পূজনীয় দেউতাৰ স্মৃতিত
ড° শেখৰ জ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী
আজিৰ পৰা প্ৰায় ২০ বছৰ আগতে মা আৰু আমি চাৰিজন স্কুল/কলেজীয়া ভাই-ককাইক এৰি জীৱনৰ প্ৰায় আধা বাটতে মাত্ৰ ৫৯ বছৰ বয়সতে স্বৰ্গগামী হোৱা পূজনীয় দেউতাই নিজে কোৱা কিছু ঘটনা-অভিজ্ঞতা- উপদেশ, ডায়েৰীত লিখি থৈ যোৱা কিছু কথা-তথ্য আৰু দেউতাৰ কিতাপ- কাগজ-টোকা আদিৰ আলমত এই লেখাটো লিখিবলৈ প্ৰয়াস কৰিছোঁ।
হিমালয়ৰ দৰে উচ্চ মন এটা লৈ জন্মগ্ৰহণ কৰা দেউতাক সাহিত্য আৰু সংগীতে সৰুকালৰ পৰাই হাত বাউল দি মাতিছিল আৰু দেউতাও লাহে লাহে ইয়াৰ ওচৰ চাপি গৈছিল। চিৰস্থায়ী আৰ্থিক দৈন্য আৰু পৰিয়ালৰ নানা ঘটনা-দুৰ্ঘটনা আদিয়ে দেউতাৰ সাহিত্য চৰ্চা-সংগীত সাধনা-শিক্ষা গ্ৰহণত বাৰে বাৰে প্ৰচণ্ড বাধাৰ সৃষ্টি কৰি আহিছিল যদিও দেউতাৰ একাগ্ৰতা-আত্মবিশ্বাস আদিৰ ওচৰত এই সকলোবোৰ বাধাই হাৰ মানিছিল। দেউতাই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰে পৰাই স্কুলত চাকৰি কৰিবলগীয়া হৈছিল আৰু পৰিয়ালটোৰ আৰ্থিক দিশত চকু দিবলগীয়া হৈছিল।
নলবাৰীৰ গৰ্ডন হাইস্কুলত ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোতেই অতুল চন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী ‘দীপক’ত ৰাতিপুৱা’ নামৰ কবিতা এটি প্ৰকাশ কৰি দেউতাই সাহিত্যৰ পথাৰত আত্মপ্ৰকাশ কৰে। সেই স্কুলত নৱম মান শ্ৰেণীত পঢ়ি থাকোতে দেউতাই হোমেন বৰগোহাঞিদেৱৰ কিছু সান্নিধ্য লাভ কৰাৰ কথা নিজৰ ডায়েৰীত এইদৰে উল্লেখ কৰি গৈছে।
“মই যেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম মান শ্ৰেণীত পঢ়োঁ (১৯৫৮ চন), কৃতি লেখক হোমেন বৰগোহাঞিৰ লগত অলপ সময় কথা কোৱাৰ সৌভাগ্য ঘটিছিল। কথা প্ৰসংগত গোহাঞিদেৱে দিয়া বহুতো উপদেশ আজিও মোৰ মনত আছে। তাৰে দুই-এটা বেণুধৰ শৰ্মাদেৱৰ লগত কথাৰ মাজতে ওলাই পৰিল। বৰগোহাঞিদেৱে কৈছিল, ‘আমি সাহিত্যিকবিলাক ধানখেৰৰ