শ্ৰদ্ধেয় দাদাৰ সোঁৱৰণত
অতুল চন্দ্ৰ বৈশ্য
বালিলেছা, নলবাৰী
- স্বৰ্গীয় বন্তিম বৈশ্যৰ আমি আছিলো পাঁচজন পুত্ৰ আৰু তিনিজনী
কন্যা। পৰিয়াল হিচাবে এটি ডাঙৰ পৰিয়াল। আৰ্থিক দৈন্যৰ বাবে পৰিয়ালৰ সদস্যই যিখিনি সুবিধা পাব লাগিছিল সেইবোৰৰ পৰা অলপ দূৰত আছিলোঁ। কিন্তু আচৰিত কথা হ’ল আৰ্থিক দৈন্যই আমাৰ পৰিয়ালৰ এজন ব্যক্তিকো বেয়া দিশত ধাৱিত কৰিব নোৱাৰিলে। অক্লান্ত পৰিশ্ৰমেৰে উমেশ বৈশ্য, মোৰ ডাঙৰ দাদা নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি কৰ্মসূত্ৰে গুৱাহাটীত থাকিবলৈ লয় আৰু আমাক অৰ্থাৎ বাকী ভাই চাৰিজনক তেওঁৰ লগতে ৰাখে।
- মই ১৯৭১ চনত গুৱাহাটীত দাদাৰ লগত থাকি আৰ্য্য বিদ্যাপীঠ উচ্চতৰ
মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সপ্তম শ্ৰেণীৰ পৰা পঢ়িবলৈ লওঁ। এদিন গধূলি প্ৰায় ৫-৩০ বজাত তেওঁ মোক ক'লে— “বহু মানুহে পশুৰ দৰে জীয়াই থাকে, মানুহ হ'বলৈ মানুহৰ দৰে থাকিবলৈ শিক। ভাত-মাছ খাই জীয়াই থাকি দেখাত মাংসপেশীবোৰ বঢ়াই একো লাভ নাই। পঢ়া-শুনাৰ লগতে আৰু বহু কৰিবলগীয়া, শিকিবলগীয়া, জানিবলগীয়া বিষয় আছে।” এইবুলি কিছুমান উপদেশ দিয়ে। উপদেশেই নহয় মোক তবলা শিকোৱাৰ উদ্দেশ্যে ফটাশিল-আমবাৰীস্থ শ্ৰীযুত হৰিপদ চক্ৰৱৰ্তীক ঘৰুৱা শিক্ষক হিচাবে নিয়োেগ কৰে আৰু মোৰ দ্বিতীয় নবৌ শ্ৰীলাৱণ্য বৰুৱাকো (বৈশ্যকো) চেতাৰ শিকোৱাৰ বাবে শ্ৰীননী গোপাল দেক ঘৰুৱা শিক্ষক হিচাবে নিয়োগ কৰে। বৌৰ কিন্তু চেতাৰ শিকা নহ’ল, চেতাৰখনো ময়ে যিখিনি পাৰিলো শিকিলো। তাৰ পিছত দাদাৰ ডাঙৰ ল'ৰা জীৱনজ্যোতি বৈশ্যৰ নামেৰে নিজ ঘৰতে এখন সংগীত বিদ্যালয় স্থাপন কৰিছিল আৰু তাত মই তবলা শিক্ষক হিচাবে প্ৰায় ৮ বছৰ কাম কৰোঁ।
- প্ৰায়ে ৰাতি ২-৩ বজাত মোক কয়, “ঐ অতুল, উঠছোন উঠ। তবলাযোৰ
আন। এটা বঢ়া খেয়ালৰ স্থায়ীটো তালত কৰি লওঁ।” এইবোৰ কথা আছিল