সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
১১১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

স্বৰচিত গীত-মাতৰ উপৰিও বিষ্ণু সংগীত, জ্যোতি সংগীতৰ লহৰত আকৃষ্ট কৰে দৰ্শকক। কেইবাখনাে অনুষ্ঠানৰ লগতে সাহিত্য সভা অনুষ্ঠানত সভাৰ আৰম্ভণী গীতত ‘চিৰ চেনেহী মােৰ ভাষা জননী' গীতৰ ছন্দেৰে সকলােকে আপ্লুত কৰে। উপস্থিত ৰাইজে ভূয়সী প্রশংসা কৰে। সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰাৰ সময়ত সামঞ্জস্য ৰাখি পাটৰ বা মুগাৰ চোলা আৰু ধুতি পৰিধান কৰি ডিঙিত ফুলাম গামােছা লৈ খাটি অসমীয়া শিল্পীৰ মর্যাদা অক্ষুন্ন ৰাখিলে। মুখত মিচিকীয়া হাঁহিৰে দৰ্শকৰ মন আকৃষ্ট কৰে।

 প্রয়াত বৈশ্যদেৱ মধুমেহ ৰােগত আক্ৰান্ত হৈ আগষ্ট মাহৰ এক তাৰিখ ইং ১৯৯৮ চনত হঠাৎ স্বর্গগামী হৈ সকলােকে কন্দুৱাই ইহলীলা সম্বৰণ কৰে। দেশে এজন প্রকৃত শিল্পী, সাহিত্যিক আৰু সাংস্কৃতিক ব্যক্তি হেৰুৱায়। বিৰুবাৰীবাসীয়ে হেৰুৱালে সকলােৰে প্ৰিয় গুৰু-গম্ভীৰ শিল্পীৰ সান্নিধ্য। হেৰুৱালাে প্রতিভাশালী সংস্কৃতিৰ ভাণ্ডাৰ।

 প্রয়াত উমেশ বৈশ্যদেৱ আমাৰ মাজত নাই, কিন্তু তেখেতে এৰি থৈ যােৱা গুণৰাজিৰ বাবে বৈশ্যদেৱ সদায় আমাৰ মাজত অমৰ। বৈশ্যদেৱৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ কামনাৰে।

(লেখক ড° আম্বেদকাৰ বঁটা প্রাপক, প্রাক্তন প্রতিষ্ঠাপক সম্পাদক, ‘মণ্ডাকিনী’ তথা বিৰুবাৰী
শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি।
(এই লেখাটোৰ ৰচনাকাল ২০০৯ ইং)