পৰা বিদায় লৈ নলবাৰী গৰ্ডন হাইস্কুলৰ পঞ্চম শ্ৰেণীত নাম লগালোঁ। সখা দেবীৰাম পাঠশালা হাইস্কুলত ভৰ্তি হৈছিল, কিন্তু এম.ভি. পৰীক্ষাত বৃত্তি লাভ কৰাৰ বাবে তেওঁ দেবীৰাম এৰি আহি গৰ্ডন হাইস্কুলতহে নাম ভৰ্তি কৰিব লগা হ'ল— জলপানিৰ ধন ল’বৰ বাবে। কেইমাহমান এৰাএৰি হৈছিল যদিও এইবাৰ কিন্তু বসন্তৰ আগমনত গছ ডালে-পাতে সুশোভিত হোৱাৰ দৰে আমাৰ বন্ধুত্বয়ো জকমক হৈ ভালদৰে ঠন ধৰি উঠিল।
এম.ভি. পাছ কৰি আহিছিলোঁ বাবে ইংৰাজী বিষয়টোৰ বাহিৰে ক্লাছত একো কঠিনতা নাছিল। উল্লেখ কৰি থওঁ, চাৰি মাইল বাট খোজ কাঢ়ি গৰ্ডন হাইস্কুললৈ অহা-যোৱা কৰা একমাত্ৰ আমি দুজনেই পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। গতিকে দুয়োজনৰ বন্ধুত্ব গাঢ় হোৱাৰ আৰু বেছি সুবিধা আহিছিল। অষ্টম শ্ৰেণীলৈকে সখাই শ্ৰেণীত প্ৰথম স্থান অধিকাৰ কৰিব পাৰিছিল। মোৰ কোনো স্থান নাছিল যদিও পাঠ্যক্ৰমৰ সকলোটি বিষয়তে সমান সমান নম্বৰ অৰ্জন কৰা আৰু সেইনম্বৰ শতকৰা সত্তৰতকৈও বেছি পোৱাটো, ছাৰসকলৰ মন্তব্য মতে মোৰ কৃতিত্বৰ ভিতৰৰে এটা আছিল।
নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণী পৰ্যন্ত স্কুলৰ প্ৰায় সকলোবোৰ প্ৰতিযোগিতা— ৰচনা লিখা, তৰ্ক প্ৰতিযোগিতা, গল্প, কবিতা আবৃত্তি, অভিনয়, সংগীত আদি সকলো বিধতে আমি দুয়ো যোগদান কৰি পুৰস্কাৰ বুটলি সুনামো অৰ্জন কৰিব পাৰিছিলোঁ।
সখা সংগীতৰ প্ৰতি অনুৰক্ত আছিল আৰু প্ৰয়াত জমিৰুদ্দিন আহমেদক গুৰু ভজি ‘গীতশ্ৰী’ সংগীত বিদ্যালয়ৰ ছাত্ৰ হিচাপে ভৰ্তি হৈছিল। এইটো নৱম শ্ৰেণীৰ কথা। মই এমাহমান তবলা শিকিবলৈ লৈছিলোঁ গীতশ্ৰী সংগীত বিদ্যালয়ত, পিছে পইচাৰ অভাৱত বাদ দিলো। তবলা-বিশাৰদ হোৱা কপালত নগজিল, কিন্তু সখাই ৰেৱাজ কৰাৰ লগে লগে টেবিল-ডেক্স যি পাওঁ তাতে তবলা বজোৱা দি বজাই সংগত কৰিছিলোঁ। আমাৰ দুয়োৰে সেই স্বভাৱ বহু দিনলৈ অটুত আছিল।
মই সপ্তম শ্ৰেণীৰ পৰাই গল্প লিখিবলৈ চেষ্টা কৰিছিলোঁ। সখা সংগীত বিদ্যালয়ত ছাত্ৰ হিচাপে ভৰ্তি হোৱাৰ পিছত গান লিখিবলৈ ধৰিছিলোঁ। মই লিখা গীতবোেৰ তেওঁক গাবলৈ দিছিলোঁ। পিছলৈ আমাৰ শিক্ষক, অধ্যাপক- সকলক সাঙুৰি খুহুটীয়া কথাৰে কিছুমান গীত লিখিছিলোঁ। তেওঁ সেইবোৰ শাস্ত্ৰীয় সুৰত মিলাই গাইছিল। ক্লাছ ৰুমত সহপাঠীসকলৰ লগত প্ৰায়েই