইডিং অফিচাৰ হৈ যাওতে তেখেতক আমি লগ পাইছিলো। বহুদিনৰ মূৰত লগ পাই উভয়ে খা-খবৰ বিনিময় কৰিছিলোঁ। তেতিয়া তেখেতৰ শৰীৰ বৰ ভালে থকা নাছিল। সেই লগ পোৱাৰ পিছত তেখেতক লগ পোৱাৰ সৌভাগ্য আমাৰ আৰু নঘটিল।

 বৈশ্য ডাঙৰীয়াৰ ‘অশান্ত জন্মভূমি’ পুস্তিকাখনিৰ নামটোৱে ১৯৭৯ চনত আৰম্ভ হোৱা অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত দেশখনত দেখা দিয়া অস্থিৰ আশংকা ভৰা পৰিস্থিতিৰ ইংগিত বহন কৰিছে। পুস্তিকাখনিত ‘অশান্ত জন্মভূমি’, ‘জ্ঞানীবৰ, তুমি ওলাই আহা’, ‘নিৰাপত্তা আজি শেষ,’ ‘তোৰ জাতীয় জীৱন গঠন কৰ’, ‘সাৰে থাক সাৰে থাক’, ‘আমি যুৱক যুঁজাৰু দল’, ‘হবি তই সাৱধান’, ‘আজি তোৰ ৰক্ষা নাই’, ‘নিকা হ’ক এই মাটিখান’- এই নটা কবিতা সন্নিবিষ্ট হৈছে। প্ৰতিটো কবিতাৰ যি শিৰোনামা দিয়া হৈছে। তাতেই কবিৰ অন্তৰৰ দেশ ৰক্ষাৰ প্ৰৱল আকাংক্ষাৰ ভাৱ প্ৰকট হৈ পৰিছে। এজন দেশপ্ৰাণ লোকৰ এয়া অন্তৰৰ আকুতি। দেশ ৰক্ষাৰ বাবে দেশবাসীক [ ৬৪ ] কৰা উদাত্ত আহ্বান। কবিতাবােৰৰ ভিতৰত যেন অম্বিকাগিৰীৰ কবিতাৰ ভাৱ সােমাই আছে তেনে অনুমান হয়। হয়তাে কালে সংহাৰ নকৰিলে দেশে আৰু এজন অম্বিকাগিৰী পালেহেঁতেন।

 কবিতা পুস্তিকাখনিৰ কবিতাসমূহৰ আটাইখিনি কথা কবিৰ ‘উছৰ্গা’ শিতানত নিজে এইদৰে উল্লেখ কৰিছে ‘দেশ প্রেমিকৰ দেশদ্রোহত, ক্ষমতালােভীৰ ষড়যন্ত্রত দেশ খাণ্ডৱ দাহ হােৱাৰ উপক্ৰম হৈছে। মাতৃভূমিৰ অস্তিত্ব প্রায় শেষ হওঁ হওঁ। এই বিপদকালত সমগ্র দেশবাসী ঐক্যবদ্ধ হৈ শত্রু নিধন যজ্ঞ নাপাতিলে দেশৰ আজি কল্যাণ নাই। এই যজ্ঞৰ মন্ত্ৰধ্বনিৰ চিন্তা কৰােতেই ভাবৰ উষ্মাত গীতি-কবিতা ৰূপত ৰূপায়িত হ’ল মােৰ এই ‘অশান্ত জন্মভূমি।’

 ‘অশান্ত জন্মভূমি’ক মই সেই সকলৰ হাতত তুলি দিলোঁ— যি সকলে আজি শান্ত জন্মভূমি কামনা কৰি জীৱন-মৰণৰ যুদ্ধত প্রবৃত্ত হৈছে। বিদেশীমুক্ত অসম এখন পাবলৈ বিদেশী বহিষ্কাৰ আন্দোলনৰ পাতনি মেলা ‘সদৌ অসম ছাত্ৰ সন্থা’ আৰু ‘সদৌ অসম গণ সংগ্রাম পৰিষদ’ প্ৰমুখ্যে আন্দোলনত হাত উজান দিয়া দেশপ্রাণ অসমীয়া ডেকালৈ কবি বৈশ্যৰ এই উছৰ্গা বুলি লেখাখিনিত স্পষ্ট হৈ পৰিছে। লগতে স্পষ্ট হৈছে কবিৰ নিকা দেশপ্রেম। পুস্তিকাখনিৰ শেষৰ পাঁচটা মাত্র শাৰীৰ এটা স্তৱকৰ ‘নিকা হ’ক এই মাটিখান’ শীর্ষক কবিতাটিতে কবিৰ অন্তৰৰ তীব্র আকাংক্ষা প্রকাশ পাইছে—

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
তুলি যাওঁ উত্তাল বান,
মৰা সুতি, বিল, খাল আছে যত সমাজৰ
কৰি যাওঁ সকলাে সমান,
নিকা হ’ক এই মাটিখান।

 ইংৰাজী সাহিত্যৰ ৰােমাণ্টিক যুগৰ পঞ্চ কবিৰ এজন আছিল কবি শ্যেলী। পাৰ্ছি বাইছি শেলী ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা কিছুমান পূৰ কৰিব নােৱাৰা মানসিক সন্তাপত ভুগিছিল আৰু সেইবাবেই শ্যেলীৰ কবিতাত সমাজৰ কলুষ-কালিমা আঁতৰাই এখন সুন্দৰ সমাজ গঢ়াৰ ভাৱত বিদ্রোহী আছিল। কবি শ্যেলীয়ে মনৰ সেই ক্ষোভ বা বিদ্রোহ ৰূপকৰ সহায়ত প্রকাশ কৰিছিল। কবিৰ Ode to the West Wind কবিতাত সেই ভাব প্রকাশ পাইছে। West Wind - ‘পশ্চিমা বতাহ’ কবিৰ বাবে দুটা ৰূপত প্রকাশিত [ ৬৫ ] হৈছে- destroyer and preserver – বিধ্বংসী আৰু সংৰক্ষণকাৰী।

 প্ৰয়াত কবি বৈশ্যৰ উক্ত এটা স্তৱকৰ কবিতাটিত সকলো অপকৃতি আঁতৰাই, খাল-বিল সমান কৰা প্ৰলয়ৰ দৰে, সমাজৰ যতমানে কলুষতা আঁতৰাই ‘এই মাটিখান' অৰ্থাৎ জন্মভূমিক নিকা ৰূপত সজাই তোলাৰ দুৰ্বাৰ আকাংক্ষা প্ৰকাশ পাইছে। হয়তো কবিৰপৰা আমি আমাৰ সাহিত্য ভাণ্ডাৰলৈ আৰু অধিক বৰঙণি পালোহেঁতেন; কিন্তু জীৱন যুদ্ধত কৰি অহা দুৰ্দান্ত পৰিশ্ৰমৰ ফলতে হয়তো তেখেতৰ জীৱদ্দশা ক্ৰমাৎ টুটি আহিছিল আৰু জীৱনৰ বহু কামকে আধৰুৱা কৰি আমি কেতিয়াও লগ নোপোৱা সেই অজ্ঞাত ধামলৈ গুচি গৈছিল। অজান ৰাজ্যলৈ গতি কৰা তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু দূৰৰ পৰাই বংশ পৰিয়ালক সাহস, প্ৰেৰণা, উদ্যম যোগাওক যাতে তেখেতৰ আধৰুৱা আৰু মনত ভবা কামবোৰ তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰে।

 এই সুযোগতে প্ৰয়াত বৈশ্যদেৱৰ সহধৰ্মিনী আৰু চাৰি সুযোগ্য পুত্ৰই তেখেতৰ স্মৃতিত স্মৃতি-পত্ৰিকা প্ৰকাশৰ দৰে এক প্ৰশংসনীয় উদ্যোগ লোৱাত আমি অতি আনন্দিত হ'লোঁ আৰু শ্ৰীমান শেখৰজ্যোতি বৈশ্যই কৰা অনুৰোধ ৰক্ষা কৰি প্ৰয়াত বৈশ্যদেৱক আমি জনামতে তেখেতৰ পৰিচয় এই লেখাত প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছোঁ। অজ্ঞাতে হোৱা ভুল-ভ্ৰান্তিৰ বাবে সকলোটিৰে ওচৰত আমি ক্ষমা বিচাৰিছো— ভগৱতা যৎবিধিয়তে সৰ্বমংগলায়।•

(লেখক সাতগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৬৬ ]

অগ্ৰজপ্ৰতীম বন্ধু প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য

দণ্ডধৰ চক্ৰৱৰ্তী
নামদোঙা, নলবাৰী

 জন্মস্বত্বে লৈ অহা কিছু প্ৰতিভা আৰু সম্ভাৱনা লৈয়ে উমেশ চন্দ্ৰ বৈশ্যই জন্মগ্ৰহণ কৰিছিল ইং ১৯৩৯ চনৰ ৩ অক্টোবৰ তাৰিখে শক্তিমাৰ্গৰ মহাপীঠ কালীমন্দিৰৰ সমীপত, বালিলেছা গাঁৱত। নলবাৰী চহৰৰ পৰা এই গাঁৱলৈ দূৰত্ব মাত্ৰ আঢ়ৈ কিলোমিটাৰ দক্ষিণত। তেওঁৰ পিতৃ আছিল প্ৰয়াত বন্তিম বৈশ্য আৰু মাতৃ প্ৰয়াত পবিত্ৰপ্ৰিয়া বৈশ্য। জ্যেষ্ঠ সন্তান হিচাবে উমেশ চন্দ্ৰ বৈশ্যই পিতৃ-মাতৃৰ পৰা যথেষ্ট মৰম-স্নেহ পাইছিল সঁচা কিন্তু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে সময়ে সময়ে তেওঁ পাবলগীয়া সুবিধাকণৰ পৰা বঞ্চিত হ'বলগীয়াও হৈছিল। কিছু আৰ্থিক দুখ-কষ্ট আৰু পাৰিপাৰ্শ্বিক সীমিত সা-সুবিধাৰ মাজেৰেই ইং ১৯৪৫ চনত বালিলেছা এম. ভি. স্কুলত তেওঁক নাম ভৰ্তি কৰাই দিছিল। সন্তানক এখন বিদ্যালয়ত নাম লিখি দি সকলো পিতৃ-মাতৃয়ে এখন আশাৰ ছবি অংকন কৰাৰ দৰে বৈশ্যৰ পিতৃ- মাতৃয়েও বহু আশা-প্ৰত্যাশাৰ ছবি মনৰ মাজত আঁকিছিল। সন্তানৰ সাৰ্থকতালৈ বাট চাইছিল। ইং ১৯৫২ চনত বৈশ্যই বৃত্তি লাভ কৰি সুখ্যাতিৰে এম.ভি. পাছ কৰি পিতৃ-মাতৃৰ আশাৰ প্ৰাথমিক স্বৰ্ত্ত পূৰণ কৰিবলৈ সক্ষম হৈছিল। এম.ভি. পাছ কৰাৰ পাছত উমেশ চন্দ্ৰ বৈশ্যই কেইমাহমানৰ বাবে নলবাৰীৰ দেবীৰাম পাঠশালা হাইস্কুলত পঢ়িবলৈ লৈছিল, কিন্তু কোনো কাৰণত সেই স্কুলৰ পৰা নলবাৰী গৰ্ডন হাইস্কুললৈ গৈ তাত নামভৰ্তি কৰে আৰু সেই স্কুলৰ পৰাই ইং ১৯৫৯ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। বালিলেছাৰ এম.ভি. স্কুলত পঢ়া সময়ত বৈশ্য আমাতকৈ এক শ্ৰেণী ওপৰত পঢ়িছিল; কিন্তু প্ৰৱেশিকা পৰীক্ষা আমাতকৈ এবছৰ পাছতহে পাছ কৰিলে। সেই সময়ৰ শিক্ষা ব্যৱস্থাই এই ঘটনা ঘটাইছিল। মজলীয়া বিদ্যালয়ৰ পৰা এম.ভি. অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰীক্ষা পাছ কৰি হাইস্কুলত আকৌ পঞ্চম শ্ৰেণীতহে নাম ভৰ্তি কৰিব লাগিছিল। শিক্ষা ব্যৱস্থাৰ এই বিধিগত দিশৰ বাবেই জ্যেষ্ঠ ভাতৃস্বৰূপ অগ্ৰজ উমেশ চন্দ্ৰ [ ৬৭ ] বৈশ্য আমাৰ অনুজস্বৰূপ হ’ল। সেই সময়ত তেওঁৰ নলেগলে লগা অন্যতম বন্ধু আছিল সৰু দীঘেলী গাঁৱৰ শ্ৰেষ্ঠ সংস্কৃত পণ্ডিত অধ্যাপক প্ৰয়াত শ্ৰীকণ্ঠ ভট্টাচাৰ্যৰ পুত্ৰ শ্ৰীলাৱণ্য ভট্টাচাৰ্য। ছায়া আৰু কায়াৰ দৰে দুয়ো দুয়োৰে লগৰীয়া আছিল আৰু পিন্ধন-উৰণ সকলো দিশতে এক সাম্য সমতা ৰাখি চলিছিল। আমিবিলাক তেতিয়া প্ৰায় একে সময়তে স্কুললৈ গৈছিলোঁ। মই, শ্ৰীবিজয় শংকৰ কলিতা, শ্ৰীনাৰায়ণ মহন্ত, প্ৰয়াত কৃষ্ণকান্ত তালুকদাৰ, প্ৰয়াত দ্বিজেশ চন্দ্ৰ ভট্টাচাৰ্য, জিতেন শৰ্মা এই সকলো বিলাকে দলবান্ধি স্কুললৈ গৈছিলো। শ্ৰীলাৱণ্য ভট্টাচাৰ্য আৰু প্ৰয়াত বৈশ্য গৈছিল গৰ্ডন হাইস্কুললৈ, আমিবিলাক গৈছিলো নলবাৰী দেবীৰাম পাঠশালা হাইস্কুললৈ। আমাৰ লগত বৈশ্যৰ বন্ধুত্ব আছিল যদিও শ্ৰীভট্টাচাৰ্যৰ লগতহে বিশেষ আত্মীয়তা গঢ়ি উঠিছিল। এই ক্ষেত্ৰত একে অঞ্চলৰ আকৰ্ষণতকৈ একে স্কুলৰ সহপাঠীৰ সান্নিধ্যৰ আকৰ্ষণে বৈশ্যক অধিক প্ৰভাৱান্বিত কৰিছিল। ই সত্য। শিক্ষাবিধিয়ে টানি দিয়া ব্যৱধানৰ বাবে যদিও উমেশ চন্দ্ৰ বৈশ্য আমাতকৈ এটা বছৰ পাছত থাকিল তথাপি আমি বৈশ্যক কোনো দিনে নিম্নমানৰ বুলি ভবা নাছিলো, বৰং এম.ভি. পাছ কৰি যোৱা ল'ৰাৰ প্ৰতি আমাৰ যথেষ্ট উচ্চ ধাৰণাই আছিল। তেওঁলোক অসমীয়া ভাষা সাহিত্যৰ বিষয়ত অথবা ভূগোল, পৰিমিতি-জ্যামিতি, বুৰঞ্জী আদি বিষয়ত ভালেখিনি আগবঢ়া বুলি আমাৰ বিশ্বাস আছিল আৰু আমি তেওঁলোকক বৰ সমীহ কৰি চলিছিলোঁ। উমেশ চন্দ্ৰ বৈশ্যৰ প্ৰতিও আমাৰ তেনেকুৱা এটা উচ্চ ধাৰণা আছিল আৰু অগ্ৰজ ভাতৃৰ সন্মানেৰে ব্যৱহাৰ অটুত ৰাখিছিলোঁ। সেই সময়ত শিক্ষানুষ্ঠান সমূহত বিশেষকৈ উচ্চ খাপৰ ছাত্ৰ-ছাত্ৰী আৰু নিম্ন খাপৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আচৰণ বিধিৰ ক্ষেত্ৰত এক শালিনতাপূৰ্ণ পৰিবেশ আছিল, যিটো পৰিবেশ বৰ্তমান বিদ্যালয় বা মহাবিদ্যালয় সমূহত দেখিবলৈ পোৱা নাযায়। নিম্ন খাপ বা শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে উচ্চ খাপ বা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাতল ধৰণৰ কথা-বতৰা বা ব্যৱহাৰেৰে আচৰণ কৰাটো এক প্ৰকাৰ অপৰাধ বুলিয়েই গণ্য কৰা হৈছিল। তেনেকুৱা এটা মূল্যমানৰ ধাৰণা আগত ৰাখিয়ে আমিও বৈশ্যৰ লগত কথা- বতৰা বা হাঁহি-ধেমালিত মিলিত হৈছিলোঁ। শিক্ষাৰ পৰিবেশ তেতিয়া শান্ত আছিল। বন্ধ সংস্কৃতি তেতিয়া গঢ়ি উঠা নাছিল, শেখৰ-হৰপালে দেখা দিয়া নাছিল, ‘দাদা’ৰ সম্বোধন নাছিল।

 বৈশ্যই গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি নলবাৰী কলেজত [ ৬৮ ] আই. এছচি. পঢ়িবলৈ লৈছিল আৰু ইং ১৯৬২ চনত আই. এছচি. পাছ কৰি ঘৰুৱা দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে সাময়িক ভাবে কেইমাহমানৰ বাবে বড়িদতৰাৰ বিষ্ণুৰাম মেধি (বৰ্তমান) হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল। সেই সময়ৰ প্ৰধান শিক্ষক প্ৰয়াত সিদ্ধিনাথ শৰ্মাই বৈশ্যক আগ্ৰহেৰে মাতি নিছিল আৰু বন্ধু বিজয় শংকৰ কলিতাৰ লগতে প্ৰয়াত কৃষ্ণকান্ত তালুকদাৰদেৱে বৈশ্যক বড়িদতৰাৰ বিষ্ণুৰাম মেধি হাইস্কুলত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছিল। তেখেতসকল দুয়োজনে ইতিমধ্যে সেই স্কুলত শিক্ষকতা কৰি আছিল। গতিকে নিজৰ ঠাইৰ আৰু এজন উৎসাহী ডেকাক নিজৰ লগত পালে তেখেতসকলৰ শক্তি বৃদ্ধি হয় বুলিয়েই বৈশ্যকো তেখেতসকলৰ মাজলৈ টানিছিল। বৈশ্য তাত বেছিদিন নাথাকিল। তেওঁ পুনৰ কলেজত নাম লগালে। বিজ্ঞান শাখাৰ সলনি এইবাৰ তেওঁ কলা শাখালৈ আহিল আৰু ইং ১৯৬৪ চনত বি.এ. পাছ কৰি ইং ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। বিষ্ণুৰাম মেধি হাইস্কুলত শিক্ষকতা কৰি তেওঁৰ অন্তৰত শিক্ষকতা বৃত্তিটোৰ প্ৰতি এটি আকৰ্ষণৰ সৃষ্টি হৈছিল কিজানি যি কাৰণত তেওঁ বি.এ. পৰীক্ষা দি উঠিয়ে সাময়িক ভাবে কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্কো হাইস্কুল আৰু আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কাম কৰিছিল। নিজৰ আৰ্জিত যোগ্যতা আৰু সফলতাই তেওঁক সকলো ক্ষেত্ৰতে দুৱাৰ মুকলি কৰি দিছিল, ইখন স্কুলৰ পাছত আনখনে হাতবাউল দি মাতিছিল। কম সময়ৰ ভিতৰতে এনেকৈ এখনৰ পাছত আনখন শিক্ষানুষ্ঠানত সেৱা আগবঢ়োৱাৰ সুযোগ সকলোৰে ক্ষেত্ৰত আহি নপৰে অথবা সাৰ্থকতা দেখুৱাব পৰাতোও এক বিৰল ঘটনা। ইয়াৰ মাজতে বন্ধু বৈশ্যৰ কৰ্মজীৱনৰ এক বিশেষ নিপুণতাৰ দিশ বিচাৰি পাওঁ নাইবা কৰ্মস্পৃহাৰ অন্য এক অদম্য হেপাহে ইয়াৰ লগত অন্তৰ্নিহিত হৈ থকা দেখা যায়। শিক্ষকতাকে জীৱনৰ শেষ লক্ষ্য হিচাবে লৈ বৈশ্যই ইং ১৯৬৬ চনত গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী হাইস্কুলত (বৰ্তমান উচ্চতৰ মাধ্যমিক) যোগদান কৰি জীৱনৰ অন্তিম দিনলৈ সেই স্কুলত গতি-প্ৰগতিৰ সপোনৰ সোপানতে নিজক বিলাই দিছিল। এই শিক্ষানুষ্ঠানৰ প্ৰাত্যহিক কৰ্মৰ মাজত নিজক সংজৰিত কৰি ৰাখিয়ে তেওঁৰ বাবে প্ৰয়োজনীয় বি.টি. পৰীক্ষা দি ইং ১৯৮৫ চনত সেই পৰীক্ষাত উত্তীৰ্ণ হয়। এই সাফল্যই তেওঁৰ শিক্ষক জীৱনৰ স্থিতি মজবুত কৰিছিল। তেওঁৰ কাৰ্যকালৰ সময়তে সেই বাণীকান্ত সোঁৱৰণী [ ৬৯ ] ছোৱালী হাইস্কুল ইং ১৯৯১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়। গৌৰৱৰ আৰু আনন্দৰ কথা এয়ে যে ইং ১৯৯২ চনত এই বিদ্যালয়ৰ বিষয় শিক্ষক আৰু ইং ১৯৯৩ চনত ইয়াৰ উপাধ্যক্ষ পদ অলংকৃত কৰিবলৈ সক্ষম হয়। তেওঁ ঢাপে ঢাপে আগবাঢ়ি গৈছিল, উন্নতিৰ সোপান বগাইছিল আৰু ইং ১৯৯৫ চনত এই শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ উচ্চ আসনখনো পাবলৈ সক্ষম হৈছিল। বিদ্যালয়খনক এক গতিশীল মাত্ৰা প্ৰদান কৰিছিল। দুখৰ বিষয় এয়ে যে তেওঁক অৱসৰৰ শেষ সীমালৈ নিয়তিয়ে কাৰ্যনিৰ্বাহ কৰিবলৈ নিদিলে, আদবাটতে তেওঁৰ জীৱন বন্তি নুমাই দিলে অকালতে। ইং ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে তেওঁৰ জীৱনৰ গতি স্তব্ধ হৈ ৰৈ গ'ল। বৃন্তচ্যুত ফুলৰ দৰে তেওঁৰ জীৱন ফুল সৰি পৰিল; আশা-আকাংক্ষাবোৰে পূৰ্ণ ৰূপ লোৱাৰ বহু আগতে।

 বালিলেছা গাঁৱৰ নিঃস্ব দুৰ্বল পৰিবেশ আৰু পৰিস্থিতিৰ মাজৰ পৰা জীৱনৰ খোজ আগবঢ়াই নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ যোগেদি বৈশ্যই নিজক গঢ়ি তুলিছিল আৰু গুৱাহাটীৰ মাজমজিয়াত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দৰে মৰ্যাদাপূৰ্ণ পদত অধিষ্ঠিত হ’ব পাৰিছিল। কোনোবাই এই ঘটনা আৰু কাৰ্যপৰিক্ৰমাক সাধাৰণ বুলি ভাবিলেও আমি কিন্তু ইয়াক এক অসামান্য শক্তিৰ পৰিচায়ক বুলিয়েই অভিহিত কৰিম। কথাখিনিৰ লগে লগে মোৰ আন এটা কথালৈ মনত পৰিছে। আমি নলবাৰীৰ স্কুললৈ যোৱাৰ সময়ত উমেশ বৈশ্যৰ পিতৃয়ে প্ৰায়ে তেখেতসকলৰ পদূলিমুখত থিয় হৈ স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰক লক্ষ্য কৰিছিল আৰু সময়ে সময়ে আমাৰ আগত কৈছিল— ‘বোপা ভালকৈ পঢ়া-শুনা কৰিবা, অঞ্চলৰ নাম ৰাখিব লাগিব। বন্ধু বৈশ্যই পিতৃৰ এই হৃদয়ৰ আশা পূৰণ কৰিব পাৰিছিল, বালিলেছা গাঁৱৰ তথা অঞ্চলৰ গৌৰৱ ৰক্ষা কৰিব পাৰিলে।

 বন্ধু বৈশ্য এজন বিষয় শিক্ষক অথবা শিক্ষানুষ্ঠানৰ মুৰব্বী প্ৰশাসনিক বিষয়াই নাছিল। তেওঁ এজন উচ্চ স্তৰৰ সংগীত শিল্পী আৰু সংগীত শিক্ষকো আছিল। হাইস্কুলীয়া জীৱনৰ পৰাই তেওঁ সংগীতৰ চৰ্চা কৰিছিল। গুৱাহাটীলৈ গৈ তাত বিখ্যাত সংগীত শিল্পী সুধীৰ চৌধুৰী আৰু বীৰেন ফুকনৰ সান্নিধ্য লাভ কৰে আৰু তেখেতসকলৰ তলত সংগীতৰ বহল চৰ্চা আৰম্ভ কৰে। ইয়াৰ ফলশ্ৰুতি স্বৰূপে প্ৰিয় বৈশ্যই লক্ষৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ অধীনস্থ সংগীতৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিছিল। পৰৱৰ্তী সময়ছোৱাত [ ৭০ ] তেওঁৰ এই সংগীতৰ শিক্ষা উত্তৰ পুৰুষলৈ আগবঢ়াই দিয়াৰ ব্যাপক কাৰ্যসূচী হাতত লৈছিল। বন্ধুবৰ উমেশ চন্দ্ৰ বৈশ্যৰ মাজত ৰাগ সংগীতৰ যি প্ৰতিভা বিকশিত হৈ উঠিছিল সেই প্ৰতিভাৰ কিয়দংশ কিজানি তেওঁ জন্মৰ উত্তৰাধিকাৰ সূত্ৰে পাইছিল। এই ভাব মোৰ নিজস্ব। বিষয়টো উল্লেখ কৰি আমি কিছু সুখী হ’ব বিচাৰিছো এই বুলিয়েই যে তেওঁ আছিল অসমৰ অন্যতম বিখ্যাত মঞ্চশিল্পী, নাট্য সংগঠক, সুকণ্ঠৰ অধিকাৰী, যি গৰাকীয়ে এসময়ত অসমৰ গাঁৱে-ভূঞে, চহৰেনগৰে, চুকে-কোণে নাট মেলি ৰাইজক চমক খুৱাইছিল, হাজাৰ জনৰ প্ৰশংসাৰ মুকুতা বুটলিছিল, সুৰৰ হাত বেহাইছিল সেইগৰাকী প্ৰতিভাৰ প্ৰবাদ শিল্পী সূৰ্য্য বৈশ্যৰ তেওঁ আছিল নিজ ভাগিন। মাতুল গোষ্ঠীৰ প্ৰতিভাৰ কিছু পোহৰে ভাগিন উমেশ চন্দ্ৰ বৈশ্যকো নিশ্চয় উজ্জীৱিত কৰি তুলিছিল। উত্তৰসুৰী প্ৰতিভাৰ অধিকাৰী উমেশ বৈশ্যই সংগীতৰ গতিশীল প্ৰবাহৰ ধাৰাটো বোৱাই নিয়াৰ বাবে গুৱাহাটীত কেইবাটাও সংগীত অনুষ্ঠান স্থাপন কৰিছিল। গুৱাহাটীৰ মাধৱপুৰৰ ‘গন্ধৰ্ব সংগীত বিদ্যালয়’, কালাপাহাৰৰ ‘অসম মিউজিক কলেজ’ত শিক্ষাদান কৰাৰ উপৰিও বিৰুবাৰীৰ নিজ বাসগৃহত ‘জীৱনজ্যোতি সংগীত আশ্ৰম’ স্থাপন কৰি সংগীত চৰ্চাৰ দিশ ব্যাপক আৰু যথেষ্ট বিস্তৃত কৰি তুলিছিল।

 অগ্ৰজ প্ৰতীম বন্ধু উমেশ চন্দ্ৰ বৈশ্য অকল সংগীত প্ৰেমীয়েই নাছিল, তেওঁ সাহিত্য কলাৰৰ উপাসক আছিল। জীৱনক সুন্দৰ ৰূপত সজাবলৈ, জগতখনক নিৰ্মোহ দৃষ্টিৰে চাবলৈ, মহাপ্ৰকৃতিৰ নিত্য নতুন ৰূপ অনুধাৱন কৰি আত্মিক পৰিতৃপ্তি লভিবলৈ তেওঁ সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ কলমৰ পৰা নিগৰি ওলাইছিল ‘অশান্ত জন্মভূমি’ (১৯৭৯), মিলন’ (১৯৮০), ‘প্ৰগতিৰ গান’, ‘গীতছন্দ’ আদি কবিতা আৰু গীতৰ প্ৰবাহ। ইয়াৰ বাহিৰেও ৰচনা মালিকা (১৯৭৭), তই যুদ্ধ কৰ (১৯৮০), বৰ্তমান সমাজ সংস্কাৰৰ এটি উপায়, উচ্চ মাধ্যমিক অংক সহায়িকা, Higher Secondary English Grammar আদিয়ে তেওঁৰ সমৃদ্ধ চিন্তাৰ স্বাক্ষৰ বহন কৰিছে।

 তেওঁ আদৰ্শ স্বামী আৰু পিতৃ হিচাবে চাৰিটি ল’ৰা সন্তানক উপযুক্ত শিক্ষাৰে স্বাৱলম্বী কৰি গঢ়ি তুলিছে। ইতিবাচক মনোভাব (Positive atti- tude) আৰু আশাবাদে (Optimism) তেওঁক জীৱনৰ সমুচিত গন্তব্যস্থলত উপনীত হোৱাত পৰ্যাপ্ত সহায়ক হৈছে, ই ধুৰূপ। শিৱ খেৰাই (Shiv Khera) তেখেতৰ 'You can Win' নামৰ পুথিত লিখিছে- "A person with a [ ৭১ ] positive attitude is like a fruit of all seasons". ইতিবাচক মনোভাবেৰে সমৃদ্ধ ব্যক্তি বিশেষ সকলো ঋতুতে পাব পৰা ফলৰ দৰে আৰু সেইজন ব্যক্তিকো আশাবাদী ব্যক্তি বুলি যুক্তিৰে প্ৰতিপন্ন কৰিব পাৰি যিজনে— "Think for the best, work only for the best, and expect only the best. Be as enthusiastic about the success of others as you are about your own. Forget the mistake of the past and press on the great achievements of the future. Give every one a smile."

 “সুস্থ ভাবনা, সুন্দৰ কৰ্মৰাজি আৰু সুন্দৰ প্ৰত্যাশাই জীৱনক নিটোল কৰি সজাব পাৰে। উৎসাহৰ সজীৱতাই জীৱনৰ কৃতকাৰ্যতাৰ মূলমন্ত্ৰ।” কথাখিনি অগ্ৰজপ্ৰতীম বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ জীৱন আৰু কাৰ্যপৰিক্ৰমাৰ মাজত বৰকৈ প্ৰযোজ্য। বালিলেছাৰ সামান্য স্থিতিৰ পৰা জীৱনৰ বাটত খোজ আগবঢ়াই বন্ধু বৈশ্যই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। তেওঁ এখোজ এখোজকৈ আগবাঢ়ি গৈছে আৰু কৃতকাৰ্যই তেওঁক আগবঢ়াই নিছে, সময়ৰ চিকুণ বালিত স্মৃতিৰ সঁফুৰা ৰচিছে। আজিও মনত পৰে স্কুলীয়া দিনৰ বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ আপোনভোলা গলগলীয়া হাঁহিৰ উদাত্ত স্বৰধ্বনি, দাঁতৰ বিজুলীৰ চিকমিকনি, শুদ্ধ বগা পায়জামা-পাঞ্জাবী পৰিহিত খোজৰ এক বিশেষ ছন্দ।

 শান্তিৰ ধামত বন্ধু বৈশ্যৰ আত্মাই চিৰশান্তিত থাকক সৰ্বান্তঃকৰণে ইয়াকে কামনা কৰিছোঁ।


লেখক নলবাৰী বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৭২ ]

ভাতৃ প্ৰতীম পৰম সুহৃদ প্ৰয়াত উমেশ বৈশ্যৰ
সোঁৱৰণত

মানিক চন্দ্ৰ দত্ত বিৰবাৰী, গুৱাহাটী

 পূণ্যাত্মা প্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিলোঁ। মহান আত্মাৰ ব্যক্তিজনৰ জীৱন আৰু কৃতি প্ৰকাশ কৰাৰ উদ্যোগীসকললৈ শলাগৰ শৰাই আগবঢ়ালোঁ।

 পূণ্যাত্মা বৈশ্যদেৱৰ অতি প্ৰিয় বিজ্ঞানসম্মত চিন্তাধাৰা আৰু অধ্যাৱসায়। ইয়াৰ বাস্তৱ উদাহৰণ দাঙি ধৰাৰ প্ৰয়াস কৰিলো দহৰ যাতে মংগল সাধনত প্ৰধান সহায়ক হয়।

 বিশ্বৰ সকলো দেশৰ পানী কেচুৱাৰ কান্দোন ধ্বনি এক - উহঁ! উহাঁ! নিজ নিজ ভাষাৰ ধ্বনিটো কান্দিব পাৰিলেহেঁতেন, কন্দা নাই কিয়? কাৰণ ই মানৱ প্ৰজাতিৰ ধৰ্ম আৰু প্ৰাকৃতিক নীতি। এই বাস্তৱ নীতিক পাহৰি যাব নোৱাৰে। কিন্তু শিক্ষা আৰু শাস্ত্ৰৰ বিকৃত ব্যাখ্যাৰ ব্যৱস্থাই পাহৰি থাকিবলৈ বাধ্য কৰাইছে। মানুহৰ শক্তি অপচয় হ'ব লাগিছে।

 মানুহৰ ভিতৰত থকা মানবীয় প্ৰমূল্যবোধ - সত্য-প্ৰেম, কৰুণা-দয়া হেৰাই যাবলৈ লৈছে। কিয়? কেনেকৈ কাৰ চিন্তাৰ অভাৱত? কিন্তু ই সুপ্ত হৈ থাকে লুপ্ত নহয়। ধ্বনিগত আখৰৰ প্ৰতীক অৰ্থ তত্ব জ্ঞানত প্ৰকাশ পায়। আজিৰ মানুহে উচ্চ স্মৃতি লৈ যাবলৈ ভয় কৰা হ'ল। ভয় মানে শুভ শক্তিৰ ত্যাগ হৃদয়ৰ সস্তীয়া তৃপ্তিৰ শোভিত লোক আজি পবিত্ৰতাৰ অভাৱত আকৃষ্ট অন্ধ। এনেকুৱা ব্যৱস্থাত কোনো উৱাহ দিশ নোহাৱা হৈছে। অইন কোনো উপায় নেদেখা হৈছে।

 সদায় প্ৰত্যেকৰে জীৱনত ব্যৱহাৰ হোৱা শব্দ অসমীয়াত ভাল আৰু বেয়া। প্ৰত্যেকেই কিবা বুজা যেন পায়। কিন্তু আচলতে তত্ত্বৰ দিশেৰে সাৰশূন্য -পলস। একো গাণিতিক ভাবে ক'ব নোৱাৰে কিয়? [ ৭৩ ]

 আখৰৰ নাম আৰু আকৃতিত বাহিৰে আন কোনো কথা শিকোৱা নহ’ল। আজিও ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি আছে। আখৰৰ যি ধ্বনিগত অৰ্থ - নাম-আকাৰ-গুণ আৰু অৰ্থ সকলোতকৈ শ্ৰেষ্ঠ হৈ প্ৰকাশ কৰে। শব্দত থকা ধ্বনিগত আখৰৰ প্ৰভাৱ আৰু ব্যৱহাৰে জ্ঞান-তত্ত্বৰ দুৱাৰ মুকলি কৰে। মনত স্পষ্ট ধাৰণা নাথাকিলে ভ্ৰান্তিৰ দিশে গতি কৰিবলৈ বাধ্য। শব্দৰ অস্পষ্টতাৰ অজ্ঞতাৰ অশান্তিয়ে অন্তৰ অধিকাৰ কৰি সমাজৰ সংবিধান সন্ধান আৰু সন্মানৰ সামৰণি ঘটি আছে, আহি আছে। কাৰো কাণসাৰ নাই। ‘চুৰ গ'লে বুদ্ধি - বৰষুণ গলে জাপি’ৰ দৰে কোনো কামত নাহে। গুৰিতে কেনা লাগিলে গোটেই জীৱনটো কেনা নাভাগে। তেনেকৈয়ে শ শ বছৰ অতীত হৈ দুৰ্লভ মানৱ জীৱন নিম্নমুখে গতি কৰি জীৱন গোঁৱাব লাগিছে।

 ‘ভাল’ শব্দৰ ধ্বনিগত অৰ্থ : ভ-মানে শুভ শক্তি, আ-অবিৰত, ল-শ্ৰেষ্ঠ অৰ্থাৎ অবিৰত শুভ শক্তি শ্ৰেষ্ঠ।

 বেয়া : ব+এ+য়+আ। ব- বচন, এ- স্মৃতি, য়- ত্যাগ, আ- সদা অৰ্থাৎ বচন স্মৃতিৰ ত্যাগেই বেয়া।

 ইংৰাজীত - Good (গুড), গ+উ+ড। গ- গমন, উ- মঙ্গলময়, ড- ধ্বনি অৰ্থাৎ মঙ্গলময় ধ্বনিৰ গমন।

 Bad (ব্যাড) : ব+য়+আ+ড। ব-বচন, য়- ত্যাগ, আ- সৈতে, ড- ধ্বনি অৰ্থাৎ ধ্বনিৰ সৈতে বচন ত্যাগ। কথা কামৰ অমিল। এইদৰে সঁচা-মিছা, ন্যায়-অন্যায়, উচিত-অনুচিত শব্দৰ শুদ্ধতাই জীৱশ্ৰেষ্ঠ মানৱৰ যুগমীয়া সনাতন ধাৰা। অৰ্থাৎ প্ৰতিটো শব্দত থকা ধ্বনিগত অৰ্থ ভাষাৰ মুখ্য শক্তি অভিধা জগতৰ শ্ৰেষ্ঠ শক্তিশালী সম্পদ। In english an Etymology is the most powerful resource on earth in any language.

 এনেধৰণৰ উন্নত চিন্তা তথা উন্নত ৰুচিৰ আমাৰ পূৰ্ব পুৰুষ বৈদিক যুগৰ ত্ৰিকালজ্ঞ ঋষি-মুনিসকলে সাধনা কৰিছিল কথা আৰু কাৰ্যৰ দ্বাৰা। তেওঁলোকে উদ্ভাৱন কৰা চাৰিবেদ, চৈধ্য শাস্ত্ৰ, গীতা-ভাগৱত ধ্বনিৰ প্ৰতীক শব্দাৰ্থৰ মুখ্য শক্তি অভিধাৰ ব্যাকৰণ আৰু অভিধান মতে প্ৰকাশ কৰিছিল। সেই মহান চিন্তাৰ কাষ চাপিবলৈ মূল সূঁতি আজিও মুকলি আছে। তাৰ বিনাশ নাই। আজিৰ মানুহৰ গুৰি ভেটি নোহোৱা বাবে বহু আঁতৰত থাকিব লগা হৈছে।

 বৈশ্যৰ উক্তি- “জীৱনৰ ভাটি বয়সত এনে পদ্ধতিৰ কাষ চাপিব পৰাটোও আমাৰ ভাগ্য”। এই দিশত অতীজৰে পৰা লাগি থকা বৰপেটা জিলাৰ বহৰি [ ৭৪ ] গাঁৱৰ শ্রদ্ধেয় প্রয়াত ৰমাকান্ত দাস অগ্রগণি আছিল। এই আটাইবােৰকে শান্তি সাধনা আশ্ৰমৰ প্রতিষ্ঠাতা মাননীয় হেম ভাইৰ সংগই আমাক বহুখিনি আগবাঢ়ি যােৱাত মধ্যমনি ৰূপে কাম কৰিছিল। জীৱৰ অজীৱ নাই। কিন্তু মানুহৰ অমানুহৰ সংখ্যা অধিক। সেয়ে মানুহে শুদ্ধ পথে যাবলৈ মানুহেই বেছি বাধা প্রদান কৰে।

 ‘মানুহ’ শব্দৰ ধ্বনিগত প্রতীক অর্থ: ম- প্রকাশ, আ-পৰা, ন-প্রশংসনীয়, উ- প্রমূল্যবােধ, হ- প্রাণ শক্তি অর্থাৎ প্ৰকাশৰ পৰা প্রশংসনীয় প্ৰমূল্যবােধৰ প্রাণ শক্তিৰ ব্যৱস্থাত লােকক মানুহ বােলে। এনে চিন্তাৰ অনুগামী হ’বলৈ মানুহে প্ৰেৰণা যােগােৱাটো মানুহৰ প্রথম কর্তব্য।

 প্রয়াত শ্রদ্ধেয় বৈশ্যৰ আটাইতকৈ মহান গুণ দেখিছিলোঁ গুণী-জ্ঞানী সকলৰ লগত সম্পর্ক স্থাপন গঢ়া। নিতৌ নহ'লেও সপ্তাহত এজনক হলেও দেখা কৰে। প্রথমে অকলে গৈছিল। মােক লগ পােৱাৰ পিছত দুয়াে গৈছিলাে। বৈশ্য দেৱৰ অসীম ধৈর্য। এবাৰ দুবাৰ নহয় এজনক লগ পাবলৈ এঘাৰ মাহে চেষ্টাই চলাইছিল। নাম উল্লেখ কৰাৰ পৰা আঁতৰত থাকিলাে।

 আন এজন প্রেৰণাৰ গুৰি ধৰোঁতা প্রাগজ্যোতিষ কলেজ অধ্যক্ষ সংস্কৃত বিদগ্ধ পণ্ডিত মাননীয় প্রয়াত তীর্থনাথ শর্মা ছাৰৰ ওচৰত চিৰঋণী। বহুদিন কাষ চাপিছিলোঁ। দেখিলেই আনন্দ মুখৰ হাঁহিৰে অতি আগ্ৰহেৰে আলােচনাত বহিছিলোঁ। তিনি-চাৰি ঘণ্টা পাৰ হৈ যায়। বিস্তৃত কৰাৰ ইচ্ছা নকৰি তেখেতৰ জৰিয়তে ভাৰতৰ উদাৰ হৃদয়ৰ ব্যক্তিত্বৰ বহু কথাৰ সমাধান দিব পৰা শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণ দেৱক সাক্ষাৎ কৰাৰ প্রস্তুতি চলাও। আমাৰ ভাব বিনিময়ৰ মহান প্ৰেৰণাৰ ফলশ্রুতি ‘তিনি বন্ধুৰ ভাৰত দর্শন’। জ্যোতিষৰ মহা অনুৰাগী শ্রদ্ধেয় ৰমানাথ গােস্বামী, শ্রদ্ধেয় বৈশ্য আৰু মই মানিক দত্তই লক্ষ্ণৌ মিউজিক কলেজৰ ছাত্ৰ হ’ব খােজা শ্ৰীৰমা গােস্বামীদেৱৰ ভাই শ্রীখগেন গােস্বামীকে লগত লৈ আমি ওলাইছিলোঁ। প্রথম পাটনাৰ শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণদেৱৰ অনুষ্ঠানত বৰ আগ্ৰহেৰে শ্ৰদ্ধা ভক্তিৰে আমাৰ আগমনক সাদৰি ল'লে। চাৰিদিন থকা-খােৱা, পুথিভঁৰালত অধ্যয়ন কৰাৰ যথেষ্ট সুবিধা কৰি দিলে। আমি অতি সুখেৰে দিন কটালোঁ। কিন্তু শ্রদ্ধেয় জয়প্রকাশ নাৰায়ণ ইমান শাৰীৰিকভাৱে অসুস্থতাৰ বাবে আমাৰ মনৰ খুদুৱনি সমাধান কৰিবলৈ সমৰ্থবান নহ’ল। বহু কিতাপৰ ৰচয়িতা শ্রদ্ধেয় প্রয়াত ৰামমূর্তি দেৱৰ সান্নিধ্য লাভ কৰিলোঁ। শ্রীমান খগেন গোস্বামীক লক্ষৌ মিউজিক কলেজত ভর্তি কৰাই এৰাতি আমি থাকি [ ৭৫ ] শাস্ত্রীয় সংগীতৰ এখন ‘জলচাত’ যােগদান কৰি উপভােগ কৰাৰ সুযােগ লাভ কৰোঁ।

 ভ্ৰমণত ঘটা বহুতাে ঘটনা মনত পৰিলেও লিখাৰ পৰা আঁতৰত থাকিলোঁ। কিন্তু এটি ঘটনা নিলিখিলে বােধহয় আদৰ্শৰ পৰা পিচলি যােৱা যেন হ’ব ভাবি উল্লেখ নকৰি নােৱাৰিলোঁ।

 আমাৰ গাড়ীৰ বাবে আমি অপেক্ষাৰত। শ্রদ্ধেয় বৈশ্যৰ প্ৰস্ৰাৱ লগা দেখা পাই ৰৈ থকা গাড়ী এখনত প্ৰস্ৰাৱ কৰিবলৈ গ'ল। ৰৈ থকা গাড়ীখন কেতিয়া এৰিলে গম নাপালে। গােস্বামী আৰু মই ষ্টেচনতে ৰৈ থাকিলাে। আমাৰ লগৰ বৈশ্য নাই। গােস্বামী উদ্বিগ্ন হৈ পৰিল। আমাৰ গাড়ীখন আহিবৰ হৈছে। প্রয়ােজনবােধে লগৰজনক এৰি যাব নােৱাৰাে। এঘণ্টামান পিছত নানা ঠাইত তেজেৰে লুতুৰি-পুতুৰি হৈ বৈশ্য ওলাল। চলন্ত গাড়ীখনৰ পৰা জাপ মাৰি এই দুর্দশা হ’ল। ওচৰৰে ফার্মাচী এখনত নি চিকিৎসা কৰা হ'ল। বৈশ্যই ঘৰত যাতে কোৱা নহয় প্রতিশ্রুতি ৰাখিবলৈ দঢ়াই দঢ়াই কোৱা বাবে প্রকাশ নকৰিলাে। কিন্তু আজি লিখনিত প্ৰকাশ নকৰিলে পিছৰ কাৰােবাৰ জীৱনত ঘটিলে এই ভুল যাতে নকৰে তাৰ বাবে উল্লেখ কৰিলোঁ।

 আন এটা ঘটনা উল্লেখ কৰি সামৰণি মাৰিম। এই ঘটনাটো ঘটিছিল ৰামেশ্বৰমত। প্রবাদ আছে একশ এক কলহ পানীৰে গা তিয়ালে ৰােগ নিৰাময় হয়। ভৱিষ্যতে বিপদ-বিঘিনিৰ পৰা হাত সাৰিব পাৰি বুলি জনবিশ্বাস। বৈশ্যই মােৰ মুখলৈ চায় আৰু মই বৈশ্যৰ মুখলৈ চাওঁ, মানে এই কথাৰ আমি দুয়াে বিশ্বাসী নহয়।

 শ্রদ্ধেয় গােস্বামী গা ধুবলৈ সাজু হ’ল। একশ এক কলহ পানী ঢালি গা-মূৰ ধুই কাপােৰ পৰিধান কৰি ক'লে যে ‘ইমান ভাল পালাে বহু বছৰৰ মল আঁতৰিল’।

‘ভিতৰৰ মল আঁতৰিলনে?’ শ্রদ্ধেয় বৈশ্যই তপৰাই মাত লগালে। এনেকৈ কৈ শেষ নৌহওঁতেই গােস্বামী দুর্বাসা মুনিৰ দৰে খঙত জ্বলি পকি উঠিল। কেইষাৰমান অশালীন বেয়া ভাষা প্রয়ােগ কৰি মােক সাক্ষী কৰিলে।

 ময়াে ক'লোঁ যে প্রত্যেক মানুহৰ ভিতৰত ছয় ৰিপুৰ অন্ততঃ লেতেৰা মল থাকে—কাম, ক্রোধ, লােভ, মােহ, মদ আৰু মাতচর্য। প্রত্যেক মানুহক ই জ্বলা- কলা কৰি খায়। এই মলৰ কথাহে বৈশ্যই কোৱা যেন লাগে। কি কয় বৈশ্য?

 বৈশ্যই ক'লে সেইটো আধ্যাত্মিক কথা। মই পিছে সেইটোলৈ যাব [ ৭৬ ]  খােজা নাছিলাে। মই কৈছাে পানী অতি লুণীয়া। শৰীৰত ঢালিলে বাহিৰৰ মল ঘঁহি দিলে যাবই। কিন্তু আমাৰ ভিতৰৰ মল কেতিয়াও কাহানিও নাযায়।

 প্রত্যেক মানুহে ভুল কৰাটো স্বাভাৱিক। কিন্তু ভুলটোক ভুল বুলি জানি মহান লােকে শুধৰাই লয়। আমাৰ ভিতৰত ঋষিতুল্য তােক গােস্বামীয়ে এই সাধাৰণ কথাটোক লৈ যি বাক্যবাণ প্রয়ােগ কৰিলে অন্য মানুহে শুনিলে বৰ লাজৰ কথা হ’ব। ‘বাৰু বৈশ্য বৰ বুধিয়ক, তেওঁ ভুল হােৱা বুলি ক্ষমা মাগিলে, ময়াে দোষ স্বীকাৰ কৰিলোঁ, অশালীন শব্দ মােৰ মুখৰ পৰা ওলাব নালাগিছিল— ওলাল। বাক্ সংযম মানুহৰ ভূষণ।’

 শব্দৰ স্পষ্টতাই মানুহক দেৱতাৰ শাৰীলৈ তােলে। শব্দৰ অস্পষ্টতাই ভয়-শংকা, সন্দেহে মানুহক পিশাচ অসাধু কৰে।

আমাৰ দলৰ বৈশ্যক পাতিছিলাে ধন ভড়ালী। বৈশ্যই ক'লে, পইচা কিন্তু কমি আহিছে। কি বুদ্ধি সাঁজিব লাগিব দায়িত্ব দিয়ে মােক? নাটকৰ আগ্রহ আৰু অভিনয় কৰি ভাল পাওঁ।

 আমাৰ প্ৰভু (আমি গােস্বামীক মতা শব্দ) - এইখিনিতে এটা কথা উল্লেখ কৰি ৰাখো যাতে পঢ়ুৱৈ বুজাত ভুল নহয়। আমি তিনিওৰে পৰস্পৰৰ মাজত আমি বিশেষকৈ শ্রদ্ধেয় গােস্বামীৰ ক্ষেত্ৰত তুচ্চাৰ্থত ব্যৱহাৰ কৰোঁ। কিন্তু মানুহৰ সন্মুখত আমি ঈশ্বৰ জ্ঞান কৰি দেখুৱাওঁ। বৈশ্য আৰু মােৰ ক্ষেত্ৰত আমি আমাৰ শিষ্টাচাৰত দুখীয়া হােৱা নাই। কোনাে দিন সাধাৰণ দাঁতে-ওঁঠেও লগা মনত নপৰে।

 আমাৰ গােস্বামী প্রভুক ৰামেশ্বৰমত কিনা ৰুদ্রাক্ষৰ লম্বা মালা গলত পৰিধান কৰিব দিলোঁ। সিদিনাৰ সেন্দুৰৰ ফোঁট বৰ বহল আৰু লম্বাকৈ সজাই ‘মাদ্ৰাজৰ মেৰিণ ড্রাইভ’ৰ মানুহৰ সততে ভিৰ লগা ঠাইত বহাই দিলাে জ্যেতিষীৰ ভাওত। প্রথমে বৈশ্য আৰু মই টকা দি হাত দেখুৱাও। লাহে লাহে ভিৰ আৰম্ভ হ’ল। পােন্ধৰ-বিশ টকা উঠিল। হিন্দী কোৱাত গােস্বামী দেৱৰ খােকোজা লগা যেন পালে মই যিমানখিনি পাৰাে সহায় কৰি দিওঁ। ইতিমধ্যে আশী টকা মান হ’ল। উঠাৰ বা সামৰণি মৰাৰ আগতে এজন ভদ্রলােক কাষ চাপিল। মই দূৰলৈ মাতি নি ক'লাে- গুৰুজীকে সামনে সময় কম হ্যায়? আপকা খাচ সমস্যা ক্যা হেয়? What is your chief problem ? তেওঁ ক'লে- ‘আপলােগাে জৈছে মহান ব্যক্তি হমাৰে ঘৰমে লে জায়েগা - কোই আপত্তি হেয়। তাৰ পৰা সামৰি তিনিও তেখেতৰ গাড়ীত বাসভৱন পালাে। তিনি দিন [ ৭৭ ] তিনি নিশা খােৱা-বােৱা সকলাে তেখেতে বহন কৰি মাদ্ৰাজৰ প্রধান প্রধান চাব লগা ঠাইবােৰ তেখেতৰ গাড়ীখনেৰে আমাক দেখুৱালে। আমাৰ গুৰুজী ৰমা গােস্বামীয়ে কিবা গণিত কৰি তাৰিখ ধৰি দিয়ে। এই কথাৰ বাহিৰে মােৰ তেখেতৰ ওপৰত আপত্তি একো নাই। সেই ভদ্রলােকজনৰ বিষয়ে অর্থাৎ মাননীয় বাল চৌৰী ৰেড্ডী সম্পর্কে মহানতাৰ প্রতীক ‘তিনি বন্ধুৰ ভাৰত দর্শন’ পুথিখনত বিস্তৃত লিখা হৈছে। তিনিওজনে মহাসুখেৰে ভাৰত ভ্রমণ সামৰিলোঁ।

 প্রয়াত বৈশ্যৰ স্মৃতিয়ে সকলােকে আকর্ষণ নকৰাকৈ নাথাকে যি এবাৰ তেখেতৰ সান্নিধ্য পাইছে। তেখেতৰ সকলাে কাম আছিল গাণিতিক। ভৱিষ্যতৰ কথা ভাবিহে কাম কৰিছিল। দৰিদ্ৰতাৰ লগত যুঁজি হাৰ মনা লােক নাছিল।

 আমাৰ শিক্ষানীতি প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ ধ্বনিৰ প্রতীক শব্দার্থ অভিধাৰ অভিধান পুথি শিকাব নােৱাৰাৰ অভাৱত মানসিক, দৈহিক স্বাস্থ্যৰ কোনাে সুচিন্তিত পাঠ নাই। প্রচলিত শিক্ষা ব্যৱস্থা আৰু সমাজৰ জনগণক আগুৱাই যাবলৈ নিৰােগী মনৰ খাদ্য মানে শব্দৰ স্পষ্টতা-শুদ্ধতা আৰু সঠিক ধাৰণাৰ অভাৱ হৈ ৰৈ যাব আৰু মানুহক বিপথগামী-ধ্বংসমুখৰ পৰা উদ্ধাৰ কৰা সহজ নহ'ব।

 মানুহৰ আটাইতকৈ শক্তিশালী সম্পদ হ’ল— মুখ্য শক্তি অভিধা। ইমান পবিত্র, ইমান। বান মন-মগজু-হৃদয়ক এক কৰিব পাৰে। এই অনুভৱ- উপলব্ধি জীৱনৰ বিয়লি বেলাতহে হৃদয়গ্রাহী হ’ল। বৈশ্যই বাৰে বাৰে সোঁৱৰাই দিছিল কোনাে দিনে ইয়াৰ অধ্যয়নৰ পৰা যাতে আঁতৰি থকা নহয়।

 জনচেতনা আনিব লাগিলে ইয়াৰ অবিহনে সম্ভৱ নহয়। বিভিন্ন পৰিবেশৰ অভিজ্ঞতা সংগ্রহ কৰি ভিন ভিন শাস্ত্ৰত জ্ঞান লাভ কৰি শুদ্ধ সিদ্ধান্তত উপনীত হােৱা শ্রদ্ধেয় ৰমাকান্ত দাস বৰপেটা জিলাৰ বহৰি গাঁৱত জন্ম গ্রহণ কৰিছিল। তেনে পিছ পৰা অঞ্চলত জন্ম গ্রহণ নকৰা হ'লে তেখেতৰ স্থান বহু ওপৰত থাকিলহেঁতেন। এনে সমাজৰ প্রতিভাবান লােক দৰিদ্ৰতাৰ কবলত পৰিব লগা নহ'লহেঁতেন। আজি সমাজত সুস্থ বুদ্ধিজীৱিৰ অভাৱ।

 বৰেণ্য ব্যক্তিৰ অভিধা হ’ল বিকশিত বেলিৰ নিচিনা। বিতুষ্ট আৰু বিতৰাগীসকলৰ বাৰণৰ ব্যৱস্থা। বর্তমান বিশ্বৰ বিশালতাৰ বিষম বেমেজালিত অভিধাহীন Etymology less Education শিক্ষা পােৱা সকল অতীষ্ঠ হৈ বাৰণৰ পথ বিচাৰিছে। এই অভিধা পথ অবিহনে আন কোনাে সুচল পথ নাই। [ ৭৮ ]  পৃথিৱীত কোনাে ব্যক্তিয়ে অকলে জীয়াই নাথাকে। পাৰস্পৰিক নিৰ্ভৰশীল পদ্ধতি এটাৰ ব্যক্তি হ’ল অন্যতম সমল। ঠিক কৰ্মৰ দ্বাৰা ব্যক্তিয়ে মানৱ কল্যাণ বৃদ্ধি কৰে, নহয় হ্রাস কৰে। বৰ্তমানৰ বাবেও, চিৰদিনৰ বাবেও।

 উমেশ : উ+ম+এ+শ। প্ৰতিটো আখৰৰ ধ্বনিগত অর্থ— উ- মঙ্গলময়, ম-প্রকাশ, এ- স্মৃতি, শ-সমৃদ্ধি অর্থাৎ মঙ্গলময় স্মৃতিৰ সমৃদ্ধি প্রকাশেই উমেশ।

 ম+ঙ+গ+ল+ম+য় = মঙ্গলময় শব্দৰ অর্থ—ম-প্রকাশ, ঙ- বিষয় ইচ্ছা, গ- গতি, ল-শ্রেষ্ঠ, ম- স্রষ্টা, য়- কার্য অর্থাৎ স্রষ্টাৰ শ্ৰেষ্ঠ কার্যৰ গতিশীল বিষয় ইচ্ছাই মঙ্গলময়।

 চৌষষ্ঠি কলা বিদ্যাৰ ভিতৰত ‘ন বিদ্যাত সংগীতাতপৰা’ অর্থাৎ উচ্চাঙ্গ সংগীতৰ সমান কোনাে বিদ্যাই শ্রেষ্ঠ নহয়। এই বিদ্যা শিক্ষাৰ সুযােগ পালে ‘গীতশ্রী সঙ্গীত বিদ্যালয়’ৰ চৈয়দ জমিৰউদ্দিন আহমেদ ছাৰৰ ওচৰত। সেই সময়ত এখন সদৌ অসম ভিত্তিত ৰচনা প্রতিযােগিতাত দ্বিতীয় স্থান লাভ কৰে আৰু সাহিত্যৰ প্রেৰণাই বৈশ্যক জনসমাজত জনপ্রিয় কৰি তােলে।

 গর্ডন হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ কৰে। আই.এছ.চি. পাছ কৰি অৰ্থৰ অভাৱত বি.এছচি. পঢ়াৰ পৰা বঞ্চিত হয়। কিন্তু বি.এ. পাছ কৰে। ইখন সিখন স্কুলত কাম কৰি গুৱাহাটীত আহি এম.এ. পঢ়াৰ সুযােগ লয়।

 এনে সময়ত আমাৰ ছাত্ৰীবাৰী মেচত সাক্ষাৎ ঘটে। মানুহৰ যে বিষয়ৰ প্রতি ইমান আগ্রহ হ'ব পাৰে এই কথাটো ভবাই নাছিলোঁ। কেৱল আগ্রহেই নহয়, নিষ্ঠাৰে কৰ্ম কৰে, তাৰ প্রতি আকৃষ্ট হ’লাে। বিধিৰ বিধানে এই প্ৰৱল আগ্রহক ঠন ধৰালে একেলগে গান্ধীবস্তিত থকাৰ সুযােগ পালাে।

 দুয়াে ষ্টেডিয়ামৰ কাষৰ কবৰখানাত শিলত বহি সাহিত্য, দর্শন, সমাজ নীতি, শিক্ষানীতিৰ আলােচনা কৰে। বহু মাহ পৰ হৈ গ'ল। ইয়াৰ পিছত ৰিহাবাৰীত থাকিবলৈ সুযােগ পােৱাৰ পিছতেই দুয়াে শ্ৰীযুত বীৰেন ফুকন ছাৰৰ তাত শাস্ত্রীয় সংগীতৰ শিক্ষা লােৱাৰ সুযোেগ পালোঁ।

 ৰিহাবাৰীত সুদীর্ঘ তিনি বছৰ অতিবাহিত কৰাৰ সময়ত মহীয়সী নাৰী শ্ৰীযুত দেবেন তালুকদাৰৰ পৰিবাৰে দয়া-শ্ৰদ্ধাৰ প্রতীক ৰূপে বহুদিন মাতৃৰ দৰে সেৱা আগবঢ়াইছিল। আমি তিনিও (প্রয়াত বৈশ্য, প্রয়াত গৌৰী দত্ত আৰু মই) বহুক্ষেত্ৰত উদাসীন। প্রয়াত বৈশ্যৰ তেতিয়া আর্থিক বৰ দুৰ্বল আছিল। তথাপি চাৰিজন ভাইক লগত ৰাখি পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। সৰুজন শ্রীমান [ ৭৯ ] ৰাতুল গুৱাহাটীত পঢ়িবৰ ইচ্ছা নকৰি আঁতৰি পুনৰ গাঁৱলৈ গ'ল। শ্রদ্ধেয় বৈশ্যই গৃহ শিক্ষক হিচাপে খ্যাতি অর্জন কৰিছিল। আমাৰ ভিতৰত বিবাহ আদি ক্ষেত্ৰত পৰস্পৰে সহায়ৰ হাত বঢ়োৱা হৈছিল। আমাৰ মাজত অলপাে খেলিমেলি নােহােৱাকৈ সংসাৰৰ বােজা বহন কৰিছিলাে। লাহে লাহে বৈশ্যৰ আর্থিক স্থিতি ভাল হ’বলৈ ল'লে। সুযােগ বুজি দুই-তিনি ঠাইত মাটিও কিনিলে। তিনি ভায়েক চাকৰিত মকৰল হ’ল। পিছৰ সংসাৰ চলােৱাত সক্ষম হ'ল। সকলােকে স্বাৱলম্বন কৰি তুলিলে। ক'ব নােৱাৰাকৈয়ে ডায়বেটিছ ৰােগত আক্রান্ত হ’ল। উন্নত চিকিৎসাৰ বাবে অর্থৰ অনাটন ঘটিল। কিন্তু কোনােমতে চিকিৎসা জোৰা-তাপলি মৰা হ'ল।

 হাস্পতালত থকা সময়ত বােধহয় তেখেতৰ মনে ক’বলৈ প্ৰেৰণা যােগাইছিল। তেওঁ কৈছিল-“বাহিৰৰ ডাক্তৰে যিটো সময়ত যােৱাৰ কথা কৈছিল মই আপােনাক ফাঁকি দিছিলাে। আপুনি তাৰ বাবে মােক ক্ষমা কৰি দিব। কোনাে কথা আপােনাৰ ওচৰত গােপন কৰা নাছিলাে। এইটো ভুল কৰি মই শাস্তি ভুগিছাে। মই আপােনাৰ স্বভাৱ জানাে, আপুনি ৰােগ চিকিৎসাৰ নামত যাৰ যিমানেই বিপদ নহওক পিছ হুহকি নাহে। মােৰ দুয়ােটা বৃক্ক বিকল হৈছে। অন্ততঃ তেখেতসকলে (মাদ্ৰাজৰ ডাক্তৰে) দিয়া সময়ত গ'লে ভাল ব্যৱস্থা ল'লেহেঁতেন। কিন্তু এতিয়া নিৰুপায়।” বৈশ্যই ইহলীলা সম্বৰণ কৰিলে আমাৰ চকুৰ আগতে। পৰিয়ালৰে সৈতে যিখিনি আমাৰ ফালৰ পৰা যত্ন কৰা হৈছিল সেইখিনিয়ে যথেষ্ট নহ’ল। প্রয়াত বৈশ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি পৰমাত্মাৰ ওচৰত প্রার্থনা জনাইছোঁ।



(লেখক প্রয়াত বৈশ্যৰ জ্যেষ্ঠ ভ্রাতৃপ্রতীম তথা সাহিত্য-সঙ্গীত-নাটৰ সতীর্থ, আৰ্য্য বিদ্যাপীঠ
উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)
[ ৮০ ]

প্ৰয়াত বন্ধু উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণত

সুৰেন কাকতি
বিৰুবাৰী, গুৱাহাটী

 কৰ্মৰ আধাৰতহে এজন মানুহৰ ব্যক্তিত্ব বিশ্লেষণ কৰিব পাৰি। দেখাত সাধাৰণ যেন লগা মানুহ কিছুমানৰ ভিতৰতো যে অসাধাৰণ গুণ পুঞ্জীভূত হৈ থাকে সেই কথা মানুহজনৰ সংস্পৰ্শত আহি মত বিনিময় কৰিলেহে জনা যায়। তেনে এজন অতি কীৰ্তিমান লোক আছিল প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য। তেখেতৰ লগত মোৰ চিনা পৰিচয় ঘটে ১৯৭৩ চনত। তেতিয়া মই আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত গণিতৰ বিষয় শিক্ষক হিচাবে কাম কৰিছিলোঁ আৰু সেই সূত্ৰে বিৰুবাৰীত থাকিবলৈ লৈছিলোঁ। মানুহজনৰ অতি নম্ৰ আৰু সকলোকে আপোন কৰি ল'ব পৰা স্বভাৱে মোক আকৰ্ষণ কৰিছিল আৰু দুয়োৰে মাজত বন্ধুত্ব স্থাপন হৈছিল। সেই সময়ত তেখেতে বাণীকান্ত সোঁৱৰণী ছোৱালী উচ্চ মাধ্যমিক স্কুলৰ এজন সহকাৰী শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

 শিক্ষাই আছিল তেখেতৰ জীৱনৰ ব্ৰত। এই কথাটি তেখেতৰ কৰ্ম জীৱনৰ পৰাই পৰিস্ফুট। তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়ে বালিলেছা কালিমন্দিৰ হাইস্কুলত কিছুদিন শিক্ষকতা কৰিছিল। তাৰ পিছত আই এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ বড়িদতৰা হাইস্কুলত শিক্ষকতা কৰিছিল। এনেকৈয়ে পঢ়ি থকা সময়ৰে পৰা তেখেতে বাণেকুছি হাইস্কুল, বিষ্ণুৰাম মেধি হাইস্কুল, পানীগাঁও মিলন হাইস্কুল আদিত শিক্ষকতা কৰিছিল। ইয়াৰ পিছতো ১৯৬৫ চনত বিএ পাছ কৰি গুৱাহাটীৰ ডনবস্কো হাইস্কুল, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰি শেষত ১৯৬৬ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত স্থায়ী শিক্ষক হিচাবে যোগদান কৰে। ইয়াৰ মাজতে তেখেতে ১৯৬৭ চনত অসমীয়া বিষয়ত এম.এ. আৰু ১৯৮৫ চনত বি.টি, ডিগ্ৰী লাভ কৰে। ১৯৯১ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত ১৯৯২ চনত এই বিদ্যালয়তে অসমীয়াৰ বিষয় শিক্ষক [ ৮১ ] হিচাবে যোগদান কৰে। ইয়াৰ পাছত ১৯৯৩ চনত উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা মৃত্যুৰ সময়লৈকে অধ্যক্ষৰ পদ অলংকৃত কৰিছিল।

 ১৯৭৫ চনৰ শেষৰ ফালে মই নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰোঁ‌ আৰু তেতিয়াৰ পৰাই মই নলবাৰীত থাকিবলৈ লওঁ। সেইবাবে কিছু বছৰ তেখেতৰ লগত মোৰ যোগাযোগ কিছু কম হয়। যদিও মোৰ বিৰুবাৰীত নিজা ঘৰ আছিল, সেই সময়ছোৱাত মই কমকৈহে গুৱাহাটীলৈ আহিছিলো। তথাপিও আহিলে এবাৰ তেখেতৰ লগত দেখা-শুনা হৈছিল। ১৯৮৭ চনত মই মোৰ পৰিয়াল সহ বিৰুবাৰীত স্থায়ীভাৱে থাকিবলৈ লওঁ। তেতিয়াৰ পৰাই আকৌ তেখেতৰ লগত মোৰ সম্পৰ্ক আগতকৈও গাঢ় হয়। তেখেতৰ প্ৰথম ল’ৰা জীৱন আৰু দ্বিতীয় ল’ৰা শেখৰক অংক বিষয়টো শিকাবলৈ মোক অনুৰোধ কৰাত তেখেতৰ অনুৰোধ ৰক্ষা কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈ শিকাই দিছিলো। এই ল'ৰাৰ সপৰ্কত তেখেত মোৰ ঘৰলৈ প্ৰায়ে আহি সিহঁতৰ পঢ়া-শুনাৰ বুজ লৈছিল। যদিও তেখেত এজন অসমীয়া বিষয়ৰ শিক্ষক আছিল তথাপি গণিতৰ প্ৰতিও ধাউতি আছিল অসীম। তেখেতৰ প্ৰত্যেক কথা শিকাৰ আগ্ৰহ আৰু জ্ঞান দেখি মই অভিভূত হৈ পৰিছিলো।

 আনৰ উপকাৰ কৰি ভালপোৱা, নিজৰ ঠাইখিনিৰ উন্নতিৰ বাবে চিন্তা কৰা আদি মনোভাবৰ বাবে তেখেত সকলোৰে প্ৰিয়পাত্ৰ হ’ব পাৰিছিল। সৰলতা আৰু সত্যবাদিতা আছিল তেখেতৰ অন্যতম গুণ। আমাৰ মাজত প্ৰায় সকলো কথাই আলোচনা হৈছিল আৰু দুয়োৰে মাজত বিশ্বাস আছিল অতি গভীৰ। এই ক্ষেত্ৰত এটা সাধাৰণ কথা উনুকিয়াব খোজো। তেতিয়া তেখেত বাণীকান্ত স্কুলৰ শিক্ষক। মোৰ বিয়া হোৱাই নাই। মোৰ এজন বন্ধুৱে তেখেতৰ স্কুলত কাম কৰা ছোৱালী এজনী চাবলৈ লৈ গ'ল। ছোৱালী চালোঁ। দেখাই শুনাই বেছ ভালেই। ইয়াৰ পিছত মই বৈশ্যৰ ঘৰলৈ গৈ ছোৱালীজনীৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছা কৰিলোঁ। তেতিয়া তেখেতে মোক সুন্দৰভাৱে উত্তৰ দিলে যে ছোৱালী খুব ভাল, কিন্তু আপোনাৰ মতাদৰ্শৰ লগত নিমিলে। গতিকে আগ নবঢ়াই ভাল। এয়াই আছিল অতি সূক্ষ্মদৰ্শী আৰু মোৰ অতি বিশ্বাসী বন্ধু বৈশ্য। তেখেতৰ এক কথাতেই মই আৰু দ্বিতীয়বাৰ তালৈ নগ'লোঁ।

 মোৰ ঘৰৰ ওচৰত অলপ মাটি কিনিবলৈ প্ৰয়াত বৈশ্যক মই বৰ জোৰ দি ধৰিছিলো। তেতিয়া তেখেত বিৰুবাৰী পাহাৰৰ সমীপৱৰ্তী বৰ্তমানৰ ঘৰটোতে আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে সেই চেষ্টা ফলপ্ৰসু নহ'ল। তথাপি মাত্ৰ [ ৮২ ]

৬ লেচামান মাটি অতি জোৰকৈ ধৰি কিনালো। বৰ্তমানে ল'ৰাকেইজনে তাত দোকান ঘৰ সাজি ভাৰাত দিছে। সিহঁতৰ এই আঁচনি দেখি মই অতি আনন্দিত হৈছো। পাৰিবাৰিক জীৱনতো তেখেতক সফল বুলিয়েই ক’ব লাগিব। কাৰণ দৈন্যতাক খুব ওচৰৰ পৰা দেখিও অতি সাহসেৰে যুঁজ দি পৰিয়ালটোৰ আদৰ্শৰ এটা সুন্দৰ ভেটি স্থাপন কৰি থৈ গৈছে। বৈশ্য ঢুকুৱাৰ সময়ত পৰিয়ালটো অতি চালুকীয়া অৱস্থাতে আছিল। তেখেতৰ কোনো এজন ল'ৰাই স্বাৱলম্বী হোৱা নাছিল আৰু এই দায়িত্ব তেখেতৰ পত্নী ৰিণা বৈশ্যই পালন কৰিবলগীয়া হয়। তেখেতে ল’ৰাকেইজনক সুন্দৰভাৱে শিক্ষা- দীক্ষা দি স্বাৱলম্বী কৰি তোলে। এইখিনিতে তেখেতৰ চেষ্টা আৰু ধৈৰ্য প্ৰশংসনীয়। আজি তেখেতৰ প্ৰত্যেকজন ল’ৰাৰ গাত দেউতাকৰ আদৰ্শ আৰু শিষ্টাচাৰ বিদ্যমান। এয়াও তেওঁলোকৰ মাতৃৰে কৃতিত্ব।

 শিক্ষক হিচাবে আৰু পিতৃ হিচাবে তেখেতে নিজৰ কৰ্তব্য সুন্দৰ ভাবে পালন কৰাৰ উপৰিও অন্য এটা দিশো সমান্তৰালভাৱে চলাই নিছিল। সেয়া হ’ল সাহিত্য চৰ্চা। অকল সেয়াই নহয় সংগীতৰ প্ৰতিও আছিল তেখেতৰ অদম্য হেঁপাহ। সেয়েহে নৱম শ্ৰেণীত পঢ়ি থাকোতেই সংগীতৰ শিক্ষা গ্ৰহণ কৰি ১৯৭৭ চনত লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা সংগীতৰ উপাধিও লৈছিল। গীতৰ পুথি ৰচনা কৰি তাত সুৰ দিছিল। সংগীতৰ কথা কওঁতে মোৰ এটা কথা মনলৈ আহিছে। এবাৰ এখন সংগীতৰ অনুষ্ঠানত যোগ দিবলৈ তেখেত এজন বন্ধুৰ সৈতে গৈছিল। আহোতে ৰাতি প্ৰায় ৯-১০ মান বাজিছে। দুই বন্ধুৱে বাটত বজাৰ কৰি মাছ কিনিলে আৰু হাতত লৈ ঘৰ অভিমুখে ৰাওনা হ’ল। দুয়োৱে আহোতে বাটে বাটে সংগীতৰ কথাকে পাতি আহিছিল আৰু মাজে মাজে গাইছিলো। শেষত দুয়ো গানত ইমান মছগুল হ’ল যে হাতৰ মাছ ক’ত ওলাই পৰিল গমকে নাপালে। পিছদিনা এই ঘটনাটো মোৰ আগত কৈ ৰগৰ কৰি বৰকৈ হাঁহিছিল। এইজনেই আছিল আপোনভোলা প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য।

 মানুহৰ জীৱনৰ মূল্যায়ন হয় কামৰ দ্বাৰা, জীৱনৰ দৈৰ্ঘ্যতাৰ ওপৰত নহয়। জীৱনৰ মধ্যাহ্ন সময়তে তেখেত ডায়বেটিছ ৰোগত আক্ৰান্ত হয়। তথাপি তেখেত হাৰমনা বিধৰ ব্যক্তি নাছিল। ইমান কম সময়ৰ ভিতৰতে কেইবাখনো গীতৰ পুথিকে ধৰি গ্ৰন্থ ৰচনা কৰি নীৰৱ দেশপ্ৰেমৰ পৰিচয় দি গৈছে। এই মহান ব্যক্তিগৰাকীয়ে জন্মস্বত্বে লাভ কৰা প্ৰতিভা আৰু অসাধাৰণ [ ৮৩ ] দক্ষতাৰে সমাজ জীৱনত স্ব-মহিমাৰে নিজৰ নাম যুগমীয়া কৰি ১৯৯৮ চনৰ আগষ্ট মাহৰ ১ তাৰিখে বৈকুণ্ঠ ধামলৈ গতি কৰে। তেখেতে সাহিত্য কৰ্ম, প্ৰশাসনিক দক্ষতা, নিষ্ঠা আৰু ত্যাগেৰে ধৰাৰ বুকুত এখন কালজয়ী আসন অধিকাৰ কৰি থৈ গৈছে। কিন্তু এটা দুখ মোৰ জীৱনত সদায় থাকি যাব। সেইটো হ'ল তেখেতৰ শেষ যাত্ৰাত মই দেখা নোপোৱাৰ দুখ। মৃত্যুৰ দুদিনমান আগতে গৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লৈ আহিছিলো। কিন্তু সিদিনা মই কিবা এটা কামত নলবাৰীলৈ যাব লগা হোৱাত ৰাতি তাতে থাকি গ'লো। ঘৰলৈ আহি যেতিয়া তিৰ মৃত্যুৰ বাতৰি পাইছিলো সঁচাকৈয়ে তেতিয়া মই মৰ্মাহত হৈ পৰিছিলো। বাৰে বাৰে তেখেতৰ হাঁহি থকা মুখখনে মোক সোঁৱৰাই দিছিল যে সেই মানুহজনক মই আৰু কেতিয়াও দেখা নাপাম।

 তেখেতৰ মৃত্যু হোৱাৰ আজি প্ৰায় ১২ বছৰেই হ’ল। কিন্তু ঘটনাটো যেন সিদিনাহে ঘটিছে এনে ভাব হয়। এখেতৰ বন্ধু-বান্ধৱ আৰু পুত্ৰসকলে মিলি সোঁৱৰণী গ্ৰন্থ উলিয়াব খোজা বাবে বৰ ভাল লাগিছে। কাৰণ গুণী ব্যক্তিক এইদৰে স্বীকৃতি জনোৱাটো দৰকাৰ আৰু তেখেতৰ লিখনিৰ পাণ্ডুলিপি সমূহ ছপাবলৈ মনস্থ কৰা বাবে মই তেখেতৰ পৰিয়ালটোক ধন্যবাদ জনাইছোঁ। তেখেতৰ লিখনি মানুহৰ মাজত প্ৰচাৰ হ'লেহে তেখেতৰ কষ্টৰ সম্পূৰ্ণ সাৰ্থক হ’ব।

 মই লিখক নহয়, কিন্তু প্ৰয়াত উমেশ বৈশ্যৰ লগত থকা সহৃদয়তাই মোক দুআষাৰ লিখাৰ বাবে বাধ্য কৰালে। এই সামান্য লিখনিৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে তেখেতৰ পূণ্যাত্মাই চিৰশান্তি লাভ কৰে।•


(লেখক নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৮৪ ]

হেৰাইয়ো হেৰোৱা নাই স্বৰ্গীয় উমেশ বৈশ্যদেৱ

ড° সৰলা ভূঞা
ক্ষেত্ৰী, কামৰূপ

 ক্ষণজন্মা কুলপ্ৰদীপ স্বৰ্গীয় উমেশ বৈশ্য এগৰাকী প্ৰবাদ পুৰুষ। সু- গভীৰ সু-চিন্তান্বেষী, সদালাপী, পণ্ডিত, গৱেষক, সংগীত সাধক, সাহিত্যিক, গীতিকাৰ, প্ৰবন্ধকাৰ— এই মনীষীগৰাকীৰ জীৱনৰ আলোকপাত কৰাৰ ধৃষ্টতা আমাৰ নাই। কিন্তু ভগ্নীস্বৰূপে দাদা উমেশ বৈশ্যই আমাক দি থৈ যোৱা স্মৃতিবোৰ কাহানিও হেৰাই নাযায়। তেজোদীপ্ত মুখমণ্ডলেৰে সুন্দৰ সুঠাম চেহেৰাৰ গহীন-গম্ভীৰ, সেইগৰাকী আমাৰ ডাঙৰ দাদা (একমাত্ৰ পেহীৰ জ্যেষ্ঠপুত্ৰ), আমাৰ অভিভাৱক, শিক্ষক আৰু জীৱনৰ পথ প্ৰদৰ্শক। একালত আমাক শিকাইছিল, বুজাইছিল— জীৱন কেনেদৰে গঢ়িব লাগে। সঁচা আৰু নিকা জীৱনৰ গতি দান কৰিবলৈ আমাক সদায় প্ৰয়াস কৰিছিল। এতিয়াহে অনুভৱ কৰোঁ দাদাৰ গুণ আৰু ব্যক্তিত্বৰ যদি ধনিষ্ঠমানো অধিকাৰী হ'লোহেঁতেন! এইগৰাকী দাদাই উত্তৰসূৰীসকলক দি থৈ যোৱা নাই কি? জীৱন সংগ্ৰামত নিজেই ক্ষত-বিক্ষত শ্ৰদ্ধাৰ দাদাই সদায় চিন্তা কৰিছিল, তেওঁৰ অনুজসকলৰ জীৱনৰ পদপথ যেন মমলৰ দলিছাৰ দৰে মসৃণ হয়। অথচ আন দহগৰাকীৰ দৰে দাদাৰ জীৱনপথ একেবাৰেই নিমজ নাছিল। জীৱনৰ একা-বেঁকা কাঁইটীয়া গতিপথত সত্য, সাধনা, সৎসাহস, সৎচিন্তা অবলম্বনেৰে তেওঁ যি বৰ্ণময় জীৱন ইতিহাস ৰচনা কৰি থৈ গৈছে সেয়া পৰিবাৰ, পৰিজন, সমাজ আৰু জাতিৰ বাবে নিশ্চয়কৈয়ে পাথেয়। জীৱনৰ আদিম পুৱাৰে পৰা প্ৰতিকূল পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাৰ মাজত ডাঙৰ-দীঘল হোৱা দাদাৰ জীৱন পৰিক্ৰমা কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়েৰে সামৰা এখনি যেন মহৎ গ্ৰন্থ। প্ৰতিটো অধ্যায় বৈচিত্ৰ্যময়। এই বৈচিত্ৰ্যতাৰ মাজত অন্তৰ্নিহিত হৈ আছে— মানুহ হোৱা আৰু গঢ়াৰ আদৰ্শ, সততা, ধৈৰ্য, সহিষ্ণুতা, একাগ্ৰতা, একনিষ্ঠতা, দায়বদ্ধতা আৰু কৰ্তব্য-পৰায়ণতাৰ নিদৰ্শন।

 দাদা আছিল বহুমুখী প্ৰতিভাৰ আধাৰ। তেওঁৰ প্ৰতিভাৰাজিৰ যিকোনো [ ৮৫ ] এটি দিশ যদি কোনো ব্যক্তিয়ে আয়ত্ত কৰিব পাৰে, সেইগৰাকী ব্যক্তিয়ে সমাজত মানুহৰূপে প্ৰতিষ্ঠিত হোৱাটো নিশ্চিত। তেওঁ মূলতঃ অসমীয়া বিষয়ৰ ছাত্ৰ আছিল। সেইদৰে অসমীয়া বিষয়ৰ বিষয় শিক্ষক; অথচ গণিত বিষয়ত আছিল তেওঁৰ অগাধ ব্যুৎপত্তি। সেইদৰে ইংৰাজী বিষয়ৰ পাৰদৰ্শিতাৰ কথাও তেওঁৰ ছাত্ৰ-ছাত্ৰী সমাজত সৰ্বজনবিদিত। যি বিষয়তেই নহওঁক, তেওঁ শিক্ষাদান কৰা ছাত্ৰ-ছাত্ৰীয়ে সমাজত প্ৰতিষ্ঠা লাভ কৰি একোখন সুকীয়া আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে; এই কথা প্ৰসংগক্ৰমে তেওঁলোকেও স্বীকাৰ কৰে। অত্যুক্তি নহয়— দাদাৰ পদাংকনুসৰণ কৰিছে তেওঁৰ সুযোগ্য সন্তান ড° শেখৰজ্যোতি (হেঙুল)য়ে। শ্ৰীমান হেঙুল নিজে এগৰাকী গণিত বিষয়ৰ অধ্যাপক। অধ্যাপনা, গৱেষণা, পৰিয়াল পৰিচালনাৰ মাজত ব্যস্ত থাকিও পিতৃৰ সৃষ্টিৰাজী উদ্ধাৰ, সংৰক্ষণ কৰি পিতৃদেৱতাক অমৰত্ব প্ৰদানৰ যি অহোপুৰুষাৰ্থ কৰি আছে সেয়া সমগ্ৰ পুত্ৰসমাজৰ বাবে এক আদৰ্শনীয় বিষয়। সঁচাকৈয়ে দাদা এগৰাকী সফল পিতৃ। তেওঁৰ আন তিনিগৰাকী পুত্ৰ নিতুল (জ্যেষ্ঠ), বুলু, দুলুকো উপযুক্তভাৱে গঢ় দি মানুহ কৰি থৈ গ'ল। সাংসাৰিক সফলতাৰ আঁৰত কিন্তু তেওঁৰ পত্নী শ্ৰীমতী ৰিণা বৈশ্যৰ নাম ল’বই লাগিব। সহনশীলা, ধৈৰ্যশীলা, লখিমীস্বৰূপা বৌৱে দাদাৰ তত্বাৱধানত পত্নীৰ ধৰ্ম আৰু মাতৃৰ দায়িত্ব পালন কৰি সংসাৰখন এনেকৈ আগুৱাই লৈ গ'ল, য'ত কতোৱেই একো খুঁত নাথাকিল; আৰু সেইবাবেই দাদাই তেওঁৰ ৰুচিসম্মত কৰ্মত কেতিয়াও কোনো বাধা পোৱা নাছিল। পৰৱৰ্তীকালত বোৱাৰীসকলেও শাহুআইৰ আদৰ্শ অনুসৰণ কৰি ভতিজাসকলক পূৰ্ণ সহযোগিতা প্ৰদান কৰিলে হয়তো আজিৰ গণিতজ্ঞ ড° শেখৰজ্যোতি কাইলৈ সীমাৰ পৰিধি অতিক্ৰমি উমেশ বৈশ্যৰ দৰে এগৰাকী সু-সাহিত্যিকৰূপেও পৰিচিত হৈ পৰিব।

 প্ৰয়াত দাদাৰ সংগীতৰ ক্ষেত্ৰখন আছিল বৰ বিশাল। অথচ তেওঁ আছিল প্ৰচাৰবিমুখ। অসমৰ সাংগীতিক ইতিহাসত যি সকল গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক তথা সংগীত সাধকৰ জীৱন ইতিবৃত্ত পোৱা যায় সেই সকলৰ সফলতাৰ আঁৰত দেখা যায়, কোনোৱে হয়তো কাৰোবাৰ পৃষ্ঠপোষকতা লাভ কৰিছে, কোনোৱে বংশানুগত আভিজাত্যৰ কোলাত উঠি আগবাঢ়িছে। কোনোবাই অৱশ্যে ঈশ্বৰপ্ৰদত্ত গুণেৰেও সফলতা লভিছে। কিন্তু প্ৰত্যেক গৰাকীকেই প্ৰচাৰ আৰু প্ৰসাৰৰ মাধ্যমেৰে কোনোবাই আগবঢ়াই নিছে। সেয়া ব্যক্তিগতও হ’ব পাৰে বা সামূহিক ভাবেও। কিন্তু দাদাৰ ক্ষেত্ৰত সেইবোৰ একোৱেই নাই। [ ৮৬ ]

সংগীত গুৰুসকলৰ আজ্ঞা শিৰোধাৰ্য কৰি তেওঁ আজীৱন সংগীত সাধনা কৰি গ'ল। উদাত্ত স্বৰেৰে গীত গালে, তেওঁৰ শিষ্য-প্ৰশিষ্যকো গীত গোৱালে, শিকালে। তাৰ বাবে কাৰো প্ৰশংসা বিচৰা নাছিল, অৰিহনাও বিচৰা নাছিল।

 কবি, গীতিকাৰ দাদাৰ প্ৰাণত যে দেশাত্মবোধৰ প্ৰাবল্যতা প্ৰখৰ আছিল তাৰ স্বাক্ষৰ বহন কৰিছে তেওঁ ৰচনা কৰা বিভিন্ন কবিতা আৰু গীতসমূহে। এই বিষয়ে বিজ্ঞজনে ‘সুৰ বিচাৰি বাৰ বছৰ’ গ্ৰন্থত বিশ্লেষণ কৰিছে। জ্ঞানীবৰ, তুমি ওলাই আহা’ কবিতাটি এগৰাকী ভৱিষ্যৎদ্ৰষ্টা দূৰদৰ্শী কবিৰ স্বাক্ষৰ। সৌ তাহানি ১৯৭৯ চনতেই প্ৰকাশিত উক্ত কবিতাটি পঢ়ি এনে লাগে যেন বৰ্তমান অসমৰ ৰাজনৈতিক, সামাজিক পটভূমিৰ দুখলগা অৱস্থাবোৰ প্ৰত্যক্ষ কৰিহে এইমাত্ৰ লিখিলে।

 দাদা আছিল ভৱিষ্যৎদ্ৰষ্টা, দূৰদৰ্শী, সমাজ সচেতক দেশহিতৈষী পুৰুষ। ‘সুৰ বিচাৰি বাৰ বছৰ গ্ৰন্থৰ প্ৰতিটো প্ৰবন্ধতেই তেনে সূক্ষ্ম দৃষ্টিভংগী আৰু সমাজৰ প্ৰতিটো দিশৰ পৰ্যবেক্ষণসমৃদ্ধ ইতিবাচক চিন্তাধাৰা কঢ়িয়াই লৈ ফুৰিছে। ‘অন্তঃসাৰ শূন্য বৰ্তমান শিক্ষাজগত, বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভংগী’, ‘আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা’, ‘আমাৰ সংগীত কলাৰ বৰ্তমান অৱস্থা’ শীৰ্ষক প্ৰবন্ধসমূহ আজিৰ শিক্ষা ব্যৱস্থা, শিল্পীসমাজ, সাহিত্য-সংস্কৃতি আৰু সংগীত কলাৰ ক্ষেত্ৰত অত্যন্তই প্ৰাসংগিক। সুদূৰপ্ৰসাৰী চিন্তান্বেষী প্ৰবন্ধকাৰ দাদাই যেন তাহানিৰ তেওঁৰ বৰ্তমানটোৰ মাজৰ পৰা আজি একবিংশ শতিকাৰ বৰ্তমানটোলৈ দৃষ্টিপাত কৰিছিল।

 কৰ্মযোগী প্ৰয়াত উমেশ বৈশ্যৰ জীৱন পৰিক্ৰমাৰ বৰ্ণিল অধ্যায়সমূহৰ মাজত লিপিৱদ্ধ নহ’ল কোনো ৰাজহুৱা বা ৰজাঘৰীয়া খিতাপ। আনেও নাভাৱিলে; নিজেও নিবিচাৰিলে। মানুহৰ বাবে, সমাজৰ বাবে তেওঁ দিয়া নাই কি? অথচ সেইগৰাকী ব্যক্তিতকৈ বহুগুণে কম দক্ষ ব্যক্তিয়েও পিন্ধিছে ৰাইজ নাইবা ৰজাঘৰে প্ৰদান কৰা বহুৰঙী উপাধিৰ অলংকাৰ। অসমৰ সাহিত্য, কলা- সংস্কৃতি আৰু সংগীত মহাকাশৰ উজ্জ্বল তাৰকামণ্ডলত প্ৰয়াত উমেশ বৈশ্যৰ স্থান প্ৰাপ্তি নহ'ল কিয়? সেই সকলতকৈ কোনটো দিশত দুখীয়া আছিল তেওঁ? যদি নাছিল, তেওঁৰ জন্মদিন বা মৃত্যু তিথি ৰাজহুৱা নহ’ল কিয়? আচলতে তেওঁ বঞ্চিত। অন্যথাই শংকৰ, মাধব, জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকা সদৃশ নহ'লেও সংগীতসাধক লক্ষ্মীৰাম বৰুৱাসদৃশ হৈ অসম আৰু অসমীয়াৰ মাজত অমৰত্ব লভিলেহেঁতেন। [ ৮৭ ]  সদৌ শেষত ভগৱানৰো কোপ দৃষ্টি পৰিছিল দাদাৰ ওপৰত। কিয়নো, কৰ্মজীৱনৰ ওৰ নপৰোতেই আমাৰ মাজৰ পৰা তেওঁক কাঢ়ি লৈ গ'ল। ভগৱানে সুদৃষ্টি প্ৰদানেৰে আৰু কেইবছৰমান তেওঁক জীৱন দান কৰিব পাৰিলেহেঁতেন। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আমাক কাণ্ডাৰীবিহীন কৰি জীৱন যুঁজত কোনো দিনে হাৰ নমনা, কাৰো সৈতে আপোচ নকৰা দাদাই নিয়তিৰ ওচৰত হাৰ মানিলে। মৃত্যুৰ সৈতে আপোচ কৰিলে। হয়তো সেই পুণ্যাত্মাই পৰমাত্মাৰ লগত বিলীন হৈ গৈছে। দাদাৰ কায়া আজি আমাৰ মাজত নাই; কিন্তু আছে। ছায়া আৰু মায়া। শ্ৰদ্ধাসিক্ত ভকতিৰে তেওঁক সদায় সেৱা কৰিম।•

(লেখিকা ক্ষেত্ৰী আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। তেখেত একেৰাহে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যকাৰ, গল্পকাৰ, প্ৰৱন্ধকাৰ, উপন্যাসিকা, গ্ৰন্থকাৰ, গীতিকাৰ, আকাশবাণী আৰু দূৰদৰ্শনৰ কণ্ঠশিল্পী তথা কেইবাখনো সফল দূৰদৰ্শন ধাৰাবাহিকৰ কাহিনী আৰু চিত্ৰনাট্য ৰচয়িতা। অপৰাহ্ন’ গল্প পুথিৰ বাবে ভাৰতীয় দলিত সাহিত্য একাডেমী (দিল্লী, ২০০৬), ‘অপৰাজিতা’ (হিন্দী ধাৰাবাহিক)ৰ বাবে জীৱনজোৰা সাধনা (মুম্বাই, ২০০৭), ‘অন্য এক তেজীমলা’ দূৰদৰ্শন ধাৰাবাহিকৰ বাবে শ্ৰেষ্ঠ কাহিনী, পৰিচালিকাৰ মুন লাইট মিডিয়া (গুৱাহাটী, ২০০৭), ‘কাল ধুমুহা’ ভ্ৰাম্যমান থিয়েটাৰ নাটৰ বাবে এনাজৰী (গুৱাহাটী, ২০১৩), ‘অন্তঃসত্বা গল্পৰ বাবে শ্ৰেষ্ঠ গল্পকাৰ (অসম সাহিত্য সভা, ২০১১) আদি বঁটা প্ৰাপক। ‘মঞ্জিল আপকে সাথ’ আৰু ‘জীৱন সুৰভী’ নামৰ হিন্দী তথ্যচিত্ৰৰ পৰিচালিকা।) [ ৮৮ ]

প্ৰয়াত উমেশ বৈশ্যঃ ৰসজ্ঞ, বিজ্ঞ, অভিজ্ঞ আৰু সংগীতজ্ঞঃ আজি বহুতৰে নমস্য

ৰামচৰণ পাঠক
বিৰুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্য যে এজন মিতভাষী লোক আছিল সেইটো মই তেখেতৰ লগত প্ৰথম চিনাকি দিনৰ পৰাই গম পাইছিলোঁ। কম কথা কৈ ভালপোৱা, আনৰ কথা মনযোগ দি শুনা লোক আছিল প্ৰয়াত বৈশ্য। মোৰ লগত তেখেতৰ আত্মীয়তা গঢ়ি উঠিছিল সংগীতৰ জৰিয়তেহে। জীৱিত কালত পাবলগীয়া মান/যশখিনিৰ পৰা বঞ্চিত হলেও তেখেত এজন যে সংগীতানুৰাগী আৰু জ্ঞানপুষ্ট লোক আছিল সেইটো তেখেতে এৰি থৈ যোৱা ৰচনাৱলী আৰু তেখেতৰ কৃতকৰ্মৰ পৰাই উমান পোৱা যায়। প্ৰচাৰবিমুখ বৈশ্য একেধাৰে গীতিকাৰ, সুৰকাৰ, লেখক আৰু বিদূষী ব্যক্তি আছিল।

 তেখেতে নিজে গীত লিখি কৰা সুৰৰ গীত মই একাধিকবাৰ শুনাৰ সুবিধা পাইছিলোঁ। পিছে সংগীতৰ লগত তেখেত যিমানে ওতঃপ্ৰোতভাৱে জৰিত বুলি জানিছিলোঁ সিমানেই তেখেতৰ খুহুতীয়া মন এটাও যে আছিল তাকো বহুবাৰ প্ৰমাণ পাইছিলোঁ। ৰসৰ কথা ওলালে সময়ৰ জ্ঞান পাহৰা বিধৰ লোক আছিল তেখেত। আন কথাত ক'বলৈ হ'লে উপযুক্ত পৰিবেশত তেখেত এজন খুহুতীয়া কথাৰ ভঁৰাল আছিল। তেখেতৰ প্ৰাণখোলা হাঁহিৰ মুখখন এতিয়াও মনত পৰে।

 আচলতে মোক প্ৰয়াত বৈশ্যৰ সৈতে চিনাকি কৰি দিছিল মোৰ আন এজন বন্ধু, ৰসৰ ভঁৰাল, এসময়ৰ গায়ক, নৃত্যশিল্পী, কথাশিল্পী শ্ৰীমানিক দত্তই। শ্ৰীদত্ত তেখেতৰ প্ৰতিবেশী।

 ১৯৭৩ চনৰ মে’ মাহৰ কথা। মই তেতিয়া পাহাৰৰ বাসিন্দা। অৰ্থাৎ তেখেত থকা ঠাইৰ ওপৰৰ ফালে একচনীয়া পট্টাৰ পাহাৰীয়া মাটি এডোখৰ লৈ তাতে খেৰীঘৰ এটা সাজি মই থাকোঁ। মই মানে মোৰ সৰু পৰিয়ালটোৰে [ ৮৯ ] সৈতে। সেই ডোখৰ মাটি লোৱাৰ ব্যৱস্থা মোক শ্ৰীদত্তই কৰি দিছিল।

 সেই বছৰৰে জুলাই মাহৰ কোনোবা এটা দেওবাৰ। আবেলি মই দত্তৰ ঘৰলৈ আহিছিলোঁ। আৰু বহা কোঠাতেই লগ পাইছিলোঁ ধুনীয়া চেহেৰাৰ এজন মানুহ, বৰ গহীন হৈ বহি আছে। কিয় জানো দত্তই মোক তেখেতৰ সৈতে প্ৰথম পৰ্বতে চিনাকি কৰি দিয়া নাই। হয়তো শ্ৰীদত্তই মনেই কৰা নাছিল। ময়ো কথাটোত সিমান গুৰুত্ব নিদি আমাৰ গতানুগতিক খুহুতীয়া কথাৰ মহলা আৰম্ভ কৰিলোঁ। গাঁৱৰ কথা, আমি পঢ়ি অহা (শ্ৰীদত্ত মোৰ অগ্ৰজ হলেও আমি একেখন স্কুলতে অগাপিচাকৈ পঢ়া) স্কুলৰ কথা। আৰু মোৰ ওচৰতে বহি থকা ব্যক্তিজনেই যে প্ৰয়াত বৈশ্য মই তেতিয়াও নাজানিলোহেঁতেন যদিহে শ্ৰীদত্তৰ পত্নী (সদ্য প্ৰয়াত) শ্ৰীমতী দত্তই চাহ তিনিকাপ ট্ৰে এখনত লৈ সোমাই আহি মোক চিনাকি কৰি নিদিলেহেঁতেন!

 —‘এখেত বৈশ্য; আমাৰ প্ৰতিবেশী। শ্ৰীমতী দত্তই কৈ গৈছিল।

 —‘আৰু এখেত পাঠক; নতুনকৈ আহিছে: আমাৰ চুবুৰিৰে বাসিন্দা হৈ’। বৈশ্যৰ ফালে মুখ ঘূৰাই শ্ৰীমতী দত্তই ক'লে। বৈশ্যই শ্ৰীমতী দত্তলৈ ঘূৰি চালে।

 —‘পিছে দুইজন গোটখালে (মোক আৰু শ্ৰীদত্তলৈ ইংগিত কৰি) পৃথিৱীৰ খবৰ নাৰাখে। বুজিছেই চাগে', আপোনাক কিজানি চিনাকি কৰিয়েই দিয়া নাই।’

 বৈশ্যই মাথো মিচিকিয়া হাঁহি এটা মাৰি ক'লে- নাইনাই, মই, তেখেত দুজনৰ কথাৰ মাজৰ কথাখিনিৰ মজ্জাখিনিহে উপভোগ কৰি আছো। হেঃ হেঃ হেঃ বুলি বৈশ্যই মৰা খোলা হাঁহিটোয়ে তেখেতৰ অন্তৰখন বাৰুকৈয়ে দেখুৱাই দিলে। মোৰ আৰু মানুহজনক জানিবলৈ বাকী নাথাকিল।

 শ্ৰীদত্তই তেতিয়াহে যেন সম্বিত ঘূৰাই পাই, আমাৰ দুজনৰ মাজত সবিস্তাৰে পৰিচয় কৰাই দিলে। সেয়াই যি আৰম্ভণি আৰু শেষলৈও সেই বন্ধুত্বৰ এনাজৰীডাল নিকপীয়া হৈ থাকিয়ে গ'ল।

 প্ৰয়াত বৈশ্যৰ বহল শৈক্ষিক ক্ষেত্ৰখনৰ কথাত মই বৰকৈ ওয়াকিবহাল নহয়। তাৰ কাৰণ হ'ল আমাৰ চিনাকি হোৱাৰ দুবছৰমানৰ পাছৰ পৰাই মই বহু বছৰৰ বাবে চাকৰি সূত্ৰে গুৱাহাটীৰ আৰু কেতিয়াবা অসমৰ বাহিৰত থাকিবলগীয়া হোৱাটো।

 প্ৰয়াত বৈশ্যৰ নিতান্ত সহজ সৰল ভাষা আৰু ছন্দেৰে সমাজৰ শোষক [ ৯০ ] শ্ৰেণীৰ বিৰুদ্ধে বুকুত নাচি থকা জ্বালামুখী আগ্নেয়গিৰিৰ উৰ্গীৰণ হৈছিল এইদৰে—

“কৃষক বনুৱা মোৰ, দিয়াচোন মন
এতিয়াও কিয় নিদ্ৰামগন?

আমাৰ শ্ৰম দেখোঁ ঘাম হৈ সৰে
বুকুৰ তেজ দেখোঁ পানী হৈ পৰে
তথাপি নুগুচে ভোক আমাৰ পেটৰ
কৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ॥

সৌ চোৱা জিলিকে বিলাস-ভবন
তিল তিল তিল কৰি ৰক্ত শোষণ
তোমাৰ দেহৰ, আমাৰ দেহৰ
সহস্ৰ বনুৱাৰ কোমল দেহৰ
কিয় বাৰু বুজা নাই ক্ষুধাৰ্ত জনতা
এতিয়াও কিয় হোৱা নাই সচেতন?..... (প্ৰগতিৰ গান)

 বুকুৰ জ্বলন আৰু সচেতন মনৰ আবেগ অনুভূতিবোেৰ প্ৰকাশিত আৰু অপ্ৰকাশিত কিতাপবোৰৰ উপৰিও প্ৰকাশ পাইছে তেখেতৰ সদ্য প্ৰকাশিত (২০১০ খৃঃ) গীতৰ পুথি ‘প্ৰগতিৰ গান’তো। কালে অকালতে হৰণ কৰি নিনিয়া হলে আমি প্ৰয়াত বৈশ্যৰ পৰা আৰু বহুতো পালোঁহেঁতেন।

 শেহত তেখেতে এৰি থৈ যোৱা কৰ্মৰাশি আৰু গ্ৰন্থৰাজিয়ে ৰাইজৰ সমাদৰ পাওঁক— এয়ে কামনা।•

(লেখক ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, আকাশবাণীৰ স্বীকৃত গীতিকাৰ, সুৰকাৰ, প্ৰসিদ্ধ লেখক আৰু অসম সাহিত্য সভাৰ ৱেবছাইট প্ৰস্তুতকৰ্তা।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ৯১ ]

প্ৰয়াত উমেশ বৈশ্যৰ স্মৃতিত একাজলি অৰ্ঘ

ড° অসমী গগৈ

বিৰুবাৰী, গুৱাহাটী

 জন্মৰ লগে লগে নিৰ্দ্ধাৰণ হৈ যায় মানৱৰ মৃত্যুৰ ক্ষণ। পৃথিৱীত মানুহ আলহী মাথোন। কেৱল আলহী হিচাপে অহা এই যাত্ৰাত কোনোজনে দীঘলীয়া সময় আৰু কোনোজনে কম সময় অতিবাহিত কৰে এই পৃথিৱীত। মানুহৰ জীৱন যেন এখন নাটক। অভিনয় শেষ হলে পুনঃ আগৰ ৰূপত মানুহ সোমাই পৰাৰ দৰে মঞ্চৰূপী পৃথিৱীত আয়ুস শেষ হলে মানুহ পুনঃ নিজৰ স্থান পায়গৈ। অভিনয়ৰ সাজ-পোছাক সোলোকাই পেলোৱাৰ দৰে মানুহৰ আত্মাই পেলায় থৈ যায় মানৱৰ শৰীৰ। পৃথিৱী এখন মাথোন নাটঘৰ। অসমৰত্ন ড° ভূপেন হাজৰিকাৰ ভাষাত ‘ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ, কোনে কি ভাও ল’বা আহা সময় যে তাকৰ।’  নাটঘৰৰূপী পৃথিৱীত ভাওনা কৰি এনেদৰেই মানৱৰ দেহত্যাগ কৰি পহিলা আগষ্ট ১৯৯৮ তাৰিখে বিৰুবাৰী নিবাসী উমেশ বৈশ্যই গুচি গৈছিল। ৰাখি থৈ গৈছিল তেওঁৰ কৰ্মজীৱনৰ চানেকিসমূহ। পত্নী আৰু চাৰিটি পুত্ৰৰে তেওঁৰ সংসাৰখনত তেওঁ কৰ্তব্যসমূহ সম্পূৰ্ণ কৰিবলৈ নাপালে। জীৱন বাটত বাট বোলোতে আগডোখৰতে নেদেখাজনৰ আহ্বান শুনি সামৰিব লগা হ'ল তেওঁ জীৱন যাত্ৰা। ল’ৰাহঁতৰ দায়িত্ব পত্নীৰ ওপৰত অৰ্পণ কৰি বিশ্বনিয়ন্তাৰ আহ্বানত তেওঁ প্ৰায় ৫৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিব লগা হয়। কিন্তু জীৱন লীলাৰ সময়ছোৱাত প্ৰয়াত উমেশ বৈশ্যই কৰা কৰ্মৰাজীয়ে তেওঁক আজিও জীয়াই ৰাখিছে। তেওঁৰ সতীৰ্থ, বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্বৰ মাজত।

 বিৰুবাৰীৰ পাহাৰৰ দাঁতিত পত্নী-পুত্ৰৰে বসবাস কৰিবলৈ লোৱা বাণীকান্ত মেমোৰিয়েল ছোৱালী হাইস্কুল (সেই সময়ত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা নাছিল)ত শিক্ষকতা কৰা উমেশ বৈশ্যৰ সৈতে এগৰাকী প্ৰতিবেশী তথা একেই পেছাত থকাৰ বাবে আমাৰ দুয়োটা পৰিয়ালৰ লগত আছিল এক সু-সম্পৰ্ক। পিছলৈ অৰ্থাৎ ১৯৯১ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ [ ৯২ ] উন্নত হোৱাত উমেশ বৈশ্যয়ো ক্ৰমান্বয়ে পদোন্নতি লাভ কৰি অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। বিদ্যালয়খনে উচ্চতৰ মাধ্যমিকলৈ উন্নত হোৱাত বৈশ্য ডাঙৰীয়াই প্ৰথমে বিষয় শিক্ষক পদলৈ প্ৰমোচন লাভ কৰে। পিছত ১৯৯৩ চনত বিদ্যালয়খনৰ উপাধ্যক্ষ আৰু ১৯৯৫ চনত তেওঁ বিদ্যালয়খনৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰে। সেই সময়ত এই লেখিকায়ো এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাত কৰ্মসূত্ৰেও বিভিন্ন সভা-সমিতিত তেখেতক লগ পাইছিলো আৰু বিদ্যালয়ৰ প্ৰশাসনিক দিশৰ বিষয়ে তেখেতৰ লগত কেতিয়াবা ব্যক্তিগত ভাবেও কথা-বতৰা পাতিছিলো। ওচৰ চুবুৰীয়া আৰু কৰ্মসূত্ৰে এনেদৰে লগ পাওঁতে জানিব পাৰিছিলোঁ বৈশ্য ডাঙৰীয়াৰ মাজত থকা আন গুণাৱলীসমূহৰ বিষয়ে। বৈশ্য ডাঙৰীয়াৰ পত্নী শ্ৰীমতী ৰিণা বৈশ্যৰ পৰাও বৈশ্যৰ মাজত নিহিত গুণাৱলীসমূহৰ বিষয়ে জানিছিলো। বিশেষকৈ উমেশ বৈশ্যই গান গোৱা, মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰা কৰ্মৰাজিৰ বিষয়ে বৈশ্যৰ সুযোগ্যা পত্নীয়ে অতি উৎসাহেৰে আৰু আনন্দেৰে মোৰ আগত প্ৰকাশ কৰিছিল। এবাৰ তেওঁলোকৰ ঘৰত থকা বিভিন্ন বাদ্যযন্ত্ৰ- সমূহ দেখি মই সেইবোৰ কোনে বজায় বুলি সোধাত শ্ৰীমতী বৈশ্যই উৎসাহেৰে বৈশ্য ডাঙৰীয়াৰ মিউজিকত থকা ৰাপৰ বিষয়ে কৈছিল। শিক্ষকতাৰে জীৱন আৰম্ভ কৰা প্ৰয়াত উমেশ বৈশ্য প্ৰয়োজনীয় গুণাৱলীসমূহেৰে প্ৰকৃততেই এজন শিক্ষক আছিল, যাৰ জীৱনৰ উদ্দেশ্যই আছিল শিক্ষক হোৱা। বিভিন্ন বিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা আৰম্ভ কৰি শিক্ষকতা কৰিবলৈ সক্ষম হোৱা কথাটোৱেই প্ৰয়াত বৈশ্য যে এগৰাকী প্ৰকৃত শিক্ষক আছিল আৰু শিক্ষকৰ প্ৰয়োজনীয় গুণসমূহ তেওঁৰ মাজত নিহিত আছিল সেই কথাৰ ইংগিত দিয়ে। এই গুণাৱলীসমূহ থকা হেতুকে তেওঁ সহজতে বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰিবলৈ সক্ষম হৈছিল।

 এজন দক্ষ শিক্ষক হ’বলৈ হ'লে এজন ভাল ছাত্ৰও হ'ব লাগিব। অৰ্থাৎ এজন শিক্ষকৰ মাজত অধ্যয়নৰ স্পৃহা সদায় সততে থকাটো প্ৰয়োজন। যিটো প্ৰয়াত বৈশ্যৰ মাজত নিহিত আছিল। সেইবাবেই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈয়েই শিক্ষকতাৰে জীৱন আৰম্ভ কৰিলেও বৈশ্য ডাঙৰীয়াই তেওঁৰ অধ্যয়ন পিপাসা অটুট ৰাখিছিল যাৰ বাবে তেওঁ ছাত্ৰক পঢ়ুওৱাৰ লগতে নিজেও এজন ছাত্ৰ হৈ পঢ়ি আই, এছচি., বি.এ. আৰু পিছত এম.এ. ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। [ ৯৩ ]  সাধাৰণ শিক্ষাৰ লগত শিক্ষক হিচাপে আজীৱন জড়িত থকাৰ লগতে সংগীতৰ শিক্ষক হিচাপেও বৈশ্য ডাঙৰীয়াই নিজকে নিয়োগ কৰিছিল সংগীতৰ প্ৰতি থকা তেওঁৰ বিশেষ ৰাপৰ বাবে। বিভিন্ন বাদ্যযন্ত্ৰ বজাবলৈ সক্ষম প্ৰয়াত বৈশ্যই নিশা আৰু বন্ধৰ দিনত সংগীত শিক্ষক হিচাপে মাধৱদেৱপুৰস্থিত গন্ধৰ্ব সংগীত বিদ্যালয় আৰু কালাপাহাৰস্থিত অসম মিউজিক কলেজত সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। পিছলৈ প্ৰয়াত বৈশ্যই নিজৰ ঘৰতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় আৰম্ভ কৰিছিল।

 সদা বিনয়ী, শান্ত, ভদ্ৰ আচৰণ ব্যৱহাৰেৰে প্ৰয়াত বৈশ্য এজন যথাৰ্থতে শিক্ষক আছিল। বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত তেখেতৰ সৈতে বিদ্যালয়ত প্ৰশাসনিক দিশৰ বিষয়ে কেতিয়াবা কথা পাতোতে এজন প্ৰশাসক হিচাপে আমি দক্ষতাৰে কাম কৰিবলৈ হ'লে কিদৰে প্ৰতিজন শিক্ষক- শিক্ষয়িত্ৰীৰ দোষ-গুণবোৰ জানিবলৈ বিদ্যালয়খনৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে শিক্ষকজনৰ গুণসমূহ উলিয়াই আনিব পাৰি সেই বিষয়ে কথা পাতিছিলো। সুদীৰ্ঘ জীৱনৰ শিক্ষকতাৰ অভিজ্ঞতাৰে সেই সময়ত মোৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰা কামক তেখেতে যথেষ্ট প্ৰশংসা কৰা উপৰি আৰু কি কি কৰিব পাৰি তাৰো কিছুমান উপায় দিছিল। আজি এই লেখা লিখাৰ সময়ত বৈশ্য ডাঙৰীয়াৰ সৈতে কেতিয়াবা তেখেতৰ ঘৰত আলোচনা কৰা এই বিষয় আৰু পৰিবেশটো সজীৱ হৈ মোৰ মানসপটত ভাহি উঠিছে। ভাহি উঠিছে তেখেতে তেখেতৰ বৰপুত্ৰ জীৱনক দশমমানত পঢ়ি থকা সময়ত মোৰ ঘৰলৈ আনি কিছুদিন পঢ়ুৱাই দিবলৈ কৰা বিনম্ৰ অনুৰোধ। তেখেতৰ তেনে বিনম্ৰ অনুৰোধ মই উপেক্ষা কৰিব নোৱাৰি মোৰ বিদ্যালয় আৰু ঘৰুৱা কাম, নিজৰ ল'ৰা- ছোৱালীৰ তত্বাৱধান লোৱা ইত্যাদি কামৰ উপৰি তেওঁৰ বৰপুত্ৰ জীৱনক মই পঢ়াইছিলোঁ। অতি বিনম্ৰ ভাৱে আহি তেওঁ কেতিয়াবা পুত্ৰৰ উন্নতিৰ খবৰ- খাতি লৈছিল। তেওঁ নিজে এজন শিক্ষক যদিও দেউতাক হিচাপে বৰপুত্ৰলৈ অধিক মৰম হেতুকে জীৱনে শিক্ষকতাৰ দিশৰে দিয়া তেওঁৰ নিৰ্দেশবোৰ বিশেষ গুৰুত্ব নিদি পিতৃৰ মৰম আৰু আবদাৰ বিচৰাৰ কথা কৈছিল— যাৰ বাবে তেওঁ মোৰ সহায় বিচাৰিছিল। বৰপুত্ৰ জীৱনক যাতে প্ৰৱেশিকা পৰীক্ষাত ভালদৰে উত্তীৰ্ণ কৰাব পাৰে। তেওঁৰ এই অনুৰোধ ৰক্ষা কৰিছিলো আৰু জীৱনে পিতৃৰ আশা পূৰ্ণ কৰাত ময়ো সন্তোষ পাইছিলো।

 কিন্তু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা দিনৰে পৰা শিক্ষকতা বৃত্তিক [ ৯৪ ] আঁকোৱালি লোৱা বৈশ্য ডাঙৰীয়াই শিক্ষক হিচাপে সম্পূৰ্ণ জীৱন কটাবলৈ নাপালে। অৱসৰৰ বাবে আৰু কিছু বছৰ থকা অৱস্থাৰেই উমেশ বৈশ্য ডাঙৰীয়াই জীৱন গতি সমাপ্ত কৰিবলগীয়া হ’ল। দীৰ্ঘদিন বহুমূত্ৰ ৰোগত আক্ৰান্ত বৈশ্য ডাঙৰীয়াই শেষত চকুৰ অসুস্থতা আৰু কিডনিৰ অসুখত ভুগি মৃত্যুক সাৱটি ল'ব লগা হয়।

 এয়েই মানুহৰ জীৱন। পৃথিৱী এখন নাটঘৰ কিন্তু এই নাটঘৰৰূপী পৃথিৱীত মানুহৰ জীৱন অস্থায়ী হলেও মানুহৰ গুণশীল কৰ্মই মানুহক জীয়াই ৰাখে তেওঁৰ উত্তৰসুৰী লোকৰ মাজত। আজি বৈশ্য ডাঙৰীয়া আমাৰ মাজত নাথাকিলেও বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰ্মৰ জৰিয়তে তেওঁ তেওঁৰ শিষ্য আৰু সহকৰ্মীৰ মাজত জীয়াই আছে। তেওঁৰ সুযোগ্যা পত্নী, চাৰিটি পুত্ৰই দেউতাকৰ স্মৃতি যুগমীয়া কৰিবলৈ প্ৰয়াস কৰিছে তেওঁৰ নামেৰে স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ। প্ৰয়াত যোগ্য বৈশ্যৰ যোগ্যা পত্নী আৰু পুত্ৰৰ কাম নিশ্চয় প্ৰশংসনীয়। পিতৃৰ আত্মাই চিৰশান্তিত থাকে যেতিয়া তেওঁৰ পুত্ৰ-পুত্ৰীয়ে পৃথিৱীত সজ কৰ্মৰে জীৱন অতিবাহিত কৰি সমাজলৈ বৰঙনি আগবঢ়ায়।

 বৈশ্য ডাঙৰীয়াৰ আত্মাই চিৰশান্তি লাভ কৰক; পুত্ৰসকলৰ সজ কৰ্মই মানুহৰ হিতসাধন কৰক আৰু ভগৱন্তই তেওঁলোকৰ সৰ্বতোপ্ৰকাৰ মংগল কৰক। (লেখিকা কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ৯৫ ]

স্মৃতিবাহী নদীৰ তীৰত স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যৰ সোঁৱৰণ

চৈয়দ কাইয়ুম কবীৰ আহমেদ

সন্ধেলী, নলবাৰী

সত্তৰৰ দশকৰ শেষৰ পিনৰ কোনোবা এটি দিন। এতিয়া সঠিক মনত

নাই। মই তৃতীয় শ্ৰেণীত পঢ়ো। মুনিচুনি বেলিকা আমাৰ পদূলিৰে সোমাই আহিছিল বগা ওখ-পাখ, সভা শুৱনি এজন মানুহ। সেই সময়ৰ বৈচিত্ৰ্যহীন গাঁৱলীয়া পৰিবেশত ডাঙৰ দীঘল হোৱা মোৰ নিচিনা এটি শিশুৰ বাবে ঘৰৰ ওচৰৰ চিৰপৰিচিত মানুহখিনিৰ বাহিৰে নতুন মুখৰ মানুহৰ প্ৰতি এক অপাৰ কৌতূহল। তাতে মানুহজনৰ ব্যক্তিত্বত আছিল এক চৌম্বিক আকৰ্ষণ। সেই প্ৰথম দৃষ্টিতে মই তেখেতৰ প্ৰতি এক অনাবিল আকৰ্ষণ অনুভৱ কৰিছিলো। মানুহজনে মোৰ দেউতাক বিচাৰি আহিছে। বাটচৰাতে তেখেতে মোৰ নামটো সুধিলে আৰু মোক আচৰিত কৰি গাঢ় নীলা বকলাৰে বন্ধা এটা দীঘল বিস্কুটৰ পেকেট মোলৈ আগবঢ়াই দিলে। মোৰ কণমানি হাতখনত মৰমেৰে খামুচি ধৰি ঘৰলৈ সোমাই আহিল আৰু দেউতাৰ ওচৰ পালেহি। সেইদিনা মানুহজনৰ সেই হাতৰ স্পৰ্শৰ উমকণ, খন্তেকীয়া এক বিদ্যুৎ শিহৰণ যেন অনুভূতিখিনি আজিও মোৰ মনৰ পৰা আঁতৰি যোৱা নাই। মোৰ শৰীৰৰ কোনোবা নিভৃতত তাৰ ৰেশ যেন এতিয়াও অম্লান।

হঠাৎ আমাৰ ঘৰখনলৈ এক উথপ্‌থপ্‌ পৰিবেশৰ সৃষ্টি হ'ল। ৰান্ধনীশালত

মাৰ ব্যস্ততা আৰম্ভ হ’ল। ওচৰৰে সম্পৰ্কীয় জেঠাই এজনীক লাচনি পাচনিৰ বাবে মোৰ হতুৱাই মতাই অনালে। প্ৰথমে চাহ, পিঠা; ৰাতিলৈ মাছ আৰু মাংসৰে ভাতৰ আয়োজন। বুজিলো, আজি আমাৰ ঘৰলৈ এজন বিশিষ্ট আলহী আহিল। যিজনৰ বিশিষ্টতা হয়তো মোৰ মামা-মামীহঁত নাইবা পেহা- পেহীহঁততকৈ কোনো গুণে কম নহয়।

এই মানুহজনেই আছিল, মোৰ অতি শ্ৰদ্ধাৰ, অগ্ৰজ ভাতৃপ্ৰতিম উমেশ [ ৯৬ ] চন্দ্ৰ বৈশ্য - উমেশ দাদা। মোৰ সংগীতজ্ঞ পিতৃ প্ৰয়াত জমিৰুদ্দিন আহমেদ

বহু প্ৰিয় শিষ্যৰ ভিতৰৰ অন্যতম।

 ইতিমধ্যে দেউতাৰ লগত দাদাৰ কথোপকথন আৰম্ভ হৈছিল। মায়ে জ্বলাই দিয়া কেৰাচিন তেলৰ লেম্প এটাৰ ঈষৎ উজ্জ্বল পোহৰত তেওঁলোকৰ আলোচনাই পাগত উঠিছিল। কোঠাটোৰ বতাহখিনিত পাকঘূৰণী খাই শব্দবোৰ উফৰি আহি সিটো কোঠাত পঢ়ি থকা মোৰ কাণতো পৰিছিল। তেওঁলোকৰ কথা-বাৰ্তাৰ বিষয়বস্তু আছিল শাস্ত্ৰীয় সংগীত আৰু অসমৰ সংগীত শিল্পী, সুৰকাৰ আৰু গীতিকাৰসকল। শাস্ত্ৰীয় সংগীতৰ তাত্বিক দিশৰ অনুপুঙ্খ বিশ্লেষণবোৰ মোৰ দৰে শিশুমনে একো উৱাদিহ পোৱা নাছিল যদিও দাদাৰ কথন ভংগী, সাৱলীল কণ্ঠস্বৰে মোক আকৰ্ষিত কৰিলে। ক’ব নোৱাৰাকৈ মই মোৰ পঢ়া টেবুল এৰি আহিলো আৰু দুয়োটা কোঠাৰ সংলগ্ন দুৱাৰখনৰ আঁৰ লৈ এখন ওখ পীৰাত থিয় হৈ তেওঁলোকৰ আলোচনাবোৰ শুনিবলৈ ধৰিলো। এনেতে দাদাই মোক সেইদুৱাৰৰ আঁৰত আবিষ্কাৰ কৰিলে। তেখেতে হাঁহি হাঁহি মোক ওচৰলৈ মাতিলে। লাজ আৰু সংকোচেৰে মই আগবাঢ়ি গ'লো তেখেতৰ ওচৰলৈ। মোৰ কণমানি হাতখনত ধৰি মৰমেৰে সুধিলে পঢ়াৰ কথা। গণিত বিষয়টো কেনে লাগে, অংকবোৰ কেনেদৰে কৰা উচিত, অইন বিষয়বোৰ কেনেদৰে পঢ়িব লাগে ইত্যাদি উপদেশ দিলে। ইতিমধ্যে মোৰ মনত গোট মাৰি ধৰা লাজ, ভয়, সংকোচ, আঢ়ষ্টতা আদি কৰ্পূৰৰ দৰে নিমিষতে উৰি গৈছিল। সিদিনা স্কুলত কৰিবলৈ দিয়া পাটিগণিতৰ বুজি নোপোৱা এটি ঐকিক অংক মই দাদলৈ আগবঢ়াই দিলো। মোৰ স্মৃতিয়ে যদি ফাকি দিয়া নাই তেনেহ'লে অংকটো আছিল এনেধৰণৰ— এটা সেনা শিৱিৰত আঠশ জন সেনাৰ বাবে পঞ্চল্লিশ দিনৰ খাদ্য মজুত আছিল। পোন্ধৰ দিন পিছত সেই শিৱিৰলৈ আৰু এশজন সেনা নতুনকৈ আহিল। বাকী থকা খাদ্যৰে এই সৈন্যসকলৰ কিমান দিন যাব?

 দাদাই অংকটো কৰি দিয়াৰ আগতে মোক ভাৰতীয় সৈন্য বাহিনীৰ কথা ক'লে। আৰু ক'লে ভাৰতীয় সৈন্যৰ যুদ্ধক্ষেত্ৰত দেখুওৱা পৰাক্ৰমৰ কাহিনী, বিশেষকৈ ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত বীৰত্ব সহকাৰে শ্বহীদ বৰণ কৰা ভাৰতীয় সৈন্যৰ হাবিলদাৰ আব্দুল হামিদৰ বীৰত্বৰ কাহিনী। আমাৰ দেশৰ কোন কোন ঠাইত সেনা শিৱিৰ আছে, এটা সেনা শিৱিৰৰ নিয়ম-কানুন কেনেকুৱা আদি বহু নজনা কথা মোক জানিবলৈ দিলে। মোৰ শিশু মানসত ভাহি উঠিল এটা সেনা শিৱিৰ, সেনাবোৰৰ ব্যস্ততাপূৰ্ণ আহযাহৰ [ ৯৭ ] এক কল্পচিত্ৰ। ইয়াৰ পিছৰ চোৱা আছিল অংকটো সমাধান কৰাৰ আয়োজন। দাদাই এইবাৰ নিজৰ উইঙ্‌ চাঙ্‌ কলমটো লৈ বগা কাগজখিলাত মুকুতাহেন গোট গোট আখৰেৰে অংকটো কৰি পেলালে। পানীৰ দৰে স্বচ্ছ আছিল অংকটোৰ সমাধান প্ৰণালী। ইপ্সিত লক্ষ্যৰ পিনে অংকটো লৈ যোৱাৰ যি কৌশল, নিহিত সাধাৰণ বোধ, সাম্ভাব্য খুটিনাটিৰ সামগ্ৰিক বৰ্ণনা এনেদৰে মোৰ নিচিনা শিশুৰ সমুখত দাঙি ধৰিলে যে মোৰ বাবে অংকটো পানীৰ দৰে স্বচ্ছ হৈ পৰিল। এতিয়া এইবোৰ কথা মনত পেলাই ভাবিছো দাদাৰ শিক্ষা পদ্ধতিৰ কলা-কৌশল আছিল অইনতকৈ সুকীয়া অথচ এজন সফল শিক্ষকৰ বাবে সেয়া সাধাৰণ বৈশিষ্ট্য।

 ইয়াৰ পিছতো তেখেত আমাৰ ঘৰলৈ বহুদিন আহিছিল দেউতাক লগ পাবলৈ। এনে আগমনৰ কোনো বিশেষ উদ্দেশ্য হয়তো নাছিল। একে মনৰ একে আদৰ্শৰ অইন এজনৰ ওচৰত নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰি নাইবা দুয়ো দুয়োৰে সুখ-দুখৰ অংশীদাৰ হৈ নিজৰ মানসিক শক্তিক আৰু অধিক সুদৃঢ় কৰিবলৈয়ে যেন তেখেতে দেউতাৰ সান্নিধ্য বিচাৰি আহিছিল।

 এবাৰ দাদাই আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰৰ ওচৰেৰে সম্বন্ধীয় বাইদেউ এজনীয়ে দাদাক দেখা পাই বৰ আচৰিত হ'ল। কাৰণ এয়াচোন তেওঁলোকৰ অতি শ্ৰদ্ধাৰ, এসময়ৰ অসমীয়া সাহিত্য পঢ়োৱা বৈশ্য ছাৰ! বাইদেউজনীয়ে সিদিনা দাদাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। সেই বাইদেউজনীৰ মতে, নৱম শ্ৰেণীৰ তেওঁলোকৰ অসমীয়া সাহিত্যৰ শ্ৰেণীৰ সময়চোৱা দাদাই হেনো প্ৰাণৱন্ত কৰি তুলিছিল। কত যে বিচিত্ৰ নজনা কথাবোৰ জানিব পাৰিছিল তেওঁলোকে! সাহিত্যৰ পাঠ এটিত প্ৰসংগ ক্ৰমে আহি পৰা কোনো এখন ঠাইৰ বিষয়ে বা কোনো এজন বিখ্যাত ব্যক্তিৰ বিষয়ে তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ সমুখত এনেদৰে উপস্থাপন কৰিছিল যে তেওঁলোকৰ মন আৰু মগজুত সমানে আলোড়ন সৃষ্টি হৈছিল। তেখেতে আমাৰ ঘৰৰ ওচৰৰ মই পঢ়া পানীগাঁও মিলন হাইস্কুলত ছমাহ মান শিক্ষকতা কৰাৰ বিষয়ে জানিছিলো। পিছে ইমান কম সময়ৰ ভিতৰত সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ গভীৰত সাচ বহুৱাই যাব পৰা শিক্ষাদান কৰিব পৰা গুণ বোধহয় কম শিক্ষকৰহে আছে। হঠাৎ তেখেতে মিলন হাইস্কুল এৰি যোৱাত ছাত্ৰ-ছাত্ৰীসকলে হেনো কিছুদিন ধৰি এক অনামী দুখত ম্ৰিয়মান হৈ আছিল। বাইদেউজনীৰ মতে এনে এজন শিক্ষকৰ সান্নিধ্য পোৱাটো পৰম সৌভাগ্যৰ কথা। [ ৯৮ ]  গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব পৰা, নিজৰ সহজাত প্ৰতিভাৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পৰা দাদা আছিল এজন সঁচা অৰ্থত শিক্ষক। অংকৰ পৰা সাহিত্য, বুৰঞ্জী, ভূগোল আদি নানা বিষয়ত জ্ঞানৰ পৰিধি বিস্তাৰিত এনে এজন কৃতিবিদ্য পুৰুষৰ অকাল বিয়োগ সমাজৰ বাবে অপূৰণীয় ক্ষতি।

 উমেশ দাদাৰ ঘৰ আছিল নলবাৰী চহৰৰ নিকটৱৰ্তী বালিলেছা নামৰ এখন প্ৰসিদ্ধ গাঁৱত। এনে এখন গাঁৱৰ পৰা শূন্য হাতেৰে গৈ গুৱাহাটী হেন চহৰত প্ৰতিষ্ঠিত হোৱা এই সুদীৰ্ঘ সময়ৰ পৰি দাদাই হয়তো সন্মুখীন হৈছিল বহু সংঘাটৰ আৰু বাধা-বিঘিনিৰ। কিন্তু এনে সংঘাট তথা বাধা-বিঘিনিৰ বিপৰীতে নিজৰ মানসিক দৃঢ়তা আৰু কঠোৰ শ্ৰমৰ মানসিকতাক মূলধন কৰি গুৱাহাটী হেন চহৰত নিজকে প্ৰতিষ্ঠিত কৰাটো মুখৰ কথা নহয়। তদুপৰি নিজৰ ভায়েকসকলকো গুৱাহাটীলৈ আনি নিজৰ লগত ৰাখি পঢ়াই-শুনাই প্ৰতিষ্ঠিত কৰোৱা তথা তেওঁলোকৰ সংসাৰ পাতি দিয়া আদি দায়িত্ববোৰ দাদাই নিস্বাৰ্থ ভাবে কৰি গৈছিল। ভাতৃসকলৰ মাজত তেখেত আছিল ৰামচন্দ্ৰৰ দৰে। মৰম-চেনেহৰ এক সুৰক্ষাৰ ডেউকাৰ আঁৰত যেন সকলোটিকে আবৰি ৰাখিব বিচাৰিছিল দাদাই।

 মই জনাত তেখেত আছিল অজাতশত্ৰু। স্বভাৱতে হাঁহিমুখীয়া, সততে অইনৰ দুখত দুখী হ’ব পৰা গুণৰ অধিকাৰী, শিক্ষকতাৰ দৰে এক মহান বৃত্তিৰ লগত জড়িত এনে এজন মানুহৰ কোনোবা শত্ৰু থাকিব পাৰে বুলি মনে নধৰে। সুদীৰ্ঘ দিন ধৰি দুৰাৰোগ্য মধুমেহ ৰোগত আক্ৰান্ত হৈয়ো দাদাই অপৰিমেয় কৰ্মোদ্যম আৰু কৰ্তব্যবোধৰ মাজেৰে শিক্ষকতাৰ নিচিনা পবিত্ৰ দায়িত্ব সুকলমে পালন কৰিছিল। নিজৰ চাৰি সন্তানক মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পৰাটো তেখেতৰ জীৱনৰ এটা ডাঙৰ সাফল্য। এয়া সম্ভৱ হৈছে পিতৃ হিচাপে সন্তানসকলক দিয়া তেখেতৰ মৰম চেনেহ আৰু সংস্কাৰ মিশ্ৰিত অনুশাসনৰ বাবে।

 কৰ্ম ব্যস্ততাৰ মাজতো তেখেতে ঘৰতে শাস্ত্ৰীয় সংগীতৰ চৰ্চা আৰু অইনকো শিকোৱা অব্যাহত ৰাখিছিল। আজৰি সময়ত বহুতো গৱেষণামূলক প্ৰবন্ধ আদিও লিখিছিল আৰু প্ৰকাশ কৰিছিল। অসমৰ ভবিষ্যৎ শিক্ষা ব্যৱস্থা কেনে হ'ব পাৰে তাৰ এখন সাম্ভাব্য প্ৰতিচ্ছৱি উপস্থাপনেৰে এক চিন্তামূলক প্ৰবন্ধ প্ৰকাশ কৰি আশীৰ দশকৰ অসমৰ শিক্ষা জগতত আলোড়ন সৃষ্টি কৰিবলৈ [ ৯৯ ]

সমৰ্থ হৈছিল। বৰ্তমান অসমৰ বিদ্যালয়সমূহত চলি থকা সৰ্বশিক্ষা আঁচনিখনে তেখেতৰ সেই প্ৰবন্ধটিৰ মূল অনুভৱখিনিকে যেন ৰূপায়িত কৰিছে এনে ভাব হয়।

 মধুমেহ ৰোগে তেখেতৰ শৰীৰত বেয়াকৈ প্ৰভাব বিস্তাৰ কৰিছিল। লাহে লাহে তেখেতৰ শৰীৰৰ বৃক্ক দুটাও আক্ৰান্ত হৈ দুৰ্বল হৈ আহিছিল। দুৰ্বল শৰীৰেৰে তেখেত গৃহবন্দী যেন হ’ল। দাদাৰ এনে অৱস্থাৰ সময়চোৱাৰ কোনোবা এদিন মই খবৰ লবলৈ গৈছিলো। বহুদিনৰ মূৰত দাদাক দেখি, তেখেতৰ ভগ্নপ্ৰায় শৰীৰটো দেখি মনটো সেমেকি উঠিছিল। চকুৰ সেই উজ্জ্বলতা আৰু নাই, বৰং বিষাদৰ এক অস্পষ্ট আচ্ছাদনে তেখেতৰ মুখমণ্ডলত সানি দিছিল স্বপ্ন ভংগৰ বেদনা। দুৰ্বল শৰীৰ, দুৰ্বল কণ্ঠস্বৰ। সেই তাহানিতে মোৰ শৈশৱত লগ পোৱা সুন্দৰ সুঠাম মানুহজন যেন কৰবাত হেৰাই গ'ল। এয়া মোৰ বাবে যেন অচিনাকী আন এজন উমেশ দাদা! এয়াই হয়তো নিয়তি আছিল। তেখেতে মোক জনাইছিল তেখেতৰ বহু ভৱিষ্যৎ পৰিকল্পনাৰ ৰূপায়ন নোহোৱাৰ কথা। কাৰণ দুৰাৰোগ্য ব্যাধিয়ে তেখেতক আগবাঢ়িব দিয়া নাছিল। এনে এজন কৰ্মোদ্যমী মানুহৰ বাবে এয়া অভাৱনীয়। সেয়ে ভাবি দুখ লাগে, সমাজৰ বাবে সজ চিন্তা কৰা, নিজৰ কৰ্মক্ষেত্ৰ বিদ্যালয়খনিৰ উন্নতিৰ কথা ভবা, সংগীতৰ চৰ্চাৰে সমাজ জীৱনক আনন্দমুখৰ কৰিব খোজা এনে এজন কৃতবিদ্য পুৰুষক নিয়তিয়ে আমাৰ মাজৰ পৰা অকালতে লৈ গ’ল। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক এয়াই নেদেখাজনৰ ওচৰত আমাৰ প্ৰাৰ্থনা। শেষত মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ প্ৰবোধ বাণী স্বৰূপ নিম্নলিখিত সেই অমোঘ শ্লোকটি আমাৰ সকলোৰে বাবে সান্ত্বনা হোৱা উচিত—

বাসাংসি জীৰ্নানি যথা বিহায়
নৱানি গৃহণাতি নৰোৎপৰানি
তথা শৰীৰাণি ৱিহায় জীৰ্ণা
নন্যানি সংযাতি নবানি দেহী। (গীতা ২/২২)

 অৰ্থঃ মানুহে যেনেদৰে জীৰ্ণ বস্ত্ৰ পৰিহাৰ কৰি অইন নতুন বস্ত্ৰ গ্ৰহণ কৰে, ঠিক তেনেদৰে আত্মায়ো জীৰ্ণ জৰ্জৰ দেহ পৰিত্যাগ কৰি নতুন দেহ ধাৰণ কৰে।•

(লেখক নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়াৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক।) [ ১০০ ]

বন্ধুবৰ প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যক সুঁৱৰি

হেম ডেকা
ৰূপনগৰ, গুৱাহাটী

 সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিভিন্ন কামত জড়িত হৈ ঘূৰি ফুৰোতে বিভিন্ন চিন্তাধাৰাৰ লোকৰ সৈতে ভাৱ বিনিময় কৰাৰ সুবিধা পাই আহিছোঁ। কোনোজনৰ চিন্তাধাৰা অন্তৰ্মুখী আৰু কোনেজনৰ বহিৰ্মুখী। আকৌ কোনোজন আত্মকেন্দ্ৰিক আৰু কোনোজন হয়তো নিঃস্বাৰ্থ ব্যক্তি। চিন্তাধাৰাৰ ভিন্নতা থাকিলেও সকলো শ্ৰেণীৰ লোকেই আত্ম প্ৰতিষ্ঠাৰ কাৰণে একো একোটা। সময়ত বিশেষতঃ জীৱনৰ প্ৰস্তুতিৰ সময়চোৱাত সংগ্ৰাম কৰিব লগা হয়। আত্ম নিৰ্ভৰশীল লোকসকলে সদায় সংগ্ৰামী জীৱন যাপন কৰি আহিছে। তেনেলোকে শূন্যৰ পৰা আৰম্ভ কৰি হলেও এটা সময়ত সফল ব্যক্তিৰূপে নিজক প্ৰতিষ্ঠা কৰে। নিজৰ জীৱনৰ উন্নতি পথত দেখা দিয়া সমস্যাবোৰ সমাধান কৰি অগ্ৰসৰ হ’ব পৰাতেই জীৱনৰ সাৰ্থকতা নিহিত থাকে। সমস্যাবিহীন জীৱনত লেশমানো কৃতকাৰ্যতাৰ পৰিতৃপ্তি নাথাকে। আনে বান্ধি থোৱা পকা ৰাস্তাৰে মটৰ গাড়ী দৌৰাই যোৱা জনতকৈ নিজে বান্ধি লোৱা কেঁচা ৰাস্তাৰে খোজ কাঢ়ি যোৱা জনৰ মানসিক পৰিতৃপ্তি নিশ্চয় বেছি। সেই কাৰণেই নিশ্চয় সংগ্ৰামৰ অন্য নাম জীৱন।

 গতিশীলতাই জীৱন আৰু স্থবিৰতাই মৃত্যু। কৰ্মহীন জীৱন মৃত্যুতুল্য। নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হ'লে সততে এটা নহয় এটা কামত ব্যস্ত হৈ থকা প্ৰয়োজন। সেই কামফেৰা পাৰ্যমানে জনহিতকৰ হ’লে তাৰ ফল এটা সময়ত সুদূৰপ্ৰসাৰী হয়। এলেহুৱা জীৱন কু-চিন্তাৰ ভঁৰাল। তেনেলোকৰ পৰা সমাজৰ প্ৰায়ে অন্যায় হোৱা দেখা যায়। গতিকে এলাহ পৰিহাৰ কৰি প্ৰত্যেক ব্যক্তিয়েই সজ কামত ব্যস্ত থকা ভাল।

 কিছুমান সৎ ব্যক্তিৰ সান্নিধ্যই সান্নিধ্য লাভ কৰা ব্যক্তি গৰাকীৰ পৰম উপকাৰ সাধন কৰে। সেইজনৰ চাল-চলন, কথা-বতৰা, আচৰণ আদি আনজনৰ কাৰণে প্ৰেৰণাদায়ক হয়। সেই কাৰণেই সমাজে সদায় প্ৰেৰণাদায়ক ব্যক্তিৰ [ ১০১ ] স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।

 বন্ধুবৰ উমেশ চন্দ্ৰ বৈশ্য আছিল উল্লিখিত সজ গুণৰ অধিকাৰী আৰু শূন্যৰ পৰা জীৱন আৰম্ভ কৰি আত্মপ্ৰতিষ্ঠা কৰা এজন সফল ব্যক্তি। কৰ্মজীৱনৰ সন্ধানত গ্ৰাম্য পৰিবেশৰ পৰা ওলাই আহি গুৱাহাটী মহানগৰীৰ স্থায়ী বাসিন্দা হৈ পৰে। ছাত্ৰ জীৱনৰ অন্তত গুৱাহাটীৰ ৰিহাবাৰীত প্ৰতিষ্ঠিত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়েই আছিল তেখেতৰ কৰ্মক্ষেত্ৰ। অতি চমু এচোৱা সময়ত তেখেতে আমাৰ সহকৰ্মী হিচাবে আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰিছিল। শেষলৈ গৈ তেখেতে বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসনে অলংকৃত কৰিছিল।

 বন্ধুবৰ বৈশ্য আছিল এগৰাকী সফল সংগীত শিল্পী, শাস্ত্ৰীয় সংগীতৰ একনিষ্ঠ সাধক। তেখেতৰ কণ্ঠত শুনা গীত-মাতসমূহ আজিও আমাৰ কাণত প্ৰতিধ্বনিত হৈ আছে। তেখেতে নিজেই কেবাটিও গীত ৰচনা কৰি সুৰ দিছিল আৰু বিভিন্ন স্থানত শিক্ষাৰ্থীসকলৰ জৰিয়তে পৰিবেশন কৰাইছিল।

 অসমৰ বিদেশী বিতাড়নৰ আন্দোলনৰ সময়চোৱাত তেখেতে এলানি দেশপ্ৰেমমূলক কবিতা আৰু গীত ৰচনা কৰিছিল। সংগীত সাধকসকল সাধাৰণতে মিষ্টভাষী, উদাৰ আৰু পৰোপকাৰী হয়। বন্ধুবৰ বৈশ্যও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল।

 অকপট বন্ধু বৈশ্যৰ উদাৰ হৃদয়ে ভৱিষ্যৎ প্ৰজন্মক কৰ্মক্ষেত্ৰত উৎসাহ- উদ্দীপনা যোগাব বুলি আশা ৰাখিলো। তেখেতৰ পৰিয়ালবৰ্গৰ সৈতে সমব্যথিত হৈ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ আৰু এই চমু লেখনিৰে তেখেতৰ স্মৃতিৰক্ষাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ।

ওঁম শান্তি। *

 

(লেখক গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ১০২ ]

উমেশ বৈশ্য ⵓ এক ব্যক্তি, এক অনুষ্ঠান

ধৰ্মেশ্বৰ পাঠক
বামুণীমৈদান, গুৱাহাটী

 বছৰটো বাগৰি গ'ল, প্ৰায় চল্লিশৰো অধিক। বৈশ্যৰ বিষয়ে ক’বলৈ বা লিখিবলৈ মোৰ ভাব আৰু ভাষাও সীমিত। বৈশ্য আছিল মোৰ মানত এক উজ্জ্বল নক্ষত্ৰ। ১৯৬৮ চনত গুৱাহাটীৰ ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী ছোৱালী (তেতিয়া) হাইস্কুল, এতিয়া উচ্চতৰ স্কুলত লগ পাইছিলো। আপোনভোলা, অতি সৎ আৰু নিৰহংকাৰী ব্যক্তি হিচাবে তেওঁ আছিল অইন দহজনতকৈ সুকীয়া। এক কথাত বৈশ্য আছিল অজাতশত্ৰু। মই লগ পোৱা সময়ত তেওঁ আছিল বৰলা, আমি পিছে সংসাৰী। মই লগ পোৱাৰ বোধহয় দুবছৰমান পিছত তেওঁ সংসাৰ যাত্ৰা আৰম্ভ কৰিলে। এই যাত্ৰাত আমিও সহযাত্ৰী হলো। দুই পুত্ৰ সহ ময়ো তেখেতৰ বালিলেছা গাঁৱত উপস্থিত হৈ ৰাতি বৰযাত্ৰী হিচাবে ৰঙিয়াত উপস্থিত হওঁ। মোৰ পুত্ৰ দুজনৰ তেতিয়া বয়স ৫/৭ বছৰ। বিয়াৰ পিছদিনাই আমি গুৱাহাটীৰ ঘৰলৈ উভতি আহো। বয়সত আমি প্ৰায় সমসাময়িক। মই বোধকৰো কিছু মাহ বয়সত আগবঢ়া। এইখিনি ব্যক্তিগত কথা এইকাৰণেই কোৱা হ’ল বৈশ্য আছিল মোৰ অতি প্ৰিয় আৰু আপোনজন। পঢ়াশালি সম্পৰ্কীয় বা অন্য বিষয়ে তেওঁৰ সৈতে বহুতো আলোচনা হৈছিল আৰু সেইবোৰ অতি সাৰুৱা কথাৰে পৰিপূৰ্ণ। আগতে উল্লেখ কৰাৰ দৰে বৈশ্য আছিল চিন্তা, কথা আৰু কামত অনন্য। তেওঁৰ সৈতে কথা পাতিলেই তেওঁৰ মনৰ আৰু হৃদয়ৰ ছবিখন স্পষ্ট হৈ পৰে। শিক্ষক হিচাবে বৈশ্য আছিল অতি নিষ্ঠাবান আৰু সুদক্ষ। সেইকালত এম. ভি. আৰু আই. এছচি. আৰু তাৰ পাছত বি. এ., এম. এ. (অসমীয়াত) উত্তীৰ্ণ হৈ শিক্ষকতা কৰা ব্যক্তি খুব কম আছিল। বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত শিক্ষকতা কৰিয়েই তেওঁ বিটি পাচ কৰিছিল। ইচ্ছা কৰাহেঁতেন তেওঁ চৰকাৰী চাকৰি কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি নিজৰ আদৰ্শত লাগি থাকিল। ইয়াতেই বুজিব পাৰি বৈশ্যৰ আদৰ্শ আৰু উদ্দেশ্য। যি সময়ত আমি বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত [ ১০৩ ] চাকৰি কৰিছিলো, তেতিয়া সেই স্কুলখন আছিল ‘ভেঞ্চাৰ’। প্ৰধান শিক্ষয়িত্ৰী আছিল প্ৰিয়লতা কাকতি। তেওঁ এগৰাকী বিদুষী মহিলা, তেখেতে বোধকৰো স্কুল পৰিদৰ্শন বিভাগত চাকৰি কৰি অৱসৰ লৈছিল। সেই সময়ত দৰমহা বুলিবলৈ ক'ব লাগিলে— কেইটমান টকা মাননি হিচাবে পাইছিলোঁ। ১৯৭২ চনতহে স্কুলখনে চৰকাৰী সাহায্য লাভ কৰে।

 বৈশ্য আছিল মোৰ দৃষ্টিত এক মহাকাব্যিক সত্তা। তেওঁৰ প্ৰতিটো কথা, প্ৰতিটো বচনেই আছিল যুক্তিপূৰ্ণ আৰু সময়োপযোগী। মৃদু ভাষী, উগ্ৰতা বৰ্জিত, শান্ত-শিষ্ট আৰু সত্যান্বেষী— এইবোৰ গুণৰেই বিভূষিত উমেশ বৈশ্য। সাধুসকলৰ চিন্তা, কথা আৰু কামত সদায় সংগতি থাকে। বৈশ্য আছিল তেনে এক ব্যক্তি। মোৰ মানত শিক্ষক হিচাবে বৈশ্য আছিল একক আৰু অদ্বিতীয়, ই অতি কথন নহয়, সম্পূৰ্ণ বাস্তব আৰু সত্য।

 বৈশ্যৰ অইন এটা গুৰুত্বপূৰ্ণ দিশ আছিল— সেয়া তেওঁৰ কাব্যিক সত্তা— কাব্য আৰু সংগীতৰ লগত ওতঃপ্ৰোতভাবে তেওঁ জৰিত আছিল। ‘প্ৰগতিৰ গান’খনেই তাৰ উৎকৃষ্ট চিনাকি। তাত তেওঁ সমাজ জগত আৰু জীৱন সম্পৰ্কে গভীৰ ভাবে পৰ্যবেক্ষণ কৰিছে— এনে জীৱন চৰ্চা আজিৰ যুগত দুৰ্লভ। ব্যক্তিৰ সমষ্টিয়েই সমাজ, ব্যক্তি সাধু নহ'লে সমাজ সাধু আৰু সৎ হ’ব নোৱাৰে। এনে ক্ৰান্তিবাহী ভাবৰে সমষ্টি— ‘প্ৰগতিৰ গান’ এখন উৎকৃষ্ট গীতি−কবিতা। মই জনাত বৈশ্য ডাঙৰীয়াই বীৰেন ফুকনৰ ওচৰত ভাৰতীয় মাৰ্গীয় সংগীতৰ সাধনা কৰিছিল। ইয়াৰ আগতেই নলবাৰীৰ সংগীত বিদ্যালয় ‘গীতশ্ৰী’ত গুৰুদেৱ চৈয়দ জমিৰউদ্দিন আহমেদৰ ওচৰত সংগীত শিক্ষাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী কালত লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা সংগীতৰ উপাধি লৈছিল। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ আছিল উদ্যোগী। তেতিয়াৰ কুশল নগৰৰ ‘বনগিৰি সাহিত্য কানন’ৰ তেওঁ আছিল এক নিয়মীয়া সদস্য আৰু তিনিচুকীয়া (বোধহয় ১৯৭১ চন) অসম সাহিত্য সভাত আমি দুয়োজনে যোগ দিছিলো আৰু বৈশ্যই তাত প্ৰতিনিধি মঞ্চত উপস্থিত হৈ কিছু সাৰগৰ্ভ কথা উত্থাপন কৰিছিল।

 সাংসাৰিক ব্যক্তি হিচাবে বৈশ্য আছিল অতি সফল। দাৰিদ্ৰই পীড়া কৰা ঘৰত জন্মিলেও জ্যেষ্ঠ পুত্ৰ হিচাবে মাক-দেউতাকৰ প্ৰতি পুত্ৰসুলভ সেৱা, চাৰি ভাতৃ, চাৰিজন পুত্ৰক সুশিক্ষিত আৰু উপাৰ্জনশীল কৰি গঢ়ি তোলাতেই বৈশ্যৰ কৃতিত্ব। অতি ব্যস্ত জীৱনৰ লগত সংগ্ৰাম কৰিও বৈশ্যই এটি গধুৰ [ ১০৪ ] দায়িত্ব পালন কৰিলে— সেয়া হ'ল তেওঁৰ চিন্তাৰ সাৰবত্তা— এক ডজন গ্ৰন্থ ৰচনা কৰি প্ৰকাশৰ পথত অগ্ৰসৰ হোৱাতো ধেমালি নহয়। তেওঁৰ সুশিক্ষিতা ভাৰ্যা তথা শিক্ষয়িত্ৰী শ্ৰীৰিণা বৈশ্য আৰু পুত্ৰসকল এই কাৰ্যৰ বাবে ধন্যবাদৰ পাত্ৰ। সেই গ্ৰন্থসমূহেই বৈশ্যক অমৰত্ব দান কৰিব। সমাজ আৰু সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা এই অবদানেই হল বৈশ্যৰ শাশ্বত জীৱন প্ৰতীক। শেষত Thomas Gray's- Elegy written in a Country Churchyard-ৰ পৰা চাৰিশাৰী কবিতা উদ্ধৃতি কৰিলোঁ, বৈশ্যৰ কৃতিৰ লগত ইয়াৰ নিশ্চয় সামঞ্জস্য আছে বুলি ভাবো—

Full many a gem of purest ray serene
The dark unfathomed caves of ocean bear.
Full many a flower is born to bush unseen,
And waste its sweetness on the desert air. •


(লেখক গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ১০৫ ]


স্মৃতি তৰ্পণ ⵓ উমেশ চন্দ্ৰ বৈশ্য

ৰীণা শৰ্মা বৰঠাকুৰ
ৰিহাবাৰী, গুৱাহাটী

 গৰমৰ বন্ধ খোলাৰ প্ৰথম দিনা অৰ্থাৎ ১ আগষ্ট ১৯৯৮ চনৰ পুৱা ৰিহাবাৰীৰ বাণীকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উমেশ চন্দ্ৰ বৈশ্যৰ অকাল মৃত্যুৰ বাতৰিয়ে তেওঁৰ পৰিয়াল-পৰিজন, আত্মীয়-কুটুম্বৰ উপৰি স্কুলৰ প্ৰত্যেক গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মন খন্তেকৰ বাবে হলেও স্তব্ধ কৰি দিছিল। এগৰাকী বিষয় শিক্ষয়িত্ৰী হিচাবে মই ব্যক্তিগতভাৱে তেওঁক সীমিত কেইটামান বছৰৰ বাবেহে লগ পাইছিলো যদিও তেওঁৰ ব্যক্তিত্বপূৰ্ণ সান্নিধ্যই মোক মুগ্ধ কৰিছিল। সেয়েহে আজি তেওঁৰ আদ্যশ্ৰাদ্ধৰ এই পবিত্ৰ দিনত তেওঁৰ গুণৰাজি স্মৰণ কৰি এই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো।

 ১৯৩৯ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখত নলবাৰীৰ ওচৰৰ বালিলেছা গাঁৱত জন্মগ্ৰহণ কৰা উমেশ চন্দ্ৰ বৈশ্যই নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা মেট্ৰিক, নলবাৰী কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৭ চনত সুখ্যাতিৰে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত শিক্ষকতাকে জীৱিকা উপাৰ্জনৰ পথ হিচাপে লৈ, শিক্ষাৰ বাবেই জীৱন উচৰ্গা কৰি বাণীকান্ত ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল।

 স্কুলীয়া অৱস্থাৰ পৰাই তেওঁ কলম হাতত লৈছিল। হাতেলিখা অসমীয়া ছমহীয়া আলোচনী এখন একমাত্ৰ তেওঁৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই গঢ় লৈ উঠিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰাজিৰ ভিতৰত ‘মিলন’ প্ৰেম বিষয়ক কবিতাৰ পুথি, ১৯৮০ চনৰ অসম আন্দোলনৰ পটভূমিত লিখা ‘অশান্ত জন্মভূমি’, ‘তই যুক্তি যুদ্ধ কৰ’, পঞ্চম শ্ৰেণীত চলিত অসমীয়া ব্যাকৰণ ‘ৰচনা মালিকা’, আদিয়েই প্ৰধান। আকস্মিক মৃত্যুৰ বাবে ‘হৃদয়ৰ তান’ আৰু ‘প্ৰগতিৰ গান’ নামৰ দুখন গীতৰ পুথি, হাইস্কুলীয়া ছাত্ৰৰ বাবে লিখা ইংৰাজী গ্ৰামাৰ আদিয়ে প্ৰকাশৰ সুযোগ নাপালে। তেওঁ সমাজ সংস্কাৰমূলক আৰু বৰ্তমান শিক্ষাৰ [ ১০৬ ]

আমূল পৰিবৰ্তনৰ সন্দৰ্ভত মৌলিক চিন্তাধাৰাৰে বহুতো প্ৰবন্ধ লিখিছিল, যিবোৰ ‘ৰূপম’, নৱযুগ’, ‘আলোক’, ‘নতুন অসমীয়া’ আৰু ‘দৈনিক অসম’ আদি কাকতত সিঁচৰতি হৈ আছে। সাহিত্যৰ প্ৰতি তেওঁৰ অফুৰন্ত তৃষ্ণাৰ বাবেই যথেষ্ট আৰ্থিক অনাটনৰ মাজতো ঘৰতে এটি প্ৰেছ খুলি লৈ সাহিত্যৰ সেৱাত ব্ৰতী হৈছিল। সেই প্ৰেছৰ পৰাই তেওঁ ‘সুৱাগী’ নামৰ এখন আলোচনীও উলিয়াইছিল। অৱশ্যে বিভিন্ন আলৈ-আহুকালৰ বাবে তেওঁ পিছলৈ প্ৰেছটো বন্ধ কৰিবলৈ বাধ্য হৈছিল।

 সাহিত্যৰ উপৰি সংগীত আছিল তেওঁৰ প্ৰাণ। সেয়ে তেওঁৰ আপ্ৰাণ চেষ্টাত তেওঁৰ ঘৰতে গঢ়ি উঠিছিল— ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’। দূৰ-দূৰণিৰ পৰা অহা বহুতো ছাত্ৰ-ছাত্ৰীয়ে সংগীতৰ শিক্ষা আহৰণ কৰিছিল। ভাটখাণ্ডে সংগীতৰ ধাৰাবাহিক শিক্ষাৰ উপৰি বৈশ্যই বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে বহুতো গীত ৰচনা কৰি, নিজে তাক সুৰেৰে সজাই ল’ৰা-ছোৱালীক শিকাইছিল। ছাৰৰ কিছুমান কোৰাছ বৰ জনপ্ৰিয় হৈছিল।

 জীৱন প্ৰায় সকলোৰে বাবেই সংগ্ৰামেৰে পূৰ্ণ। কিন্তু বৈশ্য ছাৰৰ ক্ষেত্ৰত কেৱল সংগ্ৰামেই যেন তেওঁৰ জীৱন হৈ পৰিছিল। নিজে নিজৰ ভৰিত থিয় হ'বলৈ শিকোতেই নিজৰ ভাতৃ-ভগ্নী সকলোৰে দায়িত্ব মূৰ পাতি লোৱাৰ উপৰি গাঁৱৰ বহুতো দুখীয়া ল'ৰাক নিজৰ ঘৰতে ৰাখি পটুওৱাৰ দায়িত্ব হাঁহিমুখে বহন কৰিছিল। শিক্ষকতাকে অৱলম্বন কৰা সংসাৰখনৰ আৰ্থিক অনাটনে তেওঁৰ সৃষ্টি চেতনাৰে ভৰপূৰ অগ্ৰগামী মনটো কেতিয়াও অৱদমিত কৰিব পৰা নাছিল। কিন্তু জীৱনৰ শেষৰ কেইটামান বছৰত বহুতো ব্যাধিয়ে একেলগে জুমুৰি দি ধৰা শৰীৰটোৱেহে তেওঁক ব্যতিব্যস্ত কৰি তুলিছিল। হাৰ্ট, কিডনী আৰু ডায়েবেটিছ আদিৰ বাবে মাদ্ৰাজলৈ গৈয়ে চিকিৎসা ল'ব লগা হৈছিল, কিন্তু বেমাৰৰ পৰা তেওঁ নিস্তাৰ পোৱা নাছিল। ইমান অসুখৰ মাজতো আশাবাদী আৰু দৃঢ় আত্ম-প্ৰত্যয়েৰে পূৰ্ণ তেওঁৰ মনটোৱে হাৰ নামানি সংগ্ৰাম কৰি যাব খুজিছিল। মাদ্ৰাজৰ পৰা আহি বিচনাত পৰি থকা অৱস্থাতো তেওঁ দুখন কিতাপ লিখি উলিয়ায়।

 শিক্ষাৰ প্ৰতি তেওঁ আছিল অসীম ধাউতি। তেওঁ অসমীয়া বিষয়তে কেৱল স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল যদিও নিজৰ ঐকান্তিক চেষ্টাৰ বলত ইংৰাজী আৰু অংক বিষয়তো গভীৰ ব্যুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল। মৃত্যু শয্যাৰ পৰাই লিখি উলিওৱা ইংৰাজী ব্যাকৰণখন তেওঁৰ এই বিষয়ক [ ১০৭ ] গভীৰ জ্ঞানৰ পৰিচায়ক। এজন অধ্যক্ষ হিচাবে তেওঁ আছিল এজন সুদক্ষ প্ৰশাসক। সকলো পৰিবেশ, সকলো পৰিস্থিতি সহজভাৱে ল’ব পৰা, কোনো কথাতে কেতিয়াও উত্তেজিত নোহোৱা, শিষ্টাচাৰ, মিষ্টভাষিতা ইত্যাদি তেওঁৰ চৰিত্ৰৰ অন্যতম। বৈশিষ্ট্য। স্কুলখনৰ এশ এটা সমস্যা, ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিভিন্ন অভিযোগ আদি সদায় আলোচনাৰ জৰিয়তে তেওঁ সমাধান কৰিবলৈ বিচাৰিছিল। স্কুলখনৰ উন্নতিৰ বাবে কিবা কৰাৰ অহৰহ প্ৰচেষ্টাত তেওঁৰ মন ব্ৰতী আছিল।

 বৈশ্য ছাৰ এজন সুবক্তা আছিল। যিকোনো বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰি, তাক যথাযথ শব্দৰে সজাই সুন্দৰভাৱে প্ৰকাশ কৰিব পৰাটো তেওঁৰ কৃতিত্ব আছিল। তেওঁৰ বক্তৃতাই শুনোতাক আকৃষ্ট কৰাৰ উপৰি চিন্তাৰ খোৰাক যোগাইছিল। সেয়ে দূৰ-দূৰণিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও বিভিন্ন মেল-মিটিঙত নিৰ্দিষ্ট বক্তা হিচাবে আদৰি নিছিলহি।

 তেওঁৰ জীৱনৰ কৰ্মক্ষম দিনবোৰত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত নিজকে ওতঃপ্ৰোত ভাবে জড়িত কৰি ৰাখিছিল। মৃত্যুৰ সময়তো তেওঁ ‘অন্তৰঙ্গ’, ‘অসম সঙ্গীত মহাবিদ্যালয়’, ‘অসম সাহিত্য সভা’ আৰু বহুতো অনুষ্ঠানৰ লগত যুক্ত হৈ আছিল।

 এনে এজন সৰ্বগুণী, মৌলিক প্ৰতিভাধৰ ব্যক্তিৰ মৃত্যু সমাজৰ বাবেও ক্ষতি। তেওঁৰ বিদেহী আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।•

(লেখিকা বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী। প্ৰয়াত উমেশ বৈশ্যৰ আদ্যশ্ৰাদ্ধৰ দিনা (১১/৮/১৯৯৮) এই লেখাটো ‘অসমীয়া প্ৰতিদিন’ কাকতত প্ৰকাশ হয়।) [ ১০৮ ]

শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্যৰ সোঁৱৰণত

লোহিত চন্দ্ৰ কলিতা
বিৰুবাৰী, গুৱাহাটী

 জন্ম আৰু মৃত্যু একে সাঁচতে গঢ়া হলেও জন্মত আনন্দ আৰু মৃত্যুত শোকৰ জোঁৱাৰে খুন্দিয়াই যায়। জন্মিলে মৰিবই লাগিব। সকলোৰে মৃত্যু হয়। কোনো কোনো মানুহৰ মৃত্যুয়ে অন্তত সাঁচ বহুৱায়। বহু দিন শোকৰ পৰা পৰিত্ৰাণ নাপায়। কিন্তু মৃত্যু এক ‘আৰ্ট’, এক ‘ভাস্কৰ্য’ বুলি কয় কবিয়ে। সুখ- দুখ, হাঁহি-কান্দোনৰ সংমিশ্ৰণেই হ’ল মানৱ জীৱন। সংগীত, সাহিত্য, সংস্কৃতিৰ পূজাৰী প্ৰয়াত উমেশ বৈশ্যদেৱে অকাল মৃত্যুক সাৱটি নশ্বৰ দেহ ত্যাগ কৰে। সকলোকে কন্দুৱালে। মৃত্যু ‘আৰ্ট’ আৰু ‘ভাস্কৰ্য’ৰ তত্ত্ব সেই সময়ত কিমানে বুজি পায়। বৈশ্যদেৱে সোণৰ কলহত হাত দি অহা নাই। হৰ্ষ-বিষাদৰ মাজেৰে শৈক্ষিক দিশত উন্নতি সাধন কৰিছে। জীৱন মূল্যায়নৰ ক্ষেত্ৰত আপ্ৰাণ চেষ্টাৰে সংগীতক সাধনাৰে আয়ত্ব কৰি সাহিত্য সাংস্কৃতিক আদি সকলো দিশতে উন্নতি কৰিছে। 'A Poet is born not made', বৈশ্যদেৱৰৰ জন্মগত গুণৰ ফলত সকলো সাধনাতে জয়ী হয়। বৈশ্যদেৱে ক্লাচিকেলত বুৎপত্তি লাভ কৰি ক্ষান্ত নাথাকি প্ৰত্যেক বিধত সাধনাৰে সিদ্ধি লাভ কৰিছে। তেখেত একেধাৰে ৰচক, গীতিকাৰ, কবি, সুৰকাৰ বুলিব পাৰি। তেখেতৰ জন্মস্থান বৰ্তমান নলবাৰী জিলাৰ সৰু গাঁও বালিলেছাত। তেখেতৰ পিতৃৰ নাম বন্তিৰাম বৈশ্য। উক্ত গাঁওতে সৰুকালৰ পৰাই কৰা সাধনাৰ ফলত বৈশ্যদেৱে পুখুৰীৰ পৰা সাগৰলৈ যাত্ৰা কৰে। তেখেতৰ ভাতৃসকলো একে সাঁচতে গঢ়া। পূৰ্বপুৰুষৰ পৰাও সাধনাত ব্ৰতী ব্যক্তি। তেখেতৰ মোমায়েক প্ৰয়াত সূৰ্য্য বৈশ্য (বণিক) দেৱৱা সাংস্কৃতিক প্ৰতিভাৰে স্বনামধন্য এগৰাকী নৃত্যবিশাৰদ, সংগীতজ্ঞ, নাট্যকাৰ আৰু পুৰণি যাত্ৰাপাৰ্টি সংগঠক হিচাবে অসমৰ পুৰোধা ব্যক্তি আৰু সকলোৰে নমস্য। মোৰ শিশু কালৰ পৰা তেখেতক জানো। অলপ বহলাই ক'ব ওলাইছো— হাজো সমষ্টিৰ অন্তৰ্গত ‘বৰহাৰদিয়া নাট্য সন্মিলন’ দলৰ প্ৰশিক্ষক হিচাপে উক্ত উপজিয়ে পোৱা গাঁৱত তেখেতৰ লগত দেখা হয়। মই মাত্ৰ [ ১০৯ ] ৮/১০ বছৰীয়া কিশােৰ। সেই সময়ত যাত্রাদলত আজিৰ দৰে পুৰুষ-মহিলাৰ সহঃ অভিনয় নাই। শিশু শিল্পীৰ লগত বয়সীয়া ডেকাসুলভ ব্যক্তিকো মহিলাৰ পাৰ্টৰ বাবে নির্বাচিত কৰা হয়। প্রথম অৱস্থাত মই কিশােৰ শিল্পীৰ তালিকাত নপৰিলাে। চকৰা নাচৰ বাবে পূর্বতে বাচি লােৱা প্রথম শাৰীৰ বাওঁফালৰ কিশােৰ শিল্পীজনে নৃত্য-গীত আয়ত্ব কৰিব নােৱাৰাৰ বাবে বৈশ্যদেৱে খং কৰি বাহিৰ কৰি দি মােক ওচৰলৈ মাতে যদিও মই ভয় খালাে : ‘তই পাৰিবি আহ, তােক নামাৰাে।’ শেষত তেখেতৰ চেষ্টাত মই উত্তীর্ণ হ'লাে আৰু নৃত্য- নাটিকাতো প্রহ্লাদৰ ভাওত ছাৰে মােক অভিনয় কৰিব দিলে।

 তাৰ কেইবছৰমান পিছতে গাঁও এৰি গুৱাহাটী চহৰৰ (তেতিয়া নগৰ হােৱা নাই) উন্নত মানৰ আর্ট কলেজ বি. বৰুৱাৰ ছাত্র হ'লাে। সেই সময়ত দুখীয়া ছাত্র-ছাত্রীৰ বাবে দুটা সুবিধা একেলগে- 'Learning and Earning – চাকৰি কৰিয়ে পঢ়িবলৈও সুবিধা থকা Night College-ৰ নৈশ শাখাত পঢ়ি বি এ ডিগ্ৰীটো লােৱাৰ সুবিধা পালাে৷ সেই সময়ত সৌভাগ্যবশতঃ প্রয়াত উমেশ বৈশ্যদেৱক আৰু শ্ৰীযুত মাণিক চন্দ্র দত্তদেৱক একেলগে দেখা দেখি হওঁ। পৰিচয় আদান-প্রদানত দুয়ােজনৰে শিল্পীসুলভ মনৰ পৰিচয় পাওঁ। দুয়ােজন বিৰুবাৰীৰ পূৰ্ব দিশৰ নির্জন ঠাইত ঘৰ-মাটি কিনি বাস কৰিছে। ময়ো তেখেতসকলৰ ওচৰতে মাটি অলপ লৈ ঘৰ সাজিছাে। প্রায়ে লগালগি, অহা- যােৱা হয়। বৈশ্যদেৱে ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদলৈ পদোন্নতি লাভ কৰে আৰু শ্ৰীযুত মাণিক দত্তদেৱ আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত শিক্ষকৰ চাকৰি কৰি অৱসৰগ্ৰহণ কৰিছে।

 অধ্যক্ষৰ দৰে গুৰুত্বপূর্ণ কাম কৰিও প্রয়াত বৈশ্যদেৱে সংগীত পাহৰি যােৱা নাই বৰং বহু গুণে উজলি উঠিল। সাহিত্যৰ প্ৰতি ধাউতি, কৃষ্টি-সংস্কৃতিৰ প্রতি অন্তৰ সদায় খুলি ৰাখে। জিৰণি সময়কণৰাে সদ্ব্যৱহাৰ কৰি বহু ছাত্র- ছাত্ৰীক কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰত মন দি শিকাইছে। ইং ১৯৯২ চনৰে পৰা বিৰুবাৰী শাখা সাহিত্য সভাৰ জন্ম লগ্নৰ পৰাই সাহিত্য সংস্কৃতিৰ উন্নয়ন সাহিত্যপ্রেমী শ্রদ্ধাশীল ব্যক্তিক সদস্যভুক্ত কৰা হয়। প্রয়াত বৈশ্যদেৱাে সাহিত্য সভাৰ সদস্য হৈ পৰে। অকল সাহিত্য সভাতে নহয়, বিৰুবাৰী ৰঙালী বিহু আৰু দুর্গাপূজাৰ সাংস্কৃতিক দিশৰ সকলাে ফালে সুন্দৰ ৰচনাশৈলীৰে গুৰু- গম্ভীৰ সুৰেৰে গীত-মাত গাই দৰ্শকক মুগ্ধ কৰে। মুখত মিচিকীয়া হাঁহিৰে [ ১১০ ] স্বৰচিত গীত-মাতৰ উপৰিও বিষ্ণু সংগীত, জ্যোতি সংগীতৰ লহৰত আকৃষ্ট কৰে দৰ্শকক। কেইবাখনাে অনুষ্ঠানৰ লগতে সাহিত্য সভা অনুষ্ঠানত সভাৰ আৰম্ভণী গীতত ‘চিৰ চেনেহী মােৰ ভাষা জননী' গীতৰ ছন্দেৰে সকলােকে আপ্লুত কৰে। উপস্থিত ৰাইজে ভূয়সী প্রশংসা কৰে। সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰাৰ সময়ত সামঞ্জস্য ৰাখি পাটৰ বা মুগাৰ চোলা আৰু ধুতি পৰিধান কৰি ডিঙিত ফুলাম গামােছা লৈ খাটি অসমীয়া শিল্পীৰ মর্যাদা অক্ষুন্ন ৰাখিলে। মুখত মিচিকীয়া হাঁহিৰে দৰ্শকৰ মন আকৃষ্ট কৰে।

 প্রয়াত বৈশ্যদেৱ মধুমেহ ৰােগত আক্ৰান্ত হৈ আগষ্ট মাহৰ এক তাৰিখ ইং ১৯৯৮ চনত হঠাৎ স্বর্গগামী হৈ সকলােকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে। দেশে এজন প্রকৃত শিল্পী, সাহিত্যিক আৰু সাংস্কৃতিক ব্যক্তি হেৰুৱায়। বিৰুবাৰীবাসীয়ে হেৰুৱালে সকলােৰে প্ৰিয় গুৰু-গম্ভীৰ শিল্পীৰ সান্নিধ্য। হেৰুৱালাে প্রতিভাশালী সংস্কৃতিৰ ভাণ্ডাৰ।

 প্রয়াত উমেশ বৈশ্যদেৱ আমাৰ মাজত নাই, কিন্তু তেখেতে এৰি থৈ যােৱা গুণৰাজিৰ বাবে বৈশ্যদেৱ সদায় আমাৰ মাজত অমৰ। বৈশ্যদেৱৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ কামনাৰে।

(লেখক ড° আম্বেদকাৰ বঁটা প্রাপক, প্রাক্তন প্রতিষ্ঠাপক সম্পাদক, ‘মণ্ডাকিনী’ তথা বিৰুবাৰী
শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি।
(এই লেখাটোৰ ৰচনাকাল ২০০৯ ইং)
[ ১১১ ]

প্রয়াত উমেশ বৈশ্যৰ প্রতি শ্রদ্ধার্ঘ

ড° ধৰণীধৰ গােস্বামী
বিৰুবাৰী, গুৱাহাটী

 শ্ৰীযুত উমেশ বৈশ্যৰ মৃত্যু হয় ১৯৯৮ চনৰ ১ আগষ্টত। তেখেতৰ মৃত্যুৰ চাৰি বছৰমান আগৰ পৰাহে মােৰ লগত ব্যক্তিগতভাৱে যােগাযােগ স্থাপন হৈছিল বিৰুবাৰী শাখা সাহিত্যৰ জৰিয়তে। এদিনাখন (তাৰিখটো মনত নাই) শাখা সাহিত্য সভাৰ সাহিত্য বিষয়ক এখন আলােচনা অনুষ্ঠিত হৈছিল। সিদিনাখন বৈশ্য ডাঙৰীয়াই এটা প্রবন্ধ পাঠ কৰিছিল। প্ৰবন্ধটোৰ বিষয়বস্তু আৰু প্রকাশভংগী যথেষ্ট উন্নত মানৰ আছিল। তেতিয়া আশা কৰিছিলাে যে তেখেতে বিৰুবাৰী শাখা সাহিত্য সভাক সাহিত্য চৰ্চাৰ দিশত আশানুৰূপভাৱে আগবঢ়াই দিয়াত অৰিহনা যােগাব। কিন্তু বিধাতাৰ লিখন অখণ্ডনীয়। তেখেতে অকালতে ইহলীলা সম্বৰণ কৰিব লগা হ'ল।

 তেখেতে কৃতী শিক্ষক হিচাপে সমাজত পৰিচিত। তাৰােপৰি তেখেতে অসমীয়াৰ সাহিত্যৰ ভড়াললৈ যিখিনি বৰঙণি বঢ়াইছে তাৰ বাবে বিশেষকৈ বিৰুবাৰীবাসীয়ে সদায় সুঁৱৰিব। সংগীতৰ প্রতি বৈশ্যৰ বিশেষ অৱদান আছে। বৈশ্যৰ ৰচিত “প্ৰগতিৰ গান” কিতাপখনত সন্নিৱিষ্ট গীত কেইটাৰদ্বাৰা তেখেতৰ প্রগাঢ় দেশপ্রেমৰ ভাব প্রকাশ পাইছে। সর্বহাৰা জনতাৰ প্ৰতি তেখেতৰ অনুভূতি প্ৰকাশ কৰিছে এনেদৰে—

সমাজত জুই জ্বলােৱা জনক
 বধ কৰোঁগৈ আহ
দুখীয়াক লৈ খেল খেলােতাক
 নাশ কৰোঁগৈ আহ।

 আনহাতে আশা কৰিছিল যাতে অসমত বাসকৰা নাগৰিকে জাতি-ধর্ম নির্বিশেষে সকলাে লােকৰ মাজত একতাৰ ডােলডাল সুদৃঢ় হয়। তলৰ গীত ফাঁকিয়ে তাৰ অর্থ বহন কৰিছে— [ ১১২ ]

বঙ্গ আমাৰ বঙালী আমি
   লুইতপৰীয়া হলোঁ আহি
নেপাল আমাৰ আমি নেপালী
  লুইতপৰীয়া হলোঁ আহি...

 “প্ৰগতিৰ গান” লিখকৰ দেশপ্ৰেমৰ চানেকি বুলি অভিহিত কৰিব পাৰি। তেখেতে ভৱিষ্যতৰ ৰঙীন সপোন নেদেখা নহয়। তেখেতে লিখিছে-

আমি ফুলি আছোঁ ভাগে ভাগে
  এই ফুলনিত মহাৰঙে
নতুন নতুন ৰঙীন সপোন
  জাগে আমাৰ প্ৰাণে প্ৰাণে।

 জানিব পাৰিছে তেখেতৰ প্ৰকাশ কৰিবলগীয়া বহুখিনি লিখনি আছে। আশা কৰিছোঁ যাতে গোটেইখিনি প্ৰকাশ কৰি ৰাইজৰ মাজত বিলাই দিব পাৰে।

 সদৌ শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বৈশ্যৰ আত্মাই শান্তি লাভ কৰে। (লেখক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰববী অধ্যাপক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১১৩ ]

শ্ৰদ্ধেয় প্ৰয়াত উমেশ বৈশ্যদেৱৰ স্মৃতিত

বিদ্যুৎজ্যোতি ভড়ালী
ৰিহাবাৰী, গুৱাহাটী

 প্ৰকৃত শিক্ষক তথা গুণসম্পন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰাটো পৰম ভাগ্যৰ কথা। কৰ্ম জীৱনৰ আদিতে প্ৰয়াত উমেশ বৈশ্যদেৱৰ সৈতে সহকৰ্মীৰূপে পৰিচয় ঘটিছিল। সহকৰ্মী হলেও বৈশ্যদেৱৰ সমকক্ষ হোৱাটো মোৰ বাবে এক সপোন মাথো। ১৯৯১ চনত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে যোগদান কৰি নমস্য শিক্ষাগুৰু প্ৰয়াত বৈশ্যদেৱৰ সহযোগী হৈছিলোঁ। প্ৰাক্তন অধ্যক্ষা শ্ৰীযুতা ভুৱনেশ্বৰী মিশ্ৰ বাইদেউৰ সোঁহাত ৰূপে পৰিচিত বৈশ্যদেৱ আছিল এজন সাধাৰণ কিন্তু প্ৰতিভাবান ব্যক্তি। সাধনা আৰু চৰ্চাই আছিল জীৱন পথৰ একমাত্ৰ লগৰী।

জীৱন সংঘাত নেওচি
জলধাৰ সাধনাৰে
বিকশিত কৰিছিলা
তোমাৰ সুপ্ত প্ৰতিভা।

 বৈশ্যদেৱে ১৯৩৯ চনৰ কোনোবা এটা শুভক্ষণত নলবাৰী জিলাৰ বালিলেছা গাঁৱত জন্মগ্ৰহণ কৰিছিল। স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা আহৰণ কৰি ১৯৬৭ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অধ্যয়নৰত অৱস্থাৰ পৰাই বিভিন্ন শিক্ষানুষ্ঠানত সাময়িকভাবে শিক্ষকতা কৰি অৱশেষত ১৯৬৬ চনত বাণীকান্ত সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে যোগদান কৰে। কৰ্মময় অৱস্থাতে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ উপৰি বি.টি. ডিগ্ৰী লাভ কৰে। বিদ্যালয়ত যোগদানৰ সময়ত বাণীকান্ত সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় অপ্ৰাদেশিক হোৱাৰ বাবে প্ৰথমাৱস্থাত যথেষ্ট কষ্ট কৰিব লগা হৈছিল। অতি উদ্যমী আৰু গুণৱান ব্যক্তি হোৱা হেতুকে বিদ্যালয়ৰ স্থানীয় ৰিহাবাৰী ৰাইজে প্ৰয়াত বৈশ্যদেৱক অতি মৰমেৰে আদৰি [ ১১৪ ] লৈছিল। সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী পিছলৈ ভাৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা ভুবনেশ্বৰী মিশ্ৰ, এম.ই. শাখাৰ প্ৰধান শিক্ষয়িত্ৰী ৰোহিনী শৰ্মা, শিক্ষয়িত্ৰী একাদিক্ৰমে ৰাণু দত্ত, শ্ৰীযুতা পুষ্প দাস, শ্ৰীযুতা মঞ্জু দেৱী, শ্ৰীযুতা আৰতি হাজৰিকা, শ্ৰীযুতা নিভা তালুকদাৰ তথা শিক্ষক গৌৰী দত্ত, শ্ৰীযুত ধৰ্মেশ্বৰ পাঠক আৰু অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত নিজৰ ব্যক্তিত্বৰ বাবে অতি কম সময়তে প্ৰিয়ভাজন হ’ব পাৰিছিল। বৈশ্যদেৱৰ সৰল ব্যক্তিত্ব আৰু বিভিন্ন দিশত থকা প্ৰতিভা সকলোৰে উষ্ণ আদৰণীয় আছিল।

তুমি আছিলা অতি সুন্দৰ
সুন্দৰতা যে তোমাৰ সৃষ্টি
মণি মুকুতাৰে সজাই
গঢ়িছিলা অমৰ স্তম্ভ।

 কৰ্মময় জীৱনৰ অন্তিম ক্ষণত ৰুগ্নদেহ হলেও শিক্ষাদানত অপাৰগতা প্ৰকাশ নকৰি শ্ৰেণীকোঠালৈ ন-উদ্যমেৰে আগবাঢ়ি যোৱা প্ৰয়াত বৈশ্যদেৱ আছিল এজন প্ৰকৃত শিক্ষাগুৰু। ইচ্ছুক ছাত্ৰ-ছাত্ৰীক স্থান, কাল আৰু পৰিবেশলৈ লক্ষ্য নকৰি নিঃস্বাৰ্থই জ্ঞানৰ সম্ভাৰ যোগান ধৰিছিল। সেয়ে মেট্ৰিক পাছ কৰা সহধৰ্মিনীক বৈশ্যদেৱে মৃত্যুৰ কিছু বছৰ আগতে স্নাতকোত্তৰ ডিগ্ৰীলৈকে পটুৱাই এক বিৰল উদাহৰণ দাঙি ধৰিছিল। যিকোনো বিষয়ত পাঠদান কৰিবলৈ সদা প্ৰস্তুত বৈশ্যদেৱ জ্ঞানৰ পাৰ্গত আছিল। জ্ঞান দানত কৃপণালি বা সীমিত জ্ঞান দান তেখেতৰ বাবে আছিল এটি গুৰুতৰ অপৰাধ।

মুক্ত মনেৰে,
দক্ষতাৰে
তোমাৰ দীক্ষা
স্মৰণীয়—

 সৰল প্ৰকৃতিৰ ব্যক্তি। নম্ৰতাক দিছিল অগ্ৰাধিকাৰ। কথোপকথন নম্ৰতা- বিহীনজন তেখেতৰ বাবে আছিল বৰ্জনীয়। খং উঠিলেও ব্যক্ত নকৰি নীৰৱতা অৱলম্বন কৰাটো আছিল তেখেতৰ প্ৰধান স্বভাৱ। সময় পালেই সাহিত্য চৰ্চা আৰু সংগীত চৰ্চাত নিজকে আত্মনিয়োগ কৰিছিল। বৈশ্যদেৱে কেইবাখনো মূল্যবান পুথি লিখিছিল যদিও বিভিন্ন কাৰণত প্ৰকাশ কৰিব পৰা নাছিল। অতি উচ্চমানৰ কবিতা আৰু ৰচনাৱলী সমূহ নিঃসন্দেহে এক মূল্যবান। সম্পদ। তেখেতে ৰচিত গীতসমূহ সঠিক ভাবে প্ৰচাৰ হ’লে নিশ্চয় ৰাইজৰ [ ১১৫ ] সমাদৰ লাভ কৰিব। কৰ্মস্থলীৰ হকে ৰচনা কৰা গীতটো এক বিৰল সংগীত। সংগীত শিক্ষতে তেখেতৰ জ্ঞান আছিল অপৰিসীম। গীতৰ কলি গুণ-গুণাই থকাটো তেখেতৰ এক স্বভাৱ আছিল। সংগীতৰ প্ৰতিযোগিতা সমূহত প্ৰায়েই বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ভাটখাণ্ডেৰ পৰা সংগীত শিক্ষা লাভ কৰা বৈশ্যদেৱৰ সকলো ধৰণৰ গীত-মাততে অতি নিখুঁত জ্ঞান আছিল। হামনিয়াম বাদ্যযন্ত্ৰ পালেই তেখেত হৈ পৰিছিল আপোন পাহৰা।

শুভ্ৰ হৃদয়ৰ
জ্ঞান দাতা তুমি
পাইছিলো সাক্ষাৎ
হৈছিলো সহযোগী
কৰ্মৰ আদি ক্ষণত--

 পূৰ্ণিমাৰ চন্দ্ৰ সদৃশ ব্যক্তি প্ৰয়াত বৈশ্য ছাৰক লগ পাই মোৰ জীৱনৰ খোজবিলাক যেন নিৰ্দিষ্টতালৈ গতি কৰিলে। শিক্ষা জগততে আবদ্ধ নাথাকি বিভিন্ন ধৰণৰ সৎ আৰু জ্ঞানসমৃদ্ধ আলোচনাৰে মোক বান্ধি পেলাইছিল। লিখা-মেলা কৰিবলৈ তেখেতে প্ৰেৰণা দিয়াৰ লগতে লিখা সম্পৰ্কত বিশেষ জ্ঞান দিছিল। যিকোনো কামতে মোক অতি বিশ্বাসত দায়িত্ব অৰ্পন কৰি বৈশ্য ছাৰে যেন আত্মসন্তুষ্টি লভিছিল। ৰুগ্ন দেহেৰে বিদ্যালয়ৰ কামত মোৰ সৈতে সদায় সহযোগ কৰিছিল। বিদ্যালয়ক শ্ৰেষ্ঠ স্থান দিয়া বৈশ্য ছাৰে ব্যক্তিগত সামগ্ৰী আনি বিদ্যালয়খন সজাইছিল। উপাধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষ কাৰ্যকালত বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ আপ্ৰাণ চেষ্টা কৰিছিল। বিদ্যালয়তে অত্যধিক সময় আত্মনিয়োগ কৰি অপৰিসীম আনন্দ লাভ কৰিছিল। বিদ্যালয়ৰ প্ৰত্যেকজনে প্ৰয়োজন সাপেক্ষে জ্ঞানৰ ভিক্ষা মাগিছিল।
 নিৰাশাবাদ তেখেতৰ বাবে আছিল অসহনীয়। সৎ সাহস আৰু ন- উদ্যমেৰে সকলো কামতে আগবাঢ়িছিল। এনে আদৰ্শ সঁচাকৈয়ে অতুলনীয়। বিদ্যালয়ৰ আলোচনীত মূখ্য ভূমিকা লোৱা বৈশ্য ছাৰে তত্ত্বগধুৰ ৰচনাৰে আললাচনীৰ সৌন্দৰ্যবৰ্ধন কৰিছিল। শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে তেখেতৰ সম্পৰ্ক আছিল অতি মধুৰ। জীৱনৰ অন্তিমক্ষণত ৰোগশয্যাত থাকিলেও বিদ্যালয়খনক যেন এৰিব পৰা নাছিল। সেয়ে বিদ্যালয়ৰ বতৰা নিতৌ জানিব বিচাৰিছিল। ১৯৯৮ চনৰ ১ আগষ্টৰ দিনা সকলোকে কন্দুৱাই বৈশ্য ছাৰৰ দেহাৱসান ঘটে। সুযোগ্যা পত্নী তথা সন্তানৰ প্ৰচেষ্টাত প্ৰয়াত বৈশ্য ছাৰৰ [ ১১৬ ] ৰচনাৱলী আৰু স্মৃতি ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা ময়ো অনুভৱ কৰিছো।

মনিষ হৈ জন্মিলেও
নহয় তুমি সাধাৰণ
আছিল তোমাৰ প্ৰতিভা
শিক্ষা সমাজতে জিলিকা৷●







(লেখক বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)
[ ১১৭ ] ‘স্মৃতিকাতৰতা’ⵓ প্ৰয়াত উমেশ বৈশ্য

ৰুমী নায়ক
নলবাৰী

 মৃত্যু এক চিৰসত্য - কিন্তু কোনোজনৰ মৃত্যুৱে দেশ, সমাজৰ, অনেক ক্ষতি কৰি, এটা বৃহৎ বেহুক শূন্যতাৰে আৱৰি ধৰে। সেই শূন্যতা পূৰ্ণ হয় জানো?
 শ্ৰদ্ধাৰ উমেশ বৈশ্য ছাৰ - ৰিণি ৰিণি মনত পৰে। অতি সাধাৰণ বেশ- ভূষা, কিন্তু মুখমণ্ডলত সকলো সময়তে শব্দ-সুৰৰ মূৰ্ছাৰে তৃপ্ত, সমাজ- সংস্কাৰৰ ধ্বজাবাহক উন্মক্ত সেৱক। সৰ্বগুণৰ অধিকাৰী অগাধ পাণ্ডিত্যৰে ভৰা বৈশ্য ছাৰক মোৰ জীৱনৰ কেইটামান বছৰহে পাইছিলো। বাণীকান্ত মেমোৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত বৈশ্য ছাৰক অসমীয়া বিষয়ৰ শিক্ষক হিচাবে পাইছিলো। আমি ছাত্ৰীসকলে তেওঁক যথেষ্ট সন্মান আৰু ভয়ো কৰিছিলো। তেওঁ অলপ আন শিক্ষকৰ তুলনাত ব্যতিক্ৰম আছিল। বিদ্যালয়ৰ প্ৰয়োজনীয় অনুষ্ঠানবোৰৰ সংগীতৰ দায়িত্ব তেওঁৰে আছিল। আমি গান গোৱা বাবে ছাৰে আমাক মৰম কৰিছিল। মোৰ মাতৃ শিল্পী জয়া দেৱী শাস্ত্ৰীয় সংগীতৰ গুৰু বীৰেন ফুকন ছাৰৰ ওচৰত একেলগে গান শিকিছিল। মা আৰু বৈশ্য ছাৰহঁতে সংগীত বিষয়ৰ বিভিন্ন আলোচনা কৰিছিল— আমি শুনি বৰ আপ্লুত হৈছিলো— একেলগে কেতিয়াবা আমাৰ নিজা ঘৰত সংগীতৰ চৰ্চা চলিছিল। সেই পৰিবেশ আজি আৰু পোৱা নাযায়। ছাৰৰ তুলনাত বয়সত বহু সৰু লগতে তেওঁৰ অগাধ পাণ্ডিত্য; আমি দূৰৈৰ পৰাই তেওঁক যথেষ্ট সমীহ কৰিছিলো। চাকৰি সূত্ৰে মোৰ দেউতা কিছু বছৰ নলবাৰীত থকা বাবে মই মৰহুম জমিৰুদ্দিন ছাৰৰ তত্ত্বাৱধানত তেওঁ ৰচিত কোৰাছত কণ্ঠদান কৰিছিলো। গীতশ্ৰী’ৰ মজিয়াত বৈশ্য ছাৰক লগ পাইছিলো— ছাৰহঁত ডাঙৰৰ শাখাত, আমি সৰু শাখাত বন্দনা বাইদেউ, ফুনু বাইদেউ, নী, অনিমা, মামন (গীতাঞ্জলী) আদি বহু ছাত্ৰ-ছাত্ৰী। জমিৰুদ্দিন ছাৰে মন-প্ৰাণ ঢালি তেওঁৰ [ ১১৮ ] গীতসমুহ আমাক শিকাইছিল। অসাধাৰণ ব্যক্তিত্বৰে নীৰৱ সাধক উমেশ বৈশ্য ছাৰক ভালদৰে বুজিবলৈ সময় নাপালো। স্কুল এৰাৰ পাছত আৰ্য্য বিদ্যাপীঠ কলেজত দুবছৰীয়া পাঠ্যক্ৰম শেষ কৰি সংগীতৰ উচ্চ শিক্ষাৰ বাবে লক্ষ্ণৌলৈ যাওঁ। তাৰ পিছত তেওঁৰ সৈতে বৰ বেছি যোগাযোগ নাথাকিল। তেওঁৰ নীৰৱতাই তেওঁক আমাৰ পৰা বহু আঁতৰত ৰাখিলে। একেধাৰে সাহিত্য, কবিতা, সংগীতেৰে অসম মাতৃক জীপাল কৰিব পৰা ধ্যানমগ্ন যোগী উমেশ বৈশ্য ছাৰৰ বিষয়ে লিখনিত প্ৰকাশ কৰা সম্ভৱ নহয়। তেওঁৰ সুযোগ্য সন্তান ড° শেখৰজ্যোতি বৈশ্যক আমি ধন্যবাদ জনাও কিয়নো প্ৰয়াত উমেশ বৈশ্য ছাৰৰ লিখনিসমূহৰ একত্ৰিত কৰণৰ প্ৰয়াসৰ ফল “সুৰ বিচাৰি বাৰ বছৰ”এ নব প্ৰজন্ম, সমাজখনক বহু উপকৃত কৰিব। একেবাৰে প্ৰচাৰবিমুখ, নীৰৱ কবি, সাহিত্যিক, শিল্পীজনলৈ মোৰ সহস্ৰ প্ৰণিপাত জনালো। তেওঁৰ বিদেহী আত্মাই য’তেই জনম নলওক কিয়— তেওঁ শান্তি লভক●




(লেখিকা গীতশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা।) [ ১১৯ ]

সুৰসাধক উমেশ বৈশ্যৰ সোঁৱৰণত

অনুপম বর্মা মজুমদাৰ
নামদোঙা,নলবাৰী

 আমাৰ দক্ষিণ-পূব খাতা মৌজা অঞ্চলটিৰ পৰা গৈ যিসকল জ্ঞান সাধকে বিশাল অসমীয়া সমাজত সাহিত্য-সংগীত-সংস্কৃতি ক্ষেত্ৰত উল্লেখনীয় স্থান লাভ কৰি নিজৰ লগতে আমাৰ সমাজখনক গৌৰৱান্বিত কৰিছে তেখেত সকলৰ ভিতৰত অন্যতম শিল্পী সাহিত্যিক উমেশ বৈশ্যদেৱ। উমেশ বৈশ্যৰ জন্ম হৈছিল ঐতিহ্যময়ী বালিলেছা গাঁৱত ১৯৩৯ চনত এক নিম্নবিত্ত পৰিয়ালত। আমাৰ দক্ষিণ-পূব খাতাৰ বালিলেছা গাঁৱৰ এক গৌৰৱােজ্জ্বল ঐতিহ্য আছে। আহােম ৰাজবিষয়া কালি চৰণ চৌধুৰীয়ে আহােম ৰজা মহাৰাজ শিৱসিংহৰ ৰাজপৃষ্ঠপােষকতাত বালিলেছা কালী পুখুৰী আৰু কালী মন্দিৰ দেৱালয় প্রতিষ্ঠা কৰিছিল। উমেশ বৈশ্যই ঐতিহ্যময়ী বালিলেছা মজলীয়া বিদ্যালয়ৰ পৰা ৰূপৰ পদক আৰু বৃত্তি লাভ কৰি এম.ভি. পৰীক্ষা পাছ কৰি গর্ডন স্কুলৰ পৰা প্রৱেশিকা পাছ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে নলবাৰী কলেজৰপৰা আই.এচ.চি. আৰু বি.এ. পাছ কৰাৰ লগতে অসমীয়া সাহিত্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. আৰু বি.এড. ডিগ্রী লাভ কৰিছিল। মােৰ দাদা প্রয়াত অজিত মজুমদাৰ বৈশ্যদেৱৰ স্কুলৰ সহপাঠী আৰু বন্ধু আছিল। সেয়ে আমাৰ পৰিয়ালৰ লগত তেখেতৰ এক গভীৰ আন্তৰিক সম্পর্ক আছিল। আমাৰ শৈশৱ কালৰ বহু ৰং-ধেমালি জীৱন পৰিক্ৰমাৰ লগত তেখেতৰ স্মৃতি জড়িত হৈ আছে। আমি লক্ষ্য কৰিছিলোঁ তেখেতে যেন প্রতি মুহূর্ততে লগত লৈ ফুৰিছিল এক সুৰৰ মূৰ্চনা... বিচাৰি ফুৰিছিল এক নতুন মুক্ত বিহংগম সুৰ....। তেখেত সামগ্রিকভাৱে এগৰাকী শাস্ত্রীয় সংগীত সাধক আছিল। শাস্ত্রীয় সংগীত এক ঐকান্তিক সাধনাৰ সম্পদ। উমেশ বৈশ্যদেৱে ঐকান্তিকতা আৰু সাধনাৰে সেই পথত অগ্ৰসৰ হ’বলৈ সক্ষম হৈছিল।
 যােৱা বিংশ শতিকাৰ ৬০-৭০ দশকত আমাৰ ছাত্ৰাৱস্থাত নলবাৰীত [ ১২০ ] এক শাস্ত্ৰীয় সংগীতৰ ঐতিহ্যময়ী পৰিৱেশ লক্ষ্য কৰিছিলোঁ। শাস্ত্ৰীয় সংগীতৰ নীৰৱ সাধক শিল্পী জমিৰুদ্দিন আহমেদক নলবাৰীৰ সমাজ জীৱনত পৰিচিত কৰি দি তেখেতৰ জৰিয়তে এক গৌৰৱোজ্জ্বল শাস্ত্ৰীয় সংগীতৰ ধাৰা নলবাৰীত প্ৰৱাহিত কৰাত উমেশ বৈশ্যদেৱে বিশেষ ভূমিকা পালন কৰিছিল। শ্ৰীযুত প্ৰফুল্ল কলিতা, শ্ৰীযুত শ্যাম দত্ত, শ্ৰীযুত প্ৰবীন শৰ্মা, উমেশ বৈশ্য আদি শাস্ত্ৰীয় সাধকসকলে শিল্পী জমিৰুদ্দিন আহমেদৰ নেতৃত্বত আনকি গীতশ্ৰী সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰি নলবাৰীত এক সাংস্কৃতিক পৰিৱেশ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত নলবাৰী সংগীত বিদ্যালয়, নলবাৰী আৰ্ট স্কুল, সৰ্বভাৰতীয় আদি অনুষ্ঠানে নলবাৰীত এক শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল পৰিৱেশ প্ৰতিষ্ঠা কৰিছিল। আমি নলবাৰী কলেজত পঢ়া কালত যোৱা শতিকাৰ ৭০ দশকৰ শেষ ভাগত মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু বিশেষভাৱে সেই সময়ৰ উপাধ্যক্ষ সাহিত্যিক প্ৰয়াত জগন্নাথ চক্ৰৱৰ্তীদেৱৰ সহযোগিতাত কলেজ প্ৰেক্ষাগৃহত এক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আয়োজন কৰা হৈছিল; যত অধ্যাপক যাদব দাসদেৱে তবলা সংগত কৰাৰ উপৰিও শিল্পী জমিৰুদ্দিন আহমেদ আৰু শিল্পী গিৰিজানন্দ ভট্টাচাৰ্যদেৱে সংগীত পৰিৱেশন কৰিছিল। অনুষ্ঠানত সুৰ সংগত কৰিছিল শিল্পী উমেশ বৈশ্যদেৱে। সেই স্মৃতি আমাৰ অন্তৰত আজিও অম্লান আছে। উমেশ বৈশ্যৰ চেষ্টাত আমাৰ অঞ্চলটো এক শ্ৰেণী শাস্ত্ৰীয় সংগীতৰ শ্ৰোতা সাধকৰ জন্ম হৈছিল। উমেশ বৈশ্যদেৱে আমাৰ ছাত্ৰাৱস্থাত বালিলেছা কালীমন্দিৰ সভাগৃহত ভাৰতৰ কোনো প্ৰখ্যাত ওস্তাদৰ দ্বাৰা শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান উদ্যাপন কৰাৰ মধুৰ স্মৃতি আমাৰ অন্তৰত আজিও আছে। তদুপৰি তেখেত আছিল আমাৰ অঞ্চলৰ প্ৰথম প্ৰতিষ্ঠিত গীতিকাৰ আৰু সংগীত শিল্পী। বৈশ্যদেৱ প্ৰকৃততে এগৰাকী আজন্ম শিক্ষক আছিল। তেখেতে আই, এচ. ছি. পাছ কৰাৰ পৰা অৰ্থাৎ ১৯৬২-৬৩ চনৰ পৰা মৃত্যুৰ সময়লৈকে ১৯৯৮ চনলৈ আছিল এগৰাকী শিক্ষক। মধ্যবিংশ শতিকাত অসমীয়া জাতিৰ ঘাই সমস্যা আছিল আধুনিক শিক্ষা বিস্তাৰ। সেয়ে সেই সময়ত স্বদেশ হিতৈষী লোক কিছুমানে অসমৰ গ্ৰামীণ অঞ্চলত বিশেষভাৱে মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এক শ্ৰেণী উচ্চ শিক্ষিত লোকে তুলনামূলক ভাবে ব্যক্তিগত উচ্চাকাংক্ষা (বিদ্যালয়বোৰ তেতিয়া ঘাটি মঞ্জুৰী অধীনত আছিল, তদুপৰি শিক্ষিত লোকসকলে সেই সময়ত সহজতে লোভনীয় চৰকাৰী [ ১২১ ] চাকৰি লাভ কৰা পৰিৱেশ আছিল) ত্যাগ কৰি জাতীয়তাৰ ধাৰণাৰে সেৱাৰ মনোভাৱেৰে শিক্ষকতাত যোগদান কৰি জাতি তথা দেশ হিতৈষীতাৰ পৰিচয় দিছিল। সেই সময়ৰ সৰহ সংখ্যক শিক্ষকে সব্যসাচী আছিল। তেখেতসকলে সমাজ সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ দ্বাৰা জাতিক আগবঢ়াই নিছিল। শিক্ষকতা তেখেতসকলে এক পৰম ব্ৰত আৰু সাধনাৰূপে পালন কৰিছিল। উমেশ বৈশ্যদেৱৰ গাত আমি মধ্য বিংশ শতিকাৰ অসমৰ শিক্ষাগুৰুসকলৰ সৰহ গুণ প্ৰত্যক্ষ কৰিছিলো।

আমাৰ পিতৃ প্ৰয়াত স্বাধীনতা সংগ্ৰামী সাংবাদিক হেম চন্দ্ৰ বৰ্মা মজুমদাৰ,

সমাজ কৰ্মী সিদ্ধিনাথ শৰ্মা, স্বাধীনতা সংগ্ৰামী হৰেকৃষ্ণ গোস্বামী আদি সমাজ কৰ্মীসকল লগ লাগি বৰভাগ; বড়িগোগ আৰু খাতা মৌজাৰ সীমামূৰীয়া স্থান বড়িদতৰাত বিষ্ণুৰাম মেধি হাইস্কুল (সম্প্ৰতি ই এক প্ৰসিদ্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়) প্ৰতিষ্ঠা কৰিছিল। আই.এচ.চি. পাছ কৰি উমেশ বৈশ্যদেৱে এই বিদ্যালয়ৰ শিক্ষকৰূপে যোগদান কৰে। আমাৰ পিতৃ তেতিয়া পৰিচালনা সমিতিৰ সভাপতি হোৱা বাবে উমেশ বৈশ্যৰ লগত আমাৰ পৰিয়ালৰ সম্পৰ্ক গভীৰ হ’ল। সেই সময়ত বহুসংখ্যক শিক্ষাগুৰু আমাৰ ঘৰলৈ অহা আৰু পিতৃৰ লগত অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা আমাৰ স্মৃতিপটত আজিও জীৱন্ত হৈ আছে। উমেশ বৈশ্যদেৱে হেনো গণিতৰপৰা আৰম্ভ কৰি সকলো বিষয়ৰে পাঠদান কৰাৰ ওপৰিও একশ্ৰেণী সংগীত সাধক শিল্পীৰ সৃষ্টি কৰিছিল। শিক্ষাদানৰ লগতে বিদ্যালয়ত তেখেতে একশ্ৰেণী সংগীত শিল্পী আৰু নৃত্য শিল্পীৰ সৃষ্টি কৰিছিল। বৰভাগ অঞ্চলৰ এক গৌৰৱোজ্জ্বল ঐতিহ্য আছে। প্ৰাচ্যতত্ত্ববিদ পণ্ডিত ধীৰেশ্বৰাচাৰ্য্যৰ জন্মস্থান বৰভাগ। সমাজ সংস্কৃতি ৰাজনীতি সকলো দিশতে বৰভাগ অঞ্চলে অসমত এক বিশেষ স্থান লাভ কৰি আহিছে। তুলনামূলকভাৱে অসমৰ গ্ৰামীন অঞ্চলৰূপে সমাজ সংস্কৃতিত বৰভাগ আগবঢ়া। বিংশ শতিকাৰ প্ৰাৰম্ভতে বৰভাগত আধুনিক শিক্ষাৰ বিস্তাৰ ঘটিছিল। তদুপৰি বিংশ শতিকাৰ ৬০-৭০ দশকত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এক সমাজতান্ত্ৰিক বৈপ্লৱিক পৰিৱেশ গঢ়ি উঠিছিল। ইংৰাজ সাম্ৰাজ্যবাদৰ শিকলি। ছিঙি ভাৰতবৰ্ষ স্বাধীন হ’ল যদিও অৰ্ধ সামন্তবাদী আৰু অৰ্দ্ধ পুঁজিবাদী অৰ্থনীতিয়ে দেশৰ নৱ প্ৰজন্মক আশ্বস্ত কৰিব পৰা নাছিল। অসমতো সেই সময়ত এক পৰিৱৰ্তনকামী বাম গণতান্ত্ৰিক আন্দোলনৰ পৰিৱেশ সৃষ্টি হৈছিল। [ ১২২ ] তেল শোধানাগাৰ আন্দোলন, চীনা যুদ্ধত ভাৰত চৰকাৰৰ অসমৰ প্ৰতি মনোভাৱ আদিয়ে এনে চিন্তা চেতনাক ত্বৰান্বিত কৰিছিল। বৰভাগ এই দিশত আগৰণুৱা আছিল। অসম গৌৰৱ জননেতা গৌৰীশংকৰ ভট্টাচাৰ্য, গণনেতা সাংসদ ধীৰেশ্বৰ কলিতাৰ প্ৰভাৱ আৰু নেতৃত্বত বৰভাগত এক গণ জাগৰণ আৰম্ভ হৈছিল। ফলশ্ৰুতিত বৰভাগত প্ৰতিষ্ঠিত হৈছিল সদৌ বৰভাগ প্ৰগতিশীল ছাত্ৰ সন্থা। প্ৰগতিশীল ছাত্ৰ সন্থাৰ প্ৰথম গণ অভিৱৰ্তন মহা ধুমধামেৰে আয়োজিত হৈছিল বিষ্ণুৰাম মেধি হাইস্কুলত ১৯৬৩ চনত। অভিৱৰ্তনৰ সকলো সাংস্কৃতিক অনুষ্ঠানৰ নেতৃত্ব আছিল শিক্ষক শিল্পী উমেশ বৈশ্যৰ ওপৰত।

 উমেশ বৈশ্যই অনুষ্ঠানত গীত ৰচনা কৰি এক শ্ৰেণী শিল্পী গায়কক প্ৰশিক্ষণ দি অতি সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকলৰ স্মৃতিপটত উমেশ বৈশ্যৰ সংগীত সাধনা আৰু নেতৃত্ব আজিও উজ্জ্বল ৰূপত আছে। উমেশ বৈশ্য প্ৰকৃততে এগৰাকী শিল্পী আছিল; শিল্পীসকল যিহেতু বিপ্লৱী পৰিৱৰ্তনকামী বৈশ্যদেৱ এগৰাকী অক্লান্ত সেনানী আছিল। পৰৱৰ্তী সময়ত তেখেতে ১৯৬৬ চনৰপৰা মৃত্যুৰ সময়লৈকে গুৱাহাটী বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। আমি আগতে উল্লেখ কৰিছো তেখেত আছিল অসমৰ মধ্যবিংশ শতিকাৰ আদৰ্শ শিক্ষকৰ প্ৰতিভু।

 বিশিষ্ট আধুনিক জীৱনীকাৰ ‘আন্দ্ৰে মৰৱাৰ' ইংৰাজী ৰোমাণ্টিক কবি শ্যেলীৰ নতুন জীৱনী 'এৰিয়েল’ত শ্যেলীৰ মৃত্যুৰ ৫৬ বছৰ পিছতো তেওঁৰ অসাধাৰণ প্ৰকৃতি আৰু জীৱনেৰে কিমানৰ মনত কেনে ঢৌ তুলি গৈছে আৰু সেই ঢৌ তেওঁৰ জীৱনৰ অৰ্ধ শতাব্দীকাল পিছতো কেনেকৈ মাৰ যোৱা নাছিল তাৰ ইংগিত দিবলৈ লেখক মৰৱাৰে এগৰাকী নাৰীৰ চৰিত্ৰ অংকন কৰিছে। এক তৰুণ জীৱনীকাৰে শ্যেলীৰ জীৱন ৰচিবলৈ উপাদান বিচাৰি শ্যেলীৰ লগত সম্পৰ্ক থকা এক বৃদ্ধা মহিলাৰ ওচৰ পাইছে। তৰুণ জীৱনীকাৰে যেতিয়া বৃদ্ধাক শ্যেলীৰ নাম উচ্চাৰণ কৰিলে তেতিয়া বৃদ্ধাৰ সোতোৰা-সুতুৰি গালত এনে এক ৰংচঙীয়া হাঁহি বিৰিঙি উঠিল, যি হাঁহিত ধৰা পৰে ওঠৰ বছৰীয়া এক মোহনীয় গাভৰুৰ সৌন্দৰ্যৰ আভাস আৰু প্ৰতিশ্ৰুতি। উমেশ বৈশ্যদেৱেও তেখেতৰ মৃত্যুৰ প্ৰায় দুটা দশক পিছতো তেখেতে শিক্ষকতা [ ১২৩ ] কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সহকৰ্মীসকলক বিগত অৰ্ধশতিকা জুৰি তেখেতৰ অসাধাৰণ ব্যক্তিত্বৰ দ্বাৰা হৃদয় জাগৃত কৰি নিজ কৃতি জীৱন্ত কৰি ৰাখিব পাৰিছে। আজি ৰজাঘৰ, প্ৰজাঘৰ সকলোতে অসমৰ চৰকাৰী খণ্ডৰ শিক্ষাৰ সমালোচনা আৰম্ভ হৈছে। চৰকাৰী শিক্ষা খণ্ড আজি গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমি ভাবো এই অৱস্থাত উমেশ বৈশ্যৰ নিচিনা মধ্য বিংশ শতিকাৰ আদৰ্শ শিক্ষাগুৰুসকলৰ জীৱন সাধনা পৰ্যালোচনা কৰিলে এই সংকটৰ সঁচাৰ কাঠি পোৱা সম্ভৱ। আমাৰ এই সৰু ঠাইখনক জগত সভাত পৰিচয় কৰি দিওতা উমেশদাৰ শিল্পী প্ৰাণলৈ প্ৰণিপাত যাচিলোঁ। তেখেতৰ শিল্প সাধনা আৰু জীৱন কৃতিয়ে নতুন পুৰুষক পথৰ সন্ধান দিয়ক।


 
(লেখক নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক।) [ ১২৪ ]

উমেশ বৈশ্যৰ স্মৃতিৰ পাপৰি

বীৰেন্দ্ৰ কুমাৰ নাথ
ধনতোলা,নলবাৰী

 গুৱাহাটীৰ পল্টনবজাৰ। ইয়াৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এটি প্ৰাইভেট ছাত্ৰাবাস, নাম ‘ইউনিয়ন হোষ্টেল’। বন্ধুবৰ এল কে ভট্টাচাৰ্য্য, এইচ এন দত্ত, পি চি কলিতা আৰু লেখক বহু মাহ ধৰি উক্ত মেছৰ বাসিন্দা। প্ৰায় সন্ধিয়া বাজি উঠে সংগীতৰ সুৰ। এনেতে হঠাৎ এদিন উপস্থিত হয় বগা, ওখ- পাখ সুন্দৰ সুঠাম দেহধাৰী এজন বন্ধু।‘মোক বাদ দি আপোনালোকে দেখিছোঁ প্ৰায়ে মজলিছ কৰি থাকে। মোকো তানপুৰাটো অলপ দিয়কচোন’বুলি কৈ চা... শব্দ উচ্চাৰণ কৰিলেহে মাত্ৰ পৰিবেশটি কাঁহ পৰি জীণ যোৱা যেন হ’ল। এটি সুন্দৰ ধ্ৰুপদী সংগীত গাই শুনালে। তবলা সংগত কৰিলে এইচ এন দত্তই। তেওঁৰ কণ্ঠস্বৰে আমাৰ সকলোকে আপ্লুত কৰিলে। সেইজনেই আছিল উমেশ বৈশ্য যাৰ স্মৃতি হয়তো আজিও পাহৰিব পৰা নাই।
 ১৯৩৯ চনৰ ৩ অক্টোবৰত এইজন সুলক্ষণীয় লোকেই জন্মগ্ৰহণ কৰিলে বালিলেছাধাম নিবাসী বন্তিম বৈশ্য আৰু পবিত্ৰপ্ৰিয়া বৈশ্যৰ ঘৰত। এদিন দুদিনকৈ সময় বাগৰিল। ১৯৫২ চনত বালিলেছা মজলীয়া স্কুলৰ পৰা জলপানি সহকাৰে এম ভি ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হৈ দেবীৰাম পাঠশালা (হাইস্কুল)ত নাম ভৰ্তি কৰিলে যদিও ছয়মাহ পিছতে নলবাৰী গৰ্ডন হাইস্কুলতহে পঞ্চম শ্ৰেণীৰ পৰা নিগাজীকৈ পঢ়িবলৈ ললে। ইয়াৰ পিছত তেওঁ পৰ্যায়ক্ৰমে ৫৯ চনত সুখ্যাতিৰে গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ লগতে '৬২ চনত নলবাৰী কলেজৰ পৰা আই এছচি পৰীক্ষাত উত্তীৰ্ণ হয়। এইখিনি অৱসৰতে গুৱাহাটী নিবাসী সুধীৰ চৌধুৰীৰ ওচৰত শাস্ত্ৰীয় সংগীত শিক্ষাৰো পাতনি মেলে। অৰ্থৰ অভাৱৰ তাগিদাত এনে সময়তে তেওঁ বৰিদতৰা হাইস্কুলতো অস্থায়ী শিক্ষক হিচাবে সহকাৰী শিক্ষকতাৰ কাৰ্য কৰিবলৈ বাধ্য হৈছিল। একাগ্ৰতা থাকিলে কোনো অসুবিধাই কাৰো উন্নতিৰ পথত হেঙাৰ স্বৰূপে থিয় দিব নোৱাৰে। চেষ্টাৰ অসাধ্য একো নাই। অক্লান্ত পৰিশ্ৰমৰ মাজেৰে [ ১২৫ ] '৬৪ চনত স্নাতক আৰু '৬৭ চনত স্নাতকোত্তৰ ডিগ্ৰীও তেওঁ সুখ্যাতিৰে অৰ্জন কৰে। সঠিক পৰিকল্পনাৰ ধাৰাবাহিকতাই মানুহক যে দোপতদোপে উন্নতিৰ জখলাত উধাই লৈ যায় বৈশ্যই তাৰে এটি জ্বলন্ত উদাহৰণ। দৰিদ্ৰতাৰ হেতু ঘৰৰ পৰা পঢ়া-শুনাৰ খৰচ নোপোৱা সত্ত্বেও সুস্থিৰ চিন্তাৰ প্ৰবাহ আৰু অদম্য হেপাহৰ বাবে তেওঁ থমকি ৰ'ব লগা নহ’ল কোনো ঠাইত। লগে লগে তেতিয়াৰ শাস্ত্ৰীয় সংগীতৰ মহীৰূহ খ্যাতনামা আকাশবাণীৰ সঞ্চালক শিল্পী স্বৰ্গীয় বীৰেন ফুকনৰ ওচৰত উচ্চ মাৰ্গৰ সংগীত চৰ্চাও আৰম্ভ কৰিলে। শেহান্তৰত '৭৭ চনত লক্ষৌৰ সৰ্বভাৰতীয় সংগীতৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰ পৰা খ্যাতি সহকাৰে সংগীতৰ (ভোকেল) উপাধি লয়। অসীম ধৈৰ্যৰ বাবে এনেকৈয়ে তেওঁৰ মনৰ হাবিয়াসবোৰ পূৰণ হয়। তেওঁৰ আদৰ্শ উঠি অহা প্ৰজন্মৰ বাবে অতীৱ পাথেয়।

 কৰ্ম জীৱনৰ খতিয়ানতো পোৱা যায় যে সময়ৰ আহ্বানত বিভিন্ন সময়ত নানা ঠাইত কেইবাখনো বিদ্যালয়ত তেওঁ অস্থায়ী ভাবে শিক্ষকতা চাকৰিকে কৰিছিল। তাৰ ভিতৰত '৬৩ চনৰ পৰা ক্ৰমে বানেকুছি, বিষ্ণুৰাম মেধি হাইস্কুল, পানীগাঁও মিলন, ডনবস্কো, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আদিত তেওঁ অস্থায়ী ভাবে চাকৰি কৰিছিল। শেষত '৬৬ চনত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত তেওঁ স্থায়ী সহকাৰী শিক্ষক পদৰ নিযুক্তি লাভ কৰে। ইতিমধ্যে শেষোক্ত বিদ্যালয়খন '৯১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাত তেওঁ স্থায়ী বিষয় শিক্ষক হিচাবে নিযুক্তি লাভ কৰে আৰু বিভাগীয় নিয়মানুসৰি উক্ত বিদ্যালয়তে ৯৩ চনত উপাধ্যক্ষৰ পদত অধিষ্ঠিত হৈ '৯৫ চনৰ পহিলা এপ্ৰিলৰ পৰা অধ্যক্ষ আসনতো বহে। একাধিক বিষয়ত দক্ষতা থকা বৈশ্যদেৱে অকল বিদ্যালয়ৰ শিক্ষক হৈয়ে ক্ষান্ত নাথাকিল, ’৭৪ চনত গুৱাহাটীৰ মাধৱপুৰ স্থিত গন্ধৰ্ব সংগীত মহাবিদ্যালয়ত অংশকালীন সংগীত শিক্ষক হিচাবেও নিযুক্তি লাভ কৰে। অদম্য উৎসাহৰ বলতে পিছত গুৱাহাটীৰ কালাপাহাৰ স্থিত ‘অসম মিউজিক কলেজ’তো শিক্ষাদান কৰি তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। পৰৱৰ্তী কালত নিজ গৃহতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে এখন সংগীত বিদ্যালয় স্থাপন কৰি নিজৰ গাঁওতো এটি স্মৃতি তেওঁ এৰি থৈ যাব নাপাহৰিলে।

 বৈশ্য ডাঙৰীয়া যে অকল শিক্ষক, গায়কেই আছিল তেনে নহয়, তেওঁ এজন নীৰৱ কবি, সাহিত্যিক, সমাজ সচেতন লোকো আছিল। তেওঁৰ ৰচনাশৈলীৰ পৰাই তেওঁৰ বহুমুখী প্ৰতিভাৰ উমান পোৱা যায়। [ ১২৬ ] সদৌ শেষত এটি কবিতাসুৰীয়া ভাষাৰে কবি বন্ধুৰ প্ৰতি মােৰ এটি আবেগভৰা স্মৃতিৰ শৰাই নিবেদি লিখনিৰ সামৰণি মাৰিছাে—

জন্মিলেই মৰিব লাগে এয়া চিৰন্তন নীতি,
কাৰােবাবে এই নিয়মৰ নহয় বিচ্যুতি।
মাথাে দুদিনৰ আগ পিছ সময়ৰ ঘাট,
প্রতি জীৱৰ এনে দশা অন্তিম অৱস্থাত।
যি পথৰ পথিক বন্ধু উমেশ বৈশ্য,
মৰতত চলি থাকে একেই দৃশ্য।
ক্ষুদ, ব্যাধি, জড়া, পতন, কোনাে কাৰণতে
জীৱাত্মাই সজাতি এৰে ভাগ্য সূচীমতে।
জন্মিছিলে বন্ধুৱে বালিলেছা ধামত,
উনৈশ ঊনচল্লিছ চনৰ তিনি অক্টোবৰত।
পিতৃ-মাতৃ, প্রতিবেশী আনন্দত মজিলে,
শংকৰৰ নামেৰে উমেশ ৰাখিলে।
উচ্চ শিক্ষা আৰম্ভিলে নলবাৰী কলেজত,
সুখ্যাতিৰে মােকোলালে পথ উচ্চ শিক্ষাৰ।
উনৈশত বা বলাই আওৰায় সংগীতৰ সুৰ,
শাস্ত্রীয় সংগীতেৰে কৰে জনতাক জুৰ।
সদায় হাঁহিমুখীয়া বন্ধু নাই কপটতাৰ লেশ,
ঘটা নাছিল কোনাে দিন হিংসা অৱশেষ।
শিক্ষা বিস্তাৰৰ চাকৰি অতিকে মহান,
প্ৰৱেশিলে অধ্যাপনাত কৰি জ্ঞান দান।
সুন্দৰ সুঠাম দেহ যেনে মনােমােহা,
হাঁহিৰে শুৱনি কৰে প্ৰতি সভাৰ আভা।
উন্নতিৰ জখলাৰে বহে আচার্যৰ আসনত,
কর্তব্য নিষ্ঠাই বিয়পালে খ্যাতি সর্বত্রত।
যদিও বন্ধুৰ গৰিমা প্রচাৰ অতি দুর্লঙ্ঘ্য,
তথাপি স্মৃতিৰ পাপৰিত যাচিলোঁ প্ৰীতিৰ অর্ঘ্য।●


(লেখক ঘগ্ৰাপাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)
[ ১২৭ ]

প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য ঃ এটি ব্যতিক্ৰমী চৰিত্ৰ

নাৰায়ণ মহন্ত বালিলেছা,নলবাৰী

 জয় জয়তে প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যৰ অমৰ আত্মাৰ চিৰশান্তিৰ উদ্দেশ্যে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থসমূহৰ অন্যতম ভগৱদ্ গীতাই কৈ গৈছে যে মানৱাত্মা অমৰ, অদাহ্য, অশোচ্য, অক্লেদ্য, স্থিৰ, সনাতন। গতিকে তেওঁৰ অমৰ আত্মাই পৰিয়ালৰ লোক সকলকো জাতিৰ, সমাজৰ উপকাৰত অহা কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাওক বুলি আশা কৰিলো।

 প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যৰ শিক্ষয়িত্ৰী পত্নী, উচ্চ শিক্ষিত অনুজ ভাতৃ ৰমেশ, অতুল, ৰমেন আদি প্ৰত্যেকেই স্বাৱলম্বী। গতিকে উমেশ বৈশ্যৰ স্মৃতি- চাৰণৰ বাবে পুস্তিকা আদি প্ৰকাশৰ ব্যৱস্থা যদিও বহুদিন আগতেইহ'ব লাগিছিল, পলমকৈ হলেও কৰিব খোজাত মই নিজে বৰ সুখ অনুভৱ কৰিছো। কাৰণ গুণাঃ পূজাস্থানং গুণী, নচ লিঙ্গং নচ বয়ং। তাকে নকৰাতো অকৃতজ্ঞৰ চিন।

 দশম শতিকাৰ বিখ্যাত সংস্কৃত কবি ভৰ্তৃহৰিয়ে লিখিছিল—‘পৰিৱৰ্ত্তিনি সংসাৰে মৃতঃ কো বান জায়তে। স জাতো যেন জাতেন যাতি বংশঃ সমুন্নতি।

 অৰ্থাৎ এই বিশাল পৰিবৰ্তনশীল সংসাৰত মানুহ জন্মি আছে আৰু মৃত্যুৰণ কৰি আছে। সেইজন লোকৰ জন্মহে সাৰ্থক, যাৰ জন্মৰ দ্বাৰা জাতিৰ, বংশৰ বা সমাজৰ উপকাৰ সাধন হয়।

 শাস্ত্ৰই সদায় কয়— ‘আহাৰ নিদ্ৰা ভয় মৈথুনঞ্চ সামান্যমেতং পশুভিঃ নাৰাণা। খোৱা-বোৱা, নিদ্ৰা যোৱা, ভয় পোৱা, সতি-সন্ততি জন্ম দিয়া আদি কাৰ্যত মানুহ আৰু ইতৰ জীৱ-জন্তুৰ মাজত পাৰ্থক্য একো নাই। জীৱশ্ৰেষ্ঠ মানুহে শিক্ষা-দীক্ষা গ্ৰহণ কৰি নিজৰ বৌদ্ধিক বৃতিসমূহৰ বিকাশ সাধন কৰি যথাসম্ভৱ পৰিয়ালৰ, সমাজৰ তথা জাতিৰ উন্নতি সাধন কৰিব পাৰিলেহে তেনেলোক সকলোৰে আদৰণীয় হয় আৰু তেওঁলোক বহুতৰ অনুপ্ৰেৰণাৰ উৎস হয়।

 প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য বালিলেছ গাঁৱৰ বন্তিম বৈশ্য আৰু পবিত্ৰপ্ৰিয়া [ ১২৮ ] বৈশ্যৰ জ্যেষ্ঠ পুত্ৰ। ৰমেশ, অতুল, ৰমেন আৰু ৰাতুল তেওঁৰ কনিষ্ঠ ভাতৃ আৰু মাইকণ বৈশ্য একমাত্ৰ ভনী। স্বৰ্গীয় বন্তিম বৈশ্যৰ পিতৃপুৰুষসকল টিহু অঞ্চলৰ। অকল তেওঁহে মাক সুন্দৰীবালা বৈশ্যৰ সৈতে আহি বালিলেছা গাঁৱত বাস কৰিছিল। ডাঙৰ হোৱাত তেওঁ গঢ় পাতি সোণৰূপৰ গহনা আদি তৈয়াৰ কৰি জীৱিকা চলাইছিল।
 প্ৰয়াত উমেশ বৈশ্যৰ মাতৃ পবিত্ৰপ্ৰিয়া বৈশ্য আছিল অসমৰ স্বনামধন্য নৃত্যশিল্পী, সু-অভিনেতা সূৰ্য্য বৈশ্যৰ ভনী। অতি সাদৰী, মৰমীয়াল, দেখনিয়াৰ এই মহিলা গৰাকীৰ ল'ৰা-ছোৱালীকেইটাৰ স্বভাৱ-চৰিত্ৰ, নৈতিকতাবোধ, শিক্ষা- দীক্ষা আদিৰ ক্ষেত্ৰত যে প্ৰভূত বৰঙণি আছিল তাক সকলোৱে স্বীকাৰ কৰিব লাগিব।
 পৃথিৱী বিখ্যাত বীৰ নেপোলিয়ন বোনাপাৰ্টে কৈছিল— "Give me some good mothers, I will give a good nation." গতিকে এনে আদৰ্শ পিতৃ-মাতৃৰ সতি-সন্ততি কেতিয়াও কু-পথে যাব নোৱাৰে।
 স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যই পঞ্চম শ্ৰেণীৰ ছমাহ দেবীৰাম পাঠশালাত পঢ়ি গৰ্ডন হাইস্কুললৈ গৈ তাৰ পৰা ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষা পাচ কৰি ১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই এচ চি পৰীক্ষা পাচ কৰে। এসাজ খাই এসাজ লঘোণ দিব লগা অৱস্থা হলেও কৰ্তব্যত অবিচল আছিল বাবে তেওঁ বালিলেছা গাঁৱৰ এজন সুযোগ্য সন্তান। তেওঁ বড়িদতৰা হাইস্কুলত প্ৰায় এবছৰকাল শিক্ষকতাও কৰিছিল। শেষত নলবাৰী কলেজৰ পৰা বি এ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে।
 তেওঁ নলবাৰী কলেজত অধ্যাপকৰ পদৰ প্ৰাৰ্থীও হৈছিল। কিন্তু বৰ্ণবৈষম্য আৰু গোষ্ঠীগত চিন্তাধাৰাই তাহানিৰ নলবাৰীৰ বিদ্বৎ সমাজখন আৱৰি থকা বাবে নলবাৰী কলেজত তেওঁৰ নিযুক্তি নহ’ল। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে তোষণ নীতিৰ আশ্ৰয় লোৱা তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিপন্থী। নিজে সত্য বুলি ভবা কথাত তেওঁ কাৰৰ লগত আপোচ কৰা নাছিল। এইবাবেই আজিৰ যুগত ব্যতিক্ৰম বুলি ক'ব লাগিব।
 সংগীত কলাৰ ক্ষেত্ৰখনত তেওঁৰ গোটেই কেইজন ভাই-ভনীৰ ওপৰত মাতুল বংশৰ প্ৰভাৱ বিদ্যমান যদিও স্বৰ্গীয় উমেশ চন্দ্ৰ বৈশ্যই গীতশ্ৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ জমিৰুদ্দিন আহমেদৰ তত্ত্বাৱধানত সংগীত চৰ্চা কৰিছিল। তেওঁ প্ৰধানকৈ ৰাগভিত্তিক গীতৰ উপাসক আছিল। প্ৰয়াত জমিৰুদ্দিনৰ নাম [ ১২৯ ] বহুদিন শুনিছিলো।

 অৱশেষত প্ৰয়াত বৈশ্যই গুৱাহাটীৰ বিৰুবাৰীত খোপনি পুতি বাণীকান্ত সোঁৱৰণী বালিকা বিদ্যালয়ত শিক্ষকতাৰে জীৱনৰ পাতনি মেলে আৰু শেষত অধ্যক্ষৰ পদ অলংকৃত কৰে। বৈশ্যই গুৱাহাটীত থাকোতেই তেওঁৰ পিতৃ বন্তিম বৈশ্যৰ আইতাক জোনাপ্ৰিয়া বৈশ্যৰ নামত ‘জোনো প্ৰিন্টিং প্ৰেছ’ বুলি এটি ছপাশালো খুলিছিল, কিন্তু সেইটো বৰ বেছি দিন চলাব নোৱাৰিলে। তাত থাকোতেই তেওঁ অসমৰ বহুতো বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ আদিৰ সান্নিধ্য লাভ কৰি নিজ জীৱন ধন্য কৰিছিল। বহু মহৎলোকৰ সান্নিধ্য টকা- পইচাৰ সহায়তকৈ বেচি মূল্যবান বুলি উপনিষদৰ শ্লোকৰ পৰাই জানিছো।

 আমাৰ চৰম দুৰ্ভাগ্য, মহাকালে তেওঁক অতি কম বয়সতে আমাৰ মাজৰ পৰা কাঢ়ি নিলে— চাকৰিকাল শেষ নৌহওঁতেই।

 তেওঁৰ কৃতিত্ব— তলতীয়া ভায়েৰ কেইজনক সুশিক্ষিত কৰি স্বাৱলম্বী হৈ সমাজত সুপ্ৰতিষ্ঠিত কৰাত। অৱশ্যে তেওঁৰ সুযোগ্যা পত্নীয়েও নিজৰ ল’ৰা চাৰিজনক অতি উচ্চ শিক্ষিতকৈ গঢ়ি তুলি তেওঁলোকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছে, তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰী।

 যি উদ্দেশ্যে প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যৰ স্মৃতিচাৰণৰ দিহা কৰিছে, সি ফলৱতী হওক বুলি আশা কৰিলো। পৰিশেষত উপনিষদৰ ভাষাৰেই কওঁ—

সৰ্বে সুখীননা ভৱন্তু, সৰ্বে সন্তু নিৰাময়াঃ
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কচিৎ দুখভাগ্ ভবেৎ॥
ওম শান্তিঃ শান্তিঃ শান্তিঃ।

(লেখক নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৩০ ]

মুকুতাৰ দৰে উজ্জ্বল উমেশ বৈশ্য

খগেন নাথ
বিৰুবাৰী, গুৱাহাটী

 ১৯৯৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা দিনত এটি অবাঞ্ছিত ঘটনা ঘটিল। একেটা চৌহদত থকা নিম্ন প্ৰাথমিক খণ্ডৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ দুগৰাকীয়ে প্ৰস্বাব কৰিম বুলি ৰাখি থকা অৱস্থাত হঠাৎ বাহিৰৰ পৰা আহিয়ে এম ই খণ্ডৰ মাননীয় প্ৰধান শিক্ষকদেৱে বেতেৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি প্ৰশাসনৰ নামত চৌহদত এক ত্ৰাসৰ সৃষ্টি কৰিছিল। নিস্পাপ ছাত্ৰ দুজনে ভীতিগ্ৰস্থ হৈ কান্দোনত ভাগি পৰিছিল। মাধ্যমিক খণ্ডত মই নতুন শিক্ষক হিচাপে পুৰণি সকলক কাৰণ সোধাত এটাই মন্তব্য যে উৰহৰ খং ভগা ঢাৰিত আৰু অইন সকলৰ লগতে ময়ো নীৰৱ হৈছিলো। দুয়োগৰাকী মাননীয় বিদ্যালয়ৰ প্ৰধানৰ ভাষ্যৰ পৰা অনুভৱ হৈছিল যে ছাত্ৰ দুগৰাকীৰ এজনৰ অভিভাৱক বোধহয় অতি হিংসুক, টুটকীয়া আৰু চৰিত্ৰহীন।
 ঘটনাৰ কেইমাহমান পিছত মাধ্যমিক খণ্ডৰ সাহাযাৰ্থে থিয়েটাৰ মতা হ’ল। প্ৰায় এক ডজন কৰ্মীয়ে নিষ্ঠা সহকাৰে বিৰুবাৰীৰ পাহাৰে ভৈয়ামে টিকট বিক্ৰীত ব্যস্ত হৈ পৰিল। এদিনাখন সন্ধিয়া পাহাৰৰ দাঁতিত নিৰ্দিষ্ট ব্যক্তি এগৰাকীৰ নাম লৈ তেখেতৰ ঘৰত সোমাব খুজিলে। মানুহখিনিক তেতিয়া হৈ যোৱা ঘটনাটোৰ বিষয়ে মনত পেলাই দি সোঁৱৰাই দিয়া হ’ল। কিন্তু উদ্যোগী ব্যক্তি কেইগৰাকীয়ে ভাবিলে যে এনে এক গুৰুত্বপূৰ্ণ ঘটনাৰ পিছত ৰাইজ হিচাপে খবৰ লবলৈ যিহেতু কোনো অহা নাছিল, সেয়েহে সুযোগ বুজি সকলোৱে ইচ্ছা প্ৰকাশ কৰিলে যে সেই বিশেষ অভিভাৱক গৰাকীক লগ ধৰিহে যাব। সৌভাগ্যক্ৰমে প্ৰথমে দৰ্জা খুলি ওলাই আহিল শাস্তিৰ বলি হোৱা নিৰ্দিষ্ট ছাত্ৰজন। ৰাইজে সবিশেষ সেই বিষয়ে জানিব খোজাত কোমলীয়া মনৰ ছাত্ৰজনে আবেগতে কান্দি দিলে। ক্ষন্তেক পিছতেই তেওঁৰ পিতৃ ওলাই আহিল যিগৰাকী হ’ল সেই সময়ৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক মাননীয় উমেশ বৈশ্য ডাঙৰীয়া। [ ১৩১ ] ৰাইজক জনালে যে সেই ঘটনাত তেওঁৰ কোনো আখেজ নাই যদিও ঘটনাটো আছিল এক দুৰ্ভাগ্যজনক। বৰং ৰাইজৰ উদ্দেশ্যৰ প্ৰতি পূৰ্ণ সহযোগিতাৰে এক উৎসাহজনক ভূমিকা আগবঢ়াইছিল। প্ৰথমবাৰৰ বাবে এনেদৰেই লগ পাইছিলো বৈশ্য ডাঙৰীয়াক। তেখেতৰ পাণ্ডিত্য আৰু প্ৰতিভাৰ উমান পাই মনে মনে সুযোগ বুজি লগ ধৰিছিলো আৰু প্ৰতিদিনে নতুন বিষয়বস্তুৰ ওপৰত আলোচনা হৈছিল।

 বছৰচেৰেকৰ পিছত যেতিয়া তেখেত ভাৰপ্ৰাপ্ত অধ্যক্ষ পদত অধিষ্ঠিত হ'ল পৰীক্ষাৰ প্ৰশ্নকাকত পৰিষদ, প্ৰশাসন আদি সন্দৰ্ভত প্ৰায়েই লগালগি হ’বলৈ বাধ্য হৈছিলো। এনে এক অন্তৰংগতাত তেখেতৰ ব্যক্তিগত জীৱনৰ অতীতৰ ঘাত-প্ৰতিঘাতৰ ওখৰা-মোখৰ দিনবোৰ স্পৰ্শ কৰিছিলো। অতীতত ঘৰুৱা শিক্ষকতাৰে কঠোৰ জীৱন-যাপন কৰা ব্যক্তিগৰাকীয়ে নিয়মিত সংগীত সাধনা কৰাৰ উপৰিও আগশাৰীৰ বাতৰি কাকত-আলোচনী আদিত লেখা- মেলা কৰিছিল। সংগীতত থকা দখলৰ বাবে সাপ্তাহিক কাকত এখনত কেইটিমান সংগীত বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছিল। তেখেতে লিখি থৈ যোৱা গীত, কবিতা, ৰূপক, গল্প, প্ৰবন্ধ আদিৰ কুকিৰ সোৱাদ ল'ব নোৱাৰিলো সঁচা, কিন্তু জানিছিলো যে তেখেতৰ গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰকে ধৰি বিভিন্ন অনুষ্ঠান আদিৰ জৰিয়তে প্ৰচাৰ হৈছিল।

 সমাজৰ দলিত গোষ্ঠীৰ পৰা উঠি অহা এই গৰাকী ব্যক্তিয়ে পৰিয়ালৰ অইন ব্যক্তিসকলকো চাবলগীয়া হৈছিল। স্বভাৱগত ভাৱে তেখেত বৰ সৰল আৰু হোজা আছিল। এনেকুৱাও হৈছিল যে তেখেতে লিখা পুথিৰ পাণ্ডুলিপি গীত অইন ব্যক্তিয়ে নি নিজৰ নামত চপাইছিল। এবাৰ বিদ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষই ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নথিপত্ৰ সহ প্ৰ-পত্ৰ বিচাৰিলে। সকলো জমা দিয়াৰ পিছত বিচাৰক মণ্ডলীৰ পৰা ভিতৰুৱাকৈ জানিব পাৰিলে যে তেখেতেই বাছনি পাইছে। কিন্তু নিশাটোৰ পিছতেই প্ৰকাশ পোৱা তালিকাত তেখেতৰ উপাধিটো সলনি হ’ল। বিষয়টো হাস্যকৰ হ'লেও দুৰ্ভাগ্যজনক। এই বিষয়ে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ বিষয়ববীয়াক সোধাত সকলো নিৰুত্তৰ হৈছিল। বিদ্যালয়ৰ পাঠ্যক্ৰম সফলতাৰ অইন এক চাবিকাঠি হ’ল সহঃ পাঠ্যক্ৰমৰ কাৰ্যকৰণতা। এই বিষয়ে তেওঁ বৰকৈ জোৰ দিছিল। তেওঁ থকালৈ বিদ্যালয়ৰ সাংস্কৃতিক দিশৰ উদ্যমী শিক্ষক তেখেতেই আছিল। আনকি যিসকল শিক্ষক- শিক্ষয়িত্ৰীৰ সুপ্ত প্ৰতিভা আছিল, তেখেতৰ খোচনিত জাগ্ৰত হৈ উঠিছিল। [ ১৩২ ] দুখন বা ততোধিক বিদ্যালয় লগ হৈ উমৈহতীয়া খৰচেৰে সাংস্কৃতিক প্ৰতিযোগিতা বা দৰ্শনেৰে অনুষ্ঠান আয়োজন কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে ফলপ্ৰসু হ'ব। এই সন্দৰ্ভত আমি পৰিকল্পনা হাতত লৈছিলো। সেইসূত্ৰে তেখেতৰ শিল্পীমনা শিক্ষয়িত্ৰী কেইগৰাকীক আমন্ত্ৰণ জনাই আমাৰ বিদ্যালয়ৰ লগত মত বিনিময় কৰিছিলো। তথাপি এনেকুৱা লাগিছিল যেন আমাৰ পৰিকল্পনা কলিতে মৰহি গ'ল। কাৰণ মধুমেহ ৰোগে তেখেতৰ কাৰ্যদক্ষতা আৰু জীৱনী শক্তি চমুৱাই আনিছিল। এনেকুৱা হৈছিল জীৱনৰ অন্তিম বেলিকাত সঘনাই বৃক্ক পৰিশোধন কৰিবলগীয়া হৈছিল। এই কেইদিনত তেখেতক লগ পালেই এটি শুকান হাঁহিৰে খবৰ ভাল বুলিয়েই জনাইছিল। ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে জীৱনৰ যৱনিকা পেলাই স্ত্ৰী আৰু পুত্ৰ কেইগৰাকীক এৰি অজান ঠাইলৈ গুছি গ’ল। তেখেত আজি য’তেই নাথাকক কিয় মোৰ বিশ্বাস তেখেত আজিও ভালে আছে। ●

 

(লেখক বিৰুবাৰীৰ মাধৱ দাস হাইস্কুলৰ প্ৰধান শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ১৩৩ ]

বালিলেছাৰ প্ৰথম উচ্চ শিক্ষিত
উমেশ চন্দ্ৰ বৈশ্য

হৰেন্দ্ৰ নাথ কলিতা
দিঘেলী,নলবাৰী

 নলবাৰী চহৰৰ পৰা পাঁচ কিলোমিটাৰমান দক্ষিণত অৱস্থিত বালিলেছা এখন ঐতিহ্যপূৰ্ণ গাঁও। এই গাঁৱতেই আছে বিখ্যাত মহিমাময়ী কালীগোসাঁনীৰ মন্দিৰ আৰু কালীসাগৰ পুখুৰী। এই গাঁৱৰ পূব দিশেদি বৈ গৈছে পাগলাদিয়া নৈ। এই গাঁৱতে ১৯৩৯ চনৰ অক্টোবৰ মাহৰ ৩ তাৰিখে উমেশ বৈশ্যৰ জন্ম হয়। তেওঁৰ পিতৃ প্ৰয়াত বন্তিম বৈশ্য আৰু মাতৃ প্ৰয়াত পবিত্ৰপ্ৰিয়া বৈশ্য। বন্তিৰাম বৈশ্য আছিল এজন সোণৰূপৰ অলংকাৰ গঢ়া শিল্পী। সোণাৰী কাম কৰিয়ে পৰিয়ালটোৰ ভৰণ-পোষণ দি কোনোমতে চলিছিল।
 ৬ বছৰ বয়সত ১৯৪৫ চনত বালিলেছা মজলীয়া বিদ্যালয়ৰ প্ৰাথমিক শাখাৰ ক-মান শ্ৰেণীত নাম ভৰ্তি কৰি শিক্ষা জীৱনৰ পাতনি মেলে। সেই সময়ত বালিলেছা এম.ভি. স্কুলখনেই দক্ষিণখাতা মৌজা অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান। ১৯৩৫ চনত বালিলেছা এম.ভি. স্কুল প্ৰতিষ্ঠা হৈছিল। ১৯৫২ চনত উক্ত বিদ্যালয়ৰ পৰাই বৃত্তি লাভ কৰি মজলীয়া বিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়। মেধাবী ছাত্ৰ উমেশ বৈশ্যই সৰুৰে পৰাই সংগীত চৰ্চা কৰিছিল।
 ১৯৫৩ চনত নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ পঞ্চম শ্ৰেণীত নাম ভৰ্তি কৰে। তেতিয়াৰ দিনত এম. ভি. স্কুলত ইংৰাজী শিক্ষা নথকা বাবে সপ্তম শ্ৰেণীৰ পৰিৱৰ্তে পঞ্চম শ্ৰেণীত নাম লগাব লাগিছিল। দেৱীৰাম হাইস্কুলৰ পৰা পিছত তেওঁ নলবাৰী গৰ্ডন হাইস্কুললৈ যায় (বৰ্তমান হায়াৰ চেকেণ্ডাৰী)। ১৯৫৯ চনত গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি দ্বিতীয় বিভাগত পাছ কৰে। উমেশ বৈশ্য বালিলেছা গাঁৱৰ অনুসূচীত জাতিৰ প্ৰথম মেট্ৰিকুলেট। ১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই. এছচি পাছ কৰে।
 আৰ্থিক দৈন্যৰ কাৰণে বিজ্ঞান শিক্ষা বাদ দি কলা বিভাগত পঢ়িবলৈ [ ১৩৪ ] লয়। সেই সময়ত হাইস্কুলত বিজ্ঞান শিক্ষকৰ অভাৱ আছিল। বহুতে আই এছচি পাছ কৰি হাইস্কুলত বিজ্ঞানৰ শিক্ষক হিচাবে নিয়োগ লাভ কৰি কলেজত পঢ়িছিল। উমেশ বৈশ্য নলবাৰী জিলাৰ বড়িদৰাৰ বিষ্ণুৰাম মেধি হাইস্কুলত বিজ্ঞানৰ শিক্ষক হিচাবে নিয়োজিত হয়। তাৰ পিছত তেওঁ ক্ৰমে বানেকুছি হাইস্কুল আৰু পানীগাঁও মিলন হাইস্কুলতো কিছুদিনৰ কাৰণে শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলে। শিক্ষকতা কৰি থাকিয়ে ১৯৬৪ চনত নলবাৰী কলেজৰ পৰা বি.এ. পাছ কৰে। বহুতে বি.এ. পাছ কৰি কোনো এখন হাইস্কুলত শিক্ষকতা কৰি কিছু অৰ্থ সংগ্ৰহ কৰি এম.এ. পঢ়াৰ কাৰণে সাজু হয়।

 বি.এ. ডিগ্ৰী লোৱাৰ পিছত তেওঁ কৰ্মস্থানো সলনি কৰে। গুৱাহাটীলৈ গৈ কিছুদিনৰ কাৰণে ডনবস্ক’ আৰু আৰ্য্য বিদ্যাপীঠত শিক্ষকতা কৰাৰ লগে লগে বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। পিছত তেওঁ ১৯৬৬ চনত গুৱাহাটীৰে বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলৰ পৰা নিয়োগপত্ৰ লাভ কৰি চাকৰিত যোগদান কৰে। শিক্ষকতা কৰি থাকিয়ে ১৯৬৭ চনত এম.এ. ফাইনেল পৰীক্ষাত বহি উত্তীৰ্ণ হয়। কিছু বছৰ পিছত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত ১৯৯২ চনত বিষয় শিক্ষক হোৱাৰ সুযোগ পায়।

 ১৯৯৩ চনত উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৯৮ চনৰ ১ আগষ্টলৈ অৰ্থাৎ মৃত্যুৰ দিনলৈ অধ্যক্ষৰ পদত থাকি কাৰ্যনিৰ্বাহ কৰিছিল।

 উমেশ বৈশ্য যেতিয়া হাইস্কুলৰ ছাত্ৰ মই বালিলেছা মজলীয়া বিদ্যালয়ৰ প্ৰাথমিক স্তৰত পঢ়ি আছো। বয়সত তেওঁ মোতকৈ ৭-৮ বছৰমানৰ ডাঙৰ হ’ব। সেয়েহে মই তেওঁক শ্ৰদ্ধা কৰিছিলো। দাদা বুলি মাতিছিলো। বয়সত জ্যেষ্ঠ হলেও তেওঁৰ লগত মোৰ সম্পৰ্ক আছিল বন্ধুৰ নিচিনা। লগ পালেই পঢ়াৰ কথা পাতিছিল আৰু ভালকৈ পঢ়িবলৈ উপদেশ দিছিল। তেওঁ অনুজসকলক মৰম-চেনেহ কৰিছিল। পঢ়াৰ ক্ষেত্ৰত কিবা নুবুজা কথা থাকিলে তেওঁৰ ওচৰত গৈ শিকি আহিবলৈ কৈছিল। সেয়েহে মই মাজে সময়ে তেওঁৰ ওচৰত গৈ দুই-এটা কথা শিকি আহিছিলো।

 সেই সময়ত গ্ৰামাঞ্চলৰ যাতায়তৰ ব্যৱস্থা খুউব বেয়া আছিল। শিক্ষাৰ ক্ষেত্ৰতো বালিলেছা আৰু ওচৰৰ গাঁওবিলাক সিমান আগবঢ়া নাছিল। বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সৰহভাগ ল'ৰা-ছোৱালীয়ে এল পি বা এম ভি পৰ্যায়তে ছাত্ৰজীৱন সমাপ্ত কৰি খেতিবাতিত মনোনিবেশ কৰিছিল। এই অনুকূল পৰিবেশতো নিজ সাধনাৰ বলত আৰু শিক্ষাৰ প্ৰতি অনুৰক্ত হোৱা হেতুকে [ ১৩৫ ] নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিছিল।

 সৰুৰে পৰা সংগীত সাধনা কৰি বিশেষকৈ শাস্ত্ৰীয় সংগীতত পাৰদৰ্শিতা লাভ কৰি আকাশবাণীৰ জৰিয়তেও নিজৰ গীত প্ৰচাৰ কৰিবলৈ সমৰ্থ হৈছিল।

 সুদৰ্শন, নিয়মীয়া উচ্চতাৰ ৰঙা-বগা চেহেৰাৰ লগতে অমায়িক স্বভাৱৰ বাবে তেওঁ সকলোৰে প্ৰিয় আছিল। মুখত অনবৰত আছিল হাঁহি। তেওঁৰ মৰমীয়াল আৰু বিনয়ী স্বভাৱে সকলোকে মোহিত কৰিব পাৰিছিল। ছাত্ৰাৱস্থাত তেওঁ পৰিধান কৰিছিল বগা পায়জামা আৰু বগা পাঞ্জাবী চাৰ্ট। লং পেণ্টৰ ব্যৱহাৰ খুউব কম সংখ্যকে কৰিছিল।

 এজন শিক্ষক হোৱাই হয়তো তেওঁৰ জীৱনৰ লক্ষ্য আছিল। সেয়েহে কলেজ, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰে পৰা শিক্ষকতা বৃত্তি আৰম্ভ কৰি আজীৱন শিক্ষাসেৱা আগবঢ়াই এজন আদৰ্শ কৃতী শিক্ষক হ’ব পাৰিছিল। তেওঁ ইচ্ছা কৰাহেঁতেন এটা ভাল চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু শিক্ষকতা এৰি অন্যফালে হাত নেমেলিলে।

 আজীৱন শিক্ষাসেৱী উমেশ বৈশ্যদেৱে সংগীতৰ লগতে অসমীয়া ভাষা সাহিত্যতো অৱদান আগবঢ়াইছে। পিতৃ হিচাবেও তেওঁ এজন আদৰ্শ আৰু সফল পিতৃ। তেওঁৰ চাৰিওজন ল'ৰাকে উপযুক্ত শিক্ষা-দীক্ষা দি গঢ়ি তুলিছে। ভায়েক কেইজনকো পঢ়াই জীৱনত প্ৰতিষ্ঠিত হোৱাত সহায় কৰিছে।

 ১৯৬৮ চনৰ পৰা মই তেওঁৰ সান্নিধ্যৰ পৰা প্ৰায় বঞ্চিত হওঁ। কৰ্তব্যৰ খাতিৰত জন্মগাঁও বালিলেছালৈ তেনেকৈ আহিব নোৱাৰা হ'ল। পিছলৈ তেওঁ গুৱাহাটীৰ বিৰুবাৰীত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। অৱশ্যে গাঁৱৰ খা- খবৰ লবলৈ পাহৰা নাছিল।

 উমেশ বৈশ্য আজি আৰু আমাৰ মাজত নাই। কিন্তু তেওঁ নিচেই সাধাৰণ অৱস্থাৰ পৰা চেষ্টা শ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা মানুহ হোৱাৰ যি বাট দেখুৱাই গ'ল সিয়ে উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰিব। এজন আদৰ্শ কৃতী শিক্ষক, সংগীতজ্ঞ, সাহিত্য সেৱক তথা বালিলেছা গাঁৱৰ প্ৰথম স্নাতক, প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী, উচ্চ শিক্ষিত ব্যক্তি হিচাবে শ্ৰদ্ধাৰে সুঁৱৰিব।

(লেখক নলবাৰী জিলাৰ দিঘেলীৰ বাসিন্দা। এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৩৬ ]

বাল্যবন্ধু উমেশ বৈশ্যৰ সোঁৱৰণত

বিজয় শংকৰ কলিতা
নামডোঙা, বালিলেছা

 উমেশ বৈশ্য মোৰ বাল্যবন্ধু। আমি দুয়ো ইজনে সিজনক তুমি সম্বোধন কৰি নাম কাঢ়ি মাতিছিলো। তেওঁৰ জন্ম নলবাৰী চহৰৰ দক্ষিণ-পূৰ্ব কোণত অৱস্থিত বালিলেছা গাঁৱত। বালিলেছা এখন পুৰণি বুৰঞ্জী প্ৰসিদ্ধ গাঁও। এই গাঁওখন দক্ষিণ নলবাৰী অঞ্চলৰ দহ বাৰখন গাঁৱৰ কেন্দ্ৰস্থল। এই গাঁৱৰ মাজেৰে নলবাৰী-কমাৰকুছি পথ গৈছে। নলবাৰী চহৰৰ পূব প্ৰান্তৰ পৰা এই গাঁৱলৈ মন্দিৰ সংযোগী এটি পকী পথ আছে। আহোম ৰজা শিৱসিংহই এই গাঁৱত দৌল-দেৱালয় প্ৰতিষ্ঠা কৰিছিল। ইয়াত প্ৰতিষ্ঠা কৰা দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌলৰ ভগ্নাৱশেষে আজিও ইতিহাস সাক্ষৰবহন কৰি আছে। দেৱালয়ৰ পূবফালে কালীসাগৰ পুখুৰী’ নামৰ এটি বৃহৎ পুখুৰী স্বৰ্গদেৱে খন্দাই দিছিল। আজিও এই পুখুৰী নিৰ্মল নিকা পানীৰে বিধৌত হৈ আছে। ইং ১৮৯৭ চনৰ প্ৰৱল ভূমিকম্পত মূল মন্দিৰ ধ্বংসপ্ৰাপ্ত হোৱাত ইয়াক নতুনকৈ নিৰ্মাণ কৰি দেৱী প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰত প্ৰতিষ্ঠিত দেৱী জাগ্ৰত দক্ষিণা কালী। অসমৰ বিভিন্ন ঠাইৰ পৰা ধৰ্মপ্ৰাণ লোকসকল ইয়ালৈ আহি দেৱী দৰ্শন কৰি পূজা অৰ্চনা কৰে। ইয়াত নিত বলি-বিধান আছে। এনে এখন ঐতিহ্যমণ্ডিত গাঁৱত উমেশ বৈশ্যৰ জন্ম হৈছিল। জন্মৰ চন ইং ১৯৩৯ চন। তেওঁৰ পিতৃৰ নাম বন্তিম বৈশ্য আৰু মাতৃৰ নাম পৱিত্ৰপ্ৰিয়া বৈশ্য। দেউতাক বন্তিম বৈশ্য নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ আছিল। তেখেতে সোণ-ৰূপৰ অলংকাৰ তৈয়াৰ কৰিছিল। উমেশ বৈশ্যৰ চাৰিজন ভাই আৰু এজনী ভগ্নী আছিল। দেউতাকে অসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ল'ৰা-ছোৱালী কেইটাক পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ শিক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। উমেশ বৈশ্যৰ মাতৃ এটি সুসংস্কাৰপূৰ্ণ পৰিয়ালৰ জীয়াৰী আছিল। তেখেতৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত সূৰ্য্য বৈশ্য অসমৰ ভ্ৰাম্যমান যাত্ৰাপাৰ্টীৰ এজনা সুনিপুণ অভিনেতা আৰু নৃত্য বিশাৰদ লোক আছিল। মৰোৱাৰ “অৰুণ নাট্য সমিতি’ যাত্ৰাদলৰ শিল্পীসকলৰ [ ১৩৭ ] মাজত সূৰ্য্য বৈশ্য আছিল মধ্যমণি। তেখেতৰ মহাদেৱৰ তাণ্ডৱ নৃত্যই হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰি ৰাখিছিল। ভ্ৰাম্যমান থিয়েটাৰত তেখেতে নটসূৰ্য ফণী শৰ্মা আদিৰ লগতো অভিনয় কৰিছিল। এনে হেন সংস্কৃতি সম্পন্ন বংশ পৰম্পৰা থকা পৰিয়ালৰ পৰা অহা মাতৃৰ গৰ্ভত উমেশ বৈশ্যৰ জন্ম হৈছিল। ‘নৰানাং মাতুল আকৃতি’ এই আপ্তবাক্যটি বন্ধু উমেশ বৈশ্যৰ জীৱনত সুন্দৰভাৱে প্ৰতিফলিত হৈছিল।

 উমেশ বৈশ্যই বালিলেছা মজলীয়া বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে। শিশুকালৰ পৰাই তেওঁ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। বৈশ্য অকল পাঠ্যপুথিতে আৱদ্ধ নাছিল। শিশুকালতে সংগীত, বাজনা, আবৃত্তি আদিৰ প্ৰতি বিশেষ ভাবে মনযোগী আছিল। বিদ্যালয়ত অনুষ্ঠিত কবিতা, ৰচনা, গীত-নাট আদিত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। মজলীয়া বিদ্যালয়ত সুন্দৰভাৱে উত্তীৰ্ণ হৈ জলপানি লাভ কৰে। এইখিনিতে উল্লেখযোগ্য যে উমেশ বৈশ্যই বালিলেছা গাঁৱৰ প্ৰথম স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক।

 আমি আগতে উনুকিয়াইছোঁ যে উমেশ বৈশ্যৰ আৰ্থিক অৱস্থা ভাল নাছিল কিন্তু মনৰ অদম্য ইচ্ছা আৰু একাগ্ৰতাৰ ফলত জীৱন যুঁজত তেওঁ জয়ী হৈছিল। আই. এছচি, পাচ কৰাৰ পিছৰে পৰা উপাৰ্জন পথৰ অন্বেষণ কৰিবলৈ বাধ্য হৈছিল। বড়িদতৰা শ্ৰীবিষ্ণুৰাম মেধি হাইস্কুলত সামান্য মাননি লৈ বিজ্ঞান শিক্ষক হিচাবে কিছুদিন শিক্ষকতা কৰিছিল। সেই সময়ত চাৰিজন ভায়েকৰ শিক্ষা-দীক্ষাৰ প্ৰতিনজৰ দিয়াৰ দায়িত্বও বৈশ্যৰ ওপৰত পৰাত অৰ্থৰ অন্বেষণত তেওঁ গুৱাহাটীলৈ যায়। গুৱাহাটীত কেইটামান সম্ৰান্ত পৰিয়ালৰ লগত তেওঁৰ চিনাকী হয়। তেওঁলোকৰ ল'ৰা-ছোৱালীক টিউচন কৰাৰ বাবে উমেশ বৈশ্যক আমন্ত্ৰণ কৰি নিছিল। এনেদৰে টিউচন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগতে নিজৰো আৰ্থিক সচ্ছলতা আহিছিল। উমেশ বৈশ্য কোনোদিনে নিজ লক্ষ্যৰ পৰা বিচ্যুত হোৱা লোক নহয়। শৈক্ষিক ক্ষেত্ৰত নিজৰ উন্নতিৰ উপৰিও ভাই-ভনীকেইজনৰ উন্নতি হোৱাটো সদায় লক্ষ্য কৰিছিল। তাৰ ফলত কনিষ্ঠ ভাতৃ শ্ৰীৰমেশ বৈশ্য, শ্ৰীঅতুল বৈশ্য, শ্ৰীৰমেন বৈশ্য, শ্ৰীৰাতুল বৈশ্য প্ৰত্যেকেই সমাজৰ বিভিন্ন কৰ্মক্ষেত্ৰত একোজন সফল ব্যক্তি বুলি পৰিগণিত হৈছে। বিভিন্ন কৰ্মব্যস্ততাৰ মাজতো তেওঁ সমাজৰ নানা গঠনমূলক কৰ্ম, অনুষ্ঠান- প্ৰতিষ্ঠান, নিজ ঘৰখনৰ উন্নতি আৰু জন্ম গাঁৱৰ প্ৰতিজন মানুহৰ মংগলৰ বাবে [ ১৩৮ ] যৎপৰোনাস্তি চেষ্টা কৰিছিল।

 উমেশ বৈশ্য আছিল সংগীত সাধক। হাইস্কুলত তেওঁ লগ পাইছিল সংগীত শিক্ষক চৈয়দ জমিৰুদ্দিন আহমেদ ডাঙৰীয়াক। নলবাৰীৰ সংগীত বিদ্যালয় ‘গীতশ্ৰী'ত আহমেদৰ ওচৰত তেওঁ ৰাগভিত্তিক সংগীত চৰ্চা কৰিছিল। গুৱাহাটীত প্ৰয়াত সুধীৰ চৌধুৰী আৰু সংগীত আচাৰ্য প্ৰয়াত বীৰেন ফুকনৰ ওচৰত সংগীত শিক্ষা লাভ কৰিছিল। উমেশ বৈশ্যই নিজ গৃহতে ‘জীৱনজ্যোতি সংগীত আশ্ৰম’ নাম দি এখন সংগীত বিদ্যালয় স্থাপন কৰি ল'ৰা-ছোৱালীক সংগীতৰ পাঠদান কৰিছিল।

 উমেশ বৈশ্য শিক্ষাদান আৰু সংগীত চৰ্চাতে সীমাৱদ্ধ নাছিল। তেওঁ এজন লিখকো আছিল। তেওঁ উচ্চ মাধ্যমিক অংক সহায়িকা, Higher Secondary English Grammar, ৰচনা মালিকা আদি কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছিল। পাঠ্যপুথিৰ উপৰিও কবিতা, গীত আৰু সমসাময়িক সামাজিক পটভূমিৰ ওপৰত কেইখনমান কিতাপ ৰচনা কৰিছিল।

 অসীম কষ্ট, ত্যাগ আৰু সংগ্ৰামৰ মাজেদি উমেশ বৈশ্যই জীৱনৰ কৃতকাৰ্যতা লাভ কৰিছিল। তেওঁৰ কৃতিত্বত সহোদৰ ভাতৃহঁতৰ যথেষ্ট অৰিহণা আছে। ভাতৃৰ মৰম-স্নেহ আৰু সদিচ্ছাৰ লগতে সহধৰ্মিণী শ্ৰীৰিণা বৈশ্যৰ পূৰ্ণ সহযোগত তেওঁ এটি সাৰ্থক জীৱন লাভ কৰিছিল৷ পাৰিবাৰিক ক্ষেত্ৰততা উমেশ বৈশ্য অতি সুখী আছিল। ভাতৃ, ভাতৃবধু, সহধৰ্মিণী, চাৰিজন পুত্ৰ, ভাতৃৰ পুত্ৰ- কন্যাৰ সৈতে এটি বৃহৎ পৰিয়ালৰ জ্যেষ্ঠ হিচাবে বৈশ্য অত্যন্ত সুখী আছিল। তেওঁৰ পুত্ৰ শ্ৰীজীৱনজ্যোতি বৈশ্য, শ্ৰীশেখৰজ্যোতি বৈশ্য, শ্ৰীঅৰুণজ্যোতি বৈশ্য আৰু শ্ৰীদীপজ্যোতি বৈশ্য প্ৰত্যেক জনেই উচ্চ শিক্ষিত আৰু সুপ্ৰতিষ্ঠিত।

 কাল সকলোৰে ওপৰত। উমেশ বৈশ্যই সাৰ্থক জীৱন লাভ কৰিলে যদিও ই দীৰ্ঘদিনীয়া নহ’ল। ইং ১৯৯৮ চনৰ আগষ্ট মাহৰ পহিলা তাৰিখে পত্নী, পুত্ৰ, পৰিয়াল আৰু বন্ধু-বান্ধৱক কন্দুৱাই অকালতে নশ্বৰ দেহ ত্যাগ কৰে। বৈশ্য গুছি গ'ল কিন্তু তেওঁৰ কৃতকৰ্মই তেওঁক সদায় জীয়াই ৰাখিব। কীৰ্তি যস্য সঃ জীৱতি। (লেখক নলবাৰীৰ দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক। (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৩৯ ]

মোৰ অতি শ্ৰদ্ধাৰ দাদাৰ স্মৃতিত

ৰমেশ বৈশ্য

হেঙেৰাবাৰী, গুৱাহাটী

 মৃত্যু চিৰন্তন সত্য হলেও কিছুমান মৃত্যুক সহজে পাহৰিব নোৱাৰি। সেয়েহে মহাভাৰতত পোৱা শাশ্বত কথাষাৰৰ দৰেই—

 মাতুলোযস্য গোৱিন্দ পিতাযস্য ধনঞ্জয়।
 শোভিমন্যঃ বিনশ্যতে নিয়তিকেন বাধ্যতেঃ॥

 সময় হলে সকলোৱেই এদিন যাবই লাগিব। নিয়তিক কোনেও ৰোধিব নোৱাৰে। সেয়েহে বোধহয় নিয়তিৰ বিধি মানি যোৱা ১/৮/১৯৯৮ ইং তাৰিখে মোৰ অতি শ্ৰদ্ধাৰ দাদা স্বৰ্গগামী হৈছিল। স্বৰ্গীয় উমেশ বৈশ্যদেৱ মোৰ সহোদৰ দাদা আছিল। যিজন আছিল অকল মোৰেইনহয়, আমাৰ আটাইকেইজন ভাইৰ পিতৃতুল্য। সৰুকালৰ পৰাই সন্মুখীন হোৱা বিভিন্ন পাৰিবাৰিক সমস্যা আৰু বাধাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি গভীৰ আত্মবিশ্বাস, একাগ্ৰতা আৰু কঠোৰ সাধনাৰে জীৱনটোক সম্পূৰ্ণ আৰু সফল কৰি তোলা সেই দৃঢ়মনা ব্যক্তিয়ে আছিল আমাৰ ঘৰৰ আটাইৰে মৰমৰ আদৰ্শ পুৰুষ স্বৰ্গীয় উমেশ বৈশ্য। তেওঁ আমাৰ আটাইকেইজন ভাই-ভনীৰ প্ৰতি কৰা কাম-কাজতেই আমি অনুভৱ কৰিছিলো এজন পিতৃতুল্য অভিভাৱক বুলি। তেওঁ আমাৰ ভাই কেইজনৰ উন্নতিৰ হকে কি যে যত্ন কৰা নাই। শিক্ষাৰ ক্ষেত্ৰত, গান-বাজনাৰ ক্ষেত্ৰত, বিশেষভাৱে আমাৰ স্বৰ্গীয় পিতৃ বন্তিৰাম বৈশ্যই কৰিবলগীয়া সকলো দায়িত্ব তেৱেঁই পালন কৰিছিল। আমাৰ ঘৰ আছিল নলবাৰী জিলাৰ বালিলেছা গাঁৱত। আজি এনেহেন এখন গাঁৱৰ এটা দুখীয়া পৰিয়ালৰ পৰা গুৱাহাটীবাসী হৈ অলপ উন্নতিৰ পোহৰ দেখাৰ সপোেন আমাক দাদাই দিনে-নিশাই দিছিল। আজি মই দাদাৰ আদৰ্শৰ প্ৰেৰণা লৈয়েই জীয়াই থাকিব পাৰিছো বুলি ভাব হয়। তেওঁৰ ভাতৃপ্ৰেম আছিল অতুলনীয়। অইন মানুহে তেওঁৰ ভাতৃ প্ৰেমৰ নমুনাৰ কথা শুনিলে বিশ্বাস কৰিবই টান পাব। [ ১৪০ ] এনেহেন এজন ব্যক্তি অকালতে এটি দুৰাৰোগ্য ব্যাধিয়ে গ্ৰাস কৰি স্বৰ্গবাসী কৰালে। ময়ো তেওঁৰ আৰোগ্যৰ বাবে অশেষ যত্ন কৰাৰ পিছতো বচাবলৈ নোৱাৰিলো। দাদাই আমাক এৰি গ'ল শেষত। দাদাৰ আত্মাই চিৰশান্তি লাভ কৰক, এয়াই মাথো মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

 

(লেখক প্ৰয়াত বৈশ্যৰ প্ৰথম কনিষ্ঠ ভাতৃ তথা ষ্টেচন তত্বাৱধায়ক, তেতেলীয়া ৰেলৱে ষ্টেচন, এন.এফ. ৰেলৱে।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৪১ ]

শ্ৰদ্ধেয় উমেশ বৈশ্য ছাৰৰ সোঁৱৰণত

উজ্জ্বল দাস

বিৰুবাৰী, গুৱাহাটী

 শিশু অৱস্থাতেই সংগীতৰ প্ৰতি থকা আকৰ্ষণৰ সূত্ৰেই ছাৰৰ সান্নিধ্যলৈ আহিছিলো। শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণৰ বাবে ছাৰৰ সংগীত বিদ্যালয়ত নাম ভৰ্তি কৰো। সঁচাকৈয়ে আশ্ৰম স্বৰূপ সংগীত বিদ্যালয়খনত এক নান্দনিক পৰিবেশত ছাৰে সংগীত শিক্ষা প্ৰদান কৰিছিল। আমাৰ শিশু মনত বাৰুকৈয়ে এই পৰিবেশটোৱে প্ৰভাৱান্বিত কৰিছিল। শাস্ত্ৰীয় সংগীতৰ বিভিন্ন ৰাগ-ৰাগিনীৰ অমোঘ জ্ঞানেৰে পৰিপুষ্ট ছাৰে একে সময়তে আধুনিক গীতৰৰ চৰ্চা ৰাখিছিল আৰু অলেখ আধুনিক গীত তথা সমবেত সংগীত তেখেতে সৃষ্টি কৰিছিল। তাৰে ভিতৰত এক অন্যতম সৃষ্টি “বড়ো মণিপুৰী নেপালী বঙালী ৰাভা মিকিৰ মুছলমান...” গীতটিৰ আমি নিয়মীয়া শিল্পী আছিলো। ছাৰৰ পৰিচালনাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠান, ৰঙালী বিহুৰ অনুষ্ঠান সমূহত নিয়মীয়াকৈ পৰিবেশন কৰিছিলো। আৰু গীতটি আজিও সকলোৰে সমাদৃত। তাহানিতেইছাৰে গীতেৰে সমন্বয়ৰ বাণী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ছাৰৰ সংগীত চৰ্চা তথা প্ৰচাৰ কেতিয়াও বাণিজ্যিক বিধৰ নাছিল। বৰঞ্চ ক’ব লাগিব যে এজন দেশপ্ৰেমিক আৰু নিষ্ঠাবান সমাজ সচেতক হিচাবেইছাৰে সংগীতক মাধ্যম হিচাবে লৈ দেশ তথা সমাজৰ হকে কাম কৰি গৈছিল। ঘৰৰ গীত সমূহত ইয়াৰেইসম্পূৰ্ণ প্ৰতিফলন ঘটিছে। আজিৰ সামাজিক পৰিস্থিতিত ছাৰৰ গীতসমূহ আৰু বেছিকৈ প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ অধিক ৰূপে প্ৰচাৰ কৰাৰ আৱশ্যকতা আহি পৰিছে।

 ছাৰৰ স্মৃতি আমাৰ মনত এতিয়াও সজীৱ হৈয়েই আছে। অনাগত দিনবোৰত ছাৰৰ সপোন সমূহ বাস্তৱত ৰূপায়িত কৰাৰ কামত অগ্ৰসৰ হ'লেহে ছাৰৰ প্ৰতি প্ৰকৃত অৰ্থত সন্মান প্ৰদৰ্শন কৰটো সূচাব। ছাৰৰ কৰ্মৰাজি আৰু স্মৃতি চিৰস্থায়ী কৰি ৰাখিবলৈ তেওঁৰ পৰিয়ালে লোৱা শুভ-প্ৰচেষ্টাৰ বাবে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ আন্তৰিক ওলগ যাছিলোঁ।

(লেখক এগৰাকী বিশিষ্ট অধিবক্তা তথা প্ৰয়াত উমেশ বৈশ্যৰ সংগীতৰ ছাত্ৰ।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

। . [ ১৪২ ]

শ্ৰদ্ধেয় দাদাৰ সোঁৱৰণত

অতুল চন্দ্ৰ বৈশ্য

বালিলেছা, নলবাৰী

স্বৰ্গীয় বন্তিম বৈশ্যৰ আমি আছিলো পাঁচজন পুত্ৰ আৰু তিনিজনী

কন্যা। পৰিয়াল হিচাবে এটি ডাঙৰ পৰিয়াল। আৰ্থিক দৈন্যৰ বাবে পৰিয়ালৰ সদস্যই যিখিনি সুবিধা পাব লাগিছিল সেইবোৰৰ পৰা অলপ দূৰত আছিলোঁ। কিন্তু আচৰিত কথা হ’ল আৰ্থিক দৈন্যই আমাৰ পৰিয়ালৰ এজন ব্যক্তিকো বেয়া দিশত ধাৱিত কৰিব নোৱাৰিলে। অক্লান্ত পৰিশ্ৰমেৰে উমেশ বৈশ্য, মোৰ ডাঙৰ দাদা নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি কৰ্মসূত্ৰে গুৱাহাটীত থাকিবলৈ লয় আৰু আমাক অৰ্থাৎ বাকী ভাই চাৰিজনক তেওঁৰ লগতে ৰাখে।

মই ১৯৭১ চনত গুৱাহাটীত দাদাৰ লগত থাকি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ

মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সপ্তম শ্ৰেণীৰ পৰা পঢ়িবলৈ লওঁ। এদিন গধূলি প্ৰায় ৫-৩০ বজাত তেওঁ মোক ক'লে— “বহু মানুহে পশুৰ দৰে জীয়াই থাকে, মানুহ হ'বলৈ মানুহৰ দৰে থাকিবলৈ শিক। ভাত-মাছ খাই জীয়াই থাকি দেখাত মাংসপেশীবোৰ বঢ়াই একো লাভ নাই। পঢ়া-শুনাৰ লগতে আৰু বহু কৰিবলগীয়া, শিকিবলগীয়া, জানিবলগীয়া বিষয় আছে।” এইবুলি কিছুমান উপদেশ দিয়ে। উপদেশেই নহয় মোক তবলা শিকোৱাৰ উদ্দেশ্যে ফটাশিল-আমবাৰীস্থ শ্ৰীযুত হৰিপদ চক্ৰৱৰ্তীক ঘৰুৱা শিক্ষক হিচাবে নিয়োেগ কৰে আৰু মোৰ দ্বিতীয় নবৌ শ্ৰীলাৱণ্য বৰুৱাকো (বৈশ্যকো) চেতাৰ শিকোৱাৰ বাবে শ্ৰীননী গোপাল দেক ঘৰুৱা শিক্ষক হিচাবে নিয়োগ কৰে। বৌৰ কিন্তু চেতাৰ শিকা নহ’ল, চেতাৰখনো ময়ে যিখিনি পাৰিলো শিকিলো। তাৰ পিছত দাদাৰ ডাঙৰ ল'ৰা জীৱনজ্যোতি বৈশ্যৰ নামেৰে নিজ ঘৰতে এখন সংগীত বিদ্যালয় স্থাপন কৰিছিল আৰু তাত মই তবলা শিক্ষক হিচাবে প্ৰায় ৮ বছৰ কাম কৰোঁ।

প্ৰায়ে ৰাতি ২-৩ বজাত মোক কয়, “ঐ অতুল, উঠছোন উঠ। তবলাযোৰ

আন। এটা বঢ়া খেয়ালৰ স্থায়ীটো তালত কৰি লওঁ।” এইবোৰ কথা আছিল [ ১৪৩ ]  দাদাৰ বিয়াৰ আগৰ। এনেকৈ মোৰ বহু ৰাতি শেষ হৈছে। তাৰ মাজতে দাদাৰ গুৰু জমিৰুদ্দিন আহমেদ হঠাতে আহি আমাৰ ঘৰত থাকে। সেই একে কথা, ছাৰে কয়, “উমেশ, উঠাহা এটি গীতৰ সুৰ মনত পৰিছে। হাৰমনিয়ামটো লোৱা, অতুলকো মাতা।” দাদাই মোক মাতে, ময়ো উঠো, কেঁচা টোপনি। চকু মেল নাখায়। তাতে আৰু কয়, “যা, একাপ চাহ কৰ।” চাহ কৰো। চাহ কাপৰ মাত্ৰ এক ঢোকহে খায়। বাকীখিনি এনেয়ে বেয়া হৈ যায়। ৰাতিটোত পাঁচ- ছয়বাৰ চাহ দিব লাগে। মোৰো বিৰক্তি লাগে। চাহৰ পিছত ছাৰে হুপে বিড়ি। বিড়ি কিমান হুপে হিচাব নাই। ৰাতিপুৱা ঘৰ চাফা কৰোতে বিড়িৰ টুকুৰা দেখি মন বেয়া লাগি যায়। তেওঁলোকৰ এইবোৰ মন কৰিবলগীয়া কথা নহয়। গুৰু- শিষ্য মাত্ৰ সেই ৰাতি সুৰৰ মায়াজালত নিৱদ্ধ। দাদাই গীত ৰচিছে, কোন সময়ত ৰচিছে সেই সময়ৰ কোনো ঠিকনা নাই। কিন্তু গীতবোৰক সুৰেৰে সজাই প্ৰাণ ঢালিছে ৰাতি। এই কথাটি মই ভালকৈ জানো। সৃষ্টিৰ স্পৃহা, অদম্য সাহস আৰু অকপটে ক'বলগীয়া কথা তেওঁ সমাজৰ আগত ক'ব পৰা গুণৰ অধিকাৰী আছিল।

 তেওঁৰ দৈনন্দিন জীৱনটো আন ৯৯ জন মানুহৰ চিন্তাৰ লগত নিমিলা জীৱন। সেইটো প্ৰমাণ কৰে তেওঁৰ সাহিত্য, কলা-সংস্কৃতি আৰু সংগীতৰ সৃষ্টিৰাজিয়ে।

 জীৱনৰ নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অতি কম সময়ৰ ভিতৰত অতি কঠিন বিষয়বস্তুৰ ওপৰত বিচৰণ কৰি তাৰ পৰা ৰং, ৰস গোটাই ব্যৱহাৰিক প্ৰয়োগৰ মাজেৰে সমাজৰ দায়বদ্ধতা গ্ৰহণ কৰিছে, এইটো সহজ কথা নহয়। নিয়তিৰ কি নিৰ্মম পৰিহাস, চাকৰি কাল শেষ নৌহওঁতেই এনে গুণী-জ্ঞানী, সহজ-সৰল, উচ্চ চিন্তাশীল দাদাই তেওঁৰ পৰিয়ালবৰ্গ, মাতৃ আৰু আমাক কন্দুৱাই ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে এই সংসাৰৰ পৰা বিদায় লয়। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা।

(লেখক এন.এফ, ৰেলৱেৰ ছিনিয়ৰ ডি.এম.ই. ডিজেল চি গ্ৰেড-১ টেকনিচিয়ান [মেকানিকেল]। শ্ৰীবৈশ্য প্ৰয়াত উমেশ বৈশ্যৰ দ্বিতীয় কনিষ্ঠ ভাতৃ তথা তবলাৰ মধ্যমা আৰু চেতাৰৰ প্ৰথমা উত্তীৰ্ণ।)

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৪৪ ]

উমেশ বৈশ্যঃ এটি অৱলোকন

ডাঃ প্ৰভাস চন্দ্ৰ ভট্টাচাৰ্য্য

গুৱাহাটী

প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্যৰ জন্ম ৩ অক্টোবৰ ১৯৩৯ চনত। নলবাৰীৰ

বালিলেছা গাঁৱত। স্কুলীয়া শিক্ষা তেখেতে নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু বি টি পাছ কৰি সমাপ্ত কৰে। সৰু কালৰে পৰা সাহিত্য আৰু সংগীতৰ প্ৰতি অগাধ নিচা আছিল আৰু তাৰ ফলত ক্ৰমাগতভাৱে নিজকে এজন সু-সাহিত্যিক, কবি, গায়ক, গীতিকাৰ, সুৰকাৰ আৰু প্ৰবন্ধাকাৰ হিচাবে সমাজত থিয় দিব পাৰিছিল। সংগীতৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা আৰু আন্তৰিকতাৰ বাবেই নৱম শ্ৰেণীত পঢ়ি থাকোতেই নলবাৰীৰ সংগীত বিদ্যালয় গীতশ্ৰীত নাম ভৰ্তি কৰি গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদৰ ওচৰত সংগীত শিক্ষাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত লক্ষৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা সংগীতৰ উপাধি লৈছিল আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে সংগীত সাধনা কৰি গৈছিল।

কবি নলিনীধৰ ভট্টাচাৰ্যই কৈছিল— বৈশ্যৰ গানবোৰত বৰ্তমান অসমৰ

পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে। সেইবুলি তেওঁৰ ক'তো উগ্ৰতা নাই। তেওঁৰ সৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে। জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোৰ প্ৰসংগ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে।

ড° হীৰেন গোহাঁই বৈশ্যৰ বিষয়ে লিখিছিল— সহজ-সৰল আৰু

সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য। গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ প্ৰতি সজাগ কৰি বৰ্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবলৈ তেখেতে উদ্যত আহ্বান দিছে।

প্ৰয়াত বৈশ্যই ৰচনা কৰা ‘প্ৰগতিৰ গান’ কিতাপখনৰ প্ৰতি বহুতেই উচ্চ

প্ৰশংসা ব্যক্ত কৰিছিল। ড° ভূপেন হাজৰিকাই কৈছিল— স্বৰ্গীয় উমেশ বৈশ্যৰ [ ১৪৫ ] ‘প্ৰগতিৰ গান’ পঢ়িলো। ভাল পালো। ৰাইজে সাৱটি লব। ড° মামণি ৰয়ছম গোস্বামীয়ে উল্লেখ কৰিছিল এইবুলি- ‘প্ৰগতিৰ গান’ পঢ়ি ভাল পালোঁ। প্ৰয়াত বৈশ্যৰ ৰচনাৱলীসমূহে অপূৰ্ব। এম. কামালুদ্দিন আহমেদে লিখিছে- এগৰাকী সৎ, সহজ-সৰল, দেশপ্ৰেমিক ব্যক্তি প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ সংকলন ‘প্ৰগতিৰ গানৰ বিষয়ে এটি আলোচনা লিখিবলৈ প্ৰণোদিত কৰিছে। নিঃসন্দেহে তেওঁৰ ব্যক্তিত্বই। এনেবোৰ ব্যক্তিৰ কথা মনলৈ আহিলেই আৰ্ণল্ড কথিত মাধুৰ্য আৰু দীপ্তিৰ কথা মনলৈ আহে। আৰু মনলৈ আহে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সৎসংগ মাহাত্মৰ কথা।

 আৰ্থিক দীনতা আৰু শাৰিৰীক অসুস্থতাত ভুগিও জীৱনৰ শেষ সময়লৈ তেখেতে কেৱল সাহিত্য আৰু সংগীত চৰ্চা কৰি গ'ল। তেখেতৰ ভালেমান প্ৰবন্ধ, গীত, কবিতা আদি অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছিল। বহুতো পাঠ্যপুথি, দেশপ্ৰেমমূলক কবিতা পুথি, গ্ৰন্থ, কাব্য আদি প্ৰকাশ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ যোৱা বৈশ্যৰ ভালেমান বহুমূলীয়া গ্ৰন্থ এতিয়াও অপ্ৰকাশিত হৈ আছে। প্ৰায় এশটাৰো অধিক গীত ৰচনা কৰি সুৰ দিয়া বৈশ্যৰ কেইবাটাও গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু গণ মাধ্যম যোগে প্ৰচাৰিত হৈছে।

 গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাবে কৰ্মৰত প্ৰয়াত বৈশ্যৰ জীৱনৰ যৱনিকা পৰে ১ আগষ্ট ১৯৯৮ চনত বিৰুবাৰীত। বৰ্তমান অৱস্থাত শিল্পী গৰাকীৰ ত্যাগ, সাধনা আৰু দূৰদৰ্শিতা আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই, বৰ্তমানেও এনেধৰণৰ গীতৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰি তেখেতৰ কৰ্মৰাজিক স্বীকৃতি দিয়াতো আমি আটায়ে বাঞ্ছা কৰো।*


(লেখক প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰ বন্ধু তথা গুৱাহাটী মেডিকেল কলেজৰ মেডিচিন

বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক।) [ ১৪৬ ]

কৰ্মযোগী উমেশ বৈশ্যৰ সোঁৱৰণত দুআষাৰ

কন্দৰ্প দত্ত

বিৰুবাৰী, গুৱাহাটী

 প্ৰয়াত উমেশ বৈশ্যক ’৭০ দশকত লগ পাইছিলো গুৱাহাটীৰ বিৰুবাৰীত। তেখেতে নিজে কোৱা কিছু কথা ইয়াত উল্লেখ কৰিলো। প্ৰয়াত বৈশ্যই কোৱা মতে তেখেতে জন্ম লাভ কৰিছিল নলবাৰী জিলাৰ বালিলেছা গাঁৱত। মোমায়েক হেনো ভাগ্যদেৱী আৰ্ট থিয়েটাৰত কাম কৰিছিল। তেখেতৰ নাম সূৰ্য বৈশ্য। উমেশ বৈশ্যই অসমীয়া বিভাগত এম.এ. পাচ কৰিছিল। নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে দিন পাৰ কৰিবলগীয়া বৈশ্যই চাকৰিৰ সন্ধানত ঘূৰি ফুৰিছিল। এনেতে শ্ৰদ্ধেয় শ্ৰীযুত মানিক চন্দ্ৰ দত্তৰ লগত তেওঁৰ পৰিচয় ঘটে। প্ৰয়াত বৈশ্য আৰু শ্ৰীযুত দত্তৰ চিন্তাধাৰা একে ধৰণৰ আছিল। দুয়োজনে সংগীত সাধনা কৰিছিল আৰু নিজে গীত গাইছিল আৰু আনকো শিকাইছিল। তাৰ মাজতে লিখা- মেলাৰ চৰ্চা কৰিছিল।

 এইখিনিতে আকৌ উল্লেখ কৰিব লাগিব শ্ৰীযুত মানিক চন্দ্ৰ দত্তই আন এজন ভাতৃ বা বন্ধু প্ৰয়াত গৌৰী দত্তক গাঁৱৰ পৰা আনি বাণীকান্ত মেমোৰিয়েল ছোৱালী হাইস্কুলত শিক্ষকৰ চাকৰিত সোমোৱাই দিছিল। তেওঁলোক তিনিওজনে একেলগে বৰ্তমান ৰিহাবাৰীত থকা পুলিচ ৰিজাৰ্ভত এটুকুৰা ঠাইত এটি অস্থায়ী ঘৰ সাজি তাতেই থকা-মেলা কৰিছিল। পুনৰবাৰ উল্লেখ কৰা হ’ল যে শ্ৰীযুত মানিক দত্ত আৰু মোৰ ঘৰ একেখন গাঁৱৰ, তেখেত মাজে সময়ে গাঁৱলৈ গৈ মানুহৰ খবৰ-বতৰা লৈছিল আৰু মোকো গাঁৱৰ পৰা ১৯৬৮ চনত লৈ আহি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ পদত সোমোৱাই দিয়ে। ইয়াৰ বাবে শ্ৰীযুত দত্তৰ ওচৰত মই কৃতজ্ঞ।

 পুনশ্চঃ বৈশ্যৰ প্ৰসংগলৈ আহো। উমেশ বৈশ্য চিন্তাশীল আৰু অমায়িক লোক আছিল। যুক্তি সহকাৰে কথা-বতৰা পাতিছিল। নানা ব্যস্ততাৰ মাজত দিন পাৰ কৰিছিল, খোৱা, পিন্ধন-উৰণত ব্যতিক্ৰমী হ’বলৈ বাধ্য হৈছিল— মাজে সময়ে চাহ-ৰুটি খায়ো দিন অতিবাহিত কৰিব লগা হৈছিল। তাৰ মাজতে [ ১৪৭ ] নতুন সংকটৰ সন্মুখীন হয়। তেওঁলোক থকা মাটিখিনি পুলিচে দখল কৰে। বৰ্তমান থকা ঠাইখিনি নানান জংঘলেৰে ভৰপূৰ পাহৰুৱা ঠাই আছিল। আৰু সেইখিনি ঠাইতেই বৰ্তমানে নিগাজীকৈ আছে।

 তিনিওজনৰে সেই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। কিয়নো ঘৰ বন্ধা, বিয়া-বাৰুৰ বাবে টকা-পইচাৰ যোগাৰ কৰা সকলো কাম একেলগে কৰিবলগীয়া হৈছিল। এনেকুৱা ব্যস্ততাৰ মাজতো স্বৰ্গীয় বৈশ্যই সেই সময়ত ১৯৮০ চনৰ অসম আন্দোলনৰ সময়ত অসমীয়া জাতিৰ হকে আৱেগিকমূলক কেইবাখনো কিতাপ লিখিছিল আৰু বিক্ৰীও হৈছিল। এনেধৰণে সকলো কাম নিগাজিকৈ কৰি জীৱন যুদ্ধত ভাগৰি পৰা নাছিল। কিন্তু নিয়তিৰ কি ইচ্ছা চাকৰিৰ পৰা অৱসৰ নৌহওতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ কম বয়সতে ইহসংসাৰৰ পৰা বিদায় লয়।

 বৈশ্যৰ মৃত্যু হোৱাৰ বছৰটো সঠিক ভাবে নজনাৰ কাৰণে উল্লেখ কৰিব পৰা নগ'ল। তেওঁ বৰ্তমান আমাৰ মাজত নাই যদিও সকলো কথা বতৰা সজীৱ হৈ আছে। সেয়েহে তেখেতৰ বিদেহী আত্মাই শান্তি পাওক তাৰেই শুভকামনাৰে।

(লেখক কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৪৮ ]

বৈশ্য ছাৰৰ সোঁৱৰণত

বীণাপানি বৰ্মন

বিৰুবাৰী, গুৱাহাটী

 মাননীয় স্বৰ্গীয় উমেশ বৈশ্যদেৱৰ বিষয়ে মই বিশেষ নাজানিলেও যিখিনি জানো সেইখিনিকে লিখিবলৈ কলম হাতত তুলি ল'লো। যেতিয়া মই বনভাগ শোলমাৰীত পাঠশালা স্কুলত তৃতীয় শ্ৰেণীত পঢ়ি আছিলো সেই সময়তে তেখেতক আমাৰ ঘৰত প্ৰথম লগ পাওঁ। তেতিয়া চাগৈ মোৰ বয়স হয়তো ৮/৯ বছৰমান আছিল। তেখেতে নতুন দেহৰ মৌজা মিলন হাইস্কুলত অতি কম সময়ৰ বাবে শিক্ষকতা কৰিছিল। সেই স্কুলৰে প্ৰধান শিক্ষক স্বৰ্গীয় উদ্ধৱ তালুকদাৰৰ আৰু মোৰ ককাই স্বৰ্গীয় প্ৰসন্ন ক্ষেত্ৰীৰ বন্ধুত্বৰ খাটিত মাননীয় স্বৰ্গীয় উমেশ বৈশ্যদেৱে শিক্ষকতা কৰিছিল। আমাৰ ঘৰলৈ শিক্ষকতা কৰা সময়তে আহ-যাহ কৰি থাকোতে গান-বাজনা কৰিছিল। স্কুলৰ ল'ৰা- ছোৱালীৰ মুখে মুখে শুনিবলৈ পাইছিলোঁ যে বৈশ্য ছাৰে সুন্দৰ গান গায় আৰু নাভিৰে মাত উলিয়াবও পাৰে। কথাটো মই গুৰুত্ব সহকাৰে শুনিছিলোঁ আৰু কিদৰে নাভিৰে মাত উলিয়ায় সেই কথাটোৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ আৰু কেনেকৈনো নাভিৰে মাত ওলাই তাকে চাবলৈ চেষ্টা কৰিছিলোঁ। মাজে সময়ে মোৰ ককাইদেউহঁতে তেখেতৰ লগত ঘৰতে তবলা, হামনিয়াম লৈ গান-বাজনা আদি কৰিছিল। সৰু ল'ৰা-ছোৱালীবোৰক (অৰ্থাৎ ময়ো) গান- বাজনা কৰি থকা সময়ত কোঠাটোত সোমাবই নিদিছিল। কিন্তু আমি বেৰৰ ফাঁকেৰে চাবলৈ চেষ্টা কৰিছিলো। কিন্তু সফল নহ'লোঁ। কাৰণ দুআঙুলমান ডাঠকৈ বেৰবোৰ গোবৰ মাটিৰে লেপা আছিল। সেইবাবে বেৰত ফাঁকেই নাছিল। তথাপিও বন্ধ দুৱাৰৰ কাষতে ৰৈ ৰৈ একান্তমনে গান শুনিছিলোঁ। যা হওক বৈশ্য ছাৰে কেতিয়া স্কুল এৰিলে গমকে নাপালোঁ। নাভিৰে ওলোৱা মাতটো চোৱাৰ হেপাহকণো লাহে লাহে অস্ত আকাশত মস্ত বেলিটো ডুব যোৱা যেন হ’ল।

 এনেদৰে দিনবোৰ বাগৰি গৈ গৈ এটা সময়ত মোৰ স্বামী আৰু আমাৰ [ ১৪৯ ] ল'ৰা-ছোৱালীৰ সৈতে বিৰুবাৰী বাসিন্দা হৈ পৰিলোঁ। সেই সময়ত মোৰ ছোৱালী কৰবী বৰ্মনক গান শিকোৱাৰ চলেৰে গান মাষ্টৰ হিচাবে তেখেতক লগ পালোঁ। তেতিয়া কিন্তু তেখেতেই যে বৈশ্য ছাৰ মই জনা নাছিলোঁ। তেখেতক দেখিয়েই আচৰিত হৈছিলোঁ। আমাৰ ঘৰলৈ আহ-যাহ কৰা বৈশ্য ছাৰক লগ পাই বৰ ভাল পালোঁ আৰু লগতে নাভিৰে ওলোৱা মাতটো শুনাৰ যিটো হেঁপাহ লুপ্ত হৈ আছিল সেই হেঁপাহ পুনৰ জাগ্ৰত হ’ল। পিছত জানিব পাৰিলোঁ যে মোৰ স্বামী শ্ৰীহৰিশ্চন্দ্ৰ বৰ্মনদেৱো তেখেতৰে ছাত্ৰ আছিল ১৯৬২- ৬৩ চনত। পানীগাঁও মিলন হাইস্কুলতো তেখেতে ক্ষন্তেকীয়া ভাবে শিক্ষকতা কৰিছিল। তাতেই মোৰ স্বামীক ছাত্ৰ হিচাবে পাইছিল। মোৰ ছোৱালী কৰবী বৰ্মনে গান শিকি থকা সময়তে ময়ো তেখেতৰ গানৰ ছাত্ৰী হৈ পৰিলোঁ। তেখেতে শাস্ত্ৰীয় সংগীত শিকাইছিল। তাৰ মাজেদি আধুনিক গীত, জ্যোতি সংগীত, ৰাভা সংগীত, দেশপ্ৰেমমূলক গানো শিকাইছিল। স্বৰচিত গানৰ নিজেই সুৰ দি শিকাইছিল। তেখেতৰ স্বৰচিত গীতৰ সুৰ আজিও মোৰ হৃদয়ত বাজি থাকে। উক্ত গানটোৰ প্ৰথম দুশাৰীমান উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ।

হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা
তুমি আহা আহা আহা
আমাৰ চোতালত বিহগছ গজিছে।
ভাঙি চিঙি উৰুৱাই নিয়া নিয়া।

 এই গীতটো বহু ঠাইত দলবদ্ধভাৱে পৰিবেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছিলোঁ।

 তেখেতক লগ পোৱাৰ পিছৰে পৰা এটা ধাৰণা কৰিব পাৰিছোঁ যে বৈশ্য ছাৰ এজন নীৰৱ সুসাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ আছিল। তেখেত সুৰ সন্ধানী আছিল। তেখেতে সাধাৰণভাৱে জীৱন যাপন কৰিছিল। আনে কি কৰিছে, কি খাইছে সেইবোৰৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নাছিল। সকলো সময়তে তেখেতৰ মুখত গুণগুণনি ধ্বনি বাজিয়ে আছিল। গান শিকাই থাকোঁতে বুজিছিলোঁ তেখেতে মাতটো বাঁহীৰ নিচিনাকৈ ধীৰ-স্থিৰ ভাৱে উলিয়াইছিল আৰু তেখেতে কথা কওঁতেও গানৰ সুৰৰ লহৰ বাজি উঠিছিল। সেয়েহে নাভিৰে ওলোৱা মাত বুলি বহুতে আখ্যা দিছিল। যি হওক নাভিৰে ওলোৱা মাতটো শুনাৰ হেঁপাহো মোৰ পূৰণ হৈছিল।

 বিৰুবাৰীৰ নিজ বাসভৱনত তেখেতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’ নামেৰে [ ১৫০ ] সংগীত বিদ্যালয় স্থাপন কৰি সংগীত শিক্ষা প্ৰদান কৰি বহু ছাত্ৰ-ছাত্ৰীক উপকৃত কৰি থৈ যায়। অৱশেষত বৈশ্য ছাৰৰ সহধৰ্মিণী ৰিণা বৈশ্যৰ লগতে চাৰিটি পুত্ৰ সন্তান এৰি ১৯৯৮ চনৰ আগষ্টৰ ১ তাৰিখে ইহলীলা সম্বৰণ কৰে।

১৫১সুৰ সন্ধানী স্বৰ্গীয় বৈশ্যদেৱে উদাৰ, মৰম, নম্ৰতা আদিক প্ৰাধান্য দিছিল। তেখেত এজন নীৰৱ সাহিত্যিক। দেশপ্ৰেমমূলক গীত, কবিতা, গানবোৰ নিজে লিখি লিখি প্ৰকাশ কৰাৰ মানসেৰে পেৰাৰ ভিতৰতে ৰাখি থৈছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ বাবে তেখেতৰ সপোন বাস্তৱত পৰিণত নহ’ল। যাহওক পত্নী আৰু পুত্ৰৰ উদ্যোগত উক্ত লিখনিবোৰ প্ৰকাশৰ প্ৰচেষ্টা চলি আছে। এই প্ৰচেষ্টাই স্বৰ্গীয় বৈশ্যদেৱৰ আধৰুৱা কামৰ পূৰ্ণতা লাভ কৰিব পাৰিব। পত্নী আৰু পুত্ৰৰ এই সবল প্ৰচেষ্টা শলাগিবলগীয়া। যাহওক স্বৰ্গীয় বৈশ্যদেৱ ডাঙৰীয়া আৰ্থিক দিশত টনকিয়াল নাছিল। সেয়ে পঢ়ি থকা কালতো কেইবাখনো স্কুলত শিক্ষকতা কৰি পঢ়াৰ খৰচ উলিয়াইছিল। তেখেতে অভাৱ অনাটনৰ মাজত থাকিও নিজেই উপাৰ্জন কৰি পঢ়িছিল। জীৱনৰ বেছিভাগ সময় লিখা কামতে ব্যস্ত থাকি নিজকে এজন আদৰ্শবান ব্যক্তি হিচাবে প্ৰতিষ্ঠিত কৰিব পাৰিছিল। সৰ্বশেষত গুণমুগ্ধ ব্যক্তিজনৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।

(লেখিকা এগৰাকী সমাজসেৱিকা। শ্ৰীযুতা বৰ্মন, তেওঁৰ জীয়ৰী তথা তেওঁৰ স্বামী প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰী/ছাত্ৰ আছিল।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৫১ ]

প্ৰয়াত উমেশ বৈশ্য ছাৰৰ স্মৃতিত

জগত চন্দ্ৰ ডেকা
জ্যোতিকুছি, গুৱাহাটী

 শ্ৰদ্ধাৰ বৈশ্য ছাৰৰ কথা লিখিব ওলাইছো যদিও কোনো ভাষা বিচাৰি পোৱা নাই। মনতে হঠাৎ কেতিয়াবা প্ৰশ্ন জাগি উঠে সঁচাকৈয়ে আজি আমাৰ মাজত নাই জানো? বহুতো, চেষ্টা কৰিও কিন্তু লিখিব পৰা নাই। লিখিবলৈ আৰম্ভ কৰিলেই তেখেতৰ অতীত স্মৃতিয়ে মোৰ বুকুত খুন্দা মাৰি ধৰে।

 কিন্তু নিয়তিৰ পৰিহাস। সকলোৰে শ্ৰদ্ধাৰ ছাৰ আজি এই সংসাৰত নাই। চিৰদিনৰ বাবে আজি আমাৰ মাজৰ পৰা বিদায় লৈ স্বৰ্গত বাস কৰিলে। ছাৰৰ লগত মোৰ অতিকৈ ঘনিষ্ঠ সম্পৰ্কতো হ’ল—মই আছিলো ছাৰৰ এজন তলতীয়া কৰ্মচাৰী তথা বাণীকান্ত সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছিল আমাৰ দুয়োৰে কৰ্মস্থান। ছাৰে নিজ পাৰদৰ্শিতা তথা প্ৰতিভাৰ বলতে প্ৰথমে বিষয় শিক্ষক আৰু পৰৱৰ্তী সময়ত অধ্যক্ষৰ পদত অধিস্থিত হয়। জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে মই শ্ৰদ্ধাৰ ছাৰক লগ পাওঁ।

 আজি পাহৰিব পৰা নাই ছাৰে অফিচৰ কোনো কামেই মোৰ অজ্ঞাতেই কৰিবলৈ ইচ্ছা কৰা নাছিল। ছাৰে মোক কিয়বা ইমান আপোন কৰি চলিবলৈ লৈছিল এই কথা মোৰ মনত পৰিলেই বাৰুকৈ আজি বুকুখন খালি খালি লাগে। এই স্মৃতিয়ে মোৰ বাবে হৈ ৰ'ল আকাশৰ তৰা। তেখেত মোৰ কাৰণে অকল স্কুলৰ ছাৰেই নাছিল; আছিল এজনা গুৰুও। এক কথাত ক'বলৈ হ'লে ছাৰৰ আদৰ্শ আৰু মৰমেই আছিল মোৰ কাৰণে সৰ্বস্ব। হয়তো ময়ো আছিলো শ্ৰদ্ধাৰ ছাৰৰ চকুৰ মণি, কাৰণ ছাৰে বেয়া পোৱা কামত মই কোনো দিনেই। আগবঢ়া নাছিলো তথা অৱমাননা কৰা নাছিলো।

 ছাৰৰ এটা সাহস আৰু স্মৃতিয়ে মোৰ বাবেও স্মৃতি হৈ নথকা নহয়। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি। ১৯৯৩ চনত বিষয় শিক্ষক পদৰ পৰা উপাধ্যক্ষ পদলৈ কাৰ্যভাৰ বহন কৰাৰ চৰকাৰী নিদেৰ্শনা পোৱাৰ পিছতো [ ১৫২ ] এই মহৎ প্ৰচেষ্টাত পদে পদে বাধাৰ সৃষ্টি কৰিছিল কিছুমান স্বাৰ্থন্বেষী লোকে। কিন্তু ছাৰৰ সৎ সাহসৰ অভাৱ পৰিলক্ষিত হোৱা নাছিল। ফলত সেই স্বাৰ্থন্বেষী লোকৰ অপচেষ্টা পৰাভূত হৈছিল।

 তেখেতৰ ইমান ধৈৰ্য আৰু সাহস সঁচাকৈয়ে হাৰ মানিছো যে মৰমেৰে বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰীকে বুকুত সাৱটি লৈ সৎ সাহসৰ বীৰত্বৰে বিষয় শিক্ষক পদৰ পৰা অধ্যক্ষ পদত কাৰ্যভাৰ গ্ৰহণ কৰে।

 ছাৰে আজৰি পৰত প্ৰায়ে তেখেতৰ ছপা হৈ প্ৰকাশিত হোৱা তথা আধৰুৱা হৈ থকাকে আদি কৰি প্ৰবন্ধ, গীত, কবিতা আদি সংকলনৰ কথা আলোচনা কৰে। মাজে সময়ে ছাৰে মোক স্কুল ছুটীৰ পাছত লগ ধৰাত ঘৰলৈ যাওঁ আৰু ছাৰে মোক এদিন কবিতা পুথি এখন দিলে “তই যুক্তি যুদ্ধ কৰ”। কিতাপখন পঢ়ি মোৰ মনত ভাৱ সঁচাকৈয়ে জাগি উঠিছিল যে ছাৰ একেধাৰে এজন সু-সাহিত্যিক, গায়ক, কবি আৰু গীতিকাৰ। আনহাতে ছাৰক আমি অসমীয়া জগতৰ ভঁৰাল চহকী হিচাপেও আখ্যা দিব পাৰোঁ।

 দুৰ্ভাগ্যবশতঃ বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পাছত ডাক্তৰে বিশ্ৰাম ল’বলৈ কৈছিল। অৱশ্যে বিশ্ৰাম লৈছিল যদিও বিদ্যালয় তথা ছাত্ৰী আৰু কৰ্মচাৰীৰ মৰম এৰাব নোৱাৰি ৰুগীয়া দেহৰে কামত যোগদান কৰিছিল। মনোবল অটুত আছিল যদিও লাহে লাহে শৰীৰ অৱশ হৈ আহিল।

 নিয়তিৰ পৰিহাস। আমি সকলোৱে নেদেখাজনৰ ওচৰত হাৰ মানিবই লাগিব। শ্ৰদ্ধাৰ ছাৰেও অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল। ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে আমাক তথা ঘৰৰ সকলোকে কন্দুৱাই থৈ এই সংসাৰৰ পৰা বিদায় লয়। আমাৰ বাবে থৈ গ'ল মাথোঁ কামৰ আদৰ্শ। তেখেতৰ পবিত্ৰ আদৰ্শৰ স্মৃতিত অভাগ্য কৰ্মচাৰীয়ে আজি যাচিছোঁ হিয়া ভৰা অন্তৰৰ ভক্তি তথা অশ্ৰু অঞ্জলি।

(লেখক আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কৰ্মচাৰী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৫৩ ]

মিচিকি হাঁহিৰে ভিনদেউৰ গাম্ভীৰ্য তথা ব্যক্তিত্বৰে ভৰা সৰল মুখখন

বীণা বৰুৱা

শান্তিপুৰ, ৰঙিয়া

 জীৱন মানে মৃত্যু। জন্ম হ'লে এদিন সকলো প্ৰাণীৰ মৃত্যু হ'বই। ই এক চিৰন্তন সত্য। মৃত্যু শব্দটো সহজ ভাৱে ল'ব নোৱাৰিলেও এই শব্দটোৰ ওচৰত সকলোৱেই হাৰ মানিছে। এই সকলোবোৰ জানিও আমি যেতিয়া আমাৰ মাজৰে এজন আপোন ব্যক্তিক হেৰুৱাও আমাৰ মনটো তেতিয়া ভাৰাক্ৰান্ত হৈ পৰে। এই দুখ, এই বেদনা লিখি বা কৈ প্ৰকাশ কৰা অসম্ভৱ। ময়ো এনে এজন প্ৰতিভাবান উজ্জ্বল ব্যক্তিক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছিলোঁ, পৰিছিলোঁ বাকৰূদ্ধ হৈ।

 ৰঙাবগা চাহাব যেন চেহেৰাৰ সম্পূৰ্ণ ব্যক্তিত্ব সম্পন্ন প্ৰতিভাবান এই গৰাকী ব্যক্তিয়েতো মোৰ ভিনদেউ আছিল। শান্ত, সমাহিত, পৰিশ্ৰমী ব্যক্তি। এখন পিছপৰা গাঁৱৰ অশিক্ষিত ঘৰ এখনত যেন এটা হীৰাৰ টুকুৰা আছিল। অশেষ কষ্টেৰে শিক্ষা গ্ৰহণ কৰি নিজৰ অনুজ সকলকো শিক্ষা গ্ৰহণ কৰাত দেহে-কেহে লাগিছিল। অনুজসকলৰ প্ৰতি ভিনদেউৰ মৰম, একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠা দেখি যুধিষ্ঠিৰৰ লগত তুলনা কৰিলেও বেছি কোৱা নহ'ব। অনুজসকল যেতিয়ালৈকে স্বাৱলম্বী হোৱা নাছিল তেতিয়ালৈকে তেখেতে নিজৰ পৰিয়ালক গুৰুত্ব দিব পৰা নাছিল। ভিনদেউ সদায় বাস্তৱবাদী আছিল। তেখেতে অতীত আৰু ভৱিষ্যততকৈ বৰ্তমান বিশ্বাসী আছিল। তেখেতে ৰচনা কৰা কবিতা পুথিসমূহত সুন্দৰ, সহজ-সৰল ভাষা প্ৰয়োগ কৰিছিল। ‘মিলন’, ‘অশান্ত জন্মভূমি’, ‘তই যুক্তি যুদ্ধ কৰ’ আদি কিতাপ এবাৰ পঢ়াৰ পিছত আকৌ এবাৰ পঢ়াৰ ইচ্ছা হয়। তেখেতে নিতৌ সাহিত্য চৰ্চা কৰিছিল। ভিনদেউৱে মৃত্যুৰ মাত্ৰ কেইদিনমান আগতে তেখেতৰ সপোনৰ বিদ্যালয়খনৰ বিদ্যালয় সঙ্গীতটো ৰচনা কৰে। [ ১৫৪ ]  তেখেতে যে অকল কবিতাতে সিদ্ধহস্ত আছিল এনে নহয়, বহু গল্প, প্ৰবন্ধও তেখেতে লিখিছিল। মই জনাত তেখেতে এখন ইংৰাজী ব্যাকৰণো লিখি থৈছে কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে বোধহয় সেইখন প্ৰকাশ নহ'ল। সংগীত সূৰ্য ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনৰ পৰ্যালোচনা বোধহয় এতিয়ালৈকে কোনেও কৰা নাই, কিন্তু ভিনদেউৱে সেই তেতিয়াই (১৯৮৯) তেখেতৰ কণ্ঠৰ, তেখেতৰ গীতৰ ভাব-ভাষাৰ বিষয়ে সমালোচনা কৰিছিল। মুঠৰ ওপৰত সাহিত্যত তেখেতৰ যথেষ্ট হাত আছিল কিন্তু তেখেতে এই ক্ষেত্ৰত কোনোদিনে প্ৰচাৰ বিচৰা নাছিল। তেখেত সাহিত্যৰ নীৰৱ সাধক আছিল।

 তেখেতে কোৱা এষাৰ কথা মোৰ মনত এতিয়াও সজীৱ হৈ আছে, “কিবা কাম যদি কৰিম বুলি ভাব তেতিয়াহ'লে কেতিয়াও একেলগে কৰিম বুলি নাভাবিবি, কামটো অলপ অলপকৈ আগবঢ়াই লৈ যাবি। একেলগে কৰিম বুলি ভাবিলে একো কৰা নহ'ব।” আৰু এইষাৰ কথাৰ পৰাই তেখেতৰ বাস্তৱবাদী মনটো ধৰিব পাৰি। এনে বিদ্বান মানুহ এজনৰ লগত কথা পাতিবলৈও ভয় আৰু কথা পাতিব পাৰিলে নিজৰে জ্ঞানৰ ভঁৰাল চহকী হয়।

 ভিনদেউ অকল সাহিত্য চৰ্চাতেই সীমাৱদ্ধ নাছিল, তেখেতৰ বহুমুখী প্ৰতিভাৰ কথা কৈ বা লিখি শেষ কৰা অসম্ভৱ। কাৰণ এজন আদৰ্শবান ব্যক্তিৰ ব্যক্তিত্ব খুব কম লোকৰ ক্ষেত্ৰতহে পৰিলক্ষিত হয়।

 সংগীত চৰ্চাত তথা সংগীতৰ ক্ষেত্ৰত তেখেতৰ পাৰ্গতালি বুজোৱা মোৰ বাবে অসম্ভৱ। তেখেতে ৰাগ, থুমৰি আদিত নিজকে সমৰ্পিত কৰিছিল। বহু ভব্য-গব্য লোকে তেখেতৰ তাত শিকিবলৈ প্ৰয়াস কৰিছিল। তেখেতে নিজে হাৰমনিয়াম, তবলা, বীণা আদি খুব নিপুণভাৱে বজাইছিল। সংগীত মানে চিঞৰ-বাখৰ নহয় বুলি তেখেতে ক্লাচিকেল, ৰাগ, থুমৰি আদিতহে প্ৰাধান্য দিছিল। বহু ব্যস্ততাৰ মাজতে তেখেতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’খন প্ৰতিষ্ঠা কৰি বহু জনক সময় দি নিষ্ঠাৰে শিকাইছিল। মুঠৰ ওপৰত সংগীত সৰস্বতী ভিনদেউৰ কণ্ঠত আছিল।

 শিক্ষাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান মন কৰিবলগীয়া। যি বিষয়বস্তুৱেই নহওক কিয় ইমান সুন্দৰকৈ খৰচি মাৰি বুজাই দিব পাৰিছিল যে এজন অশিক্ষিত ব্যক্তিৰ বাবেও সি সহজবোধ্য হৈ পৰিছিল। পঢ় বুলিলে তেখেতে বৰ ভাল। [ ১৫৫ ] পাইছিল, সেয়ে যেতিয়া মোৰ বাইদেউ তথা তেখেতৰ সহধৰ্মিনীয়ে বিয়াৰ সোতৰ বছৰ পিছতো পঢ়িম বুলি কৈছিল বাইদেউক নিৰাশ নকৰি ১৯৯১ চনত উচ্চতৰ মাধ্যমিকত নাম লগাই দিছিল (বাইদেউৰ বিয়া হৈছিল ১৯৭৪ চনত)। তদুপৰি তাইক সময় দি প্ৰতিটো বিষয় বুজাত সহায় কৰি দিছিল। যিটো সময়ত বাইদেৱে পঢ়াৰ কথাটো সকলোৰে কল্পনাৰ অগোচৰ আছিল ঠিক সেই সময়ত ভিনদেৱে তাইক পঢ়াৰ ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন কৰিছিল। এই চেষ্টাৰ ফলতেই ১৯৯৬ চনত বাইদেৱে বি. বৰুৱা কলেজৰ পৰা বি.এ. ডিগ্ৰীও লাভ কৰিছিল। আৰু তাৰ পিছতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত এম.এ.ত নাম ভৰ্তি কৰিছিল। এম.এ. প্ৰথম বৰ্ষত উত্তীৰ্ণ হৈছিলহে মাথোন, কিন্তু ভিনদেউৰ অকাল মৃত্যুত বাইদেউৰ এম.এ. ডিগ্ৰী সম্পূৰ্ণ কৰাৰ আশা পূৰণ নহ'ল।

 মৃত্যুৰ মাত্ৰ কেইদিনমান আগলৈকে সাহিত্য চৰ্চা কৰা বহুমুখী প্ৰতিভাৰ এনেহেন ব্যক্তি এই ধৰাত আৰু এজন ওলাবনে? এনে এগৰাকী ব্যক্তিৰ মৃত্যুই সমাজ এখনৰ অপূৰণীয় ক্ষতি সাধন কৰে। তেখেতৰ স্থান কোনেও ল’ব নোৱাৰে আৰু তেখেতৰ সমকক্ষ এজন ব্যক্তিলৈ হয়তো আৰু বহু সময় অপেক্ষা কৰিব লাগিব।

 আজি তেখেতৰ এই পূণ্য মৃত্যুতিথিত মই তথা মোৰ পৰিয়ালে সশ্ৰদ্ধ পুস্পাঞ্জলী আগবঢ়ালোঁ।

(লেখিকা প্ৰয়াত বৈশ্যৰ খুলশালী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ১৫৬ ]

স্বামী স্বৰ্গীয় উমেশ বৈশ্যৰ সোঁৱৰণত

ৰিণা বৈশ্য

বিৰুবাৰী, গুৱাহাটী

 মোৰ স্বামী স্বৰ্গীয় উমেশ বৈশ্য এগৰাকী প্ৰচাৰবিমুখ, নীৰৱ সাহিত্যিক, সঙ্গীত সাধক, এগৰাকী ব্যতিক্ৰমী ব্যক্তি। তেখেতৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী হিচাবে দুষাৰ লিখিবলৈ লৈ বাৰে বাৰে থমকি ৰৈছোঁ— কি লিখিম? ক'ৰপৰা লিখিম? কেনেকৈ লিখিম? তেখেতৰ সান্নিধ্যত কটোৱা, তেখেতৰ বিশাল ব্যক্তিত্বৰ কথা লিখি শেষ কৰিব নোৱাৰি। বহু সোঁৱৰণীয়ে আহি মনৰ মাজত জুমুৰি দি ধৰিছে। তথাপি সেই গৰাকী মহান ব্যক্তিৰ কিছু ঘৰুৱা কথা, জীৱনৰ আন এটা দিশ উল্লেখ কৰিব বিচাৰিছোঁ। যিবোৰ সুঁৱৰি ভাল লাগে, দুখ লাগে।

 ১৯৭৩ চনৰ জুন মাহৰ আবেলি। মই তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰী। সেইদিনাৰ ছয়মাহিলী পৰীক্ষা দি আহি মোৰ মাজু দেউতাৰ ছোৱালী ৰাজ্য (ৰাজু) বনীয়া আৰু বৰদেউতাৰ সৰু ছোৱালী ৰেণু বাইদেউৰ লগত ফুৰিবলৈ ওলাইছোঁ। এনেতে বাহিৰলৈ ওলায়ে দেখিলোঁ মোৰ স্কুলৰ হিন্দী শিক্ষক প্ৰয়াত নৰেন চৌধুৰী চাৰ আৰু লগত দুজন ব্যক্তি। পিছত গম পালোঁ তেওঁলোকে কইনা চাবলৈ আহিছে। এজন গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ স্কুলৰ হিন্দী শিক্ষক প্ৰয়াত মানিক দত্ত, আনজন প্ৰয়াত উমেশ বৈশ্য। তেখেতসকলে মোৰ মাৰ লগত কিছু তত্ত্বগধুৰ কথা-বতৰা হোৱা যেন পালোঁ।

 চাহৰ পৰ্ব শেষ হোৱাত বৈশ্যই মোক লাহেকৈ সুধিলে— আমি কিয় আহিছো গম পাইছানে? মই একো বুজি নোপোৱাত দত্তলৈ চাই ক'লে— ‘দত্ত, আপুনিয়ে কওঁকহে৷ এয়াই আছিল মোৰ বৈশ্যৰ সৈতে প্ৰথম সাক্ষাৎ।

 ১৯৭৪ চনৰ মে’ মাহৰ ৫ তাৰিখে আমাৰ বিবাহ সম্পন্ন হয়। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলাল। মই নলবাৰী বালিলেছা গাঁৱৰ শহুৰৰ ঘৰত।

মোৰ বিয়াৰ কথা-বতৰা আলোচনা কৰোঁতে মায়ে শহুৰ দেউতাক। কৈছিল ছোৱালীজনীৰ পঢ়াৰ বৰ ইচ্ছা আছিল। তেতিয়া শহুৰ দেউতাই মাক কথা দিছিল আপুনি চিন্তা নকৰিব, ছোৱালীজনীক বিয়াৰ পিছতো আমি পঢ়ুৱাম। [ ১৫৭ ]  মোৰ মা প্ৰয়াত বিশাখা বনীয়াও এগৰাকী শিক্ষয়িত্ৰী আছিল। মই সপ্তম শ্ৰেণীত পঢ়ি থাকোতে মোৰ দেউতা ঢুকাইছিল। গতিকে মায়ে আমাৰ শিক্ষা আহৰণত যথেষ্ট গুৰুত্ব দিছিল।

 স্বামী চাকৰিসুত্ৰে গুৱাহাটীত থাকে। মই ঘৰৰ ডাঙৰ বোৱাৰী। শহুৰ- শাহুমা, দেওৰ চাৰিজন, ঘৰৰ ওচৰতে বিয়া দিয়া ননদ আদিৰে গাঁৱৰ এটা ভৰা পৰিয়াল। বোৱাৰী বুলি ক'লে যি দায়িত্ব পালন কৰিব লগা হয় মোৰো সেয়াই হৈছিল। মোক পঢ়াবলৈ হ'লে গুৱাহাটীলৈ লৈ যাব লাগিব। মই বুজি উঠিছিলো যে শহুৰ দেউতা আৰু শাহু মায়ে মোক গুৱাহাটীলৈ পঠিয়াবলৈ হ'লে মনত বৰ কষ্ট পাব। মই মেট্ৰিক পৰীক্ষা দিয়া বছৰতে হিন্দীৰ প্ৰৱেশিকা পৰীক্ষাটো উত্তীৰ্ণ হৈছিলো। হিন্দী মোৰ প্ৰিয় বিষয় আছিল। শহুৰ দেউতাই সেয়ে মোক গাঁৱতে হিন্দীৰ পৰীক্ষাটো দিয়াব খুজিলে।

 সেই সময়ৰ কিছুমান সৰু সৰু কথা এতিয়াও মোৰ মনৰ মাজত সজীৱ হৈ আছে। বৈশ্যই বন্ধ পালে বিশেষকৈ শনিবাৰে ঘৰলৈ আহিলে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, ৰেচনৰ দোকানৰ আটা, চেনী, চাউল আদি কৰি সকলো লৈ আহে। মোলৈকে লৈ আহে এটি কবিতা’। ঘৰলৈ তেখেত আহিব বুলি জানিলে ঘৰৰ সকলোৱে সজাগ হৈ থাকে। সৰু ভায়েকৰাতুল সেই সময়ত ঘৰত উপস্থিত নাথাকিলে শাহুমায়ে বিচাৰি আনে। তেখেতে ঘৰলৈ আহিলে ভায়েকহঁতৰ পঢ়া-শুনাৰ খবৰ লোৱাৰ লগতে মোৰো পঢ়াৰ খবৰ লয়। ইংৰাজী গ্ৰামাৰ বুজাই দিয়া, লিখিবলৈ দি যোৱা পাঠটি হৈছে নে নাই, বুজি পাইছো নে নাই ইত্যাদি। মোৰো লাজ ভয় দুয়োটাই লাগে। কাৰণ ইংৰাজী গ্ৰামাৰ মই এনেয়ে বহু টান পাওঁ। কিন্তু এই টান পোৱা বিষয়টোও তেখেতে এনেদৰে সহজ সৰল উদাহৰণেৰে হাঁহি ঘূৰ্তিৰে গ্ৰামাৰৰ প্ৰতি থকা ভয়টো আঁতৰাই ৰসাল কৰি পঢ়াইছিল ভাবিলে আচৰিত লাগে। মই যে এগৰাকী পত্নী, এখন ঘৰৰ ডাঙৰ বোৱাৰী, পটুৱাই থকা সময়ত তেখেতৰ মনলৈ নাহে, মই যেন এগৰাকী ছাত্ৰীহে।

 মোক আৰ্য্য বিদ্যাপীঠ কলেজত নাম লগাই দিয়াত গুৱাহাটীলৈ আহিব লগা হ'ল। সেই সময়ত ভায়েক ৰমেশ বৈশ্য পঢ়ি আছে প্ৰাগজ্যোতিষ কলেজত বি.এছ.চি. প্ৰথম বাৰ্ষিকত, অতুল পঢ়ি আছে আৰ্য্য বিদ্যাপীঠ স্কুলত নৱম শ্ৰেণীত। মই আৰ্য কলেজত পি. ইউ. প্ৰথম বাৰ্ষিকত। বিৰুবাৰীৰ আমাৰ ঘৰখন যেন এখন হোষ্টেলহে। ময়ো পঢ়ি থাকো, দেওহঁতেও পঢ়ি থাকে। [ ১৫৮ ] বৈশ্যই টিউচনৰ পৰা আহিও আকৌ আমাক পঢ়াবলৈ লয়। টিউচনৰ পৰা আহি আমাক পঢ়ি থকা অৱস্থাতে দেখা পাব লাগিব। গতিকে আমিও পঢ়ি থাকে।

 এদিনাখনৰ কথা। ৰমেশে ক'লে— ‘বৌ, দাদা আহিলে মোক মাতি দিবা, মই শুই লওঁ। মই ক'লো— ‘দাদাৰা কেতিয়া আহিব মই কেনেকৈ জানিম?’ ‘তুমি কাণ উনাই থাকিবা, দাদাই ৰাগ টানি টানি আহিব, তুমি দূৰৈৰ পৰাই শুনিবা। সঁচাকৈয়ে বৈশ্যই মালকোষ ৰাগ টানি টানি আহি আছে। দাদাক আহি ঘৰ পোৱাৰ পূৰ্বে ৰমেশে আঠুৱাৰ ভিতৰতে পঢ়িবলৈ ল'লে, টেবুলতে টোপনীয়াই থকা অতুলেও পঢ়া আৰম্ভ কৰি দিলে।

 অন্য এদিনৰ কথা। মই মিনতি শৰ্মা বাইদেউৰ ঘৰলৈ গৈছিলো। কথা প্ৰসংগত বৈশ্যৰ কথা ওলোৱাত বাইদেউৰ স্বামী প্ৰয়াত কিৰণ শৰ্মাই কৈছিল— ‘আমি তেতিয়া বিৰুবাৰী পোষ্ট অফিচৰ কোৱাৰ্টাৰত আছিলোঁ। প্ৰায়ে নিশা বৈশ্য ৰাস্তাৰে গ'লে গম পাওঁ সেয়া বৈশ্য, ৰাগ টানি টানি আহিছে।

 মাজে সময়ে তানপুৰাত মোক আঙুলি বুলাবলৈ দি নিজে হাৰমনিয়ামটো লৈ শাস্ত্ৰীয় সঙ্গীত ৰেৱাজ কৰিবলৈ লৈছিল। উচ্চাঙ্গ সঙ্গীত সম্বন্ধে মোৰ একো ধাৰণা নাছিল। বিয়াৰ আগতে ৰেডিঅ'ত ৰাগ-গজল আদি শাস্ত্ৰীয় সঙ্গীত বাজিলেই ৰেডিঅ’টো বন্ধ কৰি দিছিলো; কিন্তু বৈশ্যৰ সান্নিধ্যত ইংৰাজী গ্ৰামাৰৰ প্ৰতি থকা ভয় আঁতৰাৰ দৰে শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি থকা ভাব ধাৰণাও সলনি হ'ল।

 প্ৰতি ৰবিবাৰে আমাৰ বিৰুবাৰীৰ ঘৰত এখন গানৰ স্কুল চলিছিল। স্কুলখনৰ নাম আছিল ‘জীৱনজ্যোতি সংগীতাশ্ৰম। বহু ল'ৰা-ছোৱালীয়ে তেখেতৰ ওচৰত গানৰ শিক্ষা ল’বলৈ আহে। ভায়েক অতুলে তবলা শিকায়। দেখিছিলোঁ—এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে জীয়েকক গান শিকাবলৈ আনি নিজেও সঙ্গীত শিক্ষা ল’বলৈ ধৰিলে।

 বিশাল প্ৰজ্ঞা আৰু সাংস্কৃতিক মনৰ অধিকাৰী প্ৰয়াত বৈশ্যই ঘৰৰ আটাইকে সকলো দিশতে আগবঢ়াই নিব বিচাৰিছিল। ঘৰতে ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’ নামেৰে গানৰ অনুষ্ঠানটি খুলি সমাজৰ আন ল'ৰা-ছোৱালীকো সাংস্কৃতিক জগতখনত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাইছিল। তেখেতে চিন্তা কৰিছিল নিজে শিক্ষকতা কৰা স্কুলখনৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি। প্ৰয়াত বৈশ্য নিজ কৰ্তব্যৰ প্ৰতি অতি সজাগ আছিল। চিন্তা কৰিছিল স্কুলখনৰ [ ১৫৯ ] সহ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত ছাত্ৰীসকলৰ শিক্ষাৰ মান কেনেদৰে আগবঢ়াই নিব পাৰি। নিয়মানুবৰ্তিতা তেখেতে খুউব মানি চলিছিল আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়েও মানি চলাটো বিচাৰিছিল। তেখেতে নাৰী শিক্ষাৰ উন্নতিৰ বাবে অধিক চিন্তা কৰিছিল। তেখেতৰ এটা বিশেষ গুণ আছিল স্কুল কোনো দিনে ক্ষতি নকৰিছিল। ৰ’দ, বতাহ-বৰষুণ যিয়ে নহওঁক কিয় স্কুললৈ যাবলৈ ওলাবই।

 ১৯৮৩-৮৪ চনত মই অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প আঁচনিৰ অন্তৰ্গত ‘অঙ্গনৱাদী’ কৰ্মী পদত নিযুক্ত হওঁ। সেয়ে ৰূপনগৰ অঙ্গনৱাদী প্ৰশিক্ষণ কেন্দ্ৰত চাৰিমাহৰ বাবে প্ৰশিক্ষণ ল'ব লগা হৈছিল। সৰু ল'ৰা দীপজ্যোতি তেতিয়া নমহীয়া কেঁচুৱা। মই ঘৰৰ পৰা চাৰিমাহ আঁতৰি থাকি প্ৰশিক্ষণ ল’বলৈ সংকোচ কৰিছিলো। কাৰণ ঘৰখন এৰিব নোৱাৰি। কিন্তু বৈশ্যই মোক নিৰ্ভয় দি ক'লে— ‘তুমি চিন্তা নকৰিবা, মই সকলো চম্ভালি লম।’

 প্ৰশিক্ষণৰ পৰা ঘৰলৈ অহাৰ সুবিধা নাছিল, মাত্ৰ ৰবিবাৰে আহিব পাৰি। গধুলি আকৌ ঘূৰি যাব লাগিব। প্ৰশিক্ষণ কেন্দ্ৰৰ দুগৰাকী বাইদেউৱেও আমাৰ ঘৰলৈ বৈশ্যৰ ওচৰত সঙ্গীত শিক্ষা ল’বলৈ আহিছিল আৰু তেওঁলোকৰ লগতে মই ঘৰলৈ অহাৰ সুযোগ পাইছিলোঁ। মোৰো সৰুৰে পৰা সঙ্গীতৰ প্ৰতি বহু আসক্তি আছিল, মোকো দুই-এটা ভজন গাবলৈ শিকাইছিল; ময়ো শিকিবলৈ যত্ন কৰিছিলোঁ। প্ৰায় গধুলি ঘৰত মোৰ ডাঙৰ ল'ৰা নিতুল, মাজু ল’ৰা হেঙুল, মোৰ জা শীলা আৰু মোক বৈশ্যই নিজে লিখা আৰু সুৰ কৰা কোৰাচ আদি গাবলৈ শিকাইছিল। দেওৰ অতুলে তবলা আৰু দেওৰ ৰমেনে হামনিয়াম সংগত কৰিছিল।

 ১৯৯১ চনত বৈশ্যই শিক্ষকতা কৰা ছোৱালী হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাৰ খৱৰটো অতি আনন্দেৰে আহি মোক কৈছিল, “কৈছিল, তুমিও পঢ়িব পাৰিবা। তোমাৰ লগৰ কৰ্মী কেইগৰাকীমানকো নাম লগাব দিবা।”

 এইখিনিতে উল্লেখ কৰিব লাগিব যে মোক বিয়াৰ পিছতে কলেজত নাম লগাই দিছিল যদিও ডাঙৰ ল'ৰা জন্ম হোৱাৰ পিছতে পঢ়া বাদ দিব লগা হৈছিল। মেট্ৰিক পাছ কৰাৰ সুদীৰ্ঘ ১৭ বছৰ পিছত আকৌ মোৰ পঢ়া আৰম্ভ হ’ল। বৈশ্যৰ উৎসাহ, অনুপ্ৰেৰণাদায়ক সান্নিধ্য, মোৰ চেষ্টা আৰু ধৈৰ্য্যৰ বলত [ ১৬০ ] ১৯৯৩ চনত মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বিভাগত উত্তীৰ্ণ হলো। দেউতাকে ডাঙৰ ল'ৰাক ক'লে— ‘মাৰক আৰ্য্য বিদ্যাপীঠ কলেজতে বি.এ.ত এডমিচনটো লগাই দে। ডাঙৰ ল'ৰা জাপ মাৰি উঠিল— মোৰ কলেজতে মা পঢ়িলে মই নপঢ়ো। স্বাভাৱিক কথা ডেকা ল'ৰা, তেওঁ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ; মাকৰ লগত একেখন কলেজত পঢ়িবলৈ লাজ পাবই। সেয়ে বৈশ্যই মোক বি. বৰুৱা কলেজত নিজে নাম লগাই দিলে।

 ১৯৯৬ চনত মই অসমীয়া বিভাগত মেজৰ লৈ বি.এ. পাছ কৰোঁ আৰু পৰৱৰ্তী সময়ত তেওঁৰ চেষ্টাত প্ৰাগজ্যোতিষ কলেজত এম.এ. পঢ়িবলৈ লওঁ। এইয়া লিখিবলৈ লৈ ৰোমন্থন কৰিছোঁ মোৰ পঢ়াৰ ক্ষেত্ৰত কেনেদৰে তেখেতে সহায় আৰু সাহস যোগাইছিল। কঠিন পাঠ এটি কেনেদৰে পঢ়িলে মোৰ মনত থাকিব, বুজি পাম ইত্যাদি অতি কৌশলেৰে বিৰক্তি নলগাকৈ সহজ-সৰল- ৰসাল উদাহৰণেৰে বুজাইছিল; সেই কথা আজিও মোৰ ভাবি ভাল লাগে। তেখেত অসমীয়া বিভাগৰ বিষয় শিক্ষক যদিও ইংৰাজী, অঙ্ক আদি বিষয়তো তেখেতৰ দখল শলাগ ল'বলগীয়া।

 প্ৰয়াত বৈশ্যই লিখা তত্ত্ব গধুৰ প্ৰৱন্ধ-পাতিও অতি ৰসাল, মৌলিক চিন্তাধাৰা, বুদ্ধিদীপ্ততাৰে মানুহৰ মনৰ গভীৰতালৈ ভেদ কৰিব পৰাকৈ লিখিছিল।

 বহু গুণৰ অধিকাৰী প্ৰয়াত বৈশ্য এগৰাকী প্ৰচাৰ বিমুখ, নীৰৱ সাহিত্য সাধক, সংস্কৃতিবান ব্যক্তি আছিল। অন্যায়-অবিচাৰ, দুৰ্নীতি-দুস্কৃতিৰ প্ৰতি তেখেতৰ ঘৃণা আছিল অপৰিসীম। তেখেত আছিল সত্যনিষ্ঠ, স্পষ্টবাদী, এগৰাকী কৃতী শিক্ষক।

 তেখেতে অসুস্থতাৰ কাৰণে জীৱনত বহু কষ্ট পাইছিল। কিন্তু তাৰ মাজতো তেখেতে দিয়া অৱদান বিশেষভাবে লেখত ল'বলগীয়া। তেখেতে অসুস্থতাৰ মাজতো নিজে লিখা গীতৰ সুৰ আৰু স্বৰলিপি কৰা দেখিছিলোঁ। কেতিয়াবা আকৌ টেবুলত নিলিখি থিয় হৈয়ে মহে কামোৰা ভৰিখনক আনখন ভৰিৰে খজুৱাই খজুৱাই একান্ত মনেৰে কিবা লিখি থকা দেখিছিলোঁ।

 মোৰ আজিও মনত পৰে তেখেতে মেডিকেলত ৰোগশয্যাত। দুদিনৰ মুৰে মূৰে ডায়লেছিছ কৰি থাকিব লগা হৈছিল। এদিন ডাক্তৰে তেখেতৰ খৱৰ ল'বলৈ আহোঁতে ডাক্তৰৰ হাতত ধৰি কৈছিল ‘মোক আৰু পাঁচটা বছৰ জীয়াই ৰাখক। জীয়াই থকাৰ তাড়না। মই মনত দুখ পাইছিলো। আজিও সেই দৃশ্য মোৰ চকুৰ আগত ভাহি উঠে। হয়তো জীৱনত কৰিব লগা বহু কামেই [ ১৬১ ] বাকী আছিল, সেয়েহে জীৱনৰ পাঁচটা বছৰত শেষ কৰিব পাৰিম বুলি ভাবিছিল।

 চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাঁচ বছৰ আগতেই তেখেত গুচি গ’ল। চাৰিওটি ল’ৰা স্কুল-কলেজত পঢ়ি আছিল। জ্যেষ্ঠ পুত্ৰ আছিল বাহিৰত পঢ়ি। তেখেতৰ অবৰ্তমানত ঘৰখন পৰিচালনা কৰাত মানসিক কষ্ট ভোগ কৰিব লগা হৈছিল যদিও মই হতাশ হোৱা নাছিলোঁ।

 প্ৰয়াত স্বামীৰ আদৰ্শৰে পুত্ৰসব সৎ মানুহ হোৱাৰ যি ঐকান্তিক চেষ্টা সেয়া সফল হ’বলৈ ভগৱানৰ ওচৰত কৰযোৰে অহৰ্নিশে প্ৰাৰ্থনা জনাই আহিছোঁ‌।

 মৃত্যু সকলোৰে বাবে অৱশ্যম্ভাৱী। তেখেত আজি আমাৰ মাজত নাই যদিও আমাৰ মনত চিৰদিন অমৰ হৈ ৰৱ। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক এয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। শেষত প্ৰয়াত বৈশ্যলৈ

মোৰ হিয়াভৰা একাজলী শ্ৰদ্ধাঞ্জলী নিবেদন কৰি লিখনিৰ সামৰণি মাৰিছোঁ।● [ ১৬২ ]

চিৰপূজ্য দাদাৰ সোঁৱৰণত

মাকন বৈশ্য
বালিলেছা, নলবাৰী

 মোৰ দাদা মোৰ চিৰপূজ্য। আমি নিশ্চয় জন্ম হোৱাৰ পৰা দাদাৰ মৰম- স্নেহ পাই আহিছোঁ। তেখেতে আমাৰ ভাই-ভনী সকলোৰে ওপৰত সম্পূৰ্ণ চকু দিছিল। দাদাই নিজে পঢ়ি থকা সময়তো এবাৰ উঠি আহি আমি কি পঢ়ি আছোঁ‌, কি কৰি আছোঁ চাইছিলহি আৰু আমাক কিছু সময় শিকাইছিল। আমি আটাইকেইজন ভাই-ভনীয়ে দাদাক বৰ সমীহ কৰিছিলোঁ। কাৰণ তেখেত পঢ়া-শুনাত বৰ চোকা আছিল। তাৰোপৰি তেখেতে পঢ়ি থাকোতে গীতৰ সুৰ আওৰাইছিল। বালিলেছা মজলীয়া স্কুলত পঢ়ি থকাৰে পৰা তেখেতে স্কুল সপ্তাহৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছিল আৰু শিক্ষকসকলৰ মাজত এজন মৰমৰ ছাত্ৰ হৈ পৰিছিল। তাৰ পিছত আমিও যেতিয়া সেই স্কুলত পঢ়িবলৈ লওঁ তেতিয়া শিক্ষকসকলেও দাদাৰ গুণাগুণৰ কথা কৈ খুউব প্ৰশংসা কৰিছিল। আনকি বালিলেছা মজলীয়া স্কুলৰ পৰা দাদাই বৃত্তি লাভ কৰা কথাটো শিক্ষকেই আমাক কৈছিল আৰু দাদাৰ সৰ্ব দিশতে থকা পাৰদৰ্শিতাৰ বাবে আমাৰ আগতো গুণানুকীৰ্তন কৰিছিল।

 এম.ভি. পাছ কৰি দাদাই নলবাৰী দেৱীৰাম স্কুলত পঢ়িবলৈ লয় যদিও মেট্ৰিক সুখ্যাতিৰে উত্তীৰ্ণ হয় নলবাৰী গৰ্ডন হাইস্কুলৰপৰা, তাৰ পিছত তেওঁ নলবাৰী কলেজত পঢ়িবলৈ লয়। নৱমমান শ্ৰেণীত পঢ়ি থাকোতে দাদাই নলবাৰীৰ 'গীতশ্ৰী’ত নামভৰ্তি কৰি চৈয়দ জমিৰুদ্দিন ছাৰৰ তত্বাৱধানত গান শিকিবলৈ লয়। দাদাই যে নিজে শিকিছিল তেনে নহয় আমাকো ঘৰত ভাই- ভনী আটাইকেইজনক অলপ হ'লেও গীত-মাতৰ আভাস দি থৈ গৈছে। তেখেতে মোক ভজন, কোৰাছ আদি গাবলৈ শিকাইছিল। ৰমেশ, অতুল, ৰমেন ভাইটিহঁতকো তবলা, চেতাৰ, তানপুৰা আদি বজাবলৈ শিকাই থৈ গৈছে। মাজু ভাই বোৱাৰীক চেতাৰ শিকাবলৈ ঘৰতে মাষ্টৰ পৰ্যন্ত নিয়োগ কৰিছিল।

 ঘৰখনৰ প্ৰতি দাদাৰ বৰ লক্ষ্য আছিল। সেয়েহে তেখেতে নিজে পঢ়িও [ ১৬৩ ] টিউচন আদি কৰি ঘৰতো পিতাক ঘৰ চলোৱাত সহায় কৰিছিল। নলবাৰী কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ উদ্দেশ্যৰে গুৱাহাটীলৈ ঢাপলি মেলে। সেই সময়ত তেওঁৰ বৰ কষ্ট হৈছিল। টিউচন কৰিয়ে তেখেতে নিজে পঢ়াৰ উপৰিও ঘৰলৈও টকা পঠাব লগা হৈছিল। এম.এ. পঢ়ি থকা সময়ত দাদাই ৰিহাবাৰী বাণীকান্ত বালিকা বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে আৰু বিৰুবাৰীত থাকিবলৈ লয়। অনুজ ভাতৃ ৰমেশ, অতুল, ৰমেন আৰু ৰাতুলকো গাঁৱৰ পৰা গুৱাহাটীলৈ লৈ আহে আৰু সিহঁতৰ শিক্ষাৰ ব্যৱস্থা কৰে। নিজে স্কুলত শিক্ষকতা কৰি, টিউচন কৰি ভায়েকহঁতকো ঘৰত পটুৱাইছিল। দাদাই বহুত কষ্টৰে অৰ্জন কৰা ধন অনুজৰ নামত ব্যয় কৰি ভাইহঁতক প্ৰকৃত মানুহৰ ৰূপ দি থৈ যায়।

 ১৯৭৪ চনৰ ব'হাগৰ ২০ তাৰিখে দাদাৰ সাংসাৰিক জীৱন আৰম্ভ হয়। পিতাই দাদাক এজনী সৰ্বগুণী, সুলক্ষণী ছোৱালী বিয়া কৰাই দিয়ে। সেইজনীয়েই মোৰ মাননীয় বৌ শ্ৰীযুতা ৰিণা বৈশ্য। দুয়োৰে সংসাৰৰ ফল চাৰিটি পুত্ৰ সন্তান। তেওঁলোকৰ পঢ়া-শুনা শেষ নৌহওঁতে দাদা স্বৰ্গগামী হয়। দাদাৰ মৃত্যুৰ পিছত দাদাৰ চৰণ শিৰত লৈ দাদাৰ মান-সম্মান আগত ৰাখি তেখেতৰ চাৰিওজন পুত্ৰই শিক্ষা-দীক্ষা লাভ কৰি কৰ্ম সংস্থাপনো লাভ কৰে।

 এয়া দাদাৰে আশীৰ্বাদ। মই দাদাৰ ঘৰখনলৈ গৈ দাদা আজিও জীয়াই আছে যেন পাওঁ। কাৰণ দাদাৰ গুণ চাৰিওটি সন্তানৰ গাত দেখা পাওঁ। দাদাৰ দৰে গুণী-জ্ঞানী মানুহজনৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

 

(লেখিকা প্ৰয়াত বৈশ্যৰ ভনী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং) [ ১৬৪ ]

মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক প্ৰয়াত উমেশ
বৈশ্যদেৱৰ সোঁৱৰণত

লক্ষ্মী মিশ্ৰ
আৰ্য্য নগৰ, গুৱাহাটী

 সঁচাকৈ ভাৱিব নোৱাৰাকৈ হঠাৎ এদিন আমাৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ শিক্ষাগুৰু উমেশ বৈশ্য ছাৰ আমাৰ ওচৰৰ পৰা আঁতৰি গ'ল। তেখেতৰ মৃত্যু হয় ১/৮/১৯৯৮ ইং তাৰিখে। তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰী। মই কেইদিনমান পলমকৈ শুনিছিলোঁ; তাৰ পিছত মই ছাৰৰ ঘৰলৈ গৈ পৰিয়ালৰ সকলোৰে আৰু সহধৰ্মিনী বাইদেউৰ খবৰ কৰি আহিছিলোঁ। বৰ্তমান ছাৰৰ পৰিয়ালৰ স্থায়ী ঘৰ গুৱাহাটীৰ বিৰুবাৰীত।

 মোক ছাৰে অত্যন্ত মৰম কৰিছিল; কাৰণ ছাৰে শিকোৱা বিষয় সমূহত মই সদায় ভাল নম্বৰ পাইছিলোঁ। ছাৰে তেতিয়া বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলৰ বিজ্ঞান বিষয়ৰ আৰু অসমীয়া বিষয়ৰ শিক্ষক আছিল। মই ১৯৭৯- ৮০ বৰ্ষত অষ্টম শ্ৰেণীত উঠিছিলোঁ। মই অসমীয়া আৰু বিজ্ঞান বিষয়ত সদায় সকলো ছাত্ৰীৰ ভিতৰত বেছি নম্বৰ মানে সৰ্বোচ্চ নম্বৰ পাইছিলোঁ।

 মই সেই স্কুলত আলোচনী সম্পাদিকা হিচাপে নিৰ্বাচনত জয়ী হৈ বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুল, ৰিহাবাৰী, গুৱাহাটী-৮ৰ আলোচনীখন (১৯৮১-৮২ বৰ্ষৰ) সম্পাদনা কৰি উলিয়াব লগা হৈছিল। কিন্তু সেই সময়তেই মই ঐচ্ছিক গণিত বিষয়ৰ বাবে গুৱাহাটীৰ ভৰলুমুখস্থিত কালিৰাম বৰুৱা ছোৱালী হাইস্কুললৈ বদলি হৈ যাব লগা হ'ল। মই এইখন স্কুলৰ পৰা বদলি হৈ যোৱাতত কোনো শিক্ষক-শিক্ষয়িত্ৰীয়েই ভালপোৱা নাছিল। তাতোকৈ বেছি। দুখ পাইছিল উমেশ বৈশ্য ছাৰে। কিন্তু তেতিয়া বাণীকান্ত স্কুলত ঐচ্ছিক গণিত বিষয়টো নাছিল; সেয়েহে মই যাব লগা হ’ল।

 মই কালিৰাম বৰুৱা ছোৱালী স্কুলত গলেও তাৰপৰাই বাণীকান্ত স্কুলৰ আলোচনীখন সম্পাদনাৰ কাম কৰিছিলোঁ। মোক এই আলোচনীখনৰ কামত [ ১৬৫ ] অত্যন্ত সহায় কৰিছিল প্ৰয়াত উমেশ বৈশ্য ছাৰদেৱে। এই আলোচনীখনৰ সেই বৰ্ষৰ ছাৰ তত্ত্বাৱধায়ক আছিল। তেখেতে মোক আলোচনীখন উলিয়াওঁতে সকলো সহায়-সহযোগিতা কৰিছিল আৰু উপদেশ দিছিল।

 আৰু এটা বৰ্ষত (১৯৭৮-৭৯ বৰ্ষ হ'ব পাৰে!) মই যেতিয়া সমাজসেৱা বিভাগৰ সম্পাদিকা হিচাপে এই স্কুলৰ নিৰ্বাচনত জয়ী হৈছিলোঁ; তেতিয়াও উমেশ বৈশ্য ছাৰ সমাজসেৱা বিভাগৰ তত্ত্বাৱধায়ক শিক্ষক আছিল; আৰু স্কুলখনৰ গঠনমূলক কামত আৰু চাফচিকুণকৈ ৰখা কামত মোক যথেষ্ট গঠনমূলক উপদেশ দিছিল আৰু সহায়-সহযোগিতা কৰিছিল।

 মই বাণীকান্ত স্কুলত পঢ়ি থাকোতে স্কুলখন হাইস্কুল পৰ্যায়লৈহে আছিল কিন্তু পিছত শুনিলো আমাৰ স্কুলখন উমেশ বৈশ্য ছাৰ আৰু কেইবাজনৰো প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিক স্কুললৈ উন্নীত হ’ল। ছাৰ থাকোতেই স্কুলখন ১৯৯১ চনত উচ্চতৰ মাধ্যমিক স্কুললৈ উন্নীত হয়। ছাৰে ১৯৯২ চনত একে বিদ্যালয়তেই বিষয় শিক্ষক হিচাপে একাদশ আৰু দ্বাদশ শ্ৰেণীত শিক্ষকতা কৰিছিল। ১৯৯৩ চনত সেই স্কুলৰ উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

 মই বাণীকান্ত স্কুলত পঢ়ি থাকোতে সাহিত্য-সংস্কৃতিৰ প্ৰতিযোগিতা বিলাকত অসমৰ ভিতৰত গল্প, প্ৰবন্ধ, কবিতা প্ৰতিযোগিতা আদিত (বিদ্যালয় পৰ্যায়ত) যোগদান কৰি সকলোতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু প্ৰতিযোগিতাৰ ফলাফলৰ বাতৰিও কেইবাখনো বাতৰি কাকতত ওলাইছিল। এই প্ৰতিযোগিতাবোৰত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল আৰু মাজে- সময়ে কিছুমান মোৰ লিখনি উমেশ বৈশ্য ছাৰদেৱে চকু ফুৰাই দিছিল আৰু শুধৰণী কৰি দিছিল।

 মই সৰুৰে পৰাই প্ৰথমতে হাৰমনিয়ামত এবছৰমান আৰু পিছত বেহেলা শিকিছিলোঁ। উমেশ বৈশ্য ছাৰদেৱে মোক সা-ৰে-গা-মাৰ বা সংগীতৰ প্ৰাথমিক জ্ঞানখিনি আমাৰ ঘৰত আহিলে কেতিয়াবা দিছিল। মই জনাত ছাৰে বিৰুবাৰী আৰু কালাপাহাৰত দুয়োখন সংগীত বিদ্যালয়তেই সংগীত শিক্ষা প্ৰদান কৰিছিল। উমেশ বৈশ্য ছাৰৰ প্ৰতিভা আছিল বহুমুখী। তেখেতে মই জনাত ১৯৬২-৬৪ চনলৈ গুৱাহাটীত সুধীৰ চৌধুৰীদেৱৰ ওচৰত সংগীত শিক্ষা লাভ কৰে। তাৰ পিছত ১৯৬৫ চনত বীৰেন্দ্ৰ ফুকনদেৱৰ সান্নিধ্যলৈ আহি তেখেতৰ তলত সংগীত শিক্ষা লাভ কৰিছিল। ছাৰে যেতিয়া চাইকেলখন চলাই চলাই স্কুললৈ [ ১৬৬ ] অহা-যোৱা কৰিছিল আৰু কিছুমান ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ প্ৰাইভেট টিউচন কৰি ফুৰিছিল; তেতিয়া কেতিয়াবা মই আৰু কিছু ছাত্ৰ-ছাত্ৰীয়ে দেখিছিলো যে তেওঁ অহা-যোৱা কৰা ৰাস্তাৰে চাইকেলখন হাতেৰে লাহে লাহে ঠেলি খোজকাঢ়ি গৈছিল আৰু হাতেৰে অংগী-ভংগী কৰি মুখেৰে সংগীতৰ ৰাগবোৰ আওৰাই গৈছিল। কাৰণ, তেখেতে শিক্ষকতা কৰি কিছু বেছিকৈ সময় উলিয়াই সংগীত সাধনা ঘৰতেই কৰিবলৈ সময় নাপাইছিল।

 এটা ডাঙৰ পৰিয়াল। মাথোঁ শিক্ষকতা। ওপৰঞ্চি অলপমানো টকা নাই। ছাৰৰ প্ৰতিজন লৰাই পঢ়াশুনাত ভাল। খৰছ বহুত। সেয়েহে ছাৰে শিক্ষকতা আৰু টিউচন কৰিয়েই বেছিভাগ সময় অতিবাহিত কৰিব লগা হৈছিল।

 ছাৰে ১৯৭৭ চনত লক্ষৌৰ ভাটখাণ্ডেৰ পৰা প্ৰথমা, মধ্যমা উত্তীৰ্ণ হৈ বিশাৰদত নাম ভৰ্তি কৰে। তেতিয়া তেখেতে সংগীত সাধনা কৰিবলৈ (ঘৰতেই বহি থাকি) সময় নাপাইছিল; কাৰণ, তেখেতে শিক্ষকতা কৰিছিল। ১৯৭৪ চনত গুৱাহাটীৰ মাধৱদেৱপুৰস্থিত গন্ধৰ্ব সংগীত মহাবিদ্যালয়তো সংগীত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটীৰ কালাপাহাৰস্থিত তেতিয়াৰ অসম মিউজিক কলেজত সংগীত শিক্ষা প্ৰদান কৰিছিল। বিৰুবাৰী, কালাপাহাৰ, গোপীনাথ নগৰ আদি ওচৰ-পাজৰৰ অঞ্চলৰ বেছিভাগ ল'ৰা-ছোৱালীক তেওঁ সংগীত শিক্ষা প্ৰদান কৰিছিল আৰু তেখেতৰ ছাত্ৰ-ছাত্ৰীও বহুত কেইজন আছিল। ছাৰে বিৰুবাৰীৰ নিজ বাসগৃহতেই ‘জীৱনজ্যোতি সঙ্গীতাশ্ৰম’ নামকৰণেৰে সংগীত বিদ্যালয় এখন স্থাপন কৰি মৃত্যু পৰ্যন্ত সংগীত শিক্ষা প্ৰদান কৰি সংগীত চৰ্চা কৰি গৈছিল। ছাৰে কেইবাটাও গীত ৰচনা কৰিছিল। আমি তেখেতে লিখা আৰু সুৰ দিয়া গান স্কুলত কোৰাছ হিচাপে বা সভা- সমিতিৰ আৰম্ভণীৰ সমবেত সংগীত হিচাপে গাইছিলোঁ।

 তেখেতে গীত, কবিতা, প্ৰবন্ধ, গল্প সকলো ৰচনা কৰিছিল; তেখেতৰ অসমীয়া সাহিত্যতো অগাধ জ্ঞান আছিল। তেখেতে ৰচনা কৰা ‘অশান্ত জন্মভূমি’ (১৯৭৯ চনত প্ৰকাশিত) মই পাইছিলোঁ আৰু পঢ়িছিলোঁ। তেখেতৰ এইখন অতি সুন্দৰ কবিতা সংকলন আছিল।

 তেখেতে ৰচনা কৰা পুথিৰ ভিতৰত ‘ৰচনা মালিকা’ (১৯৭৭ চন), ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়’ (১৯৭৮ চন), অশান্ত জন্মভূমি (১৯৭৯ চন), ‘তই যুক্তি যুদ্ধ কৰ’ (১৯৮০ চন), ‘ মিলন’ (১৯৮০ চন) এই কেইখনেই আছিল প্ৰধান। [ ১৬৭ ]  ইয়াৰ উপৰিও তেখেতে মৃত্যুৰ আগলৈ বিভিন্ন বিষয়ৰ ওপৰত কিতাপ লিখিছিল কিন্তু প্ৰকাশ কৰিব নোৱাৰিলে। বৰ্তমান তেওঁৰ পত্নী আৰু পুত্ৰসকলে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত প্ৰগতিৰ গান' (২০১০ চনত প্ৰকাশিত) এই বছৰতেই প্ৰকাশ পাইছে। ‘চিন্তা প্ৰৱাহ’, ‘গীত চন্দ’, ‘উচ্চ মাধ্যমিক অঙ্ক সহায়িকা', 'Higher Secondary English Grammar' ইত্যাদি পৰিয়ালৰ মানুহে প্ৰকাশ কৰিবলৈ সকলো প্ৰস্তুতি কৰি প্ৰেছত দিছে। সঁচাকৈ এই সকলোবোৰ গ্ৰন্থ বৰ্তমান সমাজৰ বাবে আৰু সমাজ পৰিৱৰ্তনৰ এটা অমূল্য সম্পদ হ’ব।

 তেখেতৰ এই সম্পদৰাজিৰে এটা চিৰস্থায়ী লাইব্ৰেৰী গঢ়ি উঠিলে হয়তো আমাৰ অতি শ্ৰদ্ধাৰ ‘ভোলানাথ’ সদৃশ শিক্ষাগুৰু উমেশ বৈশ্য ছাৰ আমাৰ মাজত চিৰদিন জীয়াই থাকিব। ইয়াৰ বাবে তেওঁৰ পৰিয়ালৰ মানুহে আগবাঢ়ি আহিব লাগিব আৰু আমি সকলোৱে মিলিজুলি সহায়-সহযোগিতা আগবঢ়াব লাগিব।

 ছাৰ সঁচাকৈ অতি সহজ-সৰল ব্যক্তি আছিল। সাজ-পোছাক অতি সহজ- সৰল আছিল। ভৰিত এযোৰ হাৱাই চেণ্ডেল আছিল আৰু সদায় এখন পুৰণি চাইকেল হাতত আছিল। চাইকেলখন তেওঁ চলাই গৈ থাকিলেও সদায় যেন কিবা চিন্তাত বুৰ গৈ আছিল; তেখেতক দেখিলে তেনেকুৱাই লাগিছিল। তেখেতৰ সীমাহীন জ্ঞান আছিল; তেখেতৰ বহুমুখী প্ৰতিভা আছিল কিন্তু হয়তো তেওঁ তেনেদৰে ভাল সুবিধা নাপালে; সমাজৰ পৰা সহায়-সহযোগিতা নাপালে। আৰ্থিকভাৱে দুৰ্বল আছিল। পৰিয়ালৰ ভৰণ-পোষণ আৰু ল'ৰাৰ উৎকৃষ্ট শিক্ষাৰ বাবে তেখেতৰ জীৱনত তেখেতে বহুত সংগ্ৰাম কৰিছিল।

 প্ৰথমতে জীৱন সংগ্ৰাম আছিল তেখেতৰ পৰিয়ালৰ অন্ন, বস্ত্ৰ, শিক্ষাৰ বাবে আৰু থকা ঘৰৰ বাবে। তাৰ পিছত তেওঁৰ সাহিত্য, সংগীত আৰু কলা— সংস্কৃতি, সমাজ-সংস্কাৰ ইত্যাদি আছিল। তেখেতৰ প্ৰতিভা বহুত আছিল কিন্তু আজিকালি প্ৰতিভা থাকিলেও আৰ্থিকভাৱে সৱল হ'লেহে সেই প্ৰতিভা বেছিকৈ বিকশিত হয়; বৰ্তমান সমাজ ব্যৱস্থা এনেকুৱাই হৈছে।

 তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই শিক্ষকতা কৰিছিল বালিলেছা কালিমন্দিৰ হাইস্কুলত অস্থায়ীভাৱে। আই.এছচি পৰীক্ষাৰ ফলাফল নোলাওঁতেই সিদ্ধিনাথ শৰ্মাদেৱে বৈশ্যদেৱক নলবাৰী জিলাৰ অন্তৰ্গত বৰিদতৰা হাইস্কুলত শিক্ষকতা কৰিবলৈ নিযুক্তি দিছিল। ১৯৬৩ চনত তেওঁ ক্ৰমে বানেকুছি [ ১৬৮ ] হাইস্কুল, বিষ্ণুৰাম মেধি হাইস্কুল আৰু পানীগাঁও মিলন হাইস্কুলতো শিক্ষকতা কৰিছিল। ১৯৬৫ চনত তেওঁ গুৱাহাটীৰ ডনবস্কো হাইস্কুল আৰু পিছত আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষকতা কৰিছিল।

 যেতিয়া আৰ্য্যবিদ্যাপীঠ স্কুল দুভাগ হৈ বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুল স্থাপিত হয় গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলত; তেতিয়া বৈশ্য ছাৰে ১৯৬৬ চনত এই স্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু মৃত্যুৰ আগলৈ এই স্কুলৰেই শিক্ষক হিচাপে কাম কৰিছিল। আজি মই ছাৰক সুঁৱৰি এইটোৱেই কওঁ, প্ৰকৃতাৰ্থত গুণী-জ্ঞানী মানুহৰ কেতিয়াও মৃত্যু নহয়; তেওঁলোক অমৰ হৈ থাকে।●






(লেখিকা প্ৰয়াত উমেশ বৈশ্যৰ ছাত্ৰী আৰু এগৰাকী সমাজসেৱিকা।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)

[ ১৬৯ ]

পূজনীয় দেউতাৰ স্মৃতিত

ড° শেখৰ জ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী

 আজিৰ পৰা প্ৰায় ২০ বছৰ আগতে মা আৰু আমি চাৰিজন স্কুল/কলেজীয়া ভাই-ককাইক এৰি জীৱনৰ প্ৰায় আধা বাটতে মাত্ৰ ৫৯ বছৰ বয়সতে স্বৰ্গগামী হোৱা পূজনীয় দেউতাই নিজে কোৱা কিছু ঘটনা-অভিজ্ঞতা- উপদেশ, ডায়েৰীত লিখি থৈ যোৱা কিছু কথা-তথ্য আৰু দেউতাৰ কিতাপ- কাগজ-টোকা আদিৰ আলমত এই লেখাটো লিখিবলৈ প্ৰয়াস কৰিছোঁ।

 হিমালয়ৰ দৰে উচ্চ মন এটা লৈ জন্মগ্ৰহণ কৰা দেউতাক সাহিত্য আৰু সংগীতে সৰুকালৰ পৰাই হাত বাউল দি মাতিছিল আৰু দেউতাও লাহে লাহে ইয়াৰ ওচৰ চাপি গৈছিল। চিৰস্থায়ী আৰ্থিক দৈন্য আৰু পৰিয়ালৰ নানা ঘটনা-দুৰ্ঘটনা আদিয়ে দেউতাৰ সাহিত্য চৰ্চা-সংগীত সাধনা-শিক্ষা গ্ৰহণত বাৰে বাৰে প্ৰচণ্ড বাধাৰ সৃষ্টি কৰি আহিছিল যদিও দেউতাৰ একাগ্ৰতা-আত্মবিশ্বাস আদিৰ ওচৰত এই সকলোবোৰ বাধাই হাৰ মানিছিল। দেউতাই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰে পৰাই স্কুলত চাকৰি কৰিবলগীয়া হৈছিল আৰু পৰিয়ালটোৰ আৰ্থিক দিশত চকু দিবলগীয়া হৈছিল।

 নলবাৰীৰ গৰ্ডন হাইস্কুলত ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোতেই অতুল চন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী ‘দীপক’ত ৰাতিপুৱা’ নামৰ কবিতা এটি প্ৰকাশ কৰি দেউতাই সাহিত্যৰ পথাৰত আত্মপ্ৰকাশ কৰে। সেই স্কুলত নৱম মান শ্ৰেণীত পঢ়ি থাকোতে দেউতাই হোমেন বৰগোহাঞিদেৱৰ কিছু সান্নিধ্য লাভ কৰাৰ কথা নিজৰ ডায়েৰীত এইদৰে উল্লেখ কৰি গৈছে।

 “মই যেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম মান শ্ৰেণীত পঢ়োঁ (১৯৫৮ চন), কৃতি লেখক হোমেন বৰগোহাঞিৰ লগত অলপ সময় কথা কোৱাৰ সৌভাগ্য ঘটিছিল। কথা প্ৰসংগত গোহাঞিদেৱে দিয়া বহুতো উপদেশ আজিও মোৰ মনত আছে। তাৰে দুই-এটা বেণুধৰ শৰ্মাদেৱৰ লগত কথাৰ মাজতে ওলাই পৰিল। বৰগোহাঞিদেৱে কৈছিল, ‘আমি সাহিত্যিকবিলাক ধানখেৰৰ [ ১৭০ ] জুইৰ দৰে দপ্‌দপাই জ্বলি উঠি নিমিষতে নুমাই যাম। বিশ্বত এনে কিছুমান সাহিত্যিক আছে যিবোৰ শাল কাঠৰ জুইৰ দৰে গহীন। ধীৰে ধীৰে জ্বলে; কিন্তু পলমকৈ নুমাই। সাহিত্যিকবিলাক এঙাৰৰ দৰে পুৰি যায়, কিন্তু ইয়ে দিয়া পোহৰত বিশ্বই জিলিকনি পাই...।’ শৰ্মাদেৱে কথাখিনি মনপুতি শুনিলে।

 সাহিত্য সাধনা কেনেকৈ কৰে, লিখাবোৰ সাহিত্য হোৱাটো কেনেকৈ জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত গোহাঞিদেৱে কৈছিল, “লিখা, এনেয়ে পেলাই থোৱা, সময়ে তাৰ বিচাৰ কৰিব।'...” গোহাঞিদেৱৰ এই সাৰুৱা উপদেশপূৰ্ণ বাণীয়ে দেউতাক বহু গুণে অনুপ্ৰাণিত কৰিছিল।

 ১৯৬১ চনত নলবাৰী কলেজৰ ২য় বাৰ্ষিক বিজ্ঞানৰ ছাত্ৰ হৈ থাকোঁতে সৌভাগ্যবশতঃ নলবাৰীৰ কিতাপৰ দোকান এখনত অসমীয়া সাহিত্যৰ ওজা- সাহিত্যিক তথা প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাদেৱৰ লগত দেউতাৰ চিনাকি হয়। তেখেতেও প্ৰথম দৰ্শনতে দেউতাৰ ভিতৰৰ শিল্পী সত্তাক চিনি পাইছিল আৰু সেই স্থানতে প্ৰায় দুঘণ্টা সময় দেউতাৰ আগত এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত অনৰ্গল বক্তৃতা দি গৈছিল। এই ঘটনাৰ পিছতে দুয়োৰে মাজত এক মধুৰ ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু তেখেতে দেউতাক সাহিত্য সৃষ্টিত নানান ধৰণে প্ৰেৰণা যোগাইছিল।

 এই প্ৰসংগতে দেউতাৰ ডায়েৰীৰ আৰু কেইটামান পৃষ্ঠাৰ কথা উল্লেখ কৰা হ’লঃ

 “১০ জানুৱাৰী ১৯৬৫ চন। কিতাপ পঢ়াতকৈ মানুহ পঢ়া ভাল। মই বেণুধৰ শৰ্মাৰ ঘৰলৈ গৈ তেখেতৰ লগত দুঘণ্টা কথা পাতো। বুৰঞ্জীমূলক কথাই বেছি। তেওঁ কয়—

 আজিৰ সাহিত্যত seriousness নাই। গোহাঞিবৰুৱা আদি পুৰণি সাহিত্যিকৰ ৰচনা পঢ়িলে সাহিত্যৰ ভেটি গঢ়ি উঠিব পাৰে। কিতাপৰ তালিকাখন তেখেতে মোক কৰি দিব। নামনি অসমত দেখুৱাব লগা কৃষ্টিৰ ভিতৰত ওজাপালিয়ে প্ৰধান। বাকীবোৰ প্ৰায় উজনি অসমত। কাৰণ হ'ল..." “৫ মাঘ, ১৯/১/৬৫ বালিলেছা।

 বেণুধৰ শৰ্মাৰ বালিলেছা দৰ্শন। মন্দিৰৰ নিৰ্মাণ কাল আৱিষ্কাৰ। গৌৰীকান্ত সিংহৰ দিনত ১৬৯১ খৃঃত ই নিৰ্মিত। নামদোঙ্গাৰ ৰজত মজুমদাৰৰ ঘৰত থকা পুৰণা কাগজৰ প্ৰমাণত প্ৰমাণিত। ই এক যুগান্তকাৰী ঘটনা। বালিলেছাৰ লুপ্ত বুৰঞ্জী শ্ৰীশৰ্মাৰ সৌজন্যত উদ্‌ঘাটন হয়। বালিলেছা ৰাইজে [ ১৭১ ] তেওঁক আদৰ-সম্ভাষণ জনোৱাৰ পিছত প্ৰসাদ আদি খাই তেখেতে বিদায় লয়; আৰু ইয়াৰ মুক্তিৰ বাবে চেষ্টা কৰিব বুলি আশ্বাস দিয়ে।

 এই দিনটো বালিলেছাৰ বাবে এটা চিৰস্মৰণীয় দিন হিচাপে বুৰঞ্জীত ৰৈ যাব।

 ৫ মাঘ, মঙ্গলবাৰ; ১৯/১/৬৫ তাৰিখটো প্ৰতি বছৰে বালিলেছাই পালন কৰাতো কৰ্তব্য বুলি মই বিবেচনা কৰোঁ।”

“৩১/১/৬৫ ৰবিবাৰ, বেণুধৰ শৰ্মাৰ ঘৰত।

 বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ লগত ক্ষন্তেকপৰ।....প্ৰবন্ধটি চাই আনন্দ প্ৰকাশ কৰে। আথেবেথে শব্দটি ভুল প্ৰয়োগ আঙুলিয়াই দি কয় যে ডাঙৰে সৰুক ক'লেহে এই শব্দৰ প্ৰয়োগ শুদ্ধ হয়। সৰুৱে ডাঙৰক কলে ‘ভাৱস্তীৰে’ ক'ব লাগে।

 গোবিন্দ বেজবৰুৱাৰ বিষয়ে লিখা ইংৰাজী প্ৰৱন্ধ এটি দেখুৱায়। মই মাতি যাওঁ।'Colocous' শব্দটি প্ৰয়োগ মন কৰিবলগীয়া। তেওঁ কয় সাহিত্যত শব্দৰ প্ৰয়োগ বাচকবনীয়া হব লাগে। কিতাপ পঢ়াতকৈ মানুহ পঢ়া ভাল, শাৰীটোত সাহিত্যিক সম্ভাৰ থকা বুলি তেওঁ কয়। “এদম কিতাপ লিখিলেও মই সমৰ্থন নকৰো, সাহিত্যিক মানে এটা ‘আৰ্জ’। ‘আৰ্জ’টোহে মই বিচাৰো” তেওঁ কয়।

 বালিলেছা মন্দিৰৰ বিষয়ে লিখিবলৈ কোৱাত তেওঁ মোক মন্দিৰৰ বিষয়ে লিখা পুৰণা কাগজৰ কপিটো খোজে। মই দিম বুলি কও। প্ৰৱন্ধ পাতি লিখি বালিলেছাৰ উন্নতি কল্পে চেষ্টা কৰিবলৈ মই তেওঁক অনুৰোধ কৰোঁ। বুৰঞ্জী তথ্যপূৰ্ণ প্ৰৱন্ধ পাতি আজিকালি কোনেও নপঢ়ে বুলি তেওঁ আক্ষেপ কৰে। চিনেমা বাতৰিয়ে কাকতৰ বহু ঠাই অধিকাৰ কৰাত তেওঁ অসন্তোষ প্ৰকাশ কৰে।....”

 এবাৰ দেউতাই ৰচনা কৰা ‘অশান্ত জন্মভূমি’ নামৰ কবিতাটো তেওঁক (বেণুধৰ শৰ্মাক) দেখুৱাবলৈ যাওতে তেওঁ দেউতাক কবিতাটো আবৃত্তি কৰি শুনাবলৈ ক'লে। দেউতাই ডাঙৰকৈ কবিতাটো আবৃত্তি কৰি শুনোৱাৰ পিছত এমুখ হাঁহিৰে উৎসাহিত হৈ তেওঁ ক'লে— “এইয়া কুঁজত কিল। তুমি আজিয়েই কবিতাটো “দৈনিক অসম’ কাকতত দি আহাগৈ। সম্পাদকক মই পঠিয়াইছো বুলি ক’বা।” [ ১৭২ ]  আন এটা ঘটনা। দেউতাই ৰচনা কৰা কবিতা পুথি এখনৰ পাণ্ডুলিপি এটা তেওঁক (বেণুধৰ শৰ্মাক) দেখুৱাবলৈ লৈ গ'ল। তেওঁ অতি আগ্ৰহেৰে পাণ্ডুলিপিটো লৈ দেউতাক পিছত এদিন পাণ্ডুলিপিটো ঘূৰাই নিবলৈ মাতিলে। দেউতাই নিৰ্দিষ্ট দিনত তেওঁৰ ঘৰলৈ গ’ল। ঘৰ গৈ পোৱাত তেওঁ বৰ দুখ মনেৰে ক'লে, “তোমাৰ পৰা পাণ্ডুলিপিটো লৈ মই থৈ দিয়াৰ পিছৰে পৰা সেইটো ক'ৰবাত হেৰাল। মই এতিয়ালৈকে বিচাৰি পোৱা নাই। তুমি বেলেগ এদিন আহা।” পিছত তেখেতে গম পালে যে তেখেতৰ ঘৰত কাম কৰা ল’ৰাটোৱে পাণ্ডুলিপিটো পঢ়ি তাৰ গাৰুৰ তলত সুমুৱাই থৈছিল। এই কথাটোত তেখেতে বৰ আনন্দিত হৈছিল। দ্বিতীয়বাৰ যেতিয়া দেউতাই তেওঁৰ ওচৰলৈ গৈছিল তেওঁ কৈছিল, “মোৰ ঘৰত কাম কৰা ল'ৰাটোৱেই যেতিয়া তোমাৰ লিখনি পঢ়ি গাৰুৰ তলত সুমুৱাই থৈছে মই আৰু বেলেগকৈ কোৱাৰ দৰকাৰ নাই। তোমাৰ লিখনি ৰাইজে আদৰি ল’বই।”

 দেউতাৰ ‘অশান্ত জন্মভূমি’ আৰু ‘ মিলন’ এই দুয়োখন কবিতা পুথিতেই তেখেতে (বেণুধৰ শৰ্মাই) অতি স্পষ্ট আৰু গঠনমূলক অভিমত লিখি দিয়াৰ উপৰিও দেউতাৰ বহুতো মূল্যবান প্ৰৱন্ধ হাতেলিখা অৱস্থাতে পঢ়ি দেউতাক উৎসাহিত কৰিছিল। তেখেতৰ ‘মৰমৰ কাৰেং’ নামৰ গল্প পুথিখন দেউতাই বিৰুবাৰীৰ ঘৰত স্থাপন কৰা প্ৰেছটোত ছপাইছিল আৰু লেখকৰ ক'বলগীয়া শিতানটোত দেউতাৰ সাহিত্য সৃষ্টি তথা চৰ্চাৰ প্ৰতি থকা ধাউতিৰ কথা খুউব সুন্দৰভাৱে উল্লেখ কৰিছিল।

 এইদৰে স্কুলীয়া অৱস্থাৰ পৰাই মহান গুণী ব্যক্তিসকলৰ আশীৰ্বাদ- সান্নিধ্য লাভ কৰি দেউতাই নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে মৃত্যুৰ আগমুহূৰ্তলৈ প্ৰকাশিত/অপ্ৰকাশিত অসংখ্য কবিতা, গীত, গল্প, প্ৰবন্ধ, পাঠ্যপুথি, কবিতা- গীতৰ পুথি আদি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে তেখেতৰ কিছু প্ৰকাশিত/অপ্ৰকাশিত প্ৰৱন্ধৰ সংকলন ‘সুৰ বিচাৰি বাৰ বছৰ’ ২০১৫ চনত অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী বাণী প্ৰকাশে প্ৰকাশ কৰে।

 সাহিত্যৰ সমান্তৰালভাৱে নৱম শ্ৰেণীৰ পৰাই দেউতাই বিজ্ঞানসন্মত ভাৱে শাস্ত্ৰীয় সংগীত চৰ্চাৰ আৰম্ভণি কৰে। উল্লেখযোগ্য যে তাৰ আগতে নলবাৰীত বিজ্ঞানসন্মতভাৱে সংগীত চৰ্চাৰ আৰম্ভণি হোৱাই নাছিল। দেউতাৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য আছিল এয়ে যে তেওঁ সদায় ন-ন সৃষ্টিত গুৰুত্ব [ ১৭৩ ] দিছিল। তেওঁ নিজে গীত ৰচনা কৰি তাত সুৰ দিছিল আৰু সেই গান নিজে বা কোৰাছ আকাৰে পৰিবেশন কৰিছিল। তেওঁৰ গীতৰ প্ৰধান বিষয়বস্তু আছিল দেশপ্ৰেম। যিটো অকল সেই সময়ৰেই নহয় আজিও বহু নামী-দামী শিল্পীৰ গীতৰ বিষয়বস্তু নহয়। সূক্ষ্ম দৃষ্টিৰে গৱেষণা কৰিলে এই কথাটো ওলাই পৰিব যে অসমৰ সংগীতৰ ইতিহাসত দেশপ্ৰেমমূলক গীতৰ সৃষ্টি তথা চৰ্চা কৰা মানুহৰ সংখ্যা তেনেই তাকৰ। সস্তীয়া ৰুচিৰ পেনপেনীয়া প্ৰেম আৰু বিৰহ গীতৰ অস্বাভাৱিক বৃদ্ধি দেখি দেউতা উদ্বিগ্ন হৈছিল আৰু তেনে গীতৰ স্ৰষ্টা তথা শিল্পীসকলক সোঁৱৰাই দিবলৈ গীত ৰচিছিল আৰু গাইছিল—

“কিমান ৰচিলা কিমান গালা
  প্ৰণয় মধুৰ গান
কত যে শুনিলো শিল্পী তোমাৰ
  বিৰহ গধুৰ তান॥

      •   ***  ***

গোৱা শিল্পী আৰ্ত্তজনৰ
  জীয়াই থকাৰ গান
গোৱা শিল্পী কণ্ঠ কঁপাই
  উদ্দীপনাৰ তান॥”

 ১৯৬২ চনত (মাত্ৰ ২৩ বছৰ বয়সতেই) চীনা আক্ৰমণৰ পটভূমিত দেউতাই ’শান্তি ভূমি ৰাঙলী কৰি’ শীৰ্ষক গীতটি ৰচনা তথা সুৰ কৰি স্কুলীয়া/কলেজীয়া বন্ধু-বান্ধবীবোৰক লগত লৈ নলবাৰী চহৰৰ অলিয়ে-গলিয়ে পৰিবেশন কৰি দেশবাসীৰ মনত মাতৃপ্ৰেম তথা দেশপ্ৰেম জগাই তুলিবলৈ অভিযান চলাইছিল। দেশপ্ৰেমতেই উদ্বুদ্ধ হৈ তেওঁ অসম আন্দোলনৰ সময়ত ‘তই যুক্তি যুদ্ধ কৰ’ আৰু ‘অশান্ত জন্মভূমি’ নামৰ কবিতা পুথি দুখন প্ৰকাশ কৰে। ইয়াৰ উপৰিও প্ৰথম সংগীত গুৰু জমিৰুদ্দিন আহমেদ, সংগীত বিদ্যালয় ‘গীতশ্ৰী’ আৰু পৰৱৰ্তী সময়ত লগ পোৱা সংগীত শিক্ষাগুৰু (সুধীৰ চন্দ্ৰ চৌধুৰী, বীৰেন্দ্ৰ ফুকন, হীৰেন শৰ্মা, কবীন্দ্ৰ হুজুৰী, ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী)সকলৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাত বলীয়ান হৈ দেউতাই শাস্ত্ৰীয় সংগীতৰ ওপৰত একেৰাহে কেইবাটাও প্ৰৱন্ধ লিখাৰ উপৰিও বহুতো গীত ৰচনা কৰি ‘প্ৰগতিৰ গান’ আৰু গীত ‘ছন্দ’ নামেৰে দুখন গীতৰ পুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰে। কিন্তু দুৰ্ভাগ্যৰ কথা যে এখন গীতৰ পুথিও দেউতাই ছপাৰূপত [ ১৭৪ ] দেখা নাপালে। উল্লেখযোগ্য যে প্ৰগতিৰ গানৰ পাণ্ডুলিপিটো ১৯৯০ চনতেই ড° হীৰেন গোহাঁই আৰু নলিনীধৰ ভট্টাচাৰ্য্যদেৱক দেখুৱাই তেখেতসকলৰ স্পষ্ট অভিমত লৈ থৈছিল। পৰৱৰ্তী সময়ত ২০১০ চনত আমি ‘প্ৰগতিৰ গান’ প্ৰকাশ কৰি উলিয়াওঁ। এই পুথিখনে পাঠক সমাজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে।

 এজন শিক্ষক হিচাপেও দেউতাৰ সফলতা আছিল ঈৰ্ষণীয়। এজন সু- শিক্ষক আৰু সুদক্ষ প্ৰশাসক হিচাপে সৰ্বজন সমাদৃত দেউতাই অসমীয়া বিভাগত এম.এ. হৈও তেখেতে নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘উচ্চ মাধ্যমিক গণিত সহায়িকা’ নামেৰে এখন ব্যতিক্ৰমধৰ্মী পুথি ৰচনা কৰে আৰু মৃত্যুৰ আগমুহূৰ্তত স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 'Higher Secondary English Grammar' এখন ৰচনা কৰে। ইয়াৰ পূৰ্বে ১৯৭৭ চনত প্ৰকাশক অমল চন্দ্ৰ গুহৰ অনুৰোধ মৰ্মে অসম মাধ্যমিক শিক্ষা পৰিষদে পঞ্চম শ্ৰেণীৰ বাবে অনুমোদন কৰা ৰচনাৰ পাঠ্যক্ৰম অনুসৰি ‘ৰচনা মালিকা’ নামেৰে এখন পাঠ্যপুথি প্ৰকাশ কৰে।

 একঘেয়ামী কাম আৰু চিন্তাৰ বিৰোধী তথা ইতিহাসপ্ৰেমী দেউতাই ‘পৃথিৱী, প্ৰকৃতি আৰু মানুহৰ গতিশীলতাৰ কাহিনী’ নামেৰে মানুহৰ ক্ৰমবিকাশৰ ইতিহাসৰ ওপৰত এখনি তথ্যসমৃদ্ধ আৰু গৱেষণামূলক পুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি গৈছিল।

 তদুপৰি ‘বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ঃ ইয়াৰ জন্ম আৰু ক্ৰমবিকাশৰ সংঘাটতময় ইতিহাস’ নামেৰে ১৯৬৩ চনতেই স্থাপিত হোৱা নিজৰ কৰ্মৰত বিদ্যালয়খনৰ ১৯৯৪ চনলৈকে প্ৰতিটো দিনৰ সৰু-বৰ ঘটনা/দুৰ্ঘটনা সন্নিবিষ্ট কৰি এখন বুৰঞ্জী লিখিছিল (বিদ্যালয়ৰ মুখপত্ৰত ১৯৯৪ চনত প্ৰকাশিত) যি অনাগত দিনত বিদ্যালয়খনৰ ইতিহাসৰ দলিল হিচাপে চিহ্নিত হৈ ৰ'ব। অলপ নিৰপেক্ষ ভাৱে চিন্তা কৰিলে এই কথাটো অনুভৱ কৰিব পৰা যায় যে এইদৰে নিজৰ কৰ্মৰত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ বুৰঞ্জী লিখাটো যথেষ্ট কষ্টকৰ কাম। চূড়ান্ত সাধনা আৰু গৱেষণা নকৰিলে এনে কাৰ্য কৰা অসম্ভৱ। দেউতাই বিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা আন অৱদানৰ ভিতৰত অন্যতম হ’ল তেখেতে ৰচনা আৰু সুৰ কৰা বিদ্যালয় সংগীতটো।

 দেউতাৰ আন এটা মন কৰিবলগীয়া কথা আছিল এই যে তেওঁৰ [ ১৭৫ ] ওচৰলৈ সহায় বা উপদেশ বিচাৰি অহা কোনো লোকে কেতিয়াও বিমুখ হৈ উভতি যাবলগীয়া হোৱা নাছিল। কোনো লেখকৰ কিতাপৰ নামকৰণৰ পৰা আৰম্ভ কৰি অভিমত লিখি দিয়ালৈ, কোনো চিত্ৰশিল্পীৰ চিত্ৰৰ নামকৰণ, কোনো সংগীত প্ৰতিযোগিতাৰ বিচাৰকৰ আসন, কোনো ন লেখক-লেখিকাৰ কবিতা/গীত/প্ৰৱন্ধ আদিত হাত ফুৰাই/সুৰ কৰি তেওঁলোকক উৎসাহিত কৰালৈকে, কোনো শিক্ষানুষ্ঠান সভা-সমিতি-সাংস্কৃতিক অনুষ্ঠানৰ সভাপতি/নিৰ্দিষ্ট বক্তা/বিশিষ্ট অতিথিৰ আসনৰ পৰা আৰম্ভ কৰি কোনো নিৰ্বাচনৰ প্ৰিজাইডিং বিষয়াৰ দায়িত্বলৈ সকলো কাম দেউতাই বৰ নিষ্ঠা আৰু সততাৰে পালন কৰিছিল।

 ওৰেটো জীৱন ধুমুহাৰ গতিৰে কাম কৰি যোৱা দেউতাই গুৱাহাটীলৈ উচ্চ শিক্ষাৰ বাবে অহাৰ পিছতেই এজন এজনকৈ চাৰিওজন কনিষ্ঠ ভাতৃকে গুৱাহাটীলৈ লৈ আহি লগত ৰাখে আৰু সিহঁতক স্কুল/কলেজ আদিত নামভৰ্তি কৰি দিয়া তথা সংগীত চৰ্চাৰ সুবিধাৰ সকলো দায়িত্ব বিনাচৰ্তে পালন কৰি সুপ্ৰতিষ্ঠিত কৰাৰ উপৰিও নিজৰ ভনী জোৱায়েক ফণী বৈশ্য তথা খুৰাকৰ পুত্ৰ খগেন বৈশ্যক গুৱাহাটীত দোকান কৰি দিয়ে। দেউতাৰ বিয়াৰ সময়ত মা মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থীহে আছিল। বিয়াৰ পিছত মাক কলেজত নাম লগাই দিছিল যদিও নানা ব্যস্ততা তথা অসুবিধাৰ বাবে মায়ে পঢ়াশুনাখিনি আগবঢ়াই নিব নোৱাৰিলে। কিন্তু পৰিয়ালৰ সকলোকে উচ্চ শিক্ষিত কৰাৰ দেউতাৰ সপোন আৰু মাৰো উচ্চশিক্ষাৰ প্ৰতি থকা হেঁপাহ, একাগ্ৰতা আৰু ধৈৰ্যৰ গুণত বিয়াৰ ১৭ বছৰ পিছত ১৯৯১ চনত দেউতাই মাক পুনৰ H.S. 1st Year ত নাম ভৰ্তি কৰি দিয়ে। এইবাৰ মাৰ প্ৰত্যাহ্বান আৰু বেছি। চাৰিজন ল'ৰা, নিজৰ চাকৰি, অসুখীয়া দেউতা, ঘৰৰ সমস্ত কাম। এই সকলোবোৰ সুকলমে চম্ভালি মা আগুৱাই গ'ল আৰু ১৯৯৬ চনত B. Booroah College পৰা B.A. পৰীক্ষাত উত্তীৰ্ণ হ’ল। দেউতাই এইবাৰ মাক M.A.ত নাম লগাই দিলে। M.A.প্ৰথম বৰ্ষ উত্তীৰ্ণ হৈছিলহে মাথোন, কিন্তু ১৯৯৮ চনত দেউতাৰ অকাল মৃত্যু হোৱাত মাৰ শিক্ষা জীৱনত পুনৰ বাধা জন্মে। এইদৰে দেউতাই নিজৰ, গাঁৱৰ তথা গুৱাহাটীৰ অসংখ্য ছাত্ৰ-ছাত্ৰী, ব্যক্তিক নিজৰ বিৰুবাৰীৰ ঘৰলৈ মাতি আনি/ৰাখি শিক্ষাদান/সংগীত শিক্ষা প্ৰদান কৰি/আন দিশেৰে সহায় কৰি তেওঁলোকৰ জীৱন ধন্য কৰি গৈছে।

 প্ৰায় গোটেই জীৱনটোৱেই আনৰ মংগলৰ কাৰণে উচৰ্গা কৰা দেউতাই [ ১৭৬ ] নিজৰ কাৰণে খুউব কমকৈহে চিন্তা কৰিছিল। দেউতাৰ এই সৰল/উদাৰ/ আপোনভোলা স্বভাৱৰ কাৰণে অকল তেওঁৰেই যে কেতিয়াবা ক্ষতি হৈছিল এনে নহয়। আমিও (মা আৰু আমি ভাই-ককাই কেইজনেও) বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছোঁ।

 ১৯৬৭ চনত এম.এ. উত্তীৰ্ণ হোৱাৰ পিছত দেউতাক এবাৰ উজনি অসমৰ কলেজ এখনত যোগদানৰ বাবে নিমন্ত্ৰণ জনাইছিল। দেউতাই এই বিষয়ে তেওঁৰ সংগীত গুৰু জমিৰুদ্দিন আহমেদৰ পৰামৰ্শ বিচৰাত তেওঁ ক'লে, “তুমি যদি অকল তোমাৰ নিজৰ কাৰণে চিন্তা কৰা তেনেহলে তুমি সেই কলেজখনত যোগদান কৰা আৰু যদি ভাই-ভনী তথা ঘৰখনৰ কথা চিন্তা কৰা তেনেহলে তুমি ইয়াতে থকা।” দেউতাই লগে লগে সেই কলেজখনত যোগদানৰ চিন্তা বাদ দিছিল। উল্লেখ্য যে দেউতা সেই সময়ত বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত ভেঞ্চাৰ শিক্ষকৰূপে কৰ্মৰত হৈ আছিল আৰু আটাইকেইজন ভায়েককে গুৱাহাটীত নিজৰ লগত ৰাখি স্কুল-কলেজ পৰ্যায়ত পঢ়ুৱাই আছিল।

 একমাত্ৰ নিজৰ পৰিশ্ৰমৰ ধনেৰে দেউতাই নিজৰ জন্মগাঁও আৰু তাৰ ওচৰত দেউতাক বন্তিৰাম বৈশ্যৰ নামত পাঁচ (৫) টুকুৰা মাটি কিনিছিল। নিজৰ ভায়েকহঁতক পুত্ৰসম মৰমেৰে লগত ৰাখি লালন-পালন কৰি পঢ়াই শুনাই সংস্থাপন/প্ৰতিষ্ঠা কৰি দি অসুখীয়া হোৱা দেউতাই নিজৰ সন্তান কেইজনক চোৱা-চিতা কৰাৰ সুযোগেই নাপালে। আমি জনা হোৱাৰে পৰা দেউতাক অসুখীয়া অৱস্থাতেই পালোঁ। দেউতাৰ মৃত্যুৰ ঠিক ১৫ দিন আগতে দেউতাই একমাত্ৰ নিজৰ পৰিশ্ৰমৰ ধনেৰে ক্ৰয় কৰা মাটি পাঁচ টুকুৰা দেউতাক এৰি দিয়া বুলি সেই পুত্ৰসম ভায়েক কেইজনে এখন পত্ৰযোগে দেউতাক জনায়। এই বিশেষ পত্ৰখন দিয়াৰ ১৫ দিন পিছতে দেউতাই আমাক এৰি চিৰনিদ্ৰাত পৰে।

 কিন্তু পৰিতাপৰ কথা এইটোৱেই যে নিজৰ জীৱনক চৰম ত্যাগ কৰি তেওঁলোকক প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ পিছতো দেউতাৰ মৃত্যুৰ কিছুদিন পাছতে তেওঁলোকে তেওঁলোকৰ সেই পত্ৰখনত লিখা কথাখিনি ৰাখিবলৈ কোনো অজ্ঞাত কাৰণত অপাৰগতা প্ৰকাশ কৰে। তাতোকৈও দুৰ্ভাগ্যজনক কথা যে সেই সুপ্ৰতিষ্ঠিত ভায়েকহঁতৰ উচ্চ শিক্ষিত ল'ৰা-ছোৱালী কেইটাইও (সকলোৱে নহয়) দেউতাকহঁতক তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণৰ কথা সোঁৱৰাই দিয়াৰ [ ১৭৭ ]

পৰিবৰ্তে আনৰ আগত সেই মাটি তেওঁলোকৰ দেউতাকহঁতেহে কিনা বুলি প্ৰচাৰ কৰে আৰু সেই মাটিখিনি আমাৰ দেউতাই কিনা বুলি ক’বলৈ আমাৰ মাইহে আমাক শিকাই দিয়া বুলি দাবী কৰে। এই কথাখিনি একান্ত ঘৰুৱা হলেও ই দেউতাৰ লগত জড়িত সত্য আৰু সেয়েহে এই কথাখিনি ইয়াত উল্লেখ কৰাৰ লগতে সেই বিশেষ পত্ৰখনৰ প্ৰতিলিপিও এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা হ'ল।

 এইদৰেই জীৱনৰ নানা তিতা-মিঠা অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ হৈ দেউতাই ১৯৯৮ চনত স্কুল-কলেজীয়া অৱস্থাতে আমাক এৰি গুছি গ'ল। নিজৰ এজন সন্তানকে প্ৰতিষ্ঠিত ৰূপত দেউতাই দেখা নাপালে।

 যোৱা ২০ বছৰে মায়ে চৰ্তবিহীন ভাবে অশেষ কষ্ট/ত্যাগ/প্ৰত্যাহ্বান স্বীকাৰ কৰি আমাক পঢ়াই শুনাই আজিৰ পৰ্যায়লৈ আনিলে। এই ২০ বছৰে প্ৰতিদিনে ৰাতিপুৱা গা ধুই উঠি মায়ে দেওতাৰ ফটোখনৰ সমুখত চাকি জ্বলাই প্ৰণাম কৰা দেখি আহিছোঁ। যেতিয়াই মই কিবা কথাত হতাশ হওঁ বা ভাগি পৰোঁ তেতিয়াই দেউতাৰ কবিতা বা গান বা প্ৰৱন্ধৰ কিতাপ এখন হাতত তুলি লওঁ আৰু কব নোৱাৰাকৈয়ে কিবা এক অদৃশ্য শক্তি অনুভৱ কৰোঁ আৰু জীৱনটোক আগুৱাই নিয়াৰ প্ৰেৰণা পাওঁ। হয়তো এইয়া দেউতাৰ আশীৰ্বাদ। তেওঁক স্মৰণ কৰিহে আমি যিকোনো এটা কামৰ আৰম্ভণি কৰোঁ। এনে এজন বিৰল প্ৰতিভাধৰ ব্যক্তিৰ সন্তান হ’বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মোৰ এই লেখাৰে দেউতাক স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাছিলোঁ।•


(লেখক প্ৰয়াত উমেশ বৈশ্যৰ দ্বিতীয় পুত্ৰ আৰু চৰকাৰী পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী, বিশ্বনাথৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা মুৰব্বী।) [ ১৭৮ ]

স্মৃতিৰ টুকুৰা

অৰুণজ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী

[১]

 এক পলায়নবাদী সুযোগৰ আশা কৰি পিতাৰ কোঠাটোৰ দুৱাৰৰ ফাঁকেৰে ভুমুকি মাৰি চালোঁ। শেতেলীৰ মূৰ শিতানৰ পিনে আউজি অইন দিনবোৰৰ দৰে সেইদিনাও কিবা লিখা-মেলা কৰি থকা দেখিলোঁ। আজিৰ চৰ্চাৰ বিষয়টো পিচে মোৰ জ্ঞাত নহয়। আজি বাৰু ভাল দিন নেকি মোৰ! সদায় ইংৰাজী ব্যাকৰণৰ কঠিন কঠিন বাক্য ৰচনা। মনতে ভাবিলোঁ... অসমীয়া মাধ্যমত পঢ়া ল’ৰা-ছোৱালীবোৰোনো বাৰু ইমানবোৰ ইংৰাজী শব্দৰ অধিকাৰী হ'ব পাৰেনে? আজি কাষলৈ নামাতিলেই হয়। টি.ভি. চোৱাৰ দুৰ্বাৰ হেপাহত সদায় আঘাত হানে ব্যাকৰণে।... শব্দকেইটা হাতুৰীৰে কোবোৱাৰ দৰে কাণত পৰিল, “বাবা, ইংৰাজী ব্যাকৰণখন লৈ আহা আৰু কাষত বহা।”

 ব্যাকৰণ শিকাই গৈছে, শিকি গৈছে। তাৰ মাজতে ৰাতিপুৱা স্কুলৰ চকিদাৰ বৃত্তিদাৰ হাতত পঠিয়াই দিয়া চিঠিখনৰ কথা মনলৈ আহিল। বৃত্তিদাৰ সৈতে আমাৰ ঘৰখনৰ এক ঘৰুৱা আত্মীয়তা। এখন খুউব চমু পত্ৰ “শ্ৰীমান বুলু, বাহক বৃত্তিৰ হাতত আলমীৰাৰ ভিতৰত থৈ দিয়া বিদ্যালয়ৰ নথিপত্ৰখিনি পঠিয়াই দিবা। ইতি পিতা”।

 বৃত্তিদাৰ সৈতে থকা আত্মীয়তাৰ মধ্যাকৰ্ষণ বলৰ সন্মুখত পিতাৰ চিঠিখনৰ মূল্যায়নৰ দোধোৰ-মোধোৰ অৱস্থা এতিয়াও অব্যাহত। “শ্ৰীমান বুলু” শব্দকেইটাই মনৰ ভিতৰতে গভীৰ ভাবে নিজকে অতি সন্মান আৰু মৰমৰ অধিকাৰী কৰি তুলিছে।

 বাক্য ৰচনা কৰি থকাৰ মাজতে স্বতঃস্ফূৰ্ত ভাবে কৈ উঠিলোঁ— বৃত্তিদাৰ হাতত চিঠিখন নিদিলেও হ’লহেঁতেন! তেওঁ দেখোন আমাৰ ঘৰৰ মানুহৰ দৰেই। নথিখিনি দিয়াত চিঠিখনৰ বিশেষ ভূমিকাৰ প্ৰয়োজনবোেধ নকৰিলোঁ [ ১৭৯ ]

পিতা। কথাখিনিত পিতা খুউব এটা প্ৰসন্ন নহ’ল যেন বোধ হ’ল। শিকাই গৈ আছে তেতিয়াও— “তুমি punctuationত দুৰ্বল, ব্যাকৰণ শুদ্ধকৈ ব্যৱহাৰ কৰিবা।” “বাবা বিশ্বাস ভাল, কিন্তু অন্ধতা নহয়।” কালি ৰাতিপুৱা মোক কথাষাৰ ব্যাখ্যা কৰিবা।

ৰঙা চিয়াঁহীৰ দাগবোৰত ব্যাকৰণৰ বহীৰ পাতখিলা ৰঙাবগা হ'ল। দেখাত একপ্ৰকাৰ সুন্দৰ চিত্ৰ এখনৰ দৰেই হ’ল। আজিৰ দিনটোও সেই বিশেষ বাক্যটোৰে সামৰণি পৰিল। “শব্দানুবাদ হৈছে বাক্যানুবাদ নহয়।”

 “বিশ্বাস ভাল, কিন্তু অন্ধতা নহয়” ব্যাকৰণ শিকি থকাৰ মাজতে পিতাৰ উক্ত বাক্যষাৰৰ মূল্য মোৰ আজিও চাকৰি জীৱনৰ বহু ক্ষেত্ৰত উপলব্ধ হয়।

[ ২ ]

 দশম শ্ৰেণীৰ ঘটনা। অঙ্কৰ টিউচন ৩ পৰীক্ষা শেষ হোৱাত অঙ্কৰ চাৰে বহীখিনি লগত লৈ মোৰ লগতে আহি পিতাৰ হাতত জমা দি বহীখিনি মূল্যায়ন কৰি দিবলৈ অনুৰোধ কৰে। মনত মোৰ খুউব স্ফূৰ্তি আজি পৰীক্ষা ভাল হৈছে। খুউব উৎসাহ আৰু স্ফুৰ্তিত থকা দেখি পিতাই মোক চাৰৰ সন্মুখতে সুধিলে- “পৰীক্ষা ভাল হৈছে ছাগৈ।” “অৰুণ মোৰ প্ৰিয় শিষ্যবোৰৰ এজন” চাৰে ক'লে।

 পিতাৰ পৰা বাহঃ বাহঃ পোৱাৰ আশাৰে ৰাতি বহীবোৰ মূল্যায়ন কৰাৰ সময়ত পিতাৰ কাষত বহি লওঁ। প্ৰদীপ, সঞ্জীৱ, নয়নৰ বহী চোৱা হ'ল। নম্বৰবোৰো পিতাই দি গ'ল। সিহঁতৰ ভুলবোৰ মোক আঙুলিয়াই দিছে। মোৰ সেই ভুলবোৰ হোৱা নাই। মনটো লাহে লাহে ডাঠ হৈ গৈ আছে। এইবাৰ দিগন্তৰ বহীটোও চোৱা হ'ল। মোৰ বহীটো পিতাই হাতত তুলি লৈছে। মই এশ শতাংশ শুদ্ধ হোৱাৰ এক গৰ্বত পিতাক কৈ গ'লো— পিতা, মোৰ গণিতত শক্তি কিছু বেছি। বোধহয় মেট্ৰিকত লেটাৰ মাৰ্কচ আহিব। পিতাই শুনি গৈ আছে আৰু মাজে মাজে কৈ গৈ আছে— “আখৰবোৰ বেয়া হৈছে তোমাৰ, দ্বিঘাত সমীকৰণ ভালদৰে বুজি পাইছানে?” মোৰ স্পষ্ট উত্তৰ খুউব ভালকৈ পাৰোঁ মই। বিশৰ ভিতৰত বিশ পোৱাৰ আশা আৰু বহীবোৰ টিউচনত সকলোৰে আগত ওভতাই দিয়াৰ সময়ত চাৰৰ পৰা শুনিবলগীয়া প্ৰশংসা বাণীবোৰৰ সপোনত বিভোৰ হৈ থকা সময়ত বুকুত আঘাত কৰা দি পিতাৰ ৰঙা চিয়াঁহীৰ ভুল চিহ্নৰ সৈতে কণী ৰূপৰ দাগে সপোনত বেয়াকৈ পানী [ ১৮০ ] ঢালিলে। কিছু সময় থমকি ৰলো। ভুল ক’ত হৈছে বিচাৰি নোপোৱাত কিছু বিদ্ৰোহী সুৰত সুধিলো- “পিতা, উত্তৰটো চোন শুদ্ধ হৈছে, অঙ্কটো কিয় কাটিলা?” “উত্তৰ শুদ্ধটো লক্ষ্য হোৱাতকৈ শুদ্ধভাৱে উপনীত হোৱাটোহে লক্ষ্য হোৱা উচিত’ পিতাৰ স্পষ্ট উত্তৰ। “তোমাৰ বৰ্গমূল চিহ্নৰ প্ৰয়োগ যথাস্থানত হোৱা নাই।”

 আজি H.S.L.C.ৰ ফলাফলৰ দিন। পুৱাৰে পৰা এক নজনা ভয়। ফলাফলত স্কুলৰ চাৰসকলে কিছু আশা কৰিছে। নৱম আৰু দশম শ্ৰেণীত একেৰাহে ৰোল নং এক ছাত্ৰ। তাতে আকৌ সুকীয়া পৰিচয়- বৈশ্য চাৰৰ ল'ৰা। পিতা সেই সময়ত খুবেই সাহসী ভাবে বৃক্কৰ অসুখটোৰ সৈতে অবিৰাম যুঁজত ব্যস্ত। এক ব্যৰ্থ যুঁজাৰু। শেষ সময় সমাগত। হয়তো প্ৰতি মুহূৰ্তত কিমানবাৰ কিমান প্ৰাবল্যৰ শক্তিৰ বিৰুদ্ধে নিজকে প্ৰমাণিত কৰি আছিল সেয়া বুজাৰ বোধেৰে মই বিকাশৰ পথত বহু তলত। পুৱাৰে পৰা ফলাফলৰ ভয়তে পিতাৰ শোৱা কোঠাটোৰ পৰা এক নিৰ্দিষ্ট কক্ষপথত ঘূৰি ফুৰিছো।

 “ফলাফল ওলাবৰ সময় হৈছে, পিতাৰাক সেৱা কৰি স্কুললৈ যা” মাৰ কথাত লাহে লাহে পিতাৰ কাষলৈ গ'লোঁ। কিছু সময় মোৰ ফালে থৰ লাগি চাই আছে। “বাবা, মনত জোৰ আছে নে?... ফলাফল ভাল হ’ব যোৱা”।

 স্কুল পাওঁ নৌপাওঁ। চিঞৰ-বাখৰবোৰ দূৰৈৰ পৰাই ভাঁহি আহিছে। চাগৈ ফলাফল সকলোৱে পাইছে। এনেতে সন্মুখৰ পৰা জয়ন্তৰ চিঞৰ, অৰুণ তই এখনতো লেটাৰ পোৱা নাই। পিছে তোৰ ৰিজাল্ট সকলোতকৈ ভাল হৈছে। স্কুলত সকলোৱে প্ৰশংসাৰে ওপচাই পেলালে। স্কুলৰ ভিতৰত প্ৰথম। শিক্ষকসকলেও অভিনন্দন জনালে। এখনতো লেটাৰ নোপোৱা বিষাদে মোৰ স্কুলৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাৰ কৃতিত্বটো যেন ম্লান কৰি আছে। লেটাৰ মাৰ্কচ পাবলৈ গণিতত ৮, ইংৰাজীত ৪, বিজ্ঞানত ৮, উচ্চ গণিতত ৬ নম্বৰৰ অভাৱ। স্কুলৰ পৰা ওভটাৰ পথত পিতাই কোৱা কথাষাৰ মনলৈ আহিছে। “শুদ্ধভাৱে উপনীত হোৱাটোহে লক্ষ্য হোৱা উচিত।” এক সুন্দৰ ফলাফলৰ পৰা বঞ্চিত হোৱাত বিষয়কেইটাৰ ওপৰত প্ৰচুৰ দখল থকা সত্বেও নিজৰ সূক্ষ্ম ভুলবোৰে কেনেকৈ নিজৰ আগতে নিজকে হাৰ মনাবলৈ বাধ্য কৰালে সেয়া বুজিবলৈ বাকী নাথাকিল। [ ১৮১ ]

 তোমাৰ বন্ধু কিমানজন আছে? আছে পিতা। গোটেই কেইজন ভালেই বন্ধু। “উত্তম বন্ধু কোন?” পিতাৰ প্ৰশ্নবোৰৰ কাৰণ বুজি পোৱা নাই। তথাপিও উত্তৰ দিলোঁ; নয়ন, দিগন্ত, জয়ন্ত, নৱ আৰু দুই এজন আছে পিতা। পিতাই কোঠালীটোৰ কিতাপৰ আলমিৰাটোলৈ কিছু সময় চাই ৰ'ল। এইবাৰ আকৌ এটা প্ৰশ্ন “আলমিৰাটোত কিমানখন কিতাপ আছে?” “নাজানো... হ’ব চাগৈ এশখনমান” মই উত্তৰ দিলো। “মই নাথাকিলে আলমিৰাটো চাবা। কোনো বন্ধু উত্তম নহয়। কিতাপ সৰ্বোত্তম। সদায় পঢ়িবা, এটা হলেও কথা শিকিবা।”... “এডমিচন লোৱাৰ দিনা তোমাৰ লগত উত্তম বন্ধু থকাৰ পিছতো H.S.L.C. ৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন হেৰুৱাব নালাগিছিল।” এইবাৰ বুজিব পাৰিলোঁ পিতাৰ কথাখিনিৰ উৎস কি? আৰু দুদিন আগত বি. বৰুৱা কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি বন্ধুবৰ দিগন্তৰ সৈতে কলেজৰ পৰা ওভতাৰ পথত মোৰ লগত নিয়া নথিপত্ৰখিনি পুনৰবাৰ চাওতে ৰেজিষ্ট্ৰেচন কাৰ্ডখন নোহোৱা হোৱাত ঘৰত দিয়া উচ্চস্তৰৰ বকনিত পিতাৰ কঁপি উঠা গাটো মনলৈ আহিল। ‘ইয়াক ফাঁচি দিব লাগে’ বকনি সমূহৰ ভিতৰত এক অন্যতম। হয়তো এনেকুৱা বকনি কোনো পিতৃয়ে কোনো সন্তানক দিয়া নজিৰ কমেই ওলাব। এনেতে পিতাৰ মাতত সম্বিত ঘূৰিল। আলমিৰাত পাঁচশ খনতকৈ বেছি কিতাপ আছে, এইবোৰ মোৰ বন্ধু। মনত ৰাখিবা। যিমানে পঢ়িবা, সিমানে সীমিত বন্ধু হ'ব। ভাল বন্ধু হ’ব। বেয়া মানুহে শিক্ষিত মানুহৰ লগত বন্ধুত্ব কৰিবলৈ টান পায়।”


[ ৪ ]

 পিতা G.M.C. হাস্পাতালত চিকিৎসাধীন। কাষৰ বিচনাখনত জনৈক ৰোগী। পিতাৰ তুলনাত আপেক্ষিক ভাবে বহুখিনি সুস্থ। উঠি ফুৰিব পাৰে। কথা পাতিবও পাৰে। প্ৰায়ে তেওঁক অন্য ৰোগীসকলৰ সৈতে কথা পাতি থকা পৰিলক্ষিত হয়। আজিও তেওঁ খৱৰ কাকতখন লৈ মোক মাতিছে। বুজিব বাকী নাথাকিল। অইন দিনবোৰৰ দৰে খৱৰ কাকতখন তেওঁক পঢ়ুৱাই শুনাব লাগিব। কি এক বিৰক্তিদায়ক কাম, আৰু বিৰক্তিদায়ক মানুহ। মনৰ বিৰুদ্ধেও হাতত কাকতখন লওঁ। আজিও একেৰাহে আধাঘণ্টা পঢ়ি থাকিব লাগিব। অনিচ্ছাৰে ৰসবিহীনভাৱে কাকতখন পঢ়ি দুটা পৃষ্ঠা শেষ হোৱালৈ অণ্ঠ-কণ্ঠ শুকাই যোৱা অৱস্থা মোৰ। পঢ়া শেষ হোৱাত পিতাৰ মাতত ঘূৰি চাই দেখিলোঁ মানুহজন অলপ বেলেগ হৈ আছে। “বাবা কাষলৈ আহাচোন। ৰাস্তাৰ কাষত [ ১৮২ ] বান্দৰে নচা দেখিছানে? আনে নচুৱায় সি নাচে। তুমি কাকতখন বিৰক্তিত পঢ়ি আছিলা, মই গম পাইছোঁ। যোৱা কেইদিনমান ধৰি মনৰ বিৰুদ্ধে এই কামটো কৰি আছা। বেলেগে নচুৱালে তুমি নাচি থাকিবা নেকি? মানুহক না বুলি ক'ব শিকা। মানুহক চিনিব শিকা। মানুহজন কাকতখন পঢ়িব পৰাকৈ সুস্থ। সুবিধাবাদী মানুহৰ পৰা দূৰৈত থাকিবা।”

[ ৫ ]

 ভাতৰ পাতত বহি একপ্ৰকাৰ চিঞৰি দিয়া অৱস্থা। মোৰ প্ৰিয় দাইল, ছয়াবিনৰ তৰকাৰী নাই। কেৱল আলু পিতিকাৰে ভাত খাব পাৰি নেকি? কাষতে পিতাই নিমখ তেলেৰে ভাত খাই থকাৰ পৰা মূৰ উঠাই মোৰ পিনে চালে “মাছ-মাংস সদায় খুৱাব পাৰো, কিন্তু মানুহে যিকোনো পৰিবেশতে চলিব পৰা হ'ব লাগে। যিদিনা একো নাথাকিব সেইদিনা কি খাবা? তুমি সময়ৰ সোঁতত চলিব লাগিব। মায়ে যি দিছে সেয়াই খোৱা। একো নথকা মানুহে কেনেকৈ খাই জীয়াই থাকে এবাৰ ভাবি চোৱা। জীৱন সোণৰ নহয়!”

 প্ৰতিটো মুহূৰ্ততে যেন অভাৱ। এতিয়া প্ৰতিষ্ঠা লাভ কৰিছোঁ। ভাৰতৰ সৰ্বোত্তম প্ৰতিষ্ঠান তথা বিশ্বৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম TCSৰ উচ্চপদত পদাধীকাৰী। তথাপিও যেন অপূৰণীয় অভাৱ। হয়তো কাষতে থকাহেঁতেন একেলগে বহি বহুতো কথা পাতিলোহেঁতেন। বহু কথা শিকিলোহেঁতেন। হয়তো আশীৰ্বাদত জীৱনত আৰু কিছু আগবাঢ়িলোহেঁতেন। পিতাৰ অভাৱে খুউব আমনি কৰে। পিতাৰ কথা এষাৰ এই মুহূৰ্তত মনত পৰিছে; আবেলি পৰত পঢ়া সময়ত নপঢ়ি অবাবতে সময় নষ্ট কৰোতে কৈছিল, “বাল্বটো জ্বলি আছে। পোহৰৰ মূল্য বুজা নাই। এন্ধাৰ হোৱাৰ দিনা পোহৰ বিচাৰি হাবাথুৰি খাবা।”•


(লেখক প্ৰয়াত উমেশ বৈশ্যৰ তৃতীয় পুত্ৰ আৰু ভাৰতৰ সৰ্বোত্তম তথা বিশ্বৰ বহুজাতিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম TCSৰ Senior Manager, Human

Resources.) [ ১৮৩ ]
 

উমেশ বৈশ্যৰ স্মৃতিত কবিতা

(কবিতা কেইটাৰ ৰচনাকাল ২০১০ ইং)

“হৃদয়ৰ ছন্দেৰে গাই গৈছিলা
সত্য আৰু সুন্দৰৰ গান আৰু বিলাই ফুৰিছিলা
প্ৰজ্ঞাৰ গাঠি খুলি খুলি সাহিত্যৰ সৌৰভ।
বিজ্ঞানৰ সূত্ৰ
অঙ্ক শাস্ত্ৰৰ জটিল ধাৰা।”

 

—মীৰা ঠাকুৰ

[ ১৮৪ ]
 

হে প্ৰিয় বন্ধু

যোগেশ মল্ল বুজৰবৰুৱা

শ্ৰীমন্তপুৰ, গুৱাহাটী

দুকুৰি বছৰ আগত এটি শুভমুহূৰ্তত
হৈছিলো পৰিচয় নলবাৰী কলেজত
নতুন আশা নতুন কল্পনা
সুন্দৰ ভৱিষ্যত গঢ়াৰ আশাবোৰ বুকুৰ মাজত॥

গম্ভীৰ পৰিবেশ কলেজৰ
ব্যক্তিত্বপূৰ্ণ পূজ্য প্ৰিঞ্চিপাল গোস্বামী ছাৰ
আৰু অধ্যাপক সকল
ভাই-ভনীৰ সম্বন্ধৰে ছাত্ৰ-ছাত্ৰীৰ
যেন পবিত্ৰ মিলনৰ থল॥

তাৰ মাজতে -
সা ৰে গা পা ধা ৰে
ওচৰ চাপিছিলো বন্ধু আমি
যেন একে সুৰতে মগন।
জমিৰ চাৰৰ সুৰত সুৰ মিলাই
শিকিছিলো বিষ্ণু-জ্যোতিৰ গান।

সূৰ্য্যৰ ভাগিন তুমি
মুখমণ্ডলত যেন পূৰ্ণ চন্দ্ৰৰ জেউতি
বহল কপাল উজ্জ্বল চকু মুখত নিৰ্মল হাঁহি,
দৃঢ়তাৰে ধৰি ৰাখিছিলা সংস্কৃতিৰ গতি॥

[ ১৮৫ ]

পোছাকত তোমাৰ শুভ্ৰ ধুতি পাঞ্জাৱী
দূৰ আকাশলৈ চাই গাইছিলা অন্তৰৰ গান
কাহানিও নেদেখিলো
তোমাৰ চকু মুখত বেদনাৰ চাৱনি
এয়া যেন ভগৱানৰ তোমালৈ দান॥

মোৰ দ্বিতীয় পুৰুষেও ধন্য মানিছিল
তোমাক গুৰু হিচাপে পায়।
তুমিএ সিহঁতৰ কোমল অন্তৰত
দিছিলা সঙ্গীতৰ তাল-লয়॥

আমি নাম দিছিলো তোমাক
দ্বিতীয় বিষ্ণু ৰাভা।
সদায়ে থাকিবা বন্ধু তুমি
আমাৰ অন্তৰত যেন মচিব নোৱাৰা ৰেখা॥ •


(লেখক গুৱাহাটীৰ চান চিকিউৰিটি চাৰ্ভিচৰ জেনেৰেল মেনেজাৰ।) [ ১৮৬ ]


স্মৃতিৰ সঁফুৰাত সযতনে ৰাখিছোঁ তোমাক

(শিল্পী প্ৰাণ উমেশ বৈশ্যৰ পবিত্ৰ সোঁৱৰণত)

মীৰা ঠাকুৰ

ৰূপনগৰ, গুৱাহাটী

জীৱন আৰু জীৱিকাৰ যাত্ৰাপথেৰে গৈ গৈ
তুমি এদিন অধ্যাপনাৰ দুৱাৰ খুলি মানুহ গঢ়াৰ শপত লৈছিলা।

ইয়াৰ পিছত আৰু ৰোৱা নাই
জীৱন গঢ়াৰ ছাবি কাঠি হাতত লৈ
তুমি খুলি গৈছিলা প্ৰজ্ঞাৰ দুৱাৰ খিৰিকি
জ্ঞান পিপাসু মগজুবোৰে বেঢ়ি ধৰিছিল চৌদিশে।

হৃদয়ৰ ছন্দেৰে গাই গৈছিলা
সত্য আৰু সুন্দৰৰ গান আৰু বিলাই ফুৰিছিলা
প্ৰজ্ঞাৰ গাঠি খুলি খুলি সাহিত্যৰ সৌৰভ।
বিজ্ঞানৰ সূত্ৰ
অঙ্ক শাস্ত্ৰৰ জটিল ধাৰা।

পাঠশালাখনৰ ভিতৰে বাহিৰে তোমাৰ কণ্ঠৰ নিজৰা
ঝিম্ ঝিম্‌, ৰিম্‌ ৰিম্‌ বৰষাৰ গান।

আজিও বৰষে যেন গুণ-গুণ জলস্ৰোতৰ ফোয়াৰা এটি হৈ
আদৰ্শৰ মুকুতা মনিৰে তোমাৰ হৃদয়ৰ বাখৰুৱা সাজ আৰু
শব্দ শঙ্খৰ ধ্বনি, ৰিণিকি ৰিণিকি।

মনত পৰেনে সুহৃদ
তুমি ধুলি জোকাৰি বুটলি ফুৰিছিলা
শিল্পী প্ৰতিভাৰ মুকুতাৰ মনি এথুপি-দুথুপি।

নাট্যশালাৰ বুকুত নিজকে বিচাৰি পাই
অন্য এক ৰূপত

[ ১৮৭ ]

কি যে উল্লাসিত প্ৰাণ
আস্, সোণত সুৱগা চৰা জীৱন তোমাৰ।

হয় হয়, ইতিহাসে গৰকি যোৱা সোণালী বুৰঞ্জীক
তুমি প্ৰাণময় কৰি তুলিছিলা

অলেখ কাহিনী, অলেখ মঞ্চ, অলেখ চৰিত্ৰই অভিনয়ৰ
সোণালী মঞ্চৰে দোলা দি যোৱা জীৱন তোমাৰ।

চৌদিশে সিঁচৰিত হৈ থকা ঘটনা পৰিঘটনাবোৰে
প্ৰাণ পাই উঠি বাউলি মাতেহি তোমাক

তুমি শিল্পী প্ৰতিভাৰ এধানি মুকুতা
মঞ্চই মুহিত কৰিছিল তোমাক
আৰু তুমি মুহিত কৰিছিলা অগণন শ্ৰোতা দৰ্শকক।

মানুহ তোমাৰ প্ৰিয়জন আৰু
তুমি মানুহৰ আপোনৰো আপোন সুহৃদ

হে শিল্পী, সোঁৱৰণীৰ সেঁতুৰে গৈ গৈ
আমি খান্দি ফুৰিছোঁ তোমাৰ স্মৃতিৰ সুৰভি।

শিক্ষা গুৰুৰ অৰ্হতাৰে বিভূষিত হৈ
তুমি উপচি আহা ছাত্ৰৰ মনৰ মনিকূট ভৰি
নাম ল’লা প্ৰজ্ঞাৰ আধাৰ।
তুমি ছবিত বন্দী হোৱাৰে পৰা
স্মৃতিৰ সঁফুৰা মেলি সযতনে ৰাখিছোঁ তোমাক
আদৰি সাদৰি।

নীল সমুদ্ৰৰ এটি সোণালী নক্ষত্ৰ হৈ তুমি মাথো
ত’ৰে পৰা আশীষ যাচিবা
আমি বুকু ভৰি লম সেই পবিত্ৰ নিৰ্মালী,
তোমাৰেই নিৰ্মল জ্যোতিৰ।

[ ১৮৮ ]

শ্ৰদ্ধাঞ্জলি

তৰুণ চন্দ্ৰ বৰুৱা

ৰূপনগৰ, গুৱাহাটী

বিৰুবাৰী পাহাৰৰ দাঁতিত আছিল
হাবি ফালি ওলোৱা নিজৰা পাৰ
তাতেই ভেটি সাজি বাস কৰাজন
শ্ৰদ্ধাৰ উমেশ বৈশ্য চাৰ।

অতুল ৰমেন দুই ভাতৃৰে
সমলয় গঢ়ে বিভিন্ন বাদ্যৰে,
তৰু তৃণে বতাহত নাচিছিল
বৈশ্য কুটীৰৰ সুৰে সুৰে।

ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়িবলে
শিক্ষকতা আছিল তেওঁৰ পণ,
জিৰণীৰ সময়ত ঘৰতে পাতিছিল
সুৰ তালৰ মধুৰ কানন।

ওচৰ চুবুৰীয়াৰে নাছিল কাহানিও
দম্ভ, অহংকাৰ, খেয়লা-খেয়ালী,
শিশুক উপদেশ দিবলৈ আছিল
তেওঁৰ মৰম ৰসৰ ধেমালী।

বাসস্থানৰ এফালে আছিল ছপাশাল
কৰ্মই ধৰ্ম সমাজক বুজাব,
বিলাসীতাৰ নতুন প্ৰবাহৰ দিনত

[ ১৮৯ ]

বিৰুবাৰীৰ ৰাইজে জানো বুজিব?
বিৰুবাৰী-ৰিহাবাৰী সেৰেঙা বসতি
তাতেই বৈশ্য চাৰ শিক্ষাৰ ৰোৱনী,
নিৰক্ষৰৰ সন্তানক গঢ় দিবলৈ
পোৱা নাছিল কেতিয়াও আমনি।

বিৰুবাৰী, ৰূপনগৰ, প্ৰফেচৰ কলনি
আৰু জোনাকপুৰো জনাৰণ্য হ’ল
হে মহিয়সী শ্ৰদ্ধা যাচিলোঁ
পৰিহাৰ কৰি সকলো কোলাহল।•

[ ১৯০ ]

তুমি... তোমাৰ কবিতা...

অচিন্ত্য কৃষ্ণ শৰ্মা

ৰূপনগৰ, গুৱাহাটী



তুমি... তোমাৰ কবিতা... যেন... যেন..
আলফুল বসন্তৰ দিপ্ লিপ্ ফুল
তুমি... তোমাৰ কবিতা.. যেন... যেন...
পদুলিৰ তুলসী তলত মাটিৰ আলোক-চাকি
তুমি... তোমাৰ কবিতা...

আমি শত পাপৰ প্ৰতিনিধি - মাতাল শিশুপাল

আছে... নাই কি... আছে সকলোখিনি...
আমাৰ আছে- পাপী মন... লুভীয়া-দৃষ্টি... সোৱাদ- তিতা চিন্তা
জানো... নাজানো কি... জানো সকলোখিনি
কথা কওঁ উগ্ৰ কণ্ঠে... কথা কওঁ বাৰুদেৰে...
প্ৰদূষিত কৰোঁ অকণমানি সবৰ সত্বা

তেজেৰে নোৱালো-ধুৱালো সেউজ উপত্যকা
যাপন কৰিছোঁ দস্যু জীৱন

আহা... কলৈ গ'লা হে কবি... আহা উভতি...
আহি শুনোৱা পঢ়ি যৌৱনৰ সুগন্ধি কবিতা
বৈ যাওঁক প্ৰেম-মন্দাকিনী
পুনশ্চ প্ৰেমিক হওঁ আমি... পাহৰি পেলাও হিংস্ৰতা।

[ ১৯১ ]

তুমি.. তোমাৰ কবিতা... যেন... যেন...
থোৰ মেলা এডৰা শইচ
তুমি... তোমাৰ কবিতা... যেন... যেন...
পুৱতি পখীৰ মাত কথা...•


(উৎসৰ্গ : শ্ৰদ্ধাৰে উমেশ চন্দ্ৰ বৈশ্যদেৱৰ সোঁৱৰণত) [ ১৯২ ]

সপোন

(প্ৰয়াত দাদাৰ স্মৃতিত)

প্যাৰী মোহন ডেকা
বিৰুবাৰী, গুৱাহাটী

ৰাতিৰ অন্ধকাৰত
খোলা দুৱাৰ বন্ধ হ'ল।
মৃদুকম্প নেৰে
ৰুদ্ধ শ্বাসত হৃদয়
মোৰ কম্পমান
ৰাস্তাৰ পৰা বৈ আহিছিল
এমুঠি জোনাক
বেৰৰ ভঙা খিৰিকীৰে
দিঠক,
নে সপোন?
ৰাতি দোভাগ...
নিদ্ৰা দেৱীয়ে মোক মাতিছিল
চিল্‌ মিল্‌ টোপনিৰ পৰা
সাৰ পালোঁ।
ৰাতি ফেঁচাৰ নিৰ্জনতা ভঙা
সংকেত...
খিৰিকীৰে জুমি চালোঁ
পোহৰ হ’বলৈ আৰু
বেছি সময় নাই
কাউৰী জাকে দূৰ দিগন্তলৈ
উৰি গুচি গ'ল কা - কা - কা - কৈ
দিনবোৰ কেনিবা গুচি গ'ল...
মনত ৰৈ গ'ল
অতীতৰ সপোন।•

[ ১৯৩ ]

অনুৰাগ

ৰূপম মজুমদাৰ

ৰূপনগৰ, গুৱাহাটী

আজি তুমি অহাৰ কথা আছিল...
বাট চাই থাকোতেই আবেলি হ’ল...
পুৱাৰ চৰাইজাকে নীড় মুখীতো মোক দেখিলে...
দুটোপাল নিয়ৰ তৰ্জনী আঙুলীত
লৈ থাকোতেই শুকাল..
হাতৰ মুঠিত চিঙি অনা ফুল দুপাহো
মৰহি যাওঁ যাওঁ...

ডিঙি শুকাই গৈ মই অধীৰ হৈ পৰিছো...
থিয় হৈ হৈ মোৰ শিৰা-উপশিৰাত নাচিব লাগিছে
জিন জিনিৰ নঙঠা নৃত্য...
বেলিও ৰৈ ৰৈ ভাগৰি পৰিছে।
পদুলিমুখৰ জেওৰাখনো বেঁকা হৈছে
তাৰ বুকুয়েদি অলপ পিছত পাৰ হৈ আহিব
জোনাকৰ মৌন সমদল...
নিশাত মই তিতিব নোৱাৰোঁ...
অনুৰাগে যে বাৰে বাৰে অহা-যোৱা কৰিছে
কিবা হেৰোৱাৰ বেদনাত...
ই কেনে কথা...
কথা দি কথা নৰখাৰ..•

[ ১৯৪ ]

নিৰুদ্দেশ যাত্ৰা

দীপ্তি ভড়ালী

বিৰুবাৰী, গুৱাহাটী

তুমি বিচাৰিছিলা
 কাহানিও মাটি হৈ নোযোৱা
 মানুহবোৰৰ দয়া, মমতা চেনেহ
  অথবা
 কৰুণা।
নাজানো তুমি কি পালা
মাথোঁ পোহৰ সিঁচিলা, গীতেৰে
 সুৰেৰে, কবিতাৰে।
পোৱা নোপোৱাৰ দোমোজাতে
ভৰ দুপৰীয়াৰ ৰঙা বেলি মূৰত লৈ
বুকুত মেটমৰা স্মৃতিৰ বোেজাৰে
 তুমি গুচি গ'লা সিপাৰলৈ।
ইপাৰে ধোঁৱাত মূৰ গুজি
 সকলো হেৰাল বুলি
 চেনেহীয়ে কান্দিলে, উচুপি
  হুক্‌হুকাই, হিয়া ঢাকুৰি।
এৰি যোৱা, আধা আঁকা আলসুৱা সপোনে
বাৰে বাৰে সকিয়াই।
কঠোৰ সংগ্ৰামেই হেনো মানুহৰ জীৱন।
আৰম্ভিলা তোমাৰ নিৰুদ্দেশ যাত্ৰা
উৰুখা পঁজাৰ তলত চেনেহীৰ চকুৰ পতাত
তিৰ্‌বিৰাই জিলিকি ৰ’ল দুখৰ বন্যা।•

[ ১৯৫ ]

তোমাক সাৱটি ধৰোঁ
(উমেশ বৈশ্য ছাৰৰ সোঁৱৰণত)

ডাঃ ৰাজীৱ ভট্টাচাৰ্য

ৰূপনগৰ, গুৱাহাটী



১। আমিবোৰ তেতিয়া সৰু সৰু
নিশা পুৱতি
জোনাক বিচাৰি ফুৰোঁ
গানৰ জোনাক

সুৰ-ধ্বনি তুলি, ভীম পলাশ্ৰী ৰাগৰ
তুমি এটি জোনাকী
তোমাক গুন্ গুন্ কৈ সাৱটি ধৰোঁ

২। এটি সুৰে এখন পৃথিৱী সজোৱা দেখো
তন্ময় এখন পৃথিৱী
যি বুকু ফালি দিব পাৰে
সুৰৰ কেঁচা - কোমল নিজৰা এটি
তাৰ এচলুৰে গুচাও আমাৰ পিয়াহ
শইচৰ সুহুৰি সনা সুৰৰ পিয়াহ

৩। ঘৰবোৰ ধোঁৱাৰ আঁৰ হ’ল
ঘৰবোৰ ছাই হ’ল
তোমাৰ সুৰৰ সঁজাৰ পৰা সিঁচা সঁচা সুৰ
তপত তেজত টোপাটোপে পৰকহি
তাতে বিৰিঙি উঠক - সন্ধ্যা
তোমাৰ সুৰৰ আৰতি।

[ ১৯৬ ]

দোঁ খাই অহা আকাশ



(দাদালৈ অশ্ৰু অঞ্জলিৰে)



দিলীপ কুমাৰ দাস।


ৰূপনগৰ,


গুৱাহাটী


তোমাৰ হাতত তুলসী
দুচকুত শিশিৰ সিক্ত গোলাপ
বাসন্তী মুখত
সূৰুযমুখী বাসনা
তোমাৰ দৃষ্টিত নিৰিবিলি ছন্দ
চিৰ স্ৰোত এসাগৰ অমৃত সংলাপ
তোমাৰ হৃদয়ত দেখিছোঁ
আকণ্ঠ সুৰধ্বজা
অনিমেষ নীলিম আলোকী আকাশ
তোমাৰ আঘোণীয়া হাতৰ পৰশত
সোণোৱালী শইচ
হালে-জালে সোণগুটি
থুৰিয়া-থুৰি পোখা মেলে তিহিতি জোনাক
তুমি বকুল হাতত লৈ ভালপোৱা
এফাকি কপৌবেণী কবিতা
তোমাৰ নাতিশীতোষ্ণ সেউজীয়া হাত
কলিজাৰ কুকিত অলেখ
প্ৰেমাতুৰ অনুভূতি
হেঙুলী হাচনাহানাৰ সপোন

[ ১৯৭ ]

মোৰ হৃদয়ৰ দুপাৰে।
তুমি মাদুৰি কপোৱা
শীতল মাধুৰী মলয়া
তোমাৰ আঙুলিৰ আগলিত
এলানি সোণসেৰীয়া সোণাৰু
আজি দুগালত তিবিৰাই নীলাভ অশ্ৰু
তোমাৰ সুজলা-সুফলা সোঁৱৰণীত
বট-বীজে চানি ধৰক
চানি ধৰক চেনেহী আকুঁহি ধৰাক
আজি আলফুলে আঁকোৱালি ল'লো
স্নিগ্ধস্নাতা ব্ৰহ্ম নিৰ্মালী তোমাৰ॥

[ ১৯৮ ]

উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


 ‘তই যুক্তিযুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতা কেইটি বতর্মান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কৰিমনৰ উতল। কবিতা কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে ইয়াত থকা কবিতা কেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্রিমতা ইয়াত নাই। বর্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণশিঙা বজোৱা এনে কবিতাৰ প্ৰয়ােজন হৈছে।

- তীর্থ নাথ শর্মা

[ ১৯৯ ]

প্ৰবীন কথাশিল্পী শ্ৰীযুত যোগেশ দাসৰ দুআষাৰ

 শ্ৰীউমেশ বৈশ্যৰ ‘ মিলন’ কাব্যখনিৰ মূল প্ৰেৰণা প্ৰেম কিন্তু এই প্ৰেম অলপ পৃথক প্ৰকৃতি, নিতান্ত গতানুগতিক যৌৱনধৰ্মী প্ৰেম নহয়। অৱশ্যে বৈশ্য কবি ডেকা কবি আৰু ডেকা মানুহ হিচাপে যৌৱনধৰ্মী প্ৰেমৰ গীত গোৱাও তেওঁৰ পক্ষে তেনেই স্বাভাৱিক। দৰাচলতে কাব্যখনিৰ পাত লুটিয়াই পঢ়ি গ'লে সাধাৰণ প্ৰেমৰ গীত যেনেই লাগে?

চঞ্চল তুমি ৰূপহী কিশোৰী
 চঞ্চল তোমাৰ হাঁহি,
হলো চঞ্চল দেখি মনোহৰ
 পদুমী চকুৰ পাহি।
চকুৰে জনাই মনৰ ব্যথা
 ওচৰ চাপিলা আহি,
ঠকে ঠকে কঁপা ওঁঠ দেখি পালোঁ
 নোকোৱা কথাটি বুজি।

 কিবা কাৰণত এই প্ৰেমিকাটি কবিৰ পৰা আঁতৰি গৈছিল। তাৰ পিছত বিৰহৰ অনুভূতি, প্ৰেয়সীৰ অবুজ আচৰণ বুজিবৰ বৃথা চেষ্টা, কবিৰ প্ৰেমময় চিত্তৰ জয়লাভত আস্থা প্ৰকাশ ইত্যাদিৰ দীঘলীয়া পংক্তিবোৰ বিচিত্ৰ ছন্দৰ মাজেদি বিচিত্ৰভাৱে ব্যক্ত কৰা হৈছে। এইখিনিলৈ কবিতাটোক সাধাৰণ প্ৰেম বিৰহৰ ছন্দময় প্ৰকাশ যেনেই লাগে। কিন্তু অলপ সাৱধানে লক্ষ্য কৰি গ'লে অনুমান কৰা টান নহয় যে এই সাধাৰণ কথাৰ মাজতো অসাধাৰণ বা বিশেষ কিবা এটা আছে যিটোৱে গোটেই কবিতাটোৰ প্ৰকৃত মূল্য নিৰূপণ কৰিব। হেৰাই যোৰা প্ৰিয়াৰ ছবিটি নৈসৰ্গিক জগতত বিচাৰি হাবাথুৰি খোৱা, প্ৰিয়া সৰগলৈ গুচি যোৱা বুলি অনুভৱ কৰা, দুয়োটি প্ৰাণ একেটি বুলি ভাবিবপৰা ইত্যাদি কথাত ইয়াৰ আভাস আছে। তদুপৰি তলৰ পংক্তিটোৱে স্পষ্টতৰ ৰূপত ইয়াৰ ইংগিত দিছে। নিজৰ মনক কবিয়ে কৈছে— [ ২০০ ]

ধৈৰ্য্য বিনে আন মই
নেদেখো উপায় আৰু
 আঁকি ল কল্পনাতে
  সখিৰ মূৰতি;
তাকে চাই চাই তই
গুচাব লাগিব তোৰ
 আছে যত ক্ষুধা তৃষ্ণা
  অসীমৰ প্ৰতি।

 এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি কৰোৱায়। প্ৰাচীন ভক্তিমূলক গীতৰ কথা এৰিলেও আধুনিক যুগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভালেমান গীতকে যুগপৎ মানবীয় আৰু আধ্যাত্মিক মিলন-বিৰহৰ অৰ্থত গ্ৰহণ কৰিব পাৰি। তুমি’ কাব্যত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অতি স্পষ্ট ৰূপত এনে দ্ব্যৰ্থবোধক প্ৰেমাকৰ্ষণৰ দৃষ্টান্ত আমাৰ সাহিত্যত দাঙি ধৰি গৈছে। বিয়েত্ৰিচৰ প্ৰতি ডান্টে আকৰ্ষণে গৈ অমৰ লোকত উপনীত হোৱাৰ উদাহৰণটো সৰ্বজন বিদিত দৃষ্টান্ত। উমেশ বৈশ্যৰ বয়সলৈ চালে অৱশ্যে (২৬ বছৰ) এই সকল মহৎ কবিৰ তুলনা অলপ আশ্চৰ্যজনক বোধ হ’ব। তথাপি তেওঁৰ উপলব্ধিটোত সন্দেহ কৰিবলগীয়া একো নাই। কাব্যখনিৰ শেষৰ পিনে তেওঁ এবাৰ আকস্মিক ভাৱে এই উপলব্ধিৰ প্ৰমাণ দিছে। তেওঁ উপলব্ধি কৰিছেগৈ যে “শুদ্ধ মনৰ অধিকাৰী” হ’ব পাৰিলে তেওঁৰ সখিয়ে তেওঁৰ সেই মনত থিত্ ল’ব— যেনেকৈ অম্বিকাগিৰীয়ে কামনা বাসনাৰ সিপাৰত থকা প্ৰেমৰ অধিকাৰী হৈ মনোৰথ পূৰ্ণ কৰিব পাৰিছিল। বৈশ্য কবিয়ে কলুষতা নাশ’ কৰাৰ একমাত্ৰ উপায় স্বৰূপে ‘সুৰৰ’ আশ্ৰয় ল’লে ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে কোৱা টান; সম্ভৱতঃ সংগীতসৃষ্ট ইন্দ্ৰজাল অপাৰ্থিৱ বস্তু কাৰণে তাৰ মাজত সোমাই পৰি এক অপাৰ্থিৱ জগতক আশ্ৰয় কৰাৰ কথাকে কৈছে। যি হওক, এনে ধৰণৰ কথা সদায়েই ৰহস্যময় হয়। শেষত কবিৰ দুখৰ ৰাতি পুৱাল। কাৰণ সেই সুৰৰ লগতে তেওঁৰ সখিও একাকাৰ হৈ গ'ল আৰু কবি নিজেও সখি বা সুৰ হৈ গ'ল। এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি

কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহ'লে বিৰহ-বেদনাত কষ্ট ভুগি [ ২০১ ]

থকা কবিয়ে সেই উপলব্ধিৰ অন্তত শান্তি লাভ কৰিব নোৱাৰিলেহেঁতেন :
শেষ হ’ল মোৰ বেদনা ভাগৰ
মন সুন্দৰ হ’ল,
জীৱনৰ যত কলা এন্ধাৰ
নাইকিয়া হৈ গ'ল
 সসীম মানৱে বিচাৰি বিচাৰি
 অসীমক যে পালোঁ।
 পৰাণত জ্বলা বিৰহৰ জুই
 আজিহে নুমুৱালোঁ।

যোগেশ দাস


চেনিকুঠী,


গুৱাহাটী,


১৪ মাৰ্চ, ১৯৭১

[ ২০২ ]

পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকাদেৱৰ
এষাৰ

 

 প্ৰকৃত মিলনৰ বাটত বাধা-বিঘিনিৰ হেঙাৰ বহুত। কিন্তু পাঠকৰ চকুত শ্ৰীবৈশ্যৰ এই ‘মিলন’ৰ বোৱঁতী পুঁতিত ডকা- চাকনৈয়া নাই। এই ‘মিলন’ সুঁতিৰ তলি গভীৰ হ'লেও স্বচ্ছ, ওপৰৰ পৰাই মনিব পাৰি, গতি সাৱলীল, বাটে বাটে চমকি থমকি যাবৰ আৱশ্যক নকৰে। মই পুৰণি মানুহ, পুৰণি দৃষ্টিভংগীৰে পঢ়ি চাই ভালেই পাইছোঁ— অৱশ্যে সমালোচনাৰ বিতচকু চকুত আঁৰি লোৱা নাই। বুজাই ক’বলগীয়াখিনি অধ্যাপক শ্ৰীযোগেশ দাসেই ফঁহিয়াই কৈছে। তাৰ ওপৰত মই মাত নেমাতিলেও হ’ব।

আশীৰ্বাদেৰে—
শ্ৰীঅতুল হাজৰিকা

তপোবন
গুৱাহাটী,
৩।৬।৭১

[ ২০৩ ]

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ সমালোচনা

 নবীন কবি শ্ৰীউমেশ বৈশ্যই এই ‘মিলন’ কাব্যখনৰ বিষয়বস্তু লৈছে। প্ৰেম। সাধাৰণ প্ৰেমৰ মাজেদি অসীমক সন্ধান কৰা কবিৰ মনৰ ইচ্ছা। সেয়েহে কবিয়ে—

চঞ্চল তুমি ৰূপহী কিশোৰী
চঞ্চল তোমাৰ হাঁহি
হলো চঞ্চল দেখি মনোহৰ
পদুমী চকুৰ পাহিত ভোল গৈ

 ‘প্ৰণয় সুৰভি সনা’ গান গাই তেওঁৰ সুৰৰ আকুল বিননি শুনিবলৈ প্ৰেয়সীক আহ্বান জনালেও এদিন তেওঁ উপলব্ধি কৰিলে মহাশূন্যৰ আহ্বানেই প্ৰকৃত আহ্বান। এই আহ্বানৰ অন্তত কবিৰ মন সুন্দৰ হ’ল’ পাৰ্থিব বেদনা, ভাগৰ শেষ হ’ল আৰু আত্মতৃপ্তি লাভ কৰিলে—

সসীম মানৱে বিচাৰি বিচাৰি
অসীমক যে পালোঁ
পৰাণত জ্বলা বিৰহৰ জুই
আজিহে নুমুৱালোঁ।

 প্ৰেমৰ কবিতাত বিৰহ বেদনাৰ ছন্দময় প্ৰকাশ সাধাৰণতে হোৱাৰ দৰে মিলনৰ এই দীঘলীয়া কবিতাটোতো সেয়েই আছে। প্ৰেয়সীক এদিন কবিয়ে ভাল পাইছিল— ‘চকুৱে চকুৱে পৰি চাৰি চকু থৰ হৈ গৈছিল’, ‘ভৈৰৱ সুৰৰ বীণখনি’ কবিৰ বাজিছিল আৰু মনৰ পৰা আন্ধাৰ আঁতৰি গৈছিল। কবিয়ে উপলব্ধি কৰিছিল— কবি আৰু প্ৰিয়াৰ একেটি প্ৰাণ একেই হিয়া।

 পাৰ্থিব জগতত জীৱনৰ গতি সহজ নহয়। প্ৰেমৰ জগততো মিলনৰ ঠাইত কেতিয়াবা বিষাদ নামেহি। কবিৰ প্ৰেমতো হয়তো সেয়ে হ’ল। যদিও তেওঁৰ প্ৰিয়াই কৈছিল তেওঁ ‘আজীৱন পৰাণৰ চেনেহ লগৰী হৈ থাকিব, [ ২০৪ ] তথাপি কবিৰ জীৱনলৈ বিচ্ছেদ আহিল (হয়তো প্ৰিয়া সৰগলৈ গুচি গ'ল)। গতিকে প্ৰিয়াৰ অবিহনে কবিয়ে বিৰহ'বেদনা লৈ প্ৰিয়াৰ সন্ধানত মন মেলি দিলে অসীমৰ বুকুলৈ— প্ৰকৃতি পাত পাত কৰিলে— বন বিহঙ্গক সুধিলে প্ৰিয়াৰ বাতৰি—

কোৱাহে বিহগী সৰগৰ দূত
প্ৰিয়া গল ক’ত উৰি?

 নিজৰাৰ পাৰ, শিলনিৰ বুকু, হাবি-বন, সাগৰ, আকাশ সকলোতে বিৰহ বেদনাত জৰ্জৰিত কবিয়ে মনৰ আকুল বেদনা লৈ প্ৰিয়াৰ সন্ধান কৰিলে, কিন্তু ‘কোনেওতো নকয় বাতৰি’।

 প্ৰিয়া বিৰহৰ বেদনা কবিয়ে উপশম ঘটাবলৈ বিচাৰিছে ধৈৰ্যৰ মাজেদি, জীৱন বীণৰ বিভিন্ন সুৰৰ মাজেদি অসীমৰ পৰশ লগা প্ৰেমৰ মোহনীয় ৰূপ দেখা পালে। কবিয়ে ‘সুৰৰ দুৱাৰ মেলি’ মন পোহৰাই পেলালে—মনৰ কলুষ আন্ধাৰ সকলো আঁতৰি গ'ল। অসীমৰ বুকুত সাতোটি সুৰৰ সঙ্গীতৰ ধ্বনিৰ মাজত কবিৰ সাধনা সিদ্ধি হ’ল— সসীমৰ মাজেদি আৰম্ভ কৰা প্ৰেমৰ পৰিতৃপ্তি ঘটিল অসীমৰ মাজত। পৰাণত জ্বলা বিৰহৰ জুই নুমাল।

 নবীন কবিৰ মিলন কাব্যখন পঢ়িলে অনুমান হয় যে কবিৰ মনৰ ওপৰত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘তুমি’ কাব্যৰ প্ৰভাৱ পৰিছে। ভাৰতীয় দৰ্শনত বিশ্বাসী বিভিন্ন প্ৰথিতযশা কবিয়ে প্ৰেমৰ ক্ষেত্ৰত অসীমৰ সম্বাদ যি ধৰণেৰে পোষণ কৰিছে, কবি বৈশ্যইও তাকেই পোষণ কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে খায়ামী সুৰৰ প্ৰতিধ্বনিত হৈছে (তুমি আৰু মই বেলেগ নহয়..... মিলনৰ ঠাই প্ৰণয় সাগৰে)।

বীৰেন বৰকটকী

(নাহেন্দ্ৰ পাদুন সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকাতে প্ৰকাশিত, প্ৰথম সংখ্যা, ১৯৮১ চন।)

[ ২০৫ ]

ধীমান সাহিত্যিক শ্ৰীযুত তীৰ্থনাথ শৰ্মাদেৱৰ
অভিমত

 শ্ৰীমান উমেশ বৈশ্যৰ ‘মিলন’ নামৰ হাতেলিখা কবিতাৰ পুথিখন আদ্যোপান্ত পঢ়ি চালোঁ। শ্ৰীমান বৈশ্য অসমীয়া কবিতাৰ ক্ষেত্ৰত এজন নবাগত। ইয়াৰ আগেয়ে হাত শিক্ষা স্বৰূপে স্কুল কলেজৰ আলোচনীত ভুমুকিয়ালেও সুকীয়া গ্ৰন্থ এখন আগবঢ়োৱা এয়ে প্ৰথম। এই কবিতাত ন লিখাৰুৰ ভাবৰ বেমেজালি নথকাত আচৰিত হোৱা নাই। কাৰণ এই কবিতাৰ আধাৰ ভূমিত তেওঁৰ অকলশৰীয়া নীৰৱ সাধনাৰ পৰিচয় পোৱা যায়। ‘মিলন’ একে ভাবৰ ক্ৰম গতিৰে আগুৱাই পৰিণতি লাভ কৰা এটা দীঘলীয়া কবিতা। এটা সুস্পষ্ট প্ৰেৰণা নহলে এনেকুৱা কবিতা লেখা সম্ভৱ নহয়। তেনে প্ৰেৰণাৰ আভাস এই কবিতাত দেখিবলৈ পাইছে। কোনো প্ৰাক্-আয়ত্ত ভাব এটা লৈ তাক ছন্দাকাৰে ৰূপ দিবলৈ তৰুণ কবিয়ে চেষ্টা কৰা নাই৷ তেওঁ আৰম্ভ কৰিছে শুদ্ধ মনত প্ৰাপ্ত প্ৰেৰণাৰ ক্ৰিয়াৰে। কাৰণ শেষৰ ফালে লিখিছে-

এঁৱা গাখীৰৰ দৰে
শুধ বগা বৰণৰ
এখিলা কাগজ মোৰ
কুমলীয়া মন,
লেশমানো কলাদাগ
অকণিকে পৰা নাই
জোনাকৰ দৰে বগা
এই হিয়াখন।
আঁকিব খুজিছা তুমি
প্ৰেমৰ তুলিকা ধৰি
তোমাৰ মোহিনী ৰূপ
মোৰ পৰাণত,
আঁকা সখি ৰং মনে

[ ২০৬ ]

বুকু মেলি দিছোঁ মই
জিলিকাই ভোলা মোক।
তযু পৰশত।

 কবিয়ে এনে এটা শুধ বগা মনত প্ৰেৰণাৰ জিলিকনি পাইছে আৰু তাক পূৰ্ণ ভাৱে উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে— কাৰণ তাৰ পিছতেই কবিয়ে বিস্ময় বিমূঢ় হৈ আপোনা আপুনি সুধিছে—

মোৰ জীৱনৰ শুকান পুঁতিত
ধল হৈ নামিল কোন?
মেঘে ঢকা মোৰ আকাশখনিত
জোনবাই হ’ল কোন?
কাৰ পৰশত জিলিকি উঠিল
মন মন্দিৰ আজি,
অন্তৰ মোৰ পুলকিত কৰি
কোনে নো বজালে বাঁহী?

 প্ৰথম অৱস্থাৰ বস্তুলাভৰ আগজাননী ওপৰত তুলি দিয়া শাৰীকেইটাত প্ৰকাশ পাইছে আৰু শেষৰ পিনে বস্তুলাভৰ উপলব্ধিৰ আনন্দ ছন্দৰ মাজেদি পৰিস্ফুট হৈছে— ‘মই সখি হৈ গলোঁ।’

 এই কবিতাত দৈহিক আকুলতাক অৱলম্বন কৰি দেহৰ ভাষাৰে আত্মাৰ হাবিয়াসৰ কাব্যৰূপ দিবলৈ চেষ্টা কৰা হৈছে৷ কবিৰ এই প্ৰচেষ্টা প্ৰথম হলেও ইয়াত ভৱিষ্যৎ কবি জীৱনৰ উজ্বল সম্ভাৱনা লুকাই আছে। সেই সম্ভাৱনা ফলিওৱা দিনলৈ আমি বাট চাইছোঁ। ঈশ্বৰ তেওঁৰ সহায় হওক।

শ্ৰীতীৰ্থনাথ শৰ্মা

ভৰলুমুখ।
গুৱাহাটী
১৪।৭।৭১

[ ২০৭ ]

সাহিত্যযোগী বুৰঞ্জীবিদ
শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ

 শ্ৰীমান উমেশ বৈশ্যই হাতে লিখা অৱস্থাতে তেওঁ লিখা নাউমান “মিলন” কাব্য ডুখৰি মোৰ হাতত দি, পঢ়ি চাই অভিমত এটি দিবলৈ কলে। মই নো কি অভিমত দিম? নীৰস বুৰঞ্জীৰ হাড়-ছাল বিচাৰি ফুৰা মানুহে কি কবিতাৰ মোল বুজে? পিচে, বৈশ্যৰ কথা এৰাব নোৱাৰি কাব্যখনিৰ পাত দুটামান লুটিয়াই ওপৰে ওপৰে পঢ়ি গলোঁ। দেখিলোঁ- তাৰ কেইফাঁকিমান কথাই মোৰ মনটো টানি নিলে। ভাবিলোঁ— ইয়াৰ কিবা এটা মোহিনী শক্তি আছে— সঁচাকৈয়ে আছে হয়— দুটামান বাক্যই যে মোক মোহিনী বাণকে মাৰি পঠিয়ালে অৰ্থাৎ কঠুৱা মানুহটোকো কবিকৈ পেলালে। উগুল-থুগুল লাগি থকা বৈশ্যৰ মনটো যেতিয়া অসীমত মিলি শান্ত হৈ পৰিল, মইও তেতিয়া ধীৰ স্থিৰ হৈ পৰিলোঁ—কবি প্ৰাণৰ মায়াত পৰা ধৰফৰণি আৰু কটা গ’ল। কুমলীয়া কবি প্ৰাণ শ্ৰীমান উমেশৰ কৃতিত্ব এইখিনিতেই। যি লাই বাঢ়িব দুপতীয়াতেই চিন। তেওঁ যে আগলৈ যশস্বী কবি হবলৈ পাৰিব— এই সৰু “মিলন” কাব্য ডুখৰিতেই চিন পোৱা গৈছে। ঈশ্বৰে যেন উমেশৰ কবিময় আয়ুসটো দীঘলাই নি থাকে— এয়ে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা-

শ্ৰীবেণুধৰ শৰ্মা

সুৱাগপুৰ
গুৱাহাটী-৮
২৬।১১।৭৩

[ ২০৮ ]

তীক্ষ্ণধী পণ্ডিত সাহিত্যিক
শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ

 ‘তই যুক্তি-যুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতা কেইটি বৰ্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতা কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে, ইয়াত থকা কবিতা কেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্ৰিমতা ইয়াত নাই। বৰ্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণ-শিঙা বজোৱা এনে কবিতাৰ প্ৰয়োজন হৈছে।

 সমাজৰ সকলো স্তৰৰ লোকেই এনেহেন “এইবাৰ নিবাৰ” যুদ্ধত কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি স্বৰূপ অৰিহণাৰ যোগান ধৰিব লাগে। তাতে সমাজৰ পৃষ্ঠপোষক কবি, শিল্পী, সাহিত্যৰ পূজাৰীসকলৰ দায়িত্ব ততোধিক। কবি বৈশ্যই এই পুথিত থকা ‘ক্ষুৰতীক্ষ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ’ নামৰ কবিতাত সেই কথা ক্ষুৰতীক্ষ্ণ ভাষাতে ব্যক্ত কৰিছে, আপুনি আচৰি আনকো প্ৰেৰণা দিছে। কবিৰ অভিযান সফল হওক। ইতি—

শ্ৰীতীৰ্থ নাথ শৰ্মা

ভৰলুমুখ
গুৱাহাটী
২৯।১।৮০

[ ২০৯ ]

অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বুৰঞ্জীবিদ
শ্ৰীযুত বেণুধৰ শৰ্মাদেৱৰ এষাৰ

 

 “বঙ্গাল”ৰ (বিদেশীৰ) ষড়যন্ত্ৰমূলক হেঁচা নিবাৰণৰ অৰ্থে শ্ৰীমান উমেশ বৈশ্য এম.এ.ৰ প্ৰাণত যি কুৰা জুই জ্বলিছে, তাৰ ৰূৰুৱনিত ভাষা উফৰি গৈছে- সেইবোৰলৈ চকুমুদি শ্ৰীমান বৈশ্যক কৈছে— তেওঁ যিমান পাৰে লিখি যাওঁক; বৰ্ণবিন্যাসলৈ নেচাই এতিয়া লেখি যোৱাৰহে কথা। অশান্ত জন্মভূমি তেতিয়াহে শান্ত হ’ব। শ্ৰীবেণুধৰ শৰ্মা

সুৱাগপুৰ
গুৱাহাটী-৮
২৩।১১।৭৯

[ ২১০ ]

বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক
ড° হীৰেন গোহাঁইৰ একাষাৰ

 শ্ৰীযুত উমেশ বৈশ্যৰ গীতৰ সংকলন “প্ৰগতিৰ গান” পঢ়ি ভাল পালোঁ। সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য। গীতবোৰ শুনাৰ সৌভাগ্য মোৰ হোৱা নাই, কিন্তু মোৰ ধাৰণা গীতবোৰে গীতিকাৰৰ উদ্দেশ্য সফল কৰিব।

 গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে। এই শত্ৰু কোন, তাৰ সুস্পষ্ট ব্যাখ্যা নাই। মাজে সময়ে ধাৰণা হয় প্ৰতাৰণাকাৰী দেশনেতা, স্বাৰ্থপৰ বুদ্ধিজীৱী, শোষক আদিয়েই শত্ৰু। মাজে মাজে আকৌ ভাব হয় বহিৰাগতকে শত্ৰু বুলি অভিহিত কৰা হৈছে। অৱশ্যে বুদ্ধ, গান্ধী আদিৰ উল্লেখে প্ৰমাণ কৰে গীতিকাৰ সংকীৰ্ণমনা বিচ্ছিন্নতাবাদী নহয়।

 সি যি নহওঁক, গীতিকাৰে যে দেশৰ সৰ্বসাধাৰণ ৰাইজকে দেশ বুলি বুজিছে, সি সন্তোষৰ কথা। দেশৰ মানুহৰ প্ৰগতি অবিহনে দেশৰ প্ৰগতি অসম্ভৱ আৰু সেই দায়িত্ব প্ৰধানকৈ ৰাইজে নিজেই কান্ধ পাতি ল'ব লাগিব। আৰু এক আকৰ্ষণীয় বৈশিষ্ট্য এয়ে যে এই শ্ৰমজীৱী জনতাৰ মাজত অনৈক্য আৰু ভেদাভেদ নিৰ্মূল কৰিবলৈকো গীতিকাৰে সকীয়নী দিছে। অৱশ্যে ভেদাভেদৰ কাৰণ সম্পৰ্কে গীতিকাৰ সিমান সচেতন নহয়। জনজাতীয়সকল কেৱল বাহিৰৰ উচটনিতে অ-জনজাতীয়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বুলিলে কথাটো বেছি সৰলীকৰণ কৰা হ'ব।

 কিন্তু সমাজৰ শত্ৰু যে মুখা পিন্ধি থাকে, মানুহে সহজে চিনিব নোৱাৰে, গীতিকাৰৰ সেই সাৱধানবাণী সময়োপযোগীঃ

অগণি জ্বলাই শান্তিভূমিত
দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই।
মিচিকি হাঁহিছে চোন।

[ ২১১ ]  তদুপৰি গীতিকাৰৰ মন নিঃসন্দেহে প্ৰগতিবাদী। তেওঁ অতীতৰ মোহত আচ্ছন্ন হৈ থকা নাই :

 সাধুকথাৰ ইন্দ্ৰজালত
  প্ৰগতি ৰুদ্ধ হ’ল
 ৰুদ্ধ কোঠাৰ অন্ধকাৰত
  বিকাশ বন্ধ হ’ল।

 শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।

ড° হীৰেন গোহাঁই।
গুৱাহাটী বিশ্ববিদ্যালয়
১০/১১/৯০

[ ২১২ ]

জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিক
শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰ অভিমত

 সঙ্গীতৰ ৰস উপভোগ কৰোঁ যদিও তাৰ ব্যাকৰণৰ জ্ঞান মোৰ নাই। তথাপি শ্ৰীযুত উমেশ বৈশ্যই, তেওঁ ৰচনা কৰা আৰু সুৰ দিয়া গানৰ সংকলনটো হাতেলিখা অৱস্থাতে মোক চাবলৈ দিছে আৰু চাই-চিতি দুআষাৰ আগকথা লিখি দিবলৈ অনুৰোধ কৰিছে। এই কাম জটিল হ'লেও, মূৰ পাতি লোৱাৰ কাৰণ হ’ল শ্ৰীবৈশ্যৰ সঙ্গীত চৰ্চাৰ প্ৰতি থকা আন্তৰিকতা। তেওঁ অৰ্থ, খ্যাতি বিচৰা নাই; নীৰৱে তেওঁ তেওঁৰ কাম কৰি আছে। আজিৰ প্ৰতিযোগিতাৰ যুগত, সঙ্গীতৰ জগত গঢ়ি তোলাৰ ববে যি নীৰৱ ধ্যানৰ প্ৰয়োজন, তাৰ আজি শোচনীয় অভাৱ হৈছে। মানুহ এতিয়া অৱক্ষয়ত পোত খাইছে। ইয়াৰ কাৰণ ৰাষ্ট্ৰীয় আৰু সামাজিক বিপৰ্যয়। সাহিত্য-সঙ্গীতত ইয়াৰ প্ৰভাৱ পৰিছে। অসমীয়া আধুনিক গীতত, বিশেষকৈ গণ-সঙ্গীতবোৰত এই বিপৰ্যয়ৰ ইঙ্গিত ফুটি উঠিছে। ৰাগ-সঙ্গীতত এই প্ৰভাৱ সুস্পষ্ট নহ'লেও, কোনো ব্যক্তিগত শিল্পীৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম নিশ্চয় ঘটিছে। সেই কথা বিজ্ঞসকলে নিশ্চয় জানিব। সাম্প্ৰতিক কালৰ আধুনিক অসমীয়া গীত বুলিলে যিটো ধাৰাক বুজায়, তাত এটা পেনপেনীয়া বিষাদৰ সুৰেই অধিক। তাত জীৱনৰ গভীৰ অনুভূতি বা উপলব্ধিৰ প্ৰকাশ ক্ষীণ। আনহাতে দেশপ্ৰেমমূলক গীতবোৰৰ সাৰ্থকভাৱে প্ৰাণ প্ৰতিষ্ঠা হয় বুলিও কোৱা টান। কেৱল তাল, লয়েই হয়তো যথেষ্ট নহয়, ছন্দ আৰু সুৰৰ প্ৰতি নিবিষ্টতাও সঙ্গীতত অপৰিহাৰ্য। এনে নিবিষ্টতাইহে সঙ্গীতক অনন্য চৰিত্ৰ দান কৰে। অৱশ্যে ভাব, ৰাগ, তালৰ লগতে ভাষাৰ প্ৰশ্নটোও জড়িত হৈ থাকে। অতিশয় শব্দাড়ম্বৰ কৰাতকৈ সহজ, সাৱলীল আৰু ব্যঞ্জনাপূৰ্ণ ভাষাই সঙ্গীতক শ্ৰোতাৰ আনন্দ আৰু উদ্দীপনাৰ কাৰণ কৰি তোলে। সম্ভৱতঃ শ্ৰোতাৰ এই আনন্দই সঙ্গীতৰ অন্তিম লক্ষ্য। সুৰ, ভাব আৰু ভাষাৰ আৱিষ্কাৰৰ বাবে নিৰ্মোহ সাধনাইহে অসমীয়া সঙ্গীতক শিখৰলৈ লৈ যাব পাৰিব।

 শ্ৰীযুত বৈশ্যৰ “প্ৰগতিৰ গান” নামৰ স্বৰচিত গীতৰ সংকলনটি পঢ়ি এইবোৰ কথা মোৰ মনলৈ আহিছে। এইবোৰ কথাত কাৰোবাৰ দ্বিমত নিশ্চয় [ ২১৩ ]

থাকিব, কিন্তু ব্যক্তিগতভাৱে মই এনেকৈয়ে ভাবোঁ। বৈশ্যৰ গানবোৰত বৰ্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে; অন্যায়ৰ সমালোচনা আছে। সেইবুলি তেওঁৰ ক'তো উগ্ৰতা নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে। উগ্ৰতা তেওঁৰ স্বভাৱ-বিৰুদ্ধ, তেওঁ কৈছে :

যা-যা-যা-যা অসমীয়া
সীমান্ত পাৰ হৈ যা
কেনেকৈ ঘূৰিছে বিশাল পৃথিৱী
চা চকু মেলি চা।

 জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোেৰ প্ৰসঙ্গ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে আৰু তাৰ বিৰুদ্ধে থিয় দিবলৈ অসমীয়াক উদাত্ত আহ্বান জনাইছে।

 এনেবোৰ অনুভূতিৰ যে প্ৰয়োজন আছে তাত সন্দেহ নাই। তেওঁ কেতিয়াবা লোক সঙ্গীতৰ আৰ্হিত গণ-সঙ্গীতো ৰচনা কৰিছে। সি যি কি নহওঁক, তেওঁৰ গীতবোৰৰ সুৰৰ লাৱণ্য ক'ত, তাৰ বিশ্লেষণ কৰাৰ ধৃষ্টতা মোৰ নাই৷ তেওঁৰ কিছুমান গীত ৰাগভিত্তিক হ'ব পাৰে; ৰাগ আৰু লোক- গীতৰ সুৰৰ পাৰ্থক্য থাকিলেও, প্ৰতিভাবানৰ হাতত এই দুয়োটাৰ সন্মিলনো ঘটিব পাৰে যেন লাগে। শ্ৰীবৈশ্যৰ ক্ষেত্ৰত সেইটো হৈছেনে নাই সেইটো জনাই জানিব আৰু তেওঁৰ গায়ন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁৰ গীতৰ ভাষা প্ৰচাৰগন্ধী আৰু উচ্চ কণ্ঠ যেন অনুভৱ হয়; হয়তো উদ্দীপনাদায়ক গীতৰ ভাষা তেনে ধৰণৰ হ’বও পাৰে। অৱশ্যে তেওঁৰ ভাষা কেতিয়াবা সৰল আৰু ব্যঞ্জনাময়ঃ

সেউজী পথাৰত গৰু চৰি ফুৰে
ইৰিণা বিৰিণা খাই
বৰ বৰ বলধে ধাননি নাশিহে
আনন্দে পেট পূৰায়।

 এই ধৰণৰ কথাইহে সাধাৰণ মানুহক বেছিকৈ আকৃষ্ট কৰিব বুলি মোৰ ধাৰণা। অৱশ্যে শেষ বিচাৰত সুৰৰ মাধুৰ্যহে আকৰ্ষণৰ বস্তু হৈ পৰে। শ্ৰীবৈশ্যই গীত ৰচনা কৰে, তাত সুৰ দিয়ে; গতিকে এই দুয়োটা দায়িত্ব তেওঁ সুচাৰুভাৱে পালন কৰিছে। তেওঁৰ গীত ইতিমধ্যে গণমাধ্যমযোগে প্ৰচাৰিত হৈছে। [ ২১৪ ] আশাকৰো তেওঁৰ এই সাঙ্গীতিক প্ৰতিভাৰ আৰু বিকাশ ঘটিব। সঙ্গীতপ্ৰেমীয়ে তেওঁৰ গীতসমূহ আদৰি ল'ব বুলি মই ভাবিছোঁ। তেওঁৰ সাধনা অব্যাহত থাকক—এয়ে কামনা।

নলিনীধৰ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী
১১। ০১। ৯১

[ ২১৫ ]

জ্ঞানপীঠ বঁটা বিজয়ী
ড° মামণি ৰয়ছম গোস্বামীৰ একাষাৰ

 প্ৰয়াত উমেশ বৈশ্যৰ গীতৰ সংকলন “প্ৰগতিৰ গান”ৰ বাহিৰে মই অসমৰ বাহিৰত আছিলো কাৰণে তেওঁৰ অনেক মূল্যৱান গীত মই পঢ়া নাছিলো।

 কিন্তু “প্ৰগতিৰ গান” পঢ়ি মই বৰ ভাল পালোঁ। এই গীতবোৰৰ মাজেৰে গীতিকাৰে অসমীয়া মানুহক সজাগ কৰিও দিছে

“(আজি) লাচিতৰ পুলি পোখাৰ চিন চাব নাই
ধোদৰ পুলি পোখাই জকেমকাই
কৰিছনে মন হেৰ অসমীয়া কাই?
টং কৰি চা আমাৰ কিনো বিলাই
জাগ্ৰত হ সেয়ে খোদ পুতাই
এয়াতো শুৱাৰ সময় মুঠেই নহয়।”

আনহাতে গীতিকাৰ গৰাকী আশাবাদীও⸺