পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


লিখাৰ ক্ষেত্ৰত গতানুগতিকতা বাদ দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীয়ে যি কোনো বিষয়ৰ ওপৰত যাতে নিজে নিজে ভাবি ৰচনা লিখিব পাৰে তাৰ বাবে নতুন ৰীতি পুথিখনিত সন্নিবিষ্ট কৰা হৈছে।

 পুথিখনিৰ ব্যাকৰণ অংশটোও যথাসম্ভৱ সহজ সৰলকৈ লিখাৰ চেষ্টা কৰা হৈছে। ব্যাকৰণৰ পাঠবোৰ ৰসাল কৰাৰ উদ্দেশ্যে পুথিখনিত মাজে মাজে পাঠৰ লগত সম্বন্ধ ৰাখি সূত্ৰগন্ধী ছন্দৰ প্ৰয়োগ কৰা হৈছে।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ভাষাবিদ শ্ৰীগোলোকচন্দ্ৰ গোস্বামী এম্ এ., ডি.ফিল. দেৱে পুথিখনি চকু ফুৰাই চাই তাত থকা দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দি মোক কৃতাৰ্থ কৰিছে। তেখেতে মোলৈ আগবঢ়োৱা বহুমূলীয়া পৰামৰ্শ, উৎসাহ-উদ্দীপনাৰ কথা মই কেতিয়াও নাপাহৰোঁ।

 প্ৰকাশক শ্ৰীঅমল গুহৰ আশাশুধীয়া চেষ্টা নহ'লে এই পুথিখনি লিখা নহ'লহেঁতেন। শ্ৰীগুহৰ নেৰানেপেৰা তাগিদাতহে ৰচনা-মালিকাৰ জন্ম হ'ল। তেখেতৰ ওচৰত মই কৃতজ্ঞ।

 দিনে-ৰাতিয়ে কষ্ট কৰি মোৰ অনুজ ভাই অতুল, ৰমেন আৰু মোৰ শ্ৰীমতীয়ে ততাতৈয়াকৈ পুথিখনিৰ পাণ্ডুলিপি লিখি নিদিলে সময়মতে ইয়াক প্ৰকাশকৰ হাতত তুলি দিব নোৱাৰিলোঁহেঁতেন। তেওঁলোকলৈও মোৰ স্নেহ আৰু শুভেচ্ছা থাকিল। পাঠ্যপুথি লিখাৰ ক্ষেত্ৰত এইয়া মোৰ প্ৰথম প্ৰচেষ্টা। গতিকে পুথিখনিত দুই এটা দোষ-ত্ৰুটি ওলোৱাটো তেনেই স্বাভাৱিক। গুণীলোক সকলে দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই কৃতজ্ঞ হ'ম।

 অৱশেষত পুথিখনিয়ে ছাত্ৰ-ছাত্ৰীসকলক কিঞ্চিত্মাননা উপকাৰ কৰা বুলি জানিলে মই মোৰ শ্ৰমৰ সাৰ্থক হোৱা বুলি ভাবিম।

সংগীতাশ্ৰম
ৰামগিৰি
৩ মাৰ্চ, ১৯৭৭
উমেশ বৈশ্য
 


উছৰ্গা

মোক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ গুৰিতে হ’ল বুঢ়ী আইতা
সুন্দৰীপ্ৰিয়া বৈশ্য।
৺বুঢ়ী আইতাৰ
পৱিত্ৰ স্মৃতিত
ৰচনা-মালিকা উছৰ্গা কৰা হ'ল।

 —গ্ৰন্থকাৰ—