সম্পাদকীয়
একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰৱন্ধকাৰ, সমালোচক,
ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অক্লান্ত সাধক, সুবক্তা, নীৰৱ সমাজ সংস্কাৰক,
আজীৱন শিক্ষক তথা গুৱাহাটীৰ ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী বালিকা
উঃ মাঃ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেউতা প্ৰয়াত উমেশ বৈশ্যৰ বন্ধু, সহকৰ্মী,
ছাত্ৰ-ছাত্ৰী, গুণমুগ্ধ, শুভাকাংখী তথা পৰিয়ালবৰ্গৰ আদেশ, উপদেশ, অনুৰোধ,
আহ্বান, তাগিদা আদিৰ ফচল এই স্মৃতিচাৰণ আৰু মূল্যায়ন সম্পৰ্কীয় গ্ৰন্থখন।
সাহিত্য আৰু সংগীতৰ অৱক্ষয়, শিক্ষা ব্যৱস্থাৰ অনগ্ৰসৰতা, ভাৰতীয়
শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ, সমাজ সংস্কাৰ আদি স্পৰ্শকাতৰ বিষয়
সমূহৰ সম্পৰ্কত দেউতাৰ যি সমুদ্ৰগভীৰ চিন্তা, পৰিকল্পনা আৰু স্পষ্টবাদী
মত আছিল আমি সেইবোৰ ঢুকি পোৱাৰ বহু আগতেই দেউতাই আমাক এৰি
গৈছিল যদিও তেওঁ লিখি থৈ যোৱা প্ৰতিটো চিন্তা গধুৰ কবিতা, গীত, প্ৰৱন্ধ
আদিৰ মাজত আজিও তেওঁক আমি নতুনকৈ আৱিষ্কাৰ কৰিব পাৰোঁ৷
এই গ্ৰন্থখনত সন্নিৱিষ্ট গুণী লোকসমূহৰ বহুমূলীয়া লিখনিসমূহত সেই
সময়ৰ গুৰু-শিষ্য, পিতা-পুত্ৰ, বন্ধু-বান্ধৱ, ভাই-ভনী, স্বামী-স্ত্ৰীৰ সম্পৰ্ক,
সামাজিক পৰিস্থিতি, শিক্ষা ব্যৱস্থা, সংগীত-সাহিত্য চৰ্চ্চা, সামাজিক দায়বদ্ধতা,
পিতৃ-মাতৃ তথা পৰিয়ালৰ প্ৰতি দায়বদ্ধতা, নিজৰ কৰ্মৰত অনুষ্ঠান তথা কৰ্তব্যৰ
প্ৰতি দায়বদ্ধতা, দেশপ্ৰেম আদিৰ যি স্পষ্ট আৰু নিভাঁজ চিত্ৰ পৰিস্ফুট হৈছে
সেয়া দেখি-পঢ়ি আমাৰ একান্ত অনুভৱ হৈছে যে ই আমাৰ দৰে নতুন প্ৰজন্মক
অধিক দায়বদ্ধ হ’বলৈ, সঠিক পথেৰে আগুৱাবলৈ আৰু নতুন কাম কৰিবলৈ
যথেষ্ট অনুপ্ৰেৰণা যোগাব। এই ছেগতে মই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত অৱদান
আগবঢ়োৱা প্ৰতিজন গুণী ব্যক্তিলৈ মোৰ কৃতজ্ঞতা, শ্ৰদ্ধা আৰু সেৱা জনালোঁ।
সৰুতে ওচৰ চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীবোৰে প্ৰায়ে নতুন কাপোৰ
পিন্ধা দেখি ময়ো দেউতাক নতুন কাপোৰ কিনি দিবলৈ বৰকৈ কুটুৰিয়াইছিলোঁ।
দেউতাই এদিন মোক বুজনিৰ সুৰত কৈছিল— “মই ইচ্ছা কৰিলে দৰমহাৰ